ড৹ ভুৱনেশ্বৰ ডেকাঃ জিকিৰ-জাৰীক লৈ PhD কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি

Story by  Daulat Rahman | Posted by  Munni Begum • 1 Months ago
ড৹ ভুৱনেশ্বৰ ডেকা
ড৹ ভুৱনেশ্বৰ ডেকা
 
দৌলত ৰহমান / গুৱাহাটী
 
অসমৰ বিশিষ্ট পণ্ডিত ড৹ ভুৱনেশ্বৰ ডেকা মূলতঃ বিজ্ঞানৰ স্নাতক আছিল। পিছত তেওঁ কলা শিক্ষা  অনুসৰণ কৰিছিল। বি এ (কলা স্নাতক) আৰু তিনিটা এম এ (কলাৰ স্নাতকোত্তৰ) ডিগ্ৰী লৈছিল। বিজ্ঞান আৰু কলাৰ ওপৰত উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতো জ্ঞান আহৰণ কৰা  হেঁপাহ তেওঁৰ  কমি যোৱা নাছিল। 
 
অন্য ধৰ্মীয় বিশ্বাসৰ লগত জড়িত থকা সত্বেও ড৹ ডেকাই ইছলামক এক ধৰ্ম আৰু জীৱনদৰ্শন হিচাপে বুজিবলৈ যথেষ্ট আগ্ৰহী আছিল, বিশেষকৈ অসমৰ প্ৰেক্ষাপটত।  অৱশেষত তেওঁৰ এই কৌতুহলে তেওঁক 'জিকিৰ আৰু জাৰী'ত অসমৰ একমাত্ৰ পি এইচ ডি (PhD) ডিগ্ৰীধাৰী ব্যক্তি হিচাপে গঢ়ি তুলিছিল। জিকিৰ হৈছে অসমীয়া থলুৱা মুছলমানৰ মাজত প্ৰচলিত ভক্তিমূলক গীত। ২০১১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক অসমীয়া জিকিৰ আৰু জাৰী বিষয়ত বিস্তৃত গৱেষণাৰ বাবে পি এইচ ডি ডিগ্ৰী প্ৰদান কৰে।
 
 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড৹ ডেকাই কয় যে তেওঁ সৰুৰে পৰা জিকিৰ শুনি আহিছে আৰু এনে ভক্তিমূলক গীতৰ প্ৰতি তেওঁৰ আকৰ্ষণ দিনে দিনে বৃদ্ধি হৈছে একমাত্ৰ ইয়াৰ একত্ৰিকৰণৰ শক্তিৰ বাবে। তেওঁ কয় যে বৈষ্ণৱ সন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (১৪৪৯-১৫৬৮) ভক্তি আন্দোলনৰ দ্বাৰা স্থাপিত সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটৰ ভিতৰত আৰু আহোম (১২০০-১৮০০) ৰজাসকলৰ পৃষ্ঠপোষকতাত জিকিৰে সপ্তদশ শতিকাত অসমত নিজৰ শিপা দখল কৰিছিল। যদিও জিকিৰ আৰু জাৰীৰ সুৰ একেধৰণৰ, জিকিৰে  পবিত্ৰ কোৰান আৰু হাদিছত উল্লেখ কৰা ইছলামিক শিক্ষাৰ ওপৰত আধাৰিত। আনহাতে  জাৰী গীতবোৰ কাৰবালা যুদ্ধৰ কৰুণ ঘটনাৰ ওপৰত আধাৰিত।জিকিৰবোৰ সপ্তদশ শতিকাৰ চুফী সন্ত আৰু কবি হজৰত শ্বাহ মিৰানে ৰচনা আৰু জনপ্রিয় কৰিছিল। যাক আজান পীৰ বুলিও জনা যায়। আজান পীৰ ইছলাম  ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বাগদাদৰ পৰা অসমলৈ আহিছিল।"
 
ড৹ ডেকাই কয় যে জিকিৰ গীতত প্ৰথমতে কোৰান আৰু হাদিছৰ অধ্যাত্মিক দিশবোৰ পাব। কোৰান আৰু হাদিছৰ কথাৰে জিকিৰ গীতবোৰ ৰচনা কৰা হৈছে। দ্বিতীয়তেত আজান পীৰৰ জিকিৰত আছে সমন্বয়ৰ বাণী। শংকৰদেৱৰ বহু নীতি আৰু আদৰ্শ জিকিৰত পোৱা যায়। তৃতীয়তে অসমৰ বাৰেৰহনীয়া সাংস্কৃতি জিকিৰ গীতত পোৱা যায়। বৰগীত, বিয়াগীত, আইনাম, ধাইনাম, টোকাৰী গীত আদি যিমান অসমীয়া লোক সংস্কৃতি বা লোকগীত আছে, সেই সকলোবোৰৰ আৰ্হিত জিকিৰ গীত ৰচনা কৰা হৈছিল। চতুৰ্থতে জিকিৰ গীতত উদাৰনীতি দেখা পোৱা যায়। যদিও হিন্দু মুছলমান বুলি কলে বেলেগ বেলেগ সম্প্ৰদায় বুলি ভবা হয় কিন্তু এজন ভগবানৰ কথা আজান পীৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দুয়োগৰাকীয়ে কৈ গৈছে। শংকৰদেৱে বৰগীতত কৈছিল যে 'এক দেৱ এক সেৱ, এক বিনে নাই কেৱ' ঠিক একেদৰে আজানপীৰ জিকিৰৰ মাজত কৈ গৈছে 'লা ইলাহা ইল্লাল্লাহ'। শংকৰদেৱৰ আদৰ্শৰ আলমলৈ আজানপীৰে জিকিৰ ৰচনা কৰিছিল।
 
এটা দলে মঞ্চত জিকিৰ পৰিবেশন কৰিছে
 
"যেনেকৈ শংকৰদেৱে এজন ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ কথা কৈছিল তেনেকৈয়ে আজান পীৰেও এজন ঈশ্বৰৰ কথাই কৈ গৈছিল। এই দুই দিশৰ মাজত আমি মিল পাওঁ। যেনেকৈ বৰগীত সমূহ পৰিবেশন কৰাৰ আগত শুদ্ধ আচাৰ নীতিৰে চাকি বন্তি জ্বলাই লোৱা হয়। ঠিক তেনেকৈয়ে জিকিৰ গীত পৰিবেশন কৰাৰ আগত চাকি বন্তি জ্বলাই শৰাই দি লোৱা হৈছিল। এতিয়াও বহু ঠাইত জিকিৰ গীত পৰিবেশনৰ আগত এনেকুৱা কাৰ্য্য কৰা দেখা যায়। বৰগীত পৰিবেশনত হাত চাপৰি বজোৱাৰ নিয়ম কৰিছিল শংকৰদেৱে। ঠিক তেনেকৈ আজান পীৰেও জিকিৰত হাত চাপৰি বজোৱা আৰম্ভ কৰিছিল। শংকৰদেৱে যিদৰে পাতিত বহি সমূহীয়া ভাবে বৰগীত গাইছিল একেদৰে আজান পীৰেও ভকতক লৈ জিকিৰ গীত পাতিত বহি গাইছিল। বৰ্তমান বহুতে ব্যতিক্ৰমী ৰূপত জিকিৰক ব্যৱসায়ৰ দিশত লৈ গৈছে যদিও আমি আধ্যাত্মিক দিশটো চাব গলে বৰগীতৰ দৰে জিকিৰৰো এক সুকীয়া বৈশিষ্ট্য পাওঁ,"  ড৹ ডেকাই কয়।
 
জিকিৰৰ ভবিষ্যতকলৈ ড৹ ডেকা বিশেষ সংকিত নহয়, "আজান পীৰৰ মৃত্যুৰ পিছত জিকিৰ গীতবোৰ মুখে মুখে বাগৰি আহিছিল আৰু এই জিকিৰ গীতবোৰ লিখিব নাপাই আৰু আনক দিব নাপাই বুলি ধাৰণা কৰা হৈছিল। সেইকাৰণে প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যিদৰে শংকৰদেৱৰ নামধৰ্ম নামঘৰৰ পৰা উলিয়াই আনি এক সুকীয়া মাত্ৰা দিলে ঠিক তেনেকৈয়ে আজি নতুন প্ৰজন্মই এই গীত বোৰ প্ৰচাৰ আৰু প্ৰসাৰত লাগি আছে। কিন্তু যিদৰে প্ৰচাৰ-প্ৰসাৰ হ'ব লাগিছিল সেইদৰে হোৱা নাই। আনহাতে যেনেকৈ শংকৰদেৱৰ নামত চৰকাৰীভাৱে বঁটা প্ৰদান কৰা হয় তেনেকৈয়ে আজান পীৰৰ নামটো বঁটা দিয়া হৈছিল যদিও বিগত কেইবা বছৰ ধৰি বন্ধ হৈ আছে। সমান্তৰাল ভাৱে দুয়ো দিশ আগবাঢ়ি যোৱা নাই। শংকৰদেৱৰ নামৰ বঁটাটোকলৈ আমি যথেষ্ট সুখী আৰু আনন্দিত লগতে আজান পীৰৰ নামৰ বঁটাটোও আমি বিচাৰো।" 
 
ড৹ ডেকাই কয় ইতিমধ্যে শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত বহুতো গৱেষকে গৱেষণা কৰিছে আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বহু সাহিত্য সুমাই আছে লগতে হাইস্কুল বা প্রাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমটো শংকৰদেৱৰ বিষয়ে আছে। কিন্তু আজান পীৰৰ আদর্শ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হোৱা নাই। হাইস্কুলত সীমিত ৰূপত এটা প্ৰবন্ধ পোৱা গৈছিল কিন্তু আজান পীৰ আৰু জিকিৰৰ আদৰ্শক জীয়াই ৰাখিবলৈ সকলোবোৰ পাঠ্যক্ৰমত বাধ্যতামূলক ভাবে অন্তৰ্ভুক্ত কৰিব লাগিব। তেনেকুৱা কৰিলে নিশ্চয় নতুন প্ৰজন্মই জিকিৰ আৰু আজান পীৰৰ বিষয়ে জানিব। লগতে আজান পীৰৰ যিটো দৰ্শন অসমৰ সকলোৱে জানিব পাৰিব। 
 
এটা দলে মঞ্চত জিকিৰ পৰিবেশন কৰিছে
 
ড৹ ডেকাই বিশ্বাস কৰে যে শংকৰ আজানৰ আদৰ্শ এতিয়াও অসমত জীয়াই আছে। স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত বহু  সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা দেখা গৈছে। যেনে বাবৰি মছজিদ ভঙা কাণ্ডৰ পিছত ভাৰতৰ বিভিন্ন ঠাইত এচাম ব্যক্তিয়ে মন্দিৰ ধ্বংস কৰাও পৰিলক্ষিত হ'ল লগতে বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদিতো তাৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। কিন্ত অসমত এটাও নামঘৰ বা মন্দিৰ ধ্বংস হোৱা নাই। এইটো এটা জ্বলন্ত উদাহৰণ। ইয়াৰ একমাত্ৰ কাৰণ হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰৰ আদৰ্শ। 
 
"দ্বিতীয়তে আমি অসমত দেখা পাওঁ যদি কোনোবা হিন্দু ব্যক্তিৰ মৃত্যু হয় আৰু ওচৰত যদি হিন্দু মানুহ নাথাকে তেতিয়া মুছলমান সকলে তেঁওক শ্মশানলৈ লৈ গৈ হিন্দু ৰীতি নীতিৰে দহন কৰে। ঠিক তেনেদৰে যদি মুছলমান ব্যক্তিৰ মৃত্যু হয় যদি ওচৰত মুছলমান মানুহ নাথাকে তেতিয়া হিন্দু লোকে তেওঁক ইছলামিক প্ৰথাৰে কবৰ দিয়ে। আনহাতে আমি দেখিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনত হিন্দু লোকৰ সৈতে মুছলমান সকলেও অংশগ্ৰহণ কৰে। দেড়গাঁওৰ ভাগৱত শোভাযাত্ৰাৰ ৰথখন মুছলমান লোকে সাজি দিছিল। এইধৰণৰ উদাহৰণবোৰ অন্য ৰাজ্যত দেখা নাপায়। এইবাৰ নাহৰকটিয়াত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ অধিবেশনত ২০০ জন মুছলমান লোকে নৰা কাটিছে। এনেকুৱা উদাহৰণবোৰ অসমত আছে একমাত্ৰ শংকৰদেৱ আৰু আজান পীৰৰ আদৰ্শৰ কাৰণে," ড৹ ডেকাই কয়।