এখন সৰু গাঁওৰ পৰা ইছৰোৰ বিজ্ঞানীলৈ...ছাবিৰ আলমৰ কঠোৰ অধ্যৱসায়, দৃঢ়তা আৰু সফলতাৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 14 h ago
ছাবিৰ আলম তেওঁৰ পত্নীৰ সৈতে
ছাবিৰ আলম তেওঁৰ পত্নীৰ সৈতে
 
তাৰিক আনোৱাৰ/নতুন দিল্লী
 
এসময়ত মাক-দেউতাকক চন্দ্ৰলৈ নিয়াৰ সপোন দেখা এজন সৰু ল'ৰাৰ কাহিনী এয়া। যদিও এই কাহিনী এটা সৰু ল'ৰাৰ অবুজ মনৰ ইচ্ছা হিচাপে আৰম্ভ হৈছিল, তথাপিও দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সপোনক বাস্তৱত পৰিণত কৰিছে ছাবিৰ আলমে। বিহাৰৰ এখন সৰু গাঁৱৰ পৰা ইছৰোৰ চন্দ্ৰযান-৩ অভিযানত ভূমিকা লোৱা এগৰাকী বিজ্ঞানীলৈকে তেওঁৰ যাত্ৰা হৈছে কঠোৰ অধ্যৱসায়, দৃঢ়তা আৰু ঈৰ্ষণীয় সফলতাৰ এক মনোৰম কাহিনী।
 
পাটনাৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগৰ বিহাৰৰ কাটিহাৰ জিলাত অৱস্থিত ছোঘৰা গাঁৱত ছাবিৰৰ জন্ম হৈছিল। তেওঁ ভাৰতৰ অন্যতম অনুন্নত অঞ্চল সীমাঞ্চল (Seemanchal)ত ডাঙৰ-দীঘল হৈছিল, য’ত গুণগত শিক্ষা আৰু সুযোগৰ সুবিধা অতি সীমিত আছিল। তেওঁৰ পিতৃ হাৰুণ ৰছিদ আছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, যিয়ে শিক্ষাক গভীৰভাৱে মূল্য দিছিল। কিন্তু সামান্য উপাৰ্জনৰ বাবে তেওঁ প্ৰায়ে চিন্তা কৰিছিল যে পুত্ৰক জীৱনত সফল হ’বলৈ প্ৰয়োজনীয় সা-সুবিধা কেনেকৈ যোগান ধৰিব পাৰি। আৰ্থিক সংগ্ৰামৰ মাজতো পুত্ৰক উৎকৃষ্ট মানুহ হিচাপে দেখাৰ সপোন তেওঁ কেতিয়াও এৰি দিয়া নাছিল।
 
চন্দ্ৰযান-৩ উৎক্ষেপণ উদযাপন কৰি সহযোগী বিজ্ঞানীসকলৰ সৈতে ছাবিৰ আলম
 
ছাবিৰে দেউতাকৰ স্কুলত শিক্ষা আৰম্ভ কৰিছিল। কিন্তু গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা চৰকাৰী শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয় (JNV)ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো তেওঁৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়। পৰিয়ালৰ বাবে সেয়া আছিল এক বৃহৎ আনন্দৰ মুহূৰ্ত। জৱাহৰ নৱোদয় বিদ্যালয়ে ছাবিৰৰ বাবে নতুন দুৱাৰ মুকলি কৰি দিলে, যাৰ ফলত তেওঁ গুণগত শিক্ষা আৰু এক সহায়ক পৰিৱেশ লাভ কৰিলে। প্ৰথমে কাটিহাৰৰ কোলাচীৰ জে এন ভিত অধ্যয়ন কৰি ছাবিৰে ২০১২ চনত দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰে আৰু অধিক পঢ়া-শুনাৰ বাবে পুডুচেৰীৰ জে এন ভি (JNV)লৈ গুচি যায়।
 
নিজৰ সম্ভাৱনাক কথা উপলব্ধি কৰি ছাবিৰে টাটা মটৰ্ছৰ সমৰ্থিত এন জি অ’ অৱন্তীৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰে। এই কাৰ্যসূচীয়ে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ শীৰ্ষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰৱেশ পৰীক্ষা আই আই টি-জে ই ই (IIT-JEE)ৰ দৰে কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল।
 
কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ছাবিৰে ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (IIST)ত নামভৰ্তি লাভ কৰে, য’ত তেওঁ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ বি.টেক ডিগ্ৰী অধ্যয়নৰ সুযোগ পায়। ২০১৮ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কেৰিয়াৰৰ এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰে। সেয়া হৈছে ছাবিৰে কেৰালাৰ তিৰুৱনন্তপুৰমৰ বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত যোগদান কৰে।
 
ছাবিৰ আলমে চাহ খাই থকা এক দৃশ্য
 
তাৰ পিছত আহিল ছাবিৰৰ জীৱনৰ আটাইতকৈ গৌৰৱৰ মুহূৰ্তটো। ২০২৩ চনৰ ২৩ আগষ্টত যেতিয়া ভাৰতে চন্দ্ৰযান-৩ অভিযানৰ অংশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া এই ঐতিহাসিক কৃতিত্ব সম্ভৱ কৰি তোলা প্ৰতিভাৱান বিজ্ঞানীসকলৰ ভিতৰত অন্যতম আছিল ছাবিৰ আলম। এই অভিযানত তেওঁৰ অৱদান কেৱল ব্যক্তিগত বিজয় নাছিল, বৰঞ্চ ছাবিৰৰ পৰিয়াল, তেওঁৰ গাঁওবাসী, আৰু সমগ্ৰ দেশবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আছিল।
 
তেওঁৰ পৰিয়ালৰ বাবে সেই মুহূৰ্তটো আছিল সুখ আৰু আৱেগেৰে ভৰা। তেওঁৰ পিতৃ হাৰুণ ৰছিদে এই দিনটোৰ কথা স্মৰণ কৰি কয় যে, "আমাৰ বাবে সেয়া ঈদৰ দৰে এক আনন্দ-উল্লাসৰ ক্ষণ আছিল। গাঁৱৰ মানুহ একগোট হৈ আমাক অভিনন্দন জনাইছিল, আশীৰ্বাদ দিছিল আৰু আমাৰ আনন্দত তেওঁলোকো আনন্দিত হৈছিল।"
 
প্ৰায়ে দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ সৈতে জড়িত অঞ্চল এটাৰ পৰা অহা ছাবিৰ আলমৰ সফলতা আছিল আশা আৰু প্ৰেৰণাৰ প্ৰতীক। গৃহিণী মাকে হয়তো পুত্ৰৰ কামৰ কাৰিকৰী দিশবোৰ সম্পূৰ্ণৰূপে বুজি পোৱা নাছিল, তথাপিও তেওঁ অপৰিসীম আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিল। চকুলো টুকি তেওঁ নিজৰ আৱেগবোৰ সৰলভাৱে প্ৰকাশ কৰিলে, "মোৰ ল'ৰাই কেৱল সীমাঞ্চলক গৌৰৱান্বিত কৰাই নহয়, সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে।"
 
নিজৰ পথাৰত ছাবিৰ আলম
 
ছাবিৰৰ যাত্ৰা ধন-সম্পত্তি বা ব্যয়বহুল শিক্ষাৰ সৈতে জড়িত নাছিল। মাকে কোৱাৰ দৰে তেওঁৰ স্কুলীয়া শিক্ষাত কোনো আৰ্থিক বিনিয়োগ নাছিল। তেওঁৰ সফলতা কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু একাগ্ৰতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। জৱাহল নৱোদয় বিদ্যালয়ে তেওঁক এক শক্তিশালী ভেটি প্ৰদান কৰিছিল, আৰু বিভিন্ন জলপানি (scholarships)য়ে তেওঁক আৰ্থিক বাধাসমূহ অতিক্ৰম কৰাত সহায় কৰিছিল। 
 
দৃঢ়তা আৰু ইচ্ছাশক্তিয়ে ছাবিৰক আগুৱাই লৈ গৈছিল। পুত্ৰই ইছৰ’ত কাম কৰাৰ কথা কেতিয়াবা কল্পনা কৰিছিল নেকি বুলি সোধাত ছাবিৰৰ মাকে তেওঁৰ শৈশৱৰ সপোনবোৰ মনত পেলায় কয়, "ছাবিৰে ধেমালি কৰি আমাক কৈছিল যে এদিন সি আমাক চন্দ্ৰলৈ লৈ যাব"।
 
উল্লেখ্য যে, ছাবিৰৰ কাহিনীয়ে তেওঁৰ অঞ্চলৰ আন লোককো অনুপ্ৰাণিত কৰিছে। ব্ৰিটেইনত বাস কৰা বিজ্ঞানী মুমতাজ নাইয়াৰে তেওঁৰ সৈতে এক বিশেষ সম্পৰ্ক ভাগ কৰে। একেটা অঞ্চলৰ হোৱাৰ বাবে তেওঁ সদায় ছাবিৰৰ সামৰ্থ্যক বিশ্বাস কৰিছিল। "ছাবিৰ সদায় অসাধাৰণ হৈ আহিছে। নিজৰ দৃষ্টিভংগী, স্বভাৱ আৰু শিকাৰ প্ৰতি আগ্ৰহে তেওঁক সীমাঞ্চলৰ আন যুৱকসকলতকৈ যথেষ্ট পৃথক কৰি তুলিছিল। তেওঁৰ কৃপাত আমাৰ সুৰ্জাপুৰী ভাষী সমাজ, সীমাঞ্চলবাসী ৰাইজ, আৰু বিহাৰী সম্প্ৰদায় এতিয়া ইতিহাসৰ অংশ হৈ পৰিছে।"
 
ছাবিৰৰ এই কৃতিত্বই অনুন্নত অঞ্চলৰ যুৱক-যুৱতীসকলৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। নাইয়াৰে লগতে কয় যে ইয়াৰ দ্বাৰা বহু যুৱক-যুৱতীক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব। "মই ছাবিৰৰ পিতৃ-মাতৃকো ধন্যবাদ দিব বিচাৰো। তেওঁলোকৰ পুত্ৰই সীমাঞ্চলক গৌৰৱান্বিত কৰিছে।"-তেওঁ কয়।
 
ইছৰো কেন্দ্ৰত  ছাবিৰ আলমে তেওঁৰ পুত্ৰক চন্দ্ৰৰ পৃষ্ঠত লেণ্ডাৰৰ মডেল দেখুৱাই থকা এক মূহুৰ্ত
 
সফলতা লাভ কৰাৰ পিছতো ছাবিৰ আগৰ দৰেই নম্ৰ, ভদ্ৰ আৰু সৰলমনা হৈয়ে আছে। হিউমেনছ অৱ সীমাঞ্চল (Humans of Seemanchal)ৰ এটা ফেচবুক পোষ্টত তেওঁ লিখিছে, "সঁচা কথা ক'বলৈ গ'লে মই অনুভৱ নকৰো যে মই কোনো অসাধাৰণ সাফল্য লাভ কৰিছো। মোৰ ক্ষেত্ৰখনত মই কোনো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা নাই। সীমাঞ্চলৰ সাক্ষৰতাৰ হাৰে ইতিমধ্যে নিজৰ কাহিনী কয়৷ শিক্ষাৰ উচ্চ খৰচৰ পৰা হাত সাৰিবলৈ মোৰ মাত্ৰ সৌভাগ্য হৈছিল।"
 
ছাবিৰৰ বাবে ইছৰোত যোগদান কৰাটো প্ৰতিপত্তিৰ কথা নাছিল, এয়া আছিল তেওঁৰ যাত্ৰাৰ আন এক পদক্ষেপ মাথোঁ। তেওঁৰ মতে "যিমানেই প্ৰত্যাহ্বানৰ সন্মুখীন নহওক কিয়, নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু সজাগতাৰ দ্বাৰা সফলতা সম্ভৱ। পিছপৰা অঞ্চলৰ পৰা অহাসকলৰ বাবে বহু বাধা আছে। কিন্তু ইচ্ছাশক্তি আৰু দৃঢ়তা থাকিলে সেইবোৰ অতিক্ৰম কৰিব পাৰি।"
 
কঠোৰ পৰিশ্ৰম আৰু শিক্ষাই যে জীৱন সলনি কৰিব পাৰে তাৰ প্ৰমাণ ছাবিৰ আলমৰ এই যাত্ৰা। তেওঁৰ কাহিনীটো কেৱল এজন ব্যক্তিৰ সফলতাৰ বিষয়ে নহয়, ই অগণন যুৱ মনৰ বাবে প্ৰেৰণা। ছাবিৰ আলমে তেওঁলোকক দেখুৱাইছে যে কোনো সপোনেই বেছি ডাঙৰ নহয়, কোনো পটভূমি বেছি সৰু নহয়, আৰু কোনো প্ৰত্যাহ্বানেই আপোনাৰ বাবে হেঙাৰ নহয়।