কাশ্মীৰৰ সন্ত্ৰাসবাদ জৰ্জৰিত গাওঁলৈ কিদৰে শান্তি কঢ়িয়াই আনিছে মুদাছিৰ ডাৰে

Story by  atv | Posted by  [email protected] • 5 Months ago
কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী শোভাযাত্ৰাত মুদাছিৰ (বাওঁফালৰ পৰা ৪ৰ্থ)
কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী শোভাযাত্ৰাত মুদাছিৰ (বাওঁফালৰ পৰা ৪ৰ্থ)
 
আছা খোছা/নতুন দিল্লী
 
আজিৰ পৰা পাঁচ বছৰ পূৰ্বে ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। অঞ্চলটোৰ যুৱ প্ৰজন্মক বন্দুক পৰিহাৰ কৰি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা বহু কাশ্মীৰীৰ প্ৰচেষ্টাক চৰকাৰৰ এই সিদ্ধান্তই নতুন গতি প্ৰদান কৰিছিল।
 
দক্ষিণ কাশ্মীৰৰ পুলৱামা চহৰৰ বাহিৰৰ গাঁও মুগালপোৰাৰ ২৭ বছৰীয়া মুদাছিৰ ডাৰো তেনে এজন ব্যক্তি। কল্ড ষ্ট’ৰেজ ব্যৱসায় স্থাপন কৰা এইগৰাকী এম বি এ ডিগ্ৰীধাৰী যুৱকে আৱাজ-দ্য ভইচৰ সৈতে তেওঁৰ মিছনৰ বিষয়ে কথা প্ৰকাশ কৰে।
 
“আল্লাৰ সন্মুখত বিচাৰৰ দিনা যেতিয়া মোক মোৰ কৰ্মৰ হিচাপ দিবলৈ মাতি অনা হ’ব, তেতিয়া মই মাত্ৰ এটা কামহে উপস্থাপন কৰিম যে মই ১৭ জন লোকক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিছো। কোৰানে কৈছে যে জীৱন ৰক্ষা কৰাটো মানৱতাক ৰক্ষা কৰাৰ সমান আৰু মই নিশ্চিত যে মই ইয়াৰ বাবে পুৰস্কৃত হ’ম।"-মুদাছিৰে কয়।
 
এই প্ৰতিবেদকৰ সৈতে হোৱা কথা-বতৰাত  মুদাছিৰে ১৭ জন কাশ্মীৰী যুৱকৰ হাতৰ পৰা বন্দুক আঁতৰাই সন্ত্ৰাসবাদী হোৱাৰ পৰা বিৰত ৰখাত তেওঁৰ সফলতাৰ কাহিনী বৰ্ণনা কৰিছে। “মই ভাবি শিহৰিত হওঁ যে যদি মই এদিনো দেৰি কৰিলোঁহেঁতেন, এই যুৱকসকলৰ কি হ’লহেঁতেন, যাৰ জীৱন আজি ৰক্ষা পৰিছে।”-তেওঁ কয়।
 
পুলৱামাৰ লেলহাৰত চলা ক্ৰীড়া অনুষ্ঠান
 
মুদাছিৰ ডাৰ হৈছে পাঁচখন গাঁও ক্ৰমে কৰিমাবাদ, লেলহাৰ, পাৰিগাম, গুলজাৰপোৰা, আৰু দ্ৰাবগামক সামৰি লোৱা এটা বেল্টৰ বাসিন্দা। এই অঞ্চলটোক সন্ত্ৰাসবাদীৰ ঘাটি বুলি জনা যায় আৰু প্ৰশাসন আৰু নেতাসকলে ২৫ বছৰ ধৰি এই অঞ্চল ভ্ৰমণ কৰিবলৈ সাহস কৰা নাছিল।
 
মুদাছিৰে উদ্ধাৰ কৰা প্ৰথমজন ব্যক্তি আছিল লেলহাৰ গাঁৱৰ ২৪ বছৰীয়া এজন যুৱক। এই গাঁওখন সেনা আৰু নিৰাপত্তা বাহিনীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ বাবে কুখ্যাত। ভাৰতীয় সেনাৰ গুলীত কমেও ১০০টা সন্ত্ৰাসবাদী এই গাঁওখনত নিহত হৈছে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী গোটসমূহৰ বাবে লেলহাৰ গাঁও আছিল নতুন সন্ত্ৰাসবাদী সৃষ্টি কৰা উৰ্বৰ ভূমি।  ২০১৯ চনত পুলৱামাত চি আৰ পি এফৰ কনভয়ত আক্ৰমণ কৰা আত্মঘাতী বোমাৰু আদিল ডাৰো এই গাঁৱৰেই যুৱক আছিল।
 
'নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংধৰ্ষত তেওঁৰ ভনীয়েকৰ মৃত্যু হৈছে। সুহাইল (নাম সলনি কৰা হৈছে) শোক আৰু খঙত বিচলিত হৈছিল আৰু অ'জিডব্লিউ (সন্ত্রাসবাদী সংগঠনৰ আণ্ডাৰগ্ৰাউণ্ড কৰ্মী)সকলে নিয়মিতভাৱে তেওঁৰ ওচৰলৈ গৈছিল। তেওঁলোকে এই নিৰীহ যুৱকসকলক প্ৰতিশোধৰ বাবে উচটনি দিব আৰু প্ৰলোভিত কৰে আৰু কয় যে হাতত বন্দুক তুলি লোৱাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু কোনো বিকল্প নাই।”-মুদাছিৰে কয়।
সন্ত্ৰাসবাদীৰ সৈতে যুঁজি শ্বহীদ হোৱা জোৱানৰ স্মৃতিত এক পদযাত্ৰাৰ নেতৃত্ব দিয়া মুহূৰ্তত মুদাছিৰ দাৰ
 
অ’জিডব্লিউসকল হৈছে ননকম্বেটেণ্ট সন্ত্ৰাসবাদ সমৰ্থক (noncombatant terrorism supporters) যিয়ে থকা-খোৱাৰ সুবিধা দিয়ে আৰু সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ প্ৰেৰণা যোগাব পৰা মানসিকভাৱে দুৰ্বল লোকসকলক চিনাক্ত কৰে।
 
এইদৰে এদিন সন্ত্ৰাসবাদী সংগঠনৰ প্ৰচোৰনাত পৰি বন্দুক হাতত তুলি লোৱা পুত্ৰক বচাবলৈ অস্থিৰ হৈ এজন পিতৃয়ে ২০১৪ চনত মুদাছিৰৰ কাষ চাপিছিল। মুদাছিৰে তেতিয়া মলংপোৰা (কাকাপোৰা)ৰ বানপানীৰ সময়ত স্বেচ্ছামূলক কাম কৰি এজন জনপ্ৰিয় সমাজকৰ্মী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু ইতিমধ্যে বহু আবদ্ধ লোকক উদ্ধাৰ কৰিছিল।
 
“মই ল'ৰাজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। কথাবোৰ যথেষ্ট জটিল হৈ পৰিছিল। কিন্তু মই তেওঁক বুজাইছিলো যে তেওঁৰ ভনীয়েকৰ মৃত্যু দূৰ্ঘটনাজনিত আৰু আকস্মিক আছিল। ভনীয়েকৰ মৃত্যৰ প্ৰতিশোধ লোৱাৰ ধাৰণাটো এৰি দিব লাগে। মই বহুত বুজোৱাৰ পিছত এদিন অৱশেষত যুৱকজনে বুজি পালে আৰু মোৰ কথাবোৰে কামত দিলে। তেওঁৰ নিজৰ ভ্ৰান্ত ধাৰণাবোৰ সৈতে মোকাবিলা কৰিবলৈ মোৰ সহায় বিচাৰিলে।”-মুদাছিৰে কয়।
শ্ৰীনগৰৰ লাল চকত সন্ত্ৰাসবাদীৰ হাতত নিহত সাধাৰণ নাগৰিকৰ স্মৃতিত মমবাতি জ্বলোৱা মুদাছিৰ (সোঁফালে)
 
মুদাছিৰে পুনৰ উল্লেখ কৰে যে সন্ত্ৰাসবাদী সংগঠনলৈ যাবলৈ সাজু হোৱা যুৱকজনক তেওঁ একাংশ মৌলবীৰ ওচৰলৈ লৈ গৈছিল, আৰু মৌলবীসকলে তেওঁক জেহাদৰ প্ৰকৃত আৰু সঁচা অৰ্থ বুজাই দিছিল। ধৰ্মৰ নামত মৃত্যু হোৱা লোকসকলে স্বৰ্গত ৭১ জন ফিৰিস্তাৰ সৈতে স্থান পায় বুলি মুছলমান যুৱ প্ৰজন্মক একাংশ দুষ্টচক্ৰই ভুল পথে পৰিচালনা কৰে যদিও এইবোৰ সম্পূৰ্ণৰূপে ভুল ধাৰণা বুলি মৌলবীসকলে যুৱকজনক বুজাই দিয়ে।
 
“নেদেখাজনক ধন্যবাদ, সঠিক সময়ত মই তেওঁক বচাব পাৰিলোঁ; তেওঁ সন্ত্ৰাসবাদীৰ শিবিৰত যোগদান কৰিবলৈ মাজত মাত্ৰ এদিন নে দুদিন বাকী আছিল। ছুহেইল ইমানেই বিদ্ৰোহী আছিল যে কাশ্মীৰত বিদ্ৰোহ বিৰোধী অভিযানৰ সময়ত মৃত্যু হোৱা সাধাৰণ নাগৰিকৰ আত্মীয়ক দিয়া চৰকাৰী চাকৰি এটা নাকচ কৰিছিল। কিন্তু আজি তেওঁ জম্মু-কাশ্মীৰ চৰকাৰৰ শক্তি উন্নয়ন বিভাগৰ কৰ্মচাৰী।" মুদাছিৰে আৱাজ-দ্য ভইচক কয়।
 
উল্লেখ্য যে, স্কুলীয়া দিনত স্কাউট এণ্ড গাউডত যোগদান কৰাৰে পৰা মুদাছিৰৰ মনত এক জনসেৱাৰ ভাৱ শিপাইছিল। “তাত আমি মানৱতাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি লৈছিলো আৰু ডাঙৰ হোৱাৰ লগে লগে সেই চিন্তাধাৰাবোৰ মোৰ সৈতে থাকি গ’ল। কিন্তু দিল্লীৰ এক ঘটনাৰ বাবেই মোৰ জীৱন সলনি হৈছিল। ২০২৯ চনৰ মাৰ্চ মাহৰ কথা, পুলৱামা আক্ৰমণৰ কিছু দিনৰ পিছতে ৪৪ জন চি আৰ পি এফ জোৱান সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল, যেতিয়া মই দিল্লীত চিকিৎসালয়ত ভৰ্তিৰ প্ৰয়োজন হোৱা এজন খুলশালীয়েকৰ সৈতে ৰাজধানী চহৰত আছিলো।”-মুদাছিৰে কয়।
 
মুদাছিৰ ডাৰ
 
“চিকিৎসালয়ৰ কৰ্মচাৰীসকলে মোৰ আধাৰ কাৰ্ডখন চাই কৈছিল পুলৱামাৰ কোনো ব্যক্তিৰ বাবে ইয়াত থকাৰ ব্যৱস্থা নাই।” ঘটনাটোৱে মুদাছিৰক যথেষ্ট আঘাত দিছিল। আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "মই ভাবি থাকিলোঁ পুলৱামাত থকা কেইজনমান সন্ত্ৰাসবাদীৰ বাবে আমাৰ দৰে গৰিষ্ঠসংখ্যক শান্তিপ্ৰেমী লোকৰ বদনাম হৈছে। তেতিয়া মই মোৰ জন্মস্থানৰ ভাবমূৰ্তি সলনি কৰিবলৈ কিবা এটা কৰাৰ মন মেলিছিলো।"
 
তেওঁ অঞ্চলটোলৈ পৰিৱৰ্তন কঢ়িয়াই অনাৰ সিদ্ধান্ত ল’লে। তেওঁ সেই সময়ত স্মৰণ কৰিছিল আৰু নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল যে তেওঁ ২০০৭ চনত সামাজিক কামৰ বাবে “ৰাষ্ট্ৰীয় পুৰুষ” বঁটা লাভ কৰিছিল। "মই মোৰ কিছুমান সমনীয়া বন্ধুৰ কাষ চাপিলোঁ আৰু আমি তৃণমূল পৰ্যায়ৰ পৰিস্থিতি আৰু তাৰ দ্বাৰা আমাৰ অঞ্চলৰ ভাবমূৰ্তি সলনি কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলোঁ।"
 
তেওঁৰ এই ধাৰণাবোৰে গতি লাভ কৰিছিল যেতিয়া মুদাছিৰে Save Youth Save Future শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছিল। কাশ্মীৰৰ যুৱক-যুৱতীসকলক সঠিক পথলৈ অনাৰ দিশত কাম কৰি থকা প্ৰাক্তন শিলগুটি নিক্ষেপকাৰী ৱাজাহাট ফাৰুকৰ উদ্যোগত কৰ্মশালাখন অনুষ্ঠিত হৈছিল।
 
তেওঁ অভিশপ্ত গাঁওসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল য’ত অতি উচ্চ হাৰত উগ্ৰবাদ আৰু সন্ত্ৰাসবাদী সদস্য নিযুক্ত হৈ আছিল। লেলহাৰ-কাকাপোৰা গাঁওখনত ৬০-৭০ জন স্থানীয় সন্ত্ৰাসবাদীৰ কবৰস্থান আছিল। “ইয়াত নিৰাপত্তা বাহিনী আৰু বিষয়াৰ ওপৰত শিলগুটি নিক্ষেপ কৰাটো এটা স্বাভাৱিক কাম আছিল; এইবোৰ স্থান আছিল উগ্ৰবাদৰ কেন্দ্ৰ আৰু ১৯৯০ চনৰ পৰা প্ৰশাসনৰ কোনোৱেই এইবোৰ ভ্ৰমণ কৰা নাছিল। মই লেলহাৰত স্থানীয় যুৱক-যুৱতীসকলৰ বাবে প্ৰথম কাউন্সেলিং চেমিনাৰ আয়োজন কৰিছিলোঁ, য’ত ধৰ্মীয় পণ্ডিত, মনোবিজ্ঞানী, মুলভিছ, আৰু আৰক্ষী বিষয়াসকলে ভাষণ দিছিল। ইয়াৰ প্ৰভাৱ স্পষ্টৰূপত পৰিছে।”-মুদাছিৰে কয়।
 
ম'ম জ্বলাই এক শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ মুদাছিৰৰ
 
তিনি বছৰ পূৰ্বে যেতিয়া জিলা উপায়ুক্ত বাছিৰ উল হক চৌধুৰী আৰু ডি আই জি আৰু এছ এছ পি গুলাম গিলানী ৱানীয়ে লেলহাৰান ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকক ফুলৰ থোপাৰে আদৰণি জনোৱা হৈছিল আৰু শ্বহীদৰ কবৰস্থানৰ ওচৰৰ এখন খেলপথাৰত যুৱকসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।
 
দুবছৰ পূৰ্বে ডিডিচিৰ সদস্য জাভেদ ৰহিম ভাটে অঞ্চলটোত ২৫ বছৰৰ ভিতৰত ব্লক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা প্ৰথমজন বিষয়া হিচাপে পৰিগণিত হৈছিল।
 
সেনাৰ গুলীত নিহত হোৱা হিজবুল মুজাহিদীনৰ হাইপ্ৰফাইল কমাণ্ডাৰ ৰিয়াজ নাইয়োৰ ঘৰ গুলজাৰপোৰা গাঁওত। সন্ত্ৰাসবাদৰ উত্থানৰ সময়ত এই গাঁওত পাকিস্তানী ভাড়াতীয়াকে ধৰি প্ৰায় ১০০ জন সন্ত্ৰাসবাদীৰ একেলগে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল।
 
উল্লেখ্য যে, কিছু বছৰ আগত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়া আৰু নতুন সন্ত্ৰাসবাদীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা সেই একেখন খেলপথাৰত শেহতীয়াকৈ অনুষ্ঠিত হৈছে এখন ক্ৰিকেট প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হৈছিল।
ডিআইজি পুলৱামা আৰু ৫আৰআৰ (ৰাষ্ট্ৰীয় ৰাইফলছ)ৰ কমাণ্ডাৰে প্ৰথমখন খেলত অংশগ্ৰহণ কৰিছিল, কিয়নো ওচৰৰ সকলো অঞ্চলৰ হাজাৰ হাজাৰ গাঁৱৰ লোকে স্থানীয় খেলুৱৈসকলক উৎসাহিত কৰিবলৈ একত্ৰিত হৈছিল। এই একেখন খেলপথাৰতে যুৱক-যুৱতীসকলৰ দাবীত ১২৫খন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল।
মুদাছিৰে অনুভৱ কৰে যে চৰকাৰী প্ৰতিনিধি আৰু ৰাজনীতিবিদসকলে এই গাঁওবোৰৰ উন্নয়নৰ প্ৰতি গুৰুত্ব নিদিয়াত ইয়াৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। “এই গাঁওবোৰে সকলো নিৰ্বাচন বৰ্জন কৰাটো আচৰিত কথা নহয়। আমোদজনক কথাটো হ’ল, শেহতীয়া লোকসভা নিৰ্বাচনত মানুহে  ভালেসংখ্যক ভোটদান কৰিছিল আৰু লেলহাৰ গাঁৱত ১১০০ ভোটৰ ভিতৰত ৭০০ ভোটদান সাব্যস্ত হৈছিল।”-মুদাছিৰে কয়।
 
মুদাছিৰে লগতে গৌৰৱ কৰে যে তেওঁ যোৱা বছৰ নিজৰ জিলাত আটাইতকৈ ডাঙৰ ত্ৰিৰংগা ৰেলীৰ আয়োজন কৰিছিল।
 
শেষত মুদাছিৰে স্মৰণ কৰে যে কেনেকৈ তেওঁ নিজৰ গাঁৱৰ এজন সৰু ল’ৰাক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। এদিন আৰক্ষীৰ পৰা তেওঁলৈ এটা ফোন কল আহিছিল। এজন বিচ্ছিন্নতাবাদী শিলগুটি নিক্ষেপকাৰীক পৰামৰ্শ আগবঢ়োৱাৰ বাবে তেওঁক আৰক্ষীয়ে মাতি পঠাইছিল। মুদাছিৰ সঠিক সময়ত নহাহেঁতেন যুৱকজনক ৰাষ্ট্ৰ-বিৰোধী কাৰ্যকলাপৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'লহেতেন। “তেওঁ মোক মুখবীৰ বুলি কৈছিল। সেইদিনা মোক থানাত দেখি তেওঁ মোক মুদাছিৰ ভাইয়া বুলি মাতিলে। তেওঁৰ সুৰ সলনি হৈ গৈছিল।”
 
“মই তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিলো আৰু আৰক্ষীয়ে তেওঁক মুকলি কৰি দিছিল। এজন ঘনিষ্ঠ আত্মীয়ই তেওঁৰ ব্ৰেইনৱাছ কৰিছিল। মই তেওঁক ঘৰলৈ আনি দহ দিন সন্ত্ৰাসবাদীৰ পৰা আঁতৰাই ৰাখিছিলো। মই তেওঁক মৌলৱী আৰু আনসকলৰ ওচৰলৈ লৈ গ’লোঁ যিসকলে সন্ত্ৰাসবাদীৰ প্ৰচোৰনাৰ বলি হোৱা যুৱকসকলক সহায় কৰিছিল।”-মুদাছিৰে কয়।
 
তেওঁ পুনৰ কয়, "মই আপোনালোকক ক’বলৈ পাই ইমানেই সুখী হৈছো যে আজি সেই যুৱকজনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সম্পূৰ্ণ পুঁজিৰ অধীনত চণ্ডীগড়ত অধ্যয়ন কৰি আছে। একেদৰে আটাইকেইজন (১৭) যুৱকে পঢ়া-শুনা কৰি এক ইতিবাচক আৰু সুন্দৰ জীৱন যাপন কৰি আছে।”