অনিকা মহেশ্বৰী / নতুন দিল্লী
বিগত ছটা দশক ধৰি কম্বল আৰু ৰাইচ কুকাৰৰ কভাৰ নিৰ্মাণ কৰি অহা এগৰাকী বৰ্ষায়ীন শিল্পীৰ জীৱন-সংগ্ৰামৰ কাহিনী। তেওঁ হৈছে ৭৬ বছৰীয়া শিল্পী আব্দুল ৰহমান ডাৰ। ইয়াৰ জৰিয়তে তেওঁ পূৰ্বপুৰুষৰ ব্যৱসায়ৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। যদিও আগতে তেওঁ আৰু ভায়েকে একেলগে ব্যৱসায়টো পৰিচালনা কৰিছিল, এতিয়া ভায়েকৰ মৃত্যুৰ পিছৰে পৰা আব্দুল ৰহমানে অকলে ব্যৱসায় চলাই আছে।
বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো আব্দুলে ভায়েকৰ উপস্থিতি অনুভৱ কৰে আৰু তেওঁ ভায়েকৰ চিলাই মেচিনটো সযতনে সংৰক্ষণ কৰি তেওঁলোকৰ উমৈহতীয়া যাত্ৰাৰ স্মৃতি সোঁৱৰণ কৰে। পৰিয়ালক সকলো দিশৰ পৰা সমৰ্থন কৰিবলৈ সংকল্পবদ্ধ আব্দুলে কয় যে কঠোৰ পৰিশ্ৰম কেতিয়াও অথলে নাযায়।
উল্লেখ্য যে, আব্দুলৰ যাত্ৰা আৰম্ভ হৈছিল দেউতাকৰ মৃত্যুৰ পিছত। ভায়েকৰ সৈতে তেওঁ শিশুৰ বাবে কম্বল বনোৱাৰ পাৰিবাৰিক ব্যৱসায়ক আগুৱাই লৈ যায়। আগতে তেওঁলোকে জন্তুৰ নোমৰ পৰা কম্বল তৈয়াৰ কৰিছিল। কিন্তু যেতিয়া জন্তুৰ নোম নিষিদ্ধ হ’ল, তেতিয়া এই কম্বলবোৰৰ কাম কৰা শিপিনীসকলৰ ব্যৱসায় লাহে লাহে বন্ধ হৈ গ’ল।
আব্দুলে কয়, “শিশুৰ বাবে হাতেৰে কম্বল বনোৱা কাৰখানা আজি প্ৰায় ৩ বা ৪টা মানহে বাকী ৰৈছে।" ভাতৃৰ মৃত্যুৰ পিছত আব্দুলে নিজৰ পূৰ্বপুৰুষৰ ঐতিহ্য ৰক্ষাৰ সংকল্পৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহসেৰে অকলে এই শিল্পকলা অব্যাহত ৰাখে। কাশ্মীৰৰ প্ৰচণ্ড শীতত যেতিয়া বহুতে ঘৰৰ ভিতৰতে আশ্ৰয় লৈ থাকে, তেতিয়াও কিন্তু দৃঢ়মনা আব্দুলে নিজৰ দোকানখন খোলা ৰাখে আৰু গ্ৰাহকক সেৱা আগবঢ়ায়। পুৱাৰ পৰা গধূলিলৈকে তেওঁ অক্লান্তভাৱে কাম কৰি সময়ৰ লগে লগে লাহে লাহে নোহোৱা হৈ যোৱা এটা পৰম্পৰাক বচাবলৈ চেষ্টা কৰে।
হাতেৰে নিৰ্মিত কম্বলে আজিকালি মেচিনত নিৰ্মিত কম্বলৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰাৰ বাবে তেওঁ দিনটোত কষ্টেৰে ১০০ৰ পৰা ২০০ টকা উপাৰ্জন কৰিব পাৰে।