গুৱাহাটী
গণশিল্পী মঘাই ওজা কলাক্ষেত্র, অসমে প্রতি বছৰে প্ৰদান কৰি অহা অতি সন্মানীয় 'গণশিল্পী মঘাই ওজা বঁটা' এই বছৰ বিশিষ্ট শিল্পী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে। শনিবাৰে যোৰহাটৰ হাতীগড় নাওশলীয়াত অৱস্থিত গণশিল্পী মঘাও ওজা কলাক্ষেত্র সমাজে আয়োজন কৰা গণশিল্পীজনৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। অহা ১৯ এপ্রিলত এই বঁটা প্ৰদান কৰা হ'ব।
কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই এক বিবৃতিত জনোৱা অনুসৰি, আকাশবাণী ডিব্ৰুগড় কেন্দ্রই ১৯৭৭ চনতে গণশিল্পী মঘাই ওজাৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি ওজা তথা গণশিল্পীগৰাকীৰ ঢোলবাদন বাণীবদ্ধ কৰি আজিপর্যন্ত জীৱন্ত ৰূপত স্মৃতি যুগমীয়া কৰি ৰাখিছে। গণশিল্পীজনৰ তেতিয়াই এই বাণীবদ্ধ কৰিছিল চৈয়দ ছাদ্দুলাই। সেই সময়ত ছাদ্দুলা আছিল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান পৰিচালক।
পৰৱৰ্তী কালছোৱাত তেওঁ গণশিল্পী মঘাই ওজাৰ ওপৰত গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে মঘাই ওজাৰ ওপৰত আলেখ্য ৰচনা কৰি প্ৰচাৰ কৰি অমৰত্ব দি গৈছে। সত্তৰৰ দশকত মঘাই ওজাৰ মৃত্যুৰ আগমুহূর্তত চৈয়দ ছাদ্দুলাই অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থাকোতেও আকাশবাণীৰ পৰা চিকিৎসাধীন অৱস্থাতে দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।
সেই সময়ত গণশিল্পী মঘাই ওজাৰ প্ৰতি ছাদ্দুলাই দেখুওৱা সন্মান আৰু ওজাক অমৰ কৰি ৰখা প্রয়াসক আজিও মঘাই ওজাৰ জন্মস্থানৰ ৰাইজে পাহৰা নাই। সেয়ে মঘাই ওজাৰ জন্মস্থান হাতীগড় নাওশলীয়াত অৱস্থিত গণশিল্পী মঘাই ওজা কলাক্ষেত্রই কলাক্ষেত্র সমাজৰ অতি সন্মানীয় বঁটা 'গণশিল্পী মঘাই ওজা বঁটা' বিশিষ্ট শিল্পীজনলৈ আগবঢ়োৱা হৈছে বুলি কলাক্ষেত্ৰৰ সভাপতি-মুখ্য সম্পাদক দুজনে বিবৃতিটোত উল্লেখ কৰে।