ঈদ-উল ফিটৰৰ প্ৰাক মূহুৰ্তত অসমৰ শ্বহীদ জোৱান নাছিৰুদ্দিনক স্মৰণ চিআৰপিএফৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
চি আৰ পি এফ ডি আই জি নিম্ন অসম মণ্ডলৰ সুনন্দ কুমাৰে চি আৰ পি এফ জোৱান নাছিৰুদ্দিন সৰকাৰৰ পত্নীক সাক্ষাৎ কৰাৰ এক মূহুৰ্ত
চি আৰ পি এফ ডি আই জি নিম্ন অসম মণ্ডলৰ সুনন্দ কুমাৰে চি আৰ পি এফ জোৱান নাছিৰুদ্দিন সৰকাৰৰ পত্নীক সাক্ষাৎ কৰাৰ এক মূহুৰ্ত
 
কৰবী শৰ্মা / ভেল্লা (বৰপেটা)
 
বিদায় বেলাত উপনীত হৈছে পবিত্ৰ ৰমজান মাহ আৰু ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত তুংগত উঠিছে ঈদ উদযাপনৰ প্ৰস্তুতি। ৩১ মাৰ্চ বা ১ এপ্ৰিলত ঈদ-উল ফিটৰৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু অসমৰ বৰপেটা জিলাৰ এটা গ্ৰাম্য পৰিয়ালত এই উৎসৱৰ কোনো প্ৰস্তুতি চলা নাই। প্ৰায় এবছৰ পূৰ্বে সন্মুখীন হোৱা এক পাহৰিব নোৱাৰা দুখে তেওঁলোকক এতিয়াও নিৰ্বাক আৰু নিস্তব্ধ কৰি ৰাখিছে। আগন্তুক উৎসৱৰ বাবে উল্লাসৰ সলনি ঘৰখনত বিৰাজ কৰিছে দুখ আৰু শোকৰ পৰিৱেশ।  
 
কাৰণ, বৰপেটা জিলাৰ ভেল্লা থানাৰ অন্তৰ্গত ভিতৰুৱা গাঁও বনবড়িয়াত অৱস্থিত এই পৰিয়ালটোৰ এজন যুৱকে ২০২৪ চনৰ ২৭ এপ্ৰিলত দেশ মাতৃৰ সেৱাত প্ৰাণ আঁহুতি দিছিল। চি আৰ পি এফৰ এই সাহসী জোৱানজন হৈছে প্ৰয়াত নাছিৰুদ্দিন সৰকাৰ।
 
উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰ জিলাত নিৰ্বাচনী দায়িত্ব পালন কৰি থকা সয়মতে নাছিৰুদ্দিন সৰকাৰ সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল। কুকি উগ্ৰপন্থীয়ে চি আৰ পি এফৰ কনভয়ত আক্ৰমণ চলাওতে এই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। এই আক্ৰমণৰ সময়ত নিহত চি আৰ পি এফ জোৱান দুজনৰ ভিতৰত আছিল বৰপেটাৰ নাছিৰুদ্দিন সৰকাৰ। 
 
দেশৰ প্ৰতি নাছিৰুদ্দিনৰ সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ কথা স্মৰণ কৰি বুধবাৰে (২৬ মাৰ্চ, ২০২৫) চি আৰ পি এফৰ বিষয়াৰ এটা প্ৰতিনিধি দলে ভেল্লাৰ বনবাড়িয়া গাঁৱত অৱস্থিত প্ৰাক্তন চিআৰপিএফ জোৱানজনৰ ঘৰত উপস্থিত হৈ শোকগ্ৰস্ত পৰিয়ালৰ বুজ লয়।
 
চি আৰ পি এফৰ নামনি অসম ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) সুনন্দ কুমাৰ
 
চি আৰ পি এফৰ দলটোত আছিল চি আৰ পি এফৰ নামনি অসম ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক (ডি আই জি) সুনন্দ কুমাৰ, চি আৰ পি এফৰ দশম বেটেলিয়নৰ এৰিয়া কমাণ্ডাৰ দীপক কুমাৰ সিং আৰু অন্যান্যসকল। তেওঁলোকে নাছিৰুদ্দিন সৰকাৰৰ পত্নী, পুত্ৰ-কন্যাকে ধৰি পৰিয়ালৰ সকলো সদস্যক সাক্ষাৎ কৰে। 
 
‘আমাৰ সহকৰ্মী নাছিৰুদ্দিন সৰকাৰে যোৱা বছৰ মণিপুৰত কৰ্মৰত অৱস্থাত শ্বহীদ হৈছিল। চি আৰ পি এফত আমাৰ এটা নিয়ম আছে যে আমি কেতিয়াও আমাৰ জোৱানৰ পৰিয়ালক অকলে এৰি নথওঁ। প্ৰতি বছৰে আমাৰ জ্যেষ্ঠ বিষয়াসকলে মাৰ্চ মাহত এনে পৰিয়ালসমূহৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যাসমূহ লিখি উলিয়াই তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰো।’-চি আৰ পি এফৰ ডি আই জি সুনন্দ কুমাৰে 'আৱাজ-দ্য ভইচ'ক এইদৰে কয়।
 
“ঠিক সেইদৰে প্ৰয়াত  নাছিৰুদ্দিনৰ পৰিয়ালৰ খবৰ ল'বলৈ আজি আমি ইয়ালৈ আহিছো। নাছিৰুদ্দিন আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। গতিকে নিশ্চিতভাৱে পৰিয়ালটোৱে যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে আমি ইয়ালৈ তেওঁলোকৰ সৈতে কথা পাতিবলৈ আহিছোঁ, যাতে তেওঁলোকে উৎসৱৰ সময়ত কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰে। আমি আশা কৰোঁ নাছিৰুদ্দিনৰ পৰিয়ালে ঈদ সুকলমে পালন কৰিব।"- কুমাৰে কয়।