মুন্নী বেগম / গুৱাহাটী
ইচ্ছা থাকিলে যে কোনো কামেই অসাধ্য নহয়, সেই কথা প্ৰমাণ কৰিছে এগৰাকী যুৱতীয়ে। কোনো ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সুন্দৰকৈ মেহেন্দী লগাই স্বাৱলম্বী হোৱাৰ লগতে তেওঁ আনকো কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিছে। এই যুৱতীগৰাকী হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ 'আনু মেহেন্দী পাৰ্লৰ'ৰ স্বত্বাধিকাৰী আনোৱাৰ বেগম।
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত আনোৱাৰাই কয়, "মেহেন্দী লগোৱাৰ পৰম্পৰা এতিয়াৰ নহয়। বহু বছৰ পূৰ্বৰে পৰা এই প্ৰথা চলি আহিছে। মই যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই মই হাতত মেহেন্দী লগাই খুব ভাল পাইছিলো। মই সাধাৰণকৈ লগোৱা মেহেন্দী বিভিন্ন জনে প্ৰসংশা কৰিছিল আৰু ওচৰ পাজৰৰ বহু লোকে লগাবলৈ মোক মাতিছিল। এনেকৈয়ে পিছলৈ মই এখন দুখকৈ বিয়াত কইনাক মেহেন্দী লগোৱাৰ বাবে অৰ্ডাৰ পাবলৈ ধৰিলো। এবাৰ ২০১৭ চনত মোক গুৱাহাটীৰে এখন বিয়াত মেহেন্দী লগোৱাৰ বাবে মতা হৈছিল আৰু মই বিয়াখনলৈ গৈছিলো। তাত গৈ মি দেখিছিলো যে হিন্দী চিনেমাত দেখুৱাৰ দৰে খুব ধুনীয়াকৈ কইনাৰ সন্মুখত এখন থালীত মেহেন্দী কোণবোৰ সজাই থৈ দিয়া আছিল। কইনাৰ আশে-পাশে পৰিয়ালবৰ্গ আৰু অতিথিসকল বহি আছিল। কোনো কোনোৱে নিজে নিজে হাতত মেহেন্দী আঁকি আছে। মই কইনাৰ ওচৰলৈ গৈ থালীৰ পৰা এটা মেহেন্দিৰ কোণ লৈ কইনাক লগাবলৈ আৰম্ভ কৰিলো। হঠাতে কইনা গৰাকীয়ে মোক কলে যে এইবোৰ কি আঁকি আছা। মোক এনেকুৱা ডিজাইন নালাগে। মোবাইলৰ এখন হেভি ডিজাইনৰ মেহেন্দীৰ ফটো দেখুৱাই দি তেওঁ ক'লে যে এনেকুৱাকৈ লগোৱা নহ'লে লগাব নালাগে। সেই সময়ত মই সাধাৰণভাৱে মেহেন্দী লগাব জানিছিলো। হেভী ডিজাইঅন মই আকিব জনা নাছিলো। মই কইনা জনীক নোৱাৰিম বুলি কলো আৰু লাজ আৰু অপমানেৰে মই তাৰ পৰা গুচি আহিছিলো। মই সেই ঘটনাটোক মোৰ জীৱনৰ এটা অনুপ্ৰেৰণা হিচাপে ললো আৰু মই ইণ্টাৰনেটত চাই চাই মেহেন্দী ডিজাইনবোৰ নিজে নিজে শিকিবলৈ আৰম্ভ কৰিলো। মই কাগজ, চাৰ্ট পেপাৰ সকলোতে মেহেন্দী আকি শিকিবলৈ ললো।"
মেহেন্দী ডিজাইনাৰ আনোৱাৰা বেগমে এগৰাকী কইনাক মেহেন্দী লগোৱাৰ পূৰ্বৰ আৰু মেহেন্দী লগাই থকা দৃশ্য
খ্রীষ্টপূর্ব দুহেজাৰ বছৰৰ আগৰ পৰাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু ঔষধি গছ হিচাপে মেহেন্দী বা জেতুকাৰ ব্যৱহাৰ হৈ আহিছে। জেতুকাই মানুহৰ দেহ-মন পুলকিত কৰি আনন্দ আৰু সৌন্দর্য বর্ধন কৰি আহিছে। ইয়াৰ ঔষধি গুণো অতি আশ্চর্যজনক আৰু চমৎকাৰ। অসমৰ লোক-সংস্কৃতিৰ প্রতীক ৰঙালী বিহুত পৰিয়ালৰ ল’ৰা-ছোৱালী, ডেকা-গাভৰুৱে অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি অহাৰ উপৰিও অন্যন্য বিয়া বা উৎসৱ পাৰ্বনত জেতুকা ব্যৱহাৰ কৰি আহিছে৷
মেহেন্দী ডিজাইনাৰ আনোৱাৰা বেগমৰ বিভিন্ন ধৰণৰ মেহেন্দী ডিজাইন
আনোৱাৰাই কয়, "আজিৰে পৰা কিছু বছৰ পূৰ্বলৈ মানুহৰ মাজত মেহেন্দীক লৈ ইমান বেছি উৎসাহ দেখা পোৱা হোৱা নাছিল যে বিয়াত মেহেন্দী বুলি বিশেষ অনুষ্ঠান আয়োজন কৰা ইত্যাদি ইত্যাদি। কিন্তু বৰ্তমান সময়ত বিয়া বুলি ক'লে মানুহে এক সুকীয়া মেহেন্দী অনুষ্ঠানৰ আয়োজন কৰা দেখা যায়। অমাৰ সমাজত আতীজৰে পৰা মেহেন্দীৰ এক সুকীয়া গুৰুত্ব আছে। বিয়া বুলিলে সকলোৰে মনলৈ মেহেন্দীৰ কথা আহে। মেক-আপ নকৰিলেও মানুহে মেহেন্দী লগাইয়ে। পূৰ্বতে মানুহে আঙুলি আৰু হাতৰ তলুৱাত থুপা থুপিকৈ মেহেন্দী লগাইছিল। কিন্তু আজি কালি হাত তথা ভৰিত বিভিন্ন ডিজাইন অংকণ কৰি মেহেন্দী লগাই। মানুহে বিশ্বাস কৰে যে সুখী জীৱনৰ সৈতে মেহেন্দীৰ ৰঙৰ সম্পৰ্ক আছে।"
মেহেন্দী ডিজাইনাৰ আনোৱাৰা বেগমৰ পৰা মেহেন্দীৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতী সকল
জেতুকাক প্রসাধন হিচাপে ব্যৱহাৰ কৰাৰ নিয়ম ভাৰতবৰ্ষৰ প্রায় আটাইবোৰ ৰাজ্যৰ মানুহৰ মাজত প্রচলিত আছে। অসমত ব্যতিক্ৰম নহয়। জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেহৰাজ, ডালিমৰ কুমলীয়া পাত, বৰং থেকেৰা, পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেইটাপালমান ৰস আৰু চাহপাতৰ ৰস মিহলাই হাতৰ তলুৱাত গোটেই ৰাতিটো বা কেইঘণ্টামান বান্ধি ৰাখিলেই অতি ধুনীয়া ৰং উঠে।
আনোৱাৰাই কয়, "আজিকালি বজাৰত বিভিন্ন ব্ৰেণ্ডৰ মেহেন্দীৰ কোণ বা পেকেত পোৱা যায়। কিন্তু বজাৰত উপলব্ধ মেহেন্দী মই গ্ৰহকৰ বাবে ব্যৱহাৰ নকৰো। কিয়নো বজাৰত উপলব্ধ মেহেন্দী দীৰ্ঘ দিনৰ বাবে সংৰক্ষণ কৰি ৰখাৰ বাবে তাত নানান ধৰনৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়। যাৰ বাবে মেহেন্দীৰ ৰং ঠিকে গাঢ় হয় যদিও দীৰ্ঘ দিনৰ বাবে সেই ৰং নাথাকে। দুই তিনিদিনতে বজাৰৰ মেহেন্দীৰ ৰং নাইকিয়া হৈ যায়। সেয়েহে মই গ্ৰাহকৰ বাবে নিজে মেহেন্দী পেষ্ট প্ৰস্তুত কৰি লওঁ। মই প্ৰস্তুত কৰা মেহেন্দীৰ ৰং ১০/১৫ দিনলৈ থাকে।"
মেহেন্দী ডিজাইনাৰ আনোৱাৰা বেগমে এগৰাকী কইনা আৰু কইনাৰ পৰিয়ালৰ লোকক লগোৱা মেহেন্দী
সকলোবোৰ মেহেন্দীৰ ডিজাইন দেখাত একে যদিও সেইবোৰৰ লগোৱা কৌশলবোৰ পৃথক পৃথক বুলি কয় আনোৱাৰাই। আনোৱাৰাই কয় যে তেওঁ হাত আৰু ভৰিত সম্পূৰ্ণকৈ মেহেন্দী লগাবলৈ হলে ২:৩০ ৰ পৰা ৩ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে। তেওঁ সাধাৰনৰ পৰা হেভী ডিজাইনৰ মেহেন্দীৰ বাবে গ্ৰাহকৰ পৰা ৩০০০-১২০০০ টকা মাননী লয়। আনোৱাৰাই ২০১৮ চনত জেতুকা নামৰ এখন ইনষ্টিটিউটৰ পৰা দুমহীয়া মেহেন্দী অকাৰ প্ৰশিক্ষণ লৈছিল। ক'ভিডৰ সময়ত ইনষ্টিটিউটখন বন্ধ হৈ গৈছিল যদিও বৰ্তমান সেই ইনষ্টিটিউটখন 'অনু মেহেন্দী পাৰ্লৰ' বুলি পুনৰ নামাকৰন কৰি মুকলি কৰিছে আনোৱাৰাই। বৰ্তমান তেওঁৰ তিনিগৰাকী কৰ্মচাৰী আছে