চিবিআইক অসাংবিধানিক আখ্যা দিয়া প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীৰ জীৱনৰ বহু নজনা কথা

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 8 d ago
প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
 
ইমতিয়াজ আহমেদ / তেজপুৰ 
 
এদশক পূৰ্বে প্ৰায় তিনিদিন ধৰি কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) অস্তিত্বহীন হৈ পৰিছিল আৰু তদন্তকাৰী সংস্থাটোৰ অভিযোগনামাৰ ভিত্তিত অভিযুক্ত হোৱা বহু ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে আদালতত চলি থকা গোচৰৰ স্থগিতাদেশ বিচাৰিছিল। এই পৰিস্থিতি এই কাৰনে উদ্ভৱ হৈছিল যে, ২০১৩ চনৰ নৱেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দানত চিবিআইক অসাংবিধানিক বুলি ঘোষণা কৰা হৈছিল। চিবিআইক অসাংবিধানিক বুলি এই বাবেই ঘোষণা কৰা হৈছিল যে, কিয়নো ইয়াৰ প্ৰতিষ্ঠাৰ বাবে কোনো সাংবিধানিক ব্যৱস্থাপনা নাছিল অথবা কেন্দ্ৰীয় কেবিনেটৰ কোনো সিদ্ধান্ত নাছিল। তদুপৰি ইয়াৰ বাবে ৰাষ্ট্ৰপতিৰো সন্মতি নাছিল। 
 
ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী আৰু ন্যায়াধীশ ইন্দিৰা শ্বাহক লৈ গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে ১৯৬৩ চনৰ ১ এপ্ৰিলত দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠা আইন, ১৯৪৬ ৰ অধীনত চিবিআই গঠন কৰা প্ৰস্তাৱ বাতিল কৰিছিল আৰু ইয়াৰ সকলো কাৰ্যকলাপ অসাংবিধানিক বুলি ঘোষণা কৰিছিল। অৱশ্যে, ২০১৩ চনৰ ৯ নৱেম্বৰত ভাৰতীয় মুখ্য ন্যায়াধীশৰ বাসগৃহত অনুষ্ঠিত হোৱা এক বিশেষ বৈঠকত ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ পি সাথাশিৱম আৰু ন্যায়াধীশ ৰঞ্জনা দেশাইৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দান স্থগিত কৰি ৰাখিছিল। তাৰ পিছৰে পৰা এই বিষয়টো শীৰ্ষ ন্যায়ালয়ত আজিলৈকে অমীমাংসিত হৈ আছে।  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি, চিবিআই কোনো আইনী ব্যৱস্থাৰ অধীনত গঠন কৰা হোৱা নাছিল। কিন্তু ১৯৬৩ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক কাৰ্যবাহী আদেশৰ অধীনতহে চিবিআই গঠন কৰা হৈছিল। এই গঠন প্ৰক্ৰিয়াত কোনো সংবিধানিক ব্যৱস্থাপনা নাছিল। 
 
 
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে ভাৰতীয় আইন ব্যৱস্থাত খলকনি আৰু কৌতুহলৰ সৃষ্টি কৰিছিল। যিয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টো তৎক্ষণাৎ উচ্চতম ন্যায়ালয়লত উত্থাপন কৰিবলৈ বাধ্য কৰাইছিল। এই ঐতিসাহিক ৰায় দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ইকবাল আহমেদ আনছাৰীয়ে শেহতীয়াকৈ আৱাজ-দ্য ভইচ'ৰ এক আছুতীয়া সাক্ষাৎকাৰত তেওঁৰ আইনী জীৱনৰ বহু নজনা কথা আৰু তথ্য উন্মোচন কৰিছে। ন্যায়াধীশ আনছাৰী পিছলৈ পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু পঞ্জাৱ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  
 
এই ৰায়ৰ বিষয়ে বৰ্ণনা কৰি ন্যায়াধীশ আনছাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, এনেকুৱা ধৰনৰ এটা অতি গুৰুতৰ বিষয় আজিও অমীমাংসিত হৈ আছে। তেওঁ অনুভৱ কৰিছে যে, প্ৰকৃততে চৰকাৰৰ এই বিষয়টো নিষ্পত্তি কৰাৰ সদিচ্ছা নাই। কাৰন ইয়াৰ দ্বাৰা শীৰ্ষ ফেডাৰেল তদন্তকাৰী সংস্থাটোৱে তদন্ত কৰা হাজাৰ হাজাৰ গোচৰৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিব। 
 
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সৈতে প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
 
ন্যায়াধীশ আনছাৰীয়ে কয়, "এই গোচৰৰ আৰম্ভণি হৈছিল যেতিয়া বি এছ এন এলৰ এজন কৰ্মচাৰীয়ে ২০০৭ চনত ন্যায়াধীশ ৰঞ্জন গগৈ (পৰৱৰ্তী সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ হয়)ৰ ৰায়ৰ বিৰুদ্ধে চি বি আইৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই এক মোকৰ্দমা ৰুজু কৰিছিল। মই আৰু ন্যায়াধীশ ড০ ইন্দিৰা শ্বাহে গোচৰটো পৰ্যালোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছিলো যে, চিবিআই সংবিধানিকভাৱে গঠিত হোৱা নাছিল বৰঞ্চ ই গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰাহে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত বিষয়টো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ (পি) সাথাশিৱমৰ নেতৃত্বত ভেকেচন বেঞ্চে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়টো স্থগিত কৰি ৰাখে। ২০১৩ চনৰ ৬ ডিচেম্বৰত যেতিয়া পুনৰ গোচৰটো শুনানিৰ বাবে উত্থাপন হৈছিল, তেতিয়া দুজন ন্যায়াধীশৰ বিচাৰপীঠত থকা ন্যায়াধীশ ৰঞ্জন গগৈয়ে নৈতিক কাৰণত নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখিছিল। তাৰ পিছৰে পৰা কোনো নতুন বিচাৰপীঠ গঠন নহ’ল, যাৰ ফলত বিষয়টো আজিও অমীমাংসিত হৈ থাকিল।” 
 
ন্যায়াধীশ আনছাৰীয়ে উল্লেখ কৰে যে, "ন্যায়াধীশ জে চালামেশ্বৰ আৰু ন্যায়াধীশ মদন লোকুৰৰ দৰে আন ন্যায়াধীশসকলেও সময়ে সময়ে বিচাৰি আহিছে যে উচ্চতম ন্যায়ালয়ে এই বিষয়টো মীমাংসা কৰাটো উচিত বা কৰিব লাগে। কিয়নো তেওঁলোকৰ মতে যদি চিবিআই অসাংবিধানিক বুলি বিবেচিত হয়, তেন্তে বছৰ বছৰ ধৰি চিবিআইয়ে তদন্ত কৰি অহা সকলো গোচৰৰ ওপৰত ইয়াৰ উল্লেখযোগ্য প্ৰভাৱ পৰিব।" 
 
বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰৰ সৈতে প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
 
এই ৰায়দানৰ প্ৰভাৱ ন্যায়াধীশ আনছাৰীৰ কৰ্মজীৱনৰ ওপৰতো পৰিছিল। তেওঁ কয়, "উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, যিকোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশ কোন হ'ব সেইটো কলেজিয়ামে সিদ্ধান্ত লয়। দুৰ্ভাগ্যজনকভাৱে এজন অসমীয়াই মোৰ উত্থানৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল। ন্যায়াধীশ ৰঞ্জন গগৈয়ে মোক পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ উন্নীত কৰাৰ বিৰোধিতা কৰিছিল। ইয়াৰ কাৰণ আছিল যে, মোৰ চিবিআইৰ ওপৰৰ ৰায়দানে ন্যায়াধীশ গগৈয়ে দিয়া পূৰ্বৰ ৰায়ৰ বিৰুদ্ধে গৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে মোক কৈছিল যে, পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত মোৰ নাম অহাত ন্যায়াধীশ গগৈয়ে হস্তক্ষেপ কৰিছিল। যেতিয়া ন্যায়াধীশ ঠাকুৰে বিষয়টো কলেজিয়ামলৈ ঠেলি দিলে, তেতিয়া ন্যায়াধীশ গগৈয়ে মোক পাটনাৰ পৰিৱৰ্তে মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ হেঁচা দিছিল। কিন্তু ন্যায়াধীশ ঠাকুৰে মোৰ বিৰুদ্ধে যিকোনো তথ্য লিখিতভাৱে দিবলৈ ন্যায়াধীশ গগৈক আহ্বান জনাইছিল। ন্যায়াধীশ গগৈয়ে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে মোৰ বিৰুদ্ধে তেওঁৰ হাতত কোনো উপযুক্ত তথ্য নাই।" 
 
চিবিআইৰ বিষয়ে দিয়া ৰায়ৰ উপৰিও ন্যায়াধীশ আনছাৰীয়ে তেওঁৰ অন্য কিছু  ৰায়কলৈও সদায় যথেষ্ট সন্তুষ্টি অনুভৱ কৰে। ইয়াৰ ভিতৰত অন্যতম আছিল এন আই এৰ গোচৰৰ অভিযুক্তক উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পূৰ্বে বিশেষ আদালত বা সত্ৰ আদালতত হাজিৰ কৰিব লাগে বুলি দিয়া ৰায়দান, অসমৰ জনসাধাৰণৰ বাবে উপকাৰী নোহোৱা ক'ল ইণ্ডিয়া লিমিটেডৰ ই-নিলাম ব্যৱস্থা বাতিল কৰা, ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ অনুৰোধমৰ্মে তেওঁৰ গৰ্ভপাত কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিয়া ইত্যাদি আছিল।  
 
বলিউডৰ জনপ্ৰিয় অভিনেতা শত্ৰুঘ্ন সিনহা আৰু মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাৰ সৈতে প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
 
উত্তৰ অসমৰ নিজৰ গৃহ চহৰ তেজপুৰত শিক্ষা গ্ৰহণ কৰা ন্যায়াধীশ আনছাৰীয়ে অভিযন্তা বা সেনা বিষয়া হ’ব বিচাৰিছিল। কিন্তু বেৰিষ্টাৰ পিতৃয়ে তেওঁক আইনত কেৰিয়াৰ গঢ় দিবলৈ বাধ্য কৰাইছিল। তেওঁ কয় যে, "ইঞ্জিনিয়াৰিঙৰ প্ৰতি মোৰ অতি আগ্ৰহ আছিল কাৰণ আমাৰ সময়ত এই ক্ষেত্ৰখনত যথেষ্ট সুযোগ আছিল। কিন্তু দেউতাৰ ধাৰণা আছিল যে, অভিযন্তাসকলে প্ৰয়োজনতকৈ বেছি উপাৰ্জন কৰে আৰু তেওঁলোকৰ জুৱা খেলা আৰু মদ্যপান কৰা এক প্ৰৱণতা থাকে। সেয়েহে তেওঁ মই আইন বিভাগত অধ্যয়ন কৰাটো বিচাৰিছিল। আৰম্ভণিতে মোৰ মনত এক ধাৰণা আছিল যে,  অধিবক্তাসকলে বহুত মিছা কথা ক’ব লাগে। অৱশ্যে, পিছলৈ এই কথাষাৰ অসত্য বুলি গম পালোঁ। এজন অধিবক্তাই ইচ্ছা কৰিলে মিছা নক’লেও মোকৰ্দমা চলাই যাব পাৰে। ইয়াৰ পিছত মই সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ প্ৰতি অতিশয় ইচ্ছুক আছিলো আৰু ইয়াৰ বাবে মই নিৰ্বাচিতও হৈছিলো। মোৰ দেউতাই তেতিয়া মোক আকৌ এবাৰ বুজাইছিল যে, মই যিহেতু বৰ জেদী আৰু খঙাল আছিলো, সেয়ে মই হয়তো সেনা বাহিনীৰ চাকৰিৰ পৰা কোৰ্ট মাৰ্শ্বিয়েল হৈ বৰ্খাস্ত হ'ম। তাৰ পিছত মই সেনা বাহিনীৰ সপোন ত্যাগ কৰি এজন অধিবক্তা হলোঁ। মোৰ আইনী পেছাৰ সময়ছোৱাত কিছুমান ন্যায়াধীশৰ ব্যক্তিত্বই মোক যথেষ্ট আপ্লুত কৰিছিল। তেনে এজন ন্যায়াধীশ আছিল ন্যায়াধীশ এছ এন ফুকন। গতিকে, মই ন্যায়িক সেৱাৰ ক্ষেত্ৰখনলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো আৰু প্ৰথম প্ৰচেষ্টাতে সফল হৈছিলো।"  
 
ন্যায়পালিকা, কেতিয়াবা আইনপালিকাৰ হেঁচাত পৰে বুলি অনুভৱ কৰে নেকি বুলি সোধাত ন্যায়াধীশ আনছাৰীয়ে স্পষ্টভাৱে কয় যে, তেওঁৰ সময়ত আইনপালিকাৰ কোনো হেঁচা নাছিল, কিন্তু কাৰ্যপালিকাই কেতিয়াবা তেনে কৰিব পাৰে, আৰু সেয়া ন্যায়াধীশৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ কয়, "আমাৰ সময়ত তেনে কোনো হেঁচা নাছিল। অৱশ্যে ন্যায়াধীশ অজিত পি শ্বাহ, ন্যায়াধীশ মদন লোকুৰ, ন্যায়াধীশ জোচেফ কুৰিয়ানে যিখিনি কৈ আহিছে তাৰ পৰা দেখা গৈছে যে উচ্চতম ন্যায়ালয় পৰ্যায়ৰ ন্যায়পালিকাও আজিকালি বিভিন্ন হেঁচাৰ সন্মুখীন হয়।   আজিকালি ন্যায়পালিকাৰ ওপৰত মানুহৰ আস্থা হেৰুৱাই পেলোৱাৰ কিছুমান আচৰিত দৃষ্টান্ত দেখা গৈছে। কিন্তু সামগ্ৰিকভাৱে মই বিশ্বাস কৰোঁ যে ন্যায়পালিকা এতিয়াও স্বতন্ত্ৰ।"   
 
প্ৰাক্তন ভাৰতৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ সৈতে প্ৰাক্তন ন্যায়াধীশ ইকবাল আহমেদ আনছাৰী
 
ন্যায়াধীশ আনছাৰীয়ে ভাৰতীয় আদালতত গোচৰ  অমীমাংসিত হৈ থকা সমস্যাটোৰ কথা উল্লেখ কৰি কয়, "এয়া অতি কঠিন বিষয়। ভাৰতত ন্যায়াধীশ আৰু মোকৰ্দমাৰ অনুপাত বাংলাদেশতকৈও বেয়া। এই সমস্যা সমাধানৰ বাবে আমাক আৰু অধিক আইন মহাবিদ্যালয়ৰ প্ৰয়োজন। আইনৰ স্নাতকসকলক কৰ্পৰেট খণ্ডলৈ যোৱাত বাধা দিবলৈ উচ্চতম ন্যায়ালয়ে আইনৰ স্নাতকসকলক ন্যায়িক সেৱাত প্ৰত্যক্ষভাৱে প্ৰৱেশৰ অনুমতি দিছে। কিন্তু ইয়াৰ দ্বাৰাও বিশেষ সহায় হোৱা নাই কাৰণ প্ৰক্ৰিয়াটোত সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন, যাৰ অভাৱ আমি এতিয়াও দেখিবলৈ পাও।" 
 
গুৱাহাটী উচ্চ ন্যায়ালয়ত থকা সময়ছোৱাত ন্যায়াধীশ আনছাৰীয়ে কিছু প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়, "মই সুখী যে, বহু যুৱ আইন পেছাদাৰী এই কাৰ্যসূচীৰ দ্বাৰা উপকৃত হৈছে। তেওঁলোকৰ কিছুমানে জ্যেষ্ঠ অধিবক্তা হৈ যথেষ্ট ভাল কাম কৰি আছে। যিয়ে মোক আজি যথেষ্ট আত্ম সন্তুষ্টি দিয়ে। মই এতিয়াও এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰো, যদিহে মোক আমন্ত্ৰণ জনোৱা হয়।"