কৰবী শৰ্মা / গুৱাহাটী
ভাৰতৰ উত্তৰ-পূবৰ লোকসকলে অতি শীঘ্ৰে এক নতুন ইউপিআই (ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ) সেৱাৰ অনন্য অভিজ্ঞতা লাভ কৰিব। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) আৰু ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন (এন পি চি আই)ৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰা নতুন ইউ পি আই সেৱা HookoluPay-এ চলিত বৰ্ষৰ মে’ বা জুন মাহৰ ভিতৰত মুকলিৰ বাবে নিজকে সাজু কৰি তুলিছে।
অসমৰ উদ্যোগী আজিজ আলীৰ ষ্টাৰ্টআপ পদক্ষেপৰ অংশ হিচাপে বিকশিত কৰা হুকলুপেই (HookoluPay) ইংৰাজী আৰু হিন্দীৰ বাহিৰে উত্তৰ-পূব অঞ্চলত উপলব্ধ প্ৰায়বোৰ স্থানীয় উপভাষাৰে ব্যৱহাৰকাৰীক সহায় কৰাৰ সম্ভাৱনা আছে। উত্তৰ-পূবৰ বেছিভাগ ঠাইতে এতিয়াও হাই-স্পীড ডাটাৰ অভাৱ হোৱাৰ কথাটো বিবেচনা কৰি বি.কমৰ স্নাতক আৰু এম বি এ আজিজ আলীয়ে হুকলুপেত অফলাইন পেমেণ্টৰো বিকল্প ৰাখিছে।
হুকলুপেৰ হুকলুপে (HookolyPay)ৰ প্ৰতিষ্ঠাপক আজিজ আলী আৰু সহ-প্ৰতিষ্ঠাপক আনন্দ কান্নান
"বৰ্তমানৰ UPI সেৱাসমূহত বৰ্তমান দেখিবলৈ পোৱা ভাষাৰ বাধা ভংগ কৰিবলৈ HookoluPayক নতুন ধৰণে প্ৰস্তুত কৰা হৈছে। মই ২০১৮ চনৰ পৰা হুকোলুপেৰ কাম আৰম্ভ কৰিছো। আমি যোৱা বছৰৰ নৱেম্বৰ মাহত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু এন পি চি আইৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিছো। মুকলি হোৱাৰ পিছত হুকলুপেই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নিজৰ ভাষা আৰু উপভাষাৰে সহায় কৰিব। ডিজিটেল ৰূপান্তৰৰ কথা ক’লে মনত ৰাখিব লাগিব যে ৬০ শতাংশ লোক এতিয়াও বিত্তীয় সেৱাত অন্তৰ্ভুক্ত হোৱা নাই। বহু ঠাইত বিশেষকৈ উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলত মানুহে এতিয়াও ধন পৰিশোধৰ বাবে নগদ ধন কঢ়িয়াই লৈ ফুৰে। যদিও জিপে, ফোনপে, পেটিএম আদিৰ দৰে ইউপিআই সেৱা আছে, তথাপিও ইয়াৰে বেছিভাগতে ইংৰাজী বা হিন্দী ভাষাৰ বিকল্প আছে।"-এই প্ৰতিবেদকৰ সৈতে কথা পাতি আজিজ আলীয়ে এইদৰে কয়। তেওঁ জানিবলৈ দিয়ে যে উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰায়বোৰ উপভাষাতেই হুকলুপেৰ সেৱা থাকিব।
উল্লেখ্য যে, এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত এই সেৱা প্ৰদৰ্শনৰ বাবে ষ্টল লগোৱা আলীয়ে দৰ্শনাৰ্থীৰ পৰা বৃহৎ পৰিসৰৰ উৎসাহ লাভ কৰিছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আলীয়ে স্থাপন কৰা ষ্টলটো পৰিদৰ্শন কৰি এই পদক্ষেপৰ শলাগ লয়। খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে আলীক নতুন ইউ পি আই সেৱাক দেশৰ সকলো প্ৰান্তলৈ বিশেষকৈ এতিয়াও ডিজিটেল পেমেণ্ট সেৱাৰ অভাৱত ভূগা ভাৰতৰ উত্তৰ-পূবৰ প্ৰতিটো অঞ্চললৈ লৈ যাবলৈ আহ্বান জনায়।
হুকলুপে (HookolyPay)ৰ প্ৰতিষ্ঠাপক আলীয়ে কয় যে এই নতুন পেমেণ্ট গেটৱেটো গঢ়ি তোলাৰ আঁৰৰ মূল লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলত বিত্তীয় সেৱাসমূহ অধিক সুলভ কৰি তোলা। আলী হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ জেইপুৰৰ বাসিন্দা। HookolyPay হৈছে অসমত স্থানীয়ভাৱে বিকশিত এক ফিনটেক ষ্টাৰ্টআপ।
হুকলুপেৰ এক বিজ্ঞাপন
আলীৰ অংশীদাৰ তথা হুকলুপেৰ সহ-প্ৰতিষ্ঠাপক আনন্দ কান্নানে কয় যে হুকলুপে যিকোনো প্ৰতিষ্ঠান, ক্ষুদ্ৰ উদ্যোগ, চৰকাৰী কাম-কাজ, ভ্ৰমণ আৰু অন্যান্য সকলো কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। "অন্য যিকোনো পেমেণ্ট গেটৱে যেনে gpay বা phonepe বা paytm ৰ দৰে ইয়াক যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰিব। আমি ইয়াক গোটেই ভাৰতত মুকলি কৰিবলৈ ওলাইছো, কিন্তু আমাৰ অগ্ৰাধিকাৰৰ স্থান হ'ব অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ, যিহেতু আমি এই অঞ্চলৰে ষ্টাৰ্টআপ।"-কান্ননে কয়।
আলীয়ে কয় যে বৰ্তমান আমাৰ হাতত হিন্দী, ইংৰাজী অসমীয়া, মিজো, আৰু কিছুমান ভাষাৰ বিকল্প আছে যদিও আমি আৰু অধিক ভাষা সংযোজন কৰিম, যাতে ই ৰাইজৰ বাবে ব্যৱহাৰকাৰী অনুকূল হৈ পৰে। ইয়াৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল পেমেণ্টত নিশ্চিতভাৱে সহায়ক হ’ব বুলি আলীয়ে প্ৰকাশ কৰে।
"যোৱা ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলন ভ্ৰমণৰ সময়ত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ ষ্টলটো পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীৰ কথাবোৰ আমাৰ বাবে অতি উৎসাহজনক আছিল।"-আলীয়ে কয়। যুৱ উদ্যোগীজনে লগতে কয় যে তেওঁলোকে এই নতুন ইউ পি আই সেৱা ছিংগাপুৰ, ইউ এ ই, ভূটানকে ধৰি আন সাতখন দেশলৈও সম্প্ৰসাৰিত কৰিব।
(কৰবী শৰ্মা গুৱাহাটীৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক)