কৰবী শৰ্মা
যি সময়ত সমগ্ৰ দেশত ধৰ্মীয় অসহিষ্ণুতা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে, সেই সময়তে এজন মুছলমান ল’ৰাই বিপদৰ সন্মুখীন হোৱা এজন হিন্দু বন্ধু আৰু তেওঁৰ পৰিয়ালক সহায় কৰি মানৱতাৰ অনুপম নিদৰ্শন দাঙি ধৰিছে। ঘটনাটো সংঘটিত হৈছে সুদূৰ কেৰালাত। অসমৰ নগাঁৱৰ ৰিতুল বৰাই কৰ্মসংস্থাপনৰ সন্ধানত দক্ষিণ ভাৰতৰ ৰাজ্যখনলৈ গৈছিল। কিন্তু কামত যোগদান কৰাৰ আগতেই ৰিতুল অসুস্থ হয় আৰু কেৰালাৰ এখন চিকিৎসালয়ত দূৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যু হয়।
ৰিতুলৰ মাতৃ আৰু আত্মীয়ই মৃতদেহটো আনিবলৈ কেৰালালৈ যায় যদিও আচল সমস্যাটো আৰম্ভ হৈছিল চিকিৎসালয়ৰ বিলৰ বাবে, যিটো ১.৯৭ লাখ টকা আছিল। আৰ্থিকভাৱে দূৰ্বল পৰিয়ালটোৰ হাতত চিকিৎসালয়ৰ বিল পৰিশোধ কৰি মৃতদেহটো ঘৰলৈ ঘূৰাই আনি দাহ কৰিব পৰাকৈ পৰ্যাপ্ত ধন নাছিল।
পত্নীৰ সৈতে ৰিতুল বৰা
মৃতকৰ পৰিয়ালৰ সদস্যই চিকিৎসালয়ৰ বিল পৰিশোধৰ বাবে ধন সংগ্ৰহ কৰিবলৈ বিভিন্ন বিকল্পৰ সন্ধান কৰি থাকোতে তেওঁলোকে ৰিতুলৰ বন্ধু হানিফ আলীৰ ৰূপত এজন ঈশ্বৰৰ দূত লাভ কৰে। তেওঁ যোৱা ১২ বছৰ ধৰি কেৰালাত কাম কৰি আছে। মৃত বন্ধু ৰিতুলৰ পৰিয়ালৰ দুখ সহ্য কৰিব নোৱাৰি হানিফে চিকিৎসালয়ৰ বিল পৰিশোধ কৰিবলৈ ১.৪৬ লাখ টকাৰ ঋণ লয়, যাতে পৰিয়ালটোৱে ৰিতুলৰ মৃতদেহটো চিকিৎসালয়ৰ পৰা মুকলি কৰি ঘৰলৈ আনিব পাৰে।
“ৰিতুলক মই বহুদিনৰ পৰা চিনি পাওঁ। মই নগাঁৱৰ কুমাৰ গাওঁৰ। আমি প্ৰায় একেলগে ডাঙৰ হৈছো। মই ইয়াত কেৰালাত যোৱা ১০ বছৰ ধৰি কাম কৰি আছো। ১.৪৬ লাখ টকা মোৰ বাবে বৃহৎ পৰিমাণৰ ধন আৰু মোৰ হাতত সেই পৰিমাণৰ ধন নাই। কিন্তু পৰিয়ালটোৰ দুখ-কষ্ট দেখি মোৰ কোম্পানীৰ মেনেজাৰৰ লগত এডভান্সৰ বাবে কথা পাতিলোঁ। অৱশেষত মেনেজাৰে মোক এডভান্স দিবলৈ মান্তি হ’ল। মই টকাখিনি লৈ ৰিতুলৰ পৰিয়ালক দিলোঁ।"-এই সংবাদদাতাৰ সৈতে কথা পাতি হানিফে এইদৰে কয়।
হানিফে কয় যে কোম্পানীয়ে তেওঁক টকাখিনি এই চৰ্তৰ বিনিময়ত দিছে যে তেওঁ লোৱা অগ্ৰিম ধন পৰিশোধ নকৰাকৈ কোম্পানী এৰিব নোৱাৰিব আৰু ঋণ নিষ্পত্তি নোহোৱা পৰ্যন্ত তেওঁ কেৰালা এৰি যাব নোৱাৰিব। ‘পৰিয়ালটো বিপদত পৰিছিল আৰু মই তেওঁলোকক সহায় কৰিব বিচাৰিছিলো। শৈশৱৰ বন্ধুৰ পৰিয়ালটোক এনেদৰে কষ্ট পোৱা কেনেকৈ চাই থাকিব পাৰি। তেওঁলোকক সহায়ৰ প্ৰয়োজন আছিল আৰু মই সুখী যে মই তেওঁলোকক সহায় কৰিব পাৰিলোঁ।’-হানিফে কয়।
গাঁৱত বন্ধুৰ সৈতে ৰিতুল বৰা
উল্লেখ্য যে, আৰ্থিক দুৰাৱস্থাৰ বাবে ৰিতুলে কাম বিচাৰি কেৰালালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ২৪ ফেব্ৰুৱাৰীত তেওঁ কেৰালাত উপস্থিত হৈছিল আৰু কাম আৰম্ভ কৰাৰ আগতেই তেওঁ অসুস্থ হৈ পৰে। ২৭ ফেব্ৰুৱাৰীত পৰিস্থিতি গুৰুতৰ হোৱাত হানিফে ৰিতুলক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। চিকিৎসালয়খনৰ চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিলেও ৫ মাৰ্চত চিকিৎসালয়তে মৃত্যু হয় ৰিতুলৰ।
ৰিতুলৰ আত্মীয় ৰঞ্জিত দাসে কয়, ‘আমি হানিফ আলীৰ ওচৰত চিৰকৃতজ্ঞ। হানিফ আলীৰ বাবেই আমি ৰিতুলৰ মৃতদেহটো হস্পিতালৰ পৰা মুকলি কৰি আনিব পাৰিলোঁ৷ আমি মৃতদেহটো তেওঁৰ জন্মস্থান নগাঁৱলৈ লৈ গৈ আছো।’
(কৰবী শৰ্মা গুৱাহাটীস্থিত এগৰাকী স্বতন্ত্ৰ সাংবাদিক)