উৰ্দু স্কুলৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট কৰাৰ অভিযানত ব্যস্ত হামিদ ইকবাল ছিদ্দিকী

Story by  atv | Posted by  Munni Begum • 1 Months ago
হামিদ ইকবাল ছিদ্দিকী আৰু তেওঁৰ পত্নী জাহিদা ছাত্ৰ-ছাত্ৰীৰ সৈতে কুইজ প্ৰতিযোগিতাৰ এক অনুষ্ঠানত
হামিদ ইকবাল ছিদ্দিকী আৰু তেওঁৰ পত্নী জাহিদা ছাত্ৰ-ছাত্ৰীৰ সৈতে কুইজ প্ৰতিযোগিতাৰ এক অনুষ্ঠানত
 
শ্বাহ তাজ খান/পুনে
 
মুম্বাইৰ কুইজ টাইমৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ হামিদ ইকবাল ছিদ্দিকীয়ে সমগ্ৰ মেগাচিটিখনত উৰ্দু ভাষাৰ প্ৰচাৰৰ বাবে ২৭৫টাতকৈও অধিক সাধাৰণ জ্ঞানৰ কুইজ শ্ব’ৰ আয়োজন কৰিছে। মুম্বাইত উৰ্দু ভাষা আৰু ইয়াৰ শিক্ষাৰ প্ৰসাৰৰ বাবে দায়বদ্ধ ছিদ্দিকিয়ে তিনি দশকৰো অধিক সময় ধৰি আধুনিক শৈলীত সাধাৰণ জ্ঞানৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।
 
উৰ্দু শিকি থকা ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁ ইমানেই জনপ্ৰিয় যে স্কুল এখন পোৱাৰ লগে লগে ল’ৰা-ছোৱালীয়ে তেওঁক আগুৰি ধৰে। "আংকল হামিদ ইকবাল আ গেই..." ধ্বনি দি ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ফালে দৌৰি যায়। ইকবাল ছিদ্দিকীয়ে বহু আগতেই "উৰ্দু ছাত্ৰ-ছাত্ৰীৰ ছুপাৰষ্টাৰ" উপাধি লাভ কৰিছিল। ইয়াৰ উপৰিও দ্য টাইমছ অৱ ইণ্ডিয়া প্ৰকাশনেও তেওঁক "চিটি এঞ্জেল" উপাধিৰে সন্মানিত কৰিছে।
 
ছিদ্দিকিয়ে আৱাজ-দ্য ভইচ'ক জনাইছে যে পাঠ্যক্ৰমৰ বাহিৰেও আজিৰ শিশুসকলৰ কলা, বিজ্ঞান, ক্ৰীড়া, প্ৰযুক্তি, ৰাজনীতি, সভ্যতা আৰু সংস্কৃতি, চলচ্চিত্ৰ, চিকিৎসা, ইতিহাস, গণিত, সম-সাময়িক পৰিস্থিতি আদিৰ ভাল জ্ঞান থকা উচিত। "এটা শিশুৰ জীৱনৰ সফলতাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শিক্ষা আৰু চাকৰিৰ প্ৰৱেশ পৰীক্ষালৈ চালে এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে প্ৰায় প্ৰতিটো পৰীক্ষাতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন সোধা হয় আৰু এই শতকৰা হাৰ যথেষ্ট বেছি। যদি শিশুৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই এই দিশটোৰ প্ৰতি গুৰুত্ব দিয়া হয় তেন্তে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি প্ৰক্ৰিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিব পাৰি।"
 
হামিদ ইকবাল ছিদ্দিকীয়ে বক্তৃতা প্ৰদান কৰি থকা এক মূহুৰ্ত
 
হামিদ ইকবাল ছিদ্দিকীয়ে কয় যে ১৯৯২-৯৩ চনৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ একাংশ ঘনিষ্ঠ বন্ধুৱে যুৱক-যুৱতীসকলৰ বাবে কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল। "সাধাৰণ জ্ঞান শিকোৱাৰ দায়িত্ব মোক দিয়া হৈছিল। স্কুলীয়া দিনত মই মাদ্ৰাছাত ইছলামিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। মই ৰাজপথৰ কাঁষত এখন মঞ্চ স্থাপন কৰি ইছলামিক কুইজৰ কাৰ্যসূচী আয়োজন কৰিছিলো। সেই কাৰ্যসূচীবোৰো ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। সেয়েহে সাধাৰণ জ্ঞানৰ কুইজ প্ৰতিযোগিতা আয়োজন কৰাত মই বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিলো।"
 
ছিদ্দিকিয়ে কয় যে টেলিভিছনত কুইজ শ্ব’ৰ আগমনৰ আগতেই তেওঁ সংগীত, আৰু সম্পূৰ্ণ আড়ম্বৰপূৰ্ণ শ্ব’ৰ সৈতে সাধাৰণ জ্ঞানৰ কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিছিল। কাৰ্যসূচীৰ শেষত শিশুসকলক পুৰস্কাৰ প্ৰদান কৰা হয়, আৰু ছিদ্দিকিয়ে তেওঁলোকৰ পিতৃ-মাতৃ আৰু তেওঁলোকৰ শিক্ষকসকলকো উপহাৰ প্ৰদান কৰে। ছিদ্দিকিয়ে কয়, "আমি সাধাৰণ জ্ঞানৰ কুইজ প্ৰতিযোগিতাত প্ৰতিজন অংশগ্ৰহণকাৰীক উপহাৰ দিও। আমি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক জয়-পৰাজয়তকৈ বেছি মূল্য দিওঁ।"
 
সকলো অংশগ্ৰহণকাৰীক পুৰস্কাৰ প্ৰদানৰ পদ্ধতিয়ে হামিদ ইকবালক যথেষ্ট জনপ্ৰিয় কৰি তুলিছে। তেওঁ কয় যে এবাৰ তেওঁ এক লাখ টকাৰ পুৰস্কাৰ বিতৰণ কৰিছিল। উৰ্দু ভাষা অধ্যয়ন কৰাসকলৰ বাবে কোনো নিয়োগৰ সুযোগ নাই বুলি ভুল ধাৰণা সৃষ্টি কৰা হৈছে বুলি কুইজমাষ্টাৰ হামিদ ইকবালে উল্লেখ কৰে।
 
"যিসকলে আওপুৰণি চিন্তাধাৰা অনুসৰণ কৰে আৰু নিজকে হীনমন্যতা অনুভৱ কৰে তেওঁলোকে উৰ্দু ভাষাৰ ক্ষতি কৰিছে। আজিও আমাৰ দেশৰ লাখ লাখ মানুহৰ জীৱিকাৰ উৎস উৰ্দু। উৰ্দু সংস্কৃতি এতিয়াও অতি আকৰ্ষণীয়। যেতিয়া উৰ্দু আধুনিক প্ৰযুক্তি, উচ্চ শিক্ষা, ফেশ্বন, আৰু মনোৰঞ্জনৰ সৈতে সংযুক্ত হ'ব তেতিয়া চাকৰিৰ বহু নতুন সুযোগ সৃষ্টি হ'ব।"-তেওঁ কয়।
 
উৰ্দু স্কুলৰ শিক্ষকসকলৰ সৈতে হামিদ ইকবাল ছিদ্দিকী
 
হামিদ ইকবালে বছৰ বছৰ ধৰি উৰ্দু বিদ্যালয়ৰ মান বজাই ৰখা আৰু উন্নত কৰাৰ কাম কৰি আহিছে। "যেতিয়া ই-লাৰ্নিঙৰ যুগ আহিছিল, তেতিয়া মই উৰ্দু স্কুলত ইয়াক প্ৰৱৰ্তন কৰিছিলো। আমি স্কুলৰ মাচুল নোলোৱাকৈয়ে সেই প্ৰকল্পটো অব্যাহত ৰাখিছো।"-হামিদে কয়।
 
স্কুল এখনলৈ যোৱাৰ সময়ত তেওঁ সদায় ছাত্ৰ-ছাত্ৰীৰ বাবে চকলেট আৰু সৰু সৰু উপহাৰ লৈ যায়। বক্তৃতাৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্ন কৰে আৰু শুদ্ধ উত্তৰ দিয়া বা আনকি শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰাসকলকো চকলেট আৰু আন সামগ্ৰী উপহাৰ দিয়ে। তেওঁ অৱশ্যে দুখ প্ৰকাশ কৰে যে তেওঁলোকৰ অৱস্থাৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। "এই বিদ্যালয়বোৰত সাধাৰণ জ্ঞানৰ প্ৰতি এতিয়াও বিশেষ গুৰুত্ব দিয়া নহয়।"-তেওঁ কয়।
 
তেওঁ এটা ঘটনাৰ কথা বৰ্ণনা কৰে। ভ্ৰমণৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ৰাষ্ট্ৰপতিৰ নাম সোধাত তেওঁলোকে উত্তৰ দিছিল নৰেন্দ্ৰ মোদী বুলি। ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন সেই কথাও তেওঁলোকে গম পোৱা নাছিল। "মই উপলব্ধি কৰিলোঁ যে ২৬-২৭ বছৰ ধৰি সাধাৰণ জ্ঞান কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছতো এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। সেইবাবেই মই উৰ্দু বিদ্যালয়সমূহত বক্তৃতা দি ল'ৰা-ছোৱালীৰ মানসিকতা সলনি কৰিবলৈ আৰু তেওঁলোকক সাধাৰণ জ্ঞানৰ শিক্ষা দিয়াত মনোনিৱেশ কৰিছো।"-তেওঁ কয়। 
 
উল্লেখ্য যে, ১৯৯৯ চনত কুইজটাইম মুম্বাইৰ উদ্যোগত প্ৰথমখন আন্তঃবিদ্যালয় সাধাৰণ জ্ঞান কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই বৃহৎ পৰিসৰৰ কাৰ্যসূচীৰ সফলতাই তেওঁলোকক ২০২৪ চনত এই ধাৰা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল আৰু ফেব্ৰুৱাৰী মাহত ২৩ সংখ্যক বাৰ্ষিক সাধাৰণ জ্ঞান কুইজ প্ৰতিযোগিতা ‘ধমাল ২০২৪’ সফলতাৰে আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত পঞ্চাশখন বিদ্যালয়ে অংশগ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়ৰ পৰা তিনিজনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।
 
ধমাল ২০২৪ৰ এটা বিশেষ বৈশিষ্ট্য আছিল যে এই প্ৰতিযোগিতাৰ বাবে চাৰিটা নহয় ছটা দল বাছনি কৰা হৈছিল আৰু তেওঁলোকক ট্ৰফী আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। ছিদ্দিকিৰ পত্নী জাহিদা তেওঁৰ এই অভিযানৰ মেৰুদণ্ডস্বৰূপ। জাহিদা চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু তেওঁৰ দৰমহাৰ এটা অংশ উৰ্দু সাধাৰণ জ্ঞান কুইজ প্ৰতিযোগিতাত খৰচ কৰে। "তেওঁ মোৰ মনে মিলা বন্ধু আৰু উৰ্দু ভাষাৰ এগৰাকী অনুৰাগী। তেওঁ যেতিয়াৰে পৰা আমাৰ সৈতে যোগদান কৰিছে, তেতিয়াৰে পৰা আমাৰ কুইজ প্ৰতিযোগিতাৰ মানদণ্ড আৰু অধিক উন্নত হৈছে।" পত্নীৰ প্ৰতিভাক স্বীকাৰ কৰি হামিদ ইকবালে এইদৰে কয়। জাহিদাক তেওঁ শ্ৰেষ্ঠ আয়োজক বুলিও উল্লেখ কৰে।
 
বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হামিদ ইকবাল ছিদ্দিকী
 
১৯৫৮ চনত মুম্বাইত জন্মগ্ৰহণ কৰা হামিদ ইকবাল ছিদ্দিকী হৈছে আল্লামা সীমাব আকবৰাবাদীৰ নাতি। এশ বছৰতকৈও অধিক সময় ধৰি তেওঁৰ পৰিয়ালে উৰ্দু ভাষাৰ সেৱা আগবঢ়াই আহিছে। মুম্বাইৰ পৰা প্ৰকাশিত ৯৩ বছৰীয়া আলোচনী ছায়াৰৰ সহকাৰী সম্পাদক হিচাপে তেওঁ কাম কৰি আহিছে।
 
কিছুদিনৰ পৰা এই সাহিত্য আলোচনীখন নিষিদ্ধ হৈ আছে। অৱশ্যে তেওঁ উৰ্দু কাকত ডেইলী ইনকুইলাবৰ (Daily Inquilab) বাবে এটা স্তম্ভ লিখে। আমোদজনকভাৱে হামিদ ইকবাল ছিদ্দিকী এজন প্ৰশিক্ষিত ডিজাইনাৰ; কবিতাৰ প্ৰতিও তেওঁৰ বিশেষ আকৰ্ষণ আছে। ছিদ্দিকিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মুছাইৰাত অংশগ্ৰহণ অব্যাহত ৰাখিছে। হামিদ ইকবালে কয় যে কেতিয়াবা তেওঁৰ এনেকুৱাও হৈছে যে তেওঁ মুছাইৰা আৰু শিশু কুইজ প্ৰতিযোগিতাৰ যিকোনো এটাতহে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল। তেতিয়া তেওঁ শিশুৰ সপক্ষে থিয় দিছিল।
 
আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ছিদ্দিকিৰ এক মনোমোহা কণ্ঠস্বৰ আছে আৰু তেওঁ সাৱলীলভাৱে উৰ্দু কথা কয়। যেতিয়াই তেওঁ মাইকৰ সন্মুখলৈ যায়, তেতিয়াই দৰ্শকসকল তেওঁৰ ভাষণত মুগ্ধ হৈছিল। হামিদ ইকবালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশুসকলে তেওঁক চিৰদিনৰ বাবে মনত ৰাখে।
 
তেওঁ প্ৰতি বছৰে কুইজ টাইম মুম্বাইৰ বেনাৰত ‘উৰ্দু কি মহব্বত মেইন’ অনুষ্ঠানৰ আয়োজন কৰে। ভাষাটোৰ প্ৰচাৰৰ বাবে নিস্বাৰ্থভাৱে কাম কৰা ব্যক্তিসকলক তেওঁ বঁটা প্ৰদান কৰে। এই বঁটাটোৰ নাম হৈছে ‘মোহাব উৰ্দু সন্মান’। তেওঁৰ এই পৰ্যন্ত সাধাৰণ জ্ঞান বিষয়ক সাতখন গ্ৰন্থ আছে।
 
হামিদ ইকবাল ছিদ্দিকিয়ে কয় যে উৰ্দু এটা সম্পূৰ্ণ, আধুনিক আৰু প্ৰাণৱন্ত ভাষা। পৃথিৱীৰ সকলো প্ৰাণৱন্ত ভাষাৰ দৰেই বিজ্ঞান, ইতিহাস, ভূগোল, আৰু অন্যান্য আধুনিক বিজ্ঞানসমূহো উৰ্দু ভাষাত শিকোৱা উচিত। অৱশ্যে এই বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰিবলৈ বহু ত্যাগ, কষ্ট আৰু সংগ্ৰামৰ প্ৰয়োজন।