বিলাল মীৰৰ অনন্য সৌৰশক্তি চালিত বাহন 'RAY' মুকলি

Story by  atv | Posted by  Munni Begum • 1 d ago
শ্ৰীনগৰত সৌৰশক্তি চালিত গাড়ীৰ সৈতে বিলাল আহমেদ মীৰ (চিত্ৰ বসিত জাৰগাৰ)
শ্ৰীনগৰত সৌৰশক্তি চালিত গাড়ীৰ সৈতে বিলাল আহমেদ মীৰ (চিত্ৰ বসিত জাৰগাৰ)
 
বসিত জাৰ্গৰ/শ্ৰীনগৰ 
 
সৌৰশক্তি চালিত গাড়ীৰ জৰিয়তে পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ তিনি বছৰৰ কঠোৰ প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি ৰাজপথত চলিবলৈ প্ৰস্তুত হৈছে গণিতৰ শিক্ষক বিলাল আহমেদ মীৰৰ সৌৰ গাড়ী 'RAY'। পুনৰ নিৰ্মাণ কৰা এই সৌৰ গাড়ীখন সোমবাৰে ১০ ফেব্ৰুৱাৰীত অৰ্থাৎ আজি মুকলি কৰা হব।    
 
সৌৰশক্তিচালিত এই বাহনখন বৰ্ধিত দক্ষতা আৰু প্ৰযুক্তিৰ সৈতে সম্পূৰ্ণ নতুনকৈ ডিজাইন কৰা হৈছে। ২০২২ চনত মীৰৰ এই যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া তেওঁ এখন সৌৰশক্তি চালিত গাড়ী ক্ৰয় কৰিছিল। মীৰে কয়, "মই এই উদ্যোগটো ২০-২২ লাখ টকা খৰচ কৰি সম্পূৰ্ণৰূপে নিজৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰিছো।" এই উদ্যোগৰ বাবে মীৰে কোনো ধৰনৰ ধন লাভ কৰা নাই।
 
নিজৰ গাড়ীৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা বিলাল আহমেদ মীৰৰ
 
তেওঁ এই গাড়ীখনৰ ডিজাইনত শেহতীয়া প্ৰযুক্তিগত উপাদানসমূহ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে ১৯৫০ চনৰ পৰা বৰ্তমানলৈকে বিভিন্ন বিলাসী গাড়ীৰ ডিজাইনৰ বিষয়ে অধ্যয়ন কৰি আহিছিল। তেওঁৰ গৱেষণা ৬ খন দেশত প্ৰকাশ পাইছে আৰু তেওঁক 'কাশ্মীৰৰ এল'ন মাস্ক' বুলিও অভিহিত কৰা হৈছে। 
 
ইয়াৰ আগতে মহিন্দ্ৰা কোম্পানীৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই মীৰৰ আৰ্হিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল, যদিও কাৰিকৰী সমস্যাৰ বাবে সহযোগিতা আৰম্ভ কৰাত ব্যৰ্থ হৈছিল। 
 
নৱীকৰণ কৰা 'RAY' হৈছে ১ কিলোৱাট সৌৰশক্তিচালিত গাড়ী, য’ত আছে হাই-টেক বেটাৰী মেনেজমেণ্ট চিষ্টেম (বিএমএছ) আৰু স্বয়ংক্ৰিয় পাৰ্কিং চেন্সৰ। গাড়ীখন চাৰ্জিং নকৰাকৈয়ে চলিব পাৰে আৰু ইয়াৰ চেন্সৰ-অনুকূলিত সৌৰ পেনেলসমূহ সূৰ্যৰ পোহৰ সৰ্বাধিক আহৰণ কৰি ল’বলৈ স্ব-অভিমুখী।  
 
নিজে ডিজাইন কৰা গাড়ী চলাই বিলাল আহমেদ মীৰে
 
'RAY'ৰ দুৱাৰত গাল-উইং ডিজাইন আছে, যিটো কেৱল দেখিবলৈয়ে ধুনীয়াই নহয়, ই অতিৰিক্ত শক্তি উৎপাদন কৰিবলৈ সৌৰ পেনেলৰ সৈতেও সজ্জিত। গাড়ীখনৰ চকুত লগা ডিজাইনে বতাহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে, যাৰ ফলত ই অধিক ফলপ্ৰসূ আৰু কাৰ্যক্ষম হয়।  
 
মীৰে ১৩ বছৰ ধৰি তেওঁৰ দৃষ্টিভংগীক বাস্তৱলৈ পৰিৱৰ্তন কৰি ১৯৮৮ চনৰ নিছান মাইক্ৰা গাড়ীখন সংশোধন কৰি প্ৰটোটাইপটো তৈয়াৰ কৰিছিল। বেছিভাগ ইলেক্ট্ৰিক গাড়ীকে চাৰ্জ কৰিবলৈ সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়, যদিও ডাৱৰীয়া আৰু হীমশীতল বতৰতো 'RAY' এ নিজকে চাৰ্জ কৰি লব পাৰে। 
 
মীৰৰ লক্ষ্য হৈছে সাধাৰণ জনসাধাৰণৰ বাবে স্বচ্ছ শক্তিৰ গাড়ী নিৰ্মাণ কৰা। ভাৰতীয় নিৰ্মাতাসকলে ইলেক্ট্ৰিক গাড়ী আৰু বাছ নিৰ্মাণ কৰি থকাৰ পিছতো তেওঁ অনুভৱ কৰে যে, তেওঁ ভাৰতত কেতিয়াও প্ৰতিযোগিতাৰ সন্মুখীন নহয়। 
 
নিজৰ গাড়ীৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা বিলাল আহমেদ মীৰৰ
 
বিদেশত 'লাইটইয়েৰ' আৰু 'আপ্তেৰা মটৰ্ছৰ' দৰে কোম্পানী আছে আৰু মই তেওঁলোকৰ সৈতেহে প্ৰতিযোগিতা কৰি আছো। মীৰৰ উদ্ভাৱনে বিশ্বব্যাপী প্ৰশংসা লাভ কৰিছে। তেওঁৰ গৱেষণা ৬ খনতকৈও অধিক দেশত প্ৰকাশিত হৈছিল। 
 
পাঁচখন আসনৰ ক্ষমতা থকা মীৰৰ এই গাড়ীখনে, সৌৰ শক্তি আৰু ৰিচাৰ্জযোগ্য বেটাৰীৰ সংমিশ্ৰণেৰে দ্বৈত শক্তি ব্যৱস্থা আৰু পিছফালৰ বুটৰ ওচৰত সুবিধাজনকভাৱে অৱস্থিত চাৰ্জিং পৰ্টেৰে আন বাহনৰ দৰেই কাম কৰে।
 
এই গাড়ীখন ১০ ফেব্ৰুৱাৰী আৰ্থাৎ আজি মুকলি কৰা হ'ব আৰু এই বছৰৰ জুনৰ শেষৰ ফালে ৰাজপথত চলিবলৈ উলিয়াই দিয়া হব। তেওঁ অৱশ্যে গাড়ীখনৰ নিৰ্মাণৰ পৰিকল্পনা প্ৰকাশ কৰা নাই।