ফুল ভালপোৱা কবিজন

Story by  atv | Posted by  [email protected] • 3 d ago
কবি হীৰেন ভট্টাচাৰ্য
কবি হীৰেন ভট্টাচাৰ্য
 
অঞ্জু শাণ্ডিল্য

কবিৰ নিগাজি ঘৰ গুৱাহাটীত। মাজে মাজে তেওঁ যোৰহাটলৈ আহিছিল। আহিলেই যোৰহাট মিছন স্কুললৈ এপাক গৈছিল। এইখন স্কুলতেই যে তেওঁ জীৱনৰ আদিপাঠ লৈছিল। কেতিয়াবা আকৌ স্কুলখনৰ ভিতৰলৈ সোমাব নোৱাৰিলে আঁতৰৰ পৰাই স্কুলখনলৈ ৰ লাগি চাই থাকে৷ যোৰহাটখন কবিজনাৰ ভাষাত ‘মোৰ ভাতঘৰ’। নহ'বনো কিয়, ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাট কাৰাগাৰৰ কাৰাধ্যক্ষ তীৰ্থনাথ ভট্টাচাৰ্যৰ আবাসগৃহত কবিজনৰ জন্ম হৈছিল। 
 
সেইটো আবাসগৃহত শৈশৱৰ সোণালী দিনবোৰ অতিবাহিত কৰিছিল। পিচলৈ পিতৃৰ কৰ্মসূত্ৰে অসমৰ ভিন্ন ঠাইত থাকিব লগা হৈছিল যদিও শৈশৱৰ যোৰহাটখন মনৰ মাজত ৰৈ গ'ল৷ মন গ'লেই যোৰহাটলৈ আহিছিল। চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট ষ্টেডিয়াম, চোলাধৰা, জে বি কলেজ, গড়আলি, বৰুৱা চাৰিআলি, ধলৰ সত্ৰ, কৃষি বিশ্ববিদ্যালয় আদিত ঘূৰি ফুৰিছিল। 
 
বৃহত্তৰ যোৰহাটৰ বহু সভা-সমিতিত অংশগ্রহণ কৰিবলৈ আহি ওচৰে-পাঁজৰে থকা মিচিং গাঁৱলৈ গৈ সভা-সমিতিৰ কথা পাহৰি যায়। ঐনিতম বুলিলে পাগল কবিজন। মনৰ উলাহতে দুই-এফাকি ঐনিতমো গাই দিয়ে৷ কবিজনে মানুহৰ মাজত থাকি ভাল পায়। সভা-সমিতিৰ প্ৰট'কল মানি মঞ্চত বহি থাকিবলৈ টান পায়। 
 
মাটিয়ে-বালিয়ে মানুহৰ মাজত সময় কটাবলৈ পালে একো নালাগে। ১৯৮৬ চনৰ ‘অসম সাহিত্য সভা'ৰ কামপুৰ অধিৱেশনলৈ যাওঁতে কপিলী নৈৰ দলঙৰ ওপৰতে ছামছিং হাঞ্চেই কবিজনাক ডিমাচাসকলৰ গামোচা ‘ৰিছা’খন পিন্ধাই দিওঁতে কবিজনে হাঞ্চেৰ অট'গ্ৰাফত লিখি দিছিল— ‘মানুহক পাহৰি নাযাবা।” আৱেগত হাঞ্চেৰ চকু চলচলীয়া হৈ পৰিছিল। এইজন মানুহ ভালপোৱা কবি হীৰুদা৷
 
১৯৮০ চনত, মাৰ্চ মাহত যোৰহাটলৈ আহোতে একেদিনাই কিমান যে ঠাই ঘূৰি ফুৰিলে। লগত ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচার্য। ৰাতিপুৱা বেলাতেই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সন্মুখৰ কোমল ঘাঁহনিত বহি কথাৰ মহলা মৰা হীৰুদাই একোবত যোৰহাট ষ্টেডিয়াম পালেহি। ষ্টেডিয়ামৰ মাটিৰ গেলেৰীত বহি হীৰুদাই কৈছিল— 'ষ্টেডিয়াম নহয়, মাটিৰে বনোৱা এটা মূৰ্তিহে যেন। কি চমৎকাৰ!'
 
আৰু ষ্টেডিয়ামৰ পৰা চোলাধৰালৈ যাবলৈ প্ৰায় সাত ফুট ওখ দেৱালেৰে জঁপিয়াই পাৰ হৈছিল আৰু গৈ গৈ উপস্থিত হৈছিল কবি চন্দ্ৰধৰ বৰুৱাৰ ঘৰত। যিখন ঘৰৰ চ’ৰাঘৰৰ সোঁ মাজত সজাই থোৱা আছিল এখন ডাঙৰ ছবি, মহাত্মা গান্ধীৰ ঘূৰণীয়া মেজমেলৰ ছবি, ছবিখনত কবি চন্দ্ৰধৰ বৰুৱাও আছিল। এইখন ছবিৰ কথা হীৰুদাই বহুতকে গৌৰৱেৰে কয় আৰু দেখুৱাবলৈ লৈ যায়। 
 
 
যোৰহাটলৈ আহিলেতো পেৰাডাইজ হোটেলৰ চিংৰা খাবই। কেতিয়াবা এদিনৰ বাবে যোৰহাটলৈ অহা কবিজন এসপ্তাহো যোৰহাটত থাকি যায়। পথাৰে পথাৰে ঘূৰি ফুৰে, পথাৰৰ ধাননিৰ সৌন্দৰ্য দেখি, কেতিয়াবা পথাৰৰ দাঁতিতে বহি পৰে। কোনোবাই মাতিলে দুই-এঘৰলৈ যায়। চাহ খুৱাব খুজিলে কৈছিল— 'চাহ নাখাওঁ দিয়া, হাঁহৰ কণী এটাকে সিজাই দিয়া।'
 
সাধাৰণ মানুহে হীৰুদাৰ কবিতাবোৰ বুজি পায়। কিছুমান শব্দ প্রতীকী অৰ্থত ব্যৱহাৰ কৰিলেও শব্দবোৰ যে পথৰুৱা, হালোৱা, ৰোৱনী-দাৱনী, খাটিখোৱা মানুহৰ মুখৰ কথা। গ্ৰাম্য জীৱনৰ নিখুঁত ছবি, শস্য, পথাৰ, মানুহ, বৰষুণ আদিক লৈ কিমান কবিতা ৰচিলে— ‘মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা/ভঁৰাল ঘৰৰ চোতালখনতে/পানী পালে, মাটি পালে, ৰ'দে- বৰষুণে/ভূৰ ভূৰকৈ আকৌ গজি উঠিম।'
 
‘বহুপৰ হ’ল বেলিয়ে লাহ দিয়া/ধান কাটি দাৱনীজাক/এতিয়াও পথাৰতে আছে।' ‘এইবাৰ ল'ৰা এটা হ’লে/ভাল হয় বৰ/জানাই তো খেতিয়কৰ ল'ৰা/হাত বৰ চিধা। ‘সময় বুজি আহিবা এদিন, ফু-মাৰি চোতালত / লগে ভাগে খাম দুখৰ ধানৰ এসাঁজ ভাত।”
 
২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা গ্রহণ কৰি হিৰুদাই কৈছিল—“সকলো সৃষ্টিৰেই উৎস হৈছে লোকজীৱন। লোক জীৱনৰ অভিজ্ঞতাই কবিতাক প্ৰাণৱন্ত কৰে। ঐতিহ্য আমাৰ কেৱল অতীতেই নহয়। বর্তমানৰো আধাৰ ঐতিহ্যৰ ৰূপ আৰু ৰূপান্তৰেই হৈছে সাহিত্যৰ জীৱন।' আৰু সেইবাবেই কবিৰ কবিতাত লোকজীৱন আৰু ঐতিহ্যই ভুমুকি মাৰিছে। মাটি, মানুহ ভালপোৱা কবিজনে ফুল ভাল পাইছিল। কিমান যে কবিতাত ফুলৰ কথা! ‘মোৰ বুকুত এজোপা গোলাপ/কোনে ৰুলে...’
 
‘তই মোৰ সোঁৱৰণী সপোনৰ/শিতানত কাঁইটীয়া এজোপা/নিজান গোলাপ...'
‘বুকুৰ চোতাল জুৰি/থুপি থুপি খৰিকাজাঁই নীৰৱে ফুলে...'
বকুল ফুলৰ দৰে গুড়ি গুড়িকৈ বৰফ পৰিছিল....
 
ফুল ভালপোৱা হীৰুদাৰ প্ৰিয় ফুল আছিল গোলাপ। ২০০৩ চনৰ উত্তৰ-পূব গ্ৰন্থমেলাৰ তৃতীয় দিন। জজ খেলপথাৰত সেইদিনা ‘সাংবাদিকতা’, ‘গীতাঞ্জলি’ (বিশ্বকবিৰ একে নামৰ গ্ৰন্থৰ অসমীয়া অনুবাদ) গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানলৈ আহিছিল হীৰুদা। গ্ৰন্থমেলাৰ কার্যালয়, উন্মোচনী অনুষ্ঠানত প্ৰথমবাৰৰ বাবে হীৰুদাক একেবাৰ কাষতে পাই অভিভূত হৈ পৰিছিলো। কোনোদিনে সভা-সমিতিত একেথিৰে বহি নথকা হীৰুদা সেইদিনা অনুষ্ঠানৰ শেষলৈকে মঞ্চত বহি আছিল। এজনে সুধিছিল— ‘হীৰুদা, আজি ইমান সময় বহি থাকিলে যে?' উত্তৰত হীৰুদাই কৈছিল— ‘এই যে গোলাপপাহ দেখিছা, এই পাহফুলেই মোক ইমানপৰ বহুৱাই থ'লে।' 
 
হীৰুদাৰ হাতত আছিল এপাহ তেজৰঙা গোলাপ। সেইদিনা গ্ৰন্থ উন্মোচন কৰা অতিথিসকলক একোপাহ গোলাপেৰে আদৰণি জনোৱা হৈছিল। অপূৰ্ব শব্দচয়নেৰে ফুলক লৈ গান-কবিতা লিখা হীৰুদাই গোলাপ ফুলক লৈও কবিতা লিখিছিল—
 
‘আজি বয়স গৈ গৈ দুকুৰিৰ ওচৰত মই আকৌ থমক খাই ৰ’লো/হাতৰ মুঠিৰ আহত গোলাপপাহলৈ চাই ভাবিছোঃ মই আজন্ম তোমাৰেই গানৰ কবি;
‘কাঁইটীয়া গোলাপৰ ডাল/বতাহত দোঁ খাই আহি/ছিঙি দিবহি যেন/মোৰ কলিজাৰ এফাল।” 
 
‘মোৰ বুকুতে আছিল গোলাপ বাগিচা/এদিন তেজেৰে লুতুৰি-পুতুৰি এটা গোলাপে/শুকান কাঁইটক সুধিলে গুপুতে :/ তুমি সুখীনে /সুখী নে তুমি?/গোলাপজোপাৰ এহাত এমুঠন এন্ধাৰত/মই কাণ থিয় কৰি থাকিলো/জাৰে-জহে খহে ফুলৰ পাপৰি।’ 
 
(মৃত্যু দিৱসৰ শ্ৰদ্ধাৰ্ঘ)