ডাঃ ইমৰাণ পেটেলঃ শিশুৰ চিকিত্‍সা প্ৰক্ৰিয়াক ৰসাল আৰু আমোদজনক কৰি তোলা হাঁহিমুখীয়া চিকিত্‍সকজন

Story by  atv | Posted by  [email protected] • 6 d ago
ডাঃ ইমৰাণ পেটেল
ডাঃ ইমৰাণ পেটেল
 
জিশান জামি / মংগৰল (গুজৰাট)
 
বেমাৰ বা অসুস্থতা সকলোৰে বাবে এক আতংক আৰু অস্বস্তিৰ নাম, বিশেষকৈ শিশুৰ বেমাৰ হ'লে সকলো পিতৃ-মাতৃৰে চিন্তা আৰু উদ্বিগ্নতাৰ অন্ত নোহোৱা হয়। ফুল কুমলীয়া শিশুটোক কিদৰে সুস্থ কৰি তুলিব পাৰি, তাক লৈ অনিশ্চয়তাত ভুগা এনে হাজাৰ হাজাৰ পিতৃ-মাতৃ বা অভিভাৱকৰ বাবে আশা আৰু উত্‍সাহৰ প্ৰতীক হৈ পৰিছে এজন চিকিত্‍সক। হাঁহিমুখীয়া আৰু ৰসাল চিকিত্‍সকজনৰ নাম হৈছে ডাঃ ইমৰাণ পেটেল। তেওঁৰ সহায় আৰু উত্‍সাহে প্ৰতিজন পিতৃ-মাতৃৰ উদ্বিগ্নতা দূৰ কৰে আৰু অসুস্থ শিশুটোৰ চিকিত্‍সা প্ৰক্ৰিয়াও সৰল কৰি তোলে।
 
গুজৰাটৰ এখন সৰু চহৰ মংগৰলৰ এটা সাধাৰণ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ডাঃ ইমৰাণ পেটেল এগৰাকী প্ৰখ্যাত শিশু চিকিৎসক হোৱাৰ লগতে ছ’চিয়েল মিডিয়াৰ এগৰাকী জনপ্ৰিয় চেলিব্ৰিটী। প্ৰাৰম্ভিক শিক্ষা, অধ্যৱসায় আৰু জ্ঞানৰ প্ৰতি আগ্ৰহে তেওঁক এদিন মুম্বাইলৈ আনিছিল আৰু তাতেই তেওঁ এম বি বি এছ আৰু এম ডি ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।
 
মুম্বাইত বসতি স্থাপন কৰাৰ প্ৰাৰম্ভিক আকাংক্ষা সত্ত্বেও ডাঃ ইমৰাণ পেটেলে নিজৰ সমাজত অৰ্থপূৰ্ণ প্ৰভাৱ পেলোৱাৰ গভীৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ গুজৰাটস্থিত নিজৰ জন্মভূমিলৈ উভতি আহে।
 
শিশুৰ সৈতে ডাঃ ইমৰাণ পেটেল
 
আহমেদাবাদলৈ উভতি অহাৰ লগে লগে ডাঃ ইমৰান পেটেলে চিকিৎসা ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ নিজৰ ঘৰখনক এছিয়ান শিশু চিকিৎসালয় (Asian Children Hospital)লৈ ৰূপান্তৰিত কৰিছিল, যিটো শিশু চিকিৎসাৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সমৰ্পণৰ প্ৰমাণ। আন চিকিৎসকৰ পৰা ডাঃ ইমৰাণ পেটেলক পৃথক কৰাৰ কাৰণ হৈছে তেওঁৰ চিকিৎসা বিশেষজ্ঞতা আৰু শিশু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা অনন্য পদ্ধতি।
 
ডাঃ ইমৰাণ পেটেলে চিকিৎসাৰ সময়ত নিজৰ দক্ষতাৰ লগতে শিশুৰ সৈতে আন্তৰিক সহানুভূতি প্ৰদৰ্শন কৰে। শিশুৱে চিকিৎসা গ্ৰহণ কৰাৰ সময়ত সন্মুখীন হোৱা ভয় আৰু অস্বস্তি চিনাক্ত কৰি তেওঁ শিশুসকলৰ উদ্বেগ আৰু চিন্তা দূৰ কৰিবলৈ বিশেষ উদ্ভাৱনী পদ্ধতি আৱিষ্কাৰ কৰিছে।
 
গীত গোৱা আৰু চকলেট আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি খেলনাৰ সৈতে শিশুসকলক জড়িত কৰি ডাঃ ইমৰাণ পেটেলে এই কথা নিশ্চিত কৰে যে তেওঁৰ কণমানি ৰোগীসকলে যাতে নিজকে আনন্দিত আৰু নিশ্চিন্ত মনে থাকিব পাৰে। এই পদ্ধতিয়ে চিকিৎসা প্ৰক্ৰিয়াক আমোদজনক কৰি তোলাই নহয়, চিকিৎসক আৰু ৰোগীৰ মাজত আস্থাও গঢ়ি তোলে, যিটো শিশুৰ যতনৰ এক গুৰুত্বপূৰ্ণ কাৰক।
 
ডাঃ ইমৰাণ পেটেল
 
ডাঃ ইমৰাণ পেটেলৰ ৰসাল আৰু আমোদজনক চিকিৎসা পদ্ধতি তথা শিশুৰ সৈতে ইতিবাচক ভাৱৰ আদান-প্ৰদানৰ ভিডিঅ’সমূহ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ৯০ লাখৰো অধিক অনুগামীৰ সৈতে তেওঁৰ প্ৰভাৱ বিশ্বজুৰি বিস্তৃত হৈ পৰিছে আৰু অগণন অভিভাৱক আৰু স্বাস্থ্যসেৱা পেছাদাৰীক তেওঁ এইদৰে অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।
 
চিকিৎসাৰ বাহিৰেও ডাঃ ইমৰাণ পেটেলে সমাজ সেৱা আৰু সৰ্বাংগীনতাৰ প্ৰতি দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰিছে। মুছলমান সম্প্ৰদায়ৰ হোৱা সত্ত্বেও তেওঁ সকলো ধৰ্ম, সকলো জাতিৰ ৰোগীক আকোৱালি লয়, প্ৰত্যেককে সমান সন্মান আৰু যত্নৰে ব্যৱহাৰ কৰে। সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু সহানুভূতিৰ শক্তিৰ ওপৰত তেওঁৰ অটল বিশ্বাসে ডাঃ ইমৰাণক বিশ্বজুৰি জনপ্ৰিয় কৰিছে।
 
বিশেষকৈ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ডাঃ ইমৰাণ পেটেল সমাজ সেৱাৰ ব্যাপক প্ৰচেষ্টাৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰে, অভাৱগ্ৰস্ত লোকক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰে, আৰু সকলোৰে বাবে স্বাস্থ্যসেৱাৰ উন্নত সুবিধাৰ পোষকতা কৰে।
 
শিশুৰ লগত খেলি থকা মুহূৰ্তত ডাঃ ইমৰাণ পেটেল
 
ডাঃ পেটেলৰ সমাজ সেৱাৰ প্ৰতি দায়বদ্ধতা চিকিৎসা সেৱাৰ বাহিৰলৈও বিস্তৃত; তেওঁ শৈক্ষিক পদক্ষেপ, স্বাস্থ্য সজাগতা প্ৰসাৰ, আৰু স্থানীয় দাতব্য সংস্থাসমূহক সমৰ্থন কৰা আদিৰ দৰে কামৰ সৈতেও জড়িত হৈ আছে। তেওঁৰ এই প্ৰচেষ্টাই আৰ্তজনৰ লগতে বহু পৰিয়ালৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে।
 
উল্লেখ্য যে,ডাঃ ইমৰাণ পেটেলৰ সফলতাৰ কাহিনী চিকিৎসা বিজ্ঞানৰ বাহিৰলৈও বিস্তৃত। ছ’চিয়েল মিডিয়াত তেওঁৰ বিপুল জনপ্ৰিয়তাই তেওঁৰ অনলাইন উপাৰ্জনৰ পথো মুকলি কৰি দিছে। এই আৰ্থিক সফলতাৰ সহায়ত তেওঁ নিজৰ চিকিৎসালয়ৰ সা-সুবিধাসমূহ বৃদ্ধি কৰিব পাৰিছে আৰু তেওঁৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম কৰিছে। ইয়াৰ ফলত তেওঁ নিজৰ সুলভ আৰু অনন্য স্বাস্থ্যসেৱা অভিযানক অধিক দ্ৰুততাৰে আগুৱাই লৈ গৈছে।
 
ডাঃ ইমৰাণ পেটেল
 
মুছলমান চিকিৎসক হিচাপে ডাঃ পেটেলৰ সমাজ সেৱাৰ প্ৰচেষ্টাই তেওঁৰ পেছাদাৰী দায়বদ্ধতা আৰু ব্যক্তিগত মূল্যবোধ দুয়োটাকে প্ৰতিফলিত কৰে। ডাঃ পেটেলৰ দৰে বহু মুছলমান স্বাস্থ্যসেৱা পেছাদাৰীয়ে সমাজ সেৱাক তেওঁলোকৰ ধৰ্মীয় কৰ্তব্যৰ মৌলিক অংশ মানৱ সেৱা হিচাপে গ্ৰহণ কৰে।
 
সামৰণিত ক’ব পাৰি যে ডাঃ ইমৰানে নিষ্ঠা, সহানুভূতি আৰু উদ্ভাৱনী কৌশলেৰে স্বাস্থ্যসেৱা ক্ষেত্ৰখনক কেনেদৰে ৰূপান্তৰিত কৰিব পাৰে, তাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। সৰু চহৰ এখন ডাঙল-দীঘল হোৱাৰ পৰা পৰা বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত শিশু চিকিৎসকলৈ তেওঁৰ যাত্ৰা বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস।
 
সঘনাই নেতিবাচক বাৰ্তা বিয়পি ফুৰা ইণ্টাৰনেটৰ জগতত মানুহৰ দয়া, মমতা, সহানুভূতি আৰু আমোদজনক কাহিনী পাবলৈ তেনেই কঠিন যদিও ডাঃ ইমৰাণৰ দৰে মহানুভৱ ব্যক্তিৰ প্ৰচেষ্টাই অজস্ৰজনলৈ হাঁহি, আনন্দ আৰু সুখানুভূতি কঢ়িয়াই আনিছে।