মই কেৱল মেহবুবা মুফতিৰ কন্যা নহয়, মোৰ নিজৰ এক পৰিচয় আছেঃ ইলতিজা মুফতি

Story by  atv | Posted by  [email protected] • 6 d ago
মাক মেহবুবা মুফতিৰ সৈতে ইলতিজা মুফতি (বাঁওফালে)
মাক মেহবুবা মুফতিৰ সৈতে ইলতিজা মুফতি (বাঁওফালে)

আৱাজ দ্য ভইচ অসম ব্যুৰ'

জম্মু-কাশ্মীৰৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজবেহাৰাৰ পৰা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা ইলতিজা মুফতিয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জনসাধাৰণে তেওঁক কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ কন্যা হিচাপে নহয়, ব্যক্তি হিচাপেহে চিনি পোৱাতো বিচাৰে।
 
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৩৭ বছৰীয়া ইলতিজা মুফতিয়ে কয়, "মই কেৱল মোৰ মাৰ চেহেৰাই নহয়, তেওঁৰ দৃঢ়তাপূৰ্ণ স্বভাৱো উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছো। মই খুৱ কৌশলগত দিশত কাম কৰো, কিন্তু মা বহুত আৱেগিক। এইটোৱেই মোৰ ব্যক্তিত্ব আৰু মই আশা কৰিছো যে সময় পাৰ হোৱাৰ লগে লগে মানুহে মোৰ ব্যক্তিত্বৰ বিষয়ে বুজি পাব। মই বিচাৰো যে মানুহে মোক মোৰ নিজৰ পৰিচয়ৰ বাবে, মোৰ ব্যক্তিত্বৰ বাবে চিনি পাওক। মই কেৱল মেহবুবা মুফতীৰ কন্যা বা মুফতি মহম্মদ ছাইদৰ নাতি বুলি পৰিচিত হোৱাটো নিবিচাৰো। আমি সকলোৰে কথা শুনা উচিত, কিন্তু আমাৰ অন্তৰাত্মাই যি কয় বা আমি মনেৰে যি বিচাৰো, সেয়াহে কৰা উচিত।"
 
ইলতিজা মুফতিয়ে কয় যে তেওঁৰ ৰাজনৈতিক কৌশল মাক আৰু ককাকৰ সংমিশ্ৰণ। ইফালে, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত সোধাত তেওঁ কয় যে ভোট বেংকৰ ৰাজনীতিৰ জৰিয়তে ভোট লাভ কৰাটো অতি সহজ। কিন্তু কাশ্মীৰ সকলো সুনামৰ কবৰস্থান। ইয়াত যেতিয়া কোনো ৰাজনীতিবিদক সমাধিস্থ কৰা হয়, তেতিয়া সেই ব্যক্তিজনৰ সুনামও সমাধিস্থ হয়। মোৰ বাবে কাশ্মীৰৰ ৰাজনীতি আক্ষৰিক অৰ্থত জ্বলি থকা জুইকুৰাৰ ওপৰত খোজ কঢ়াৰ দৰেই।"
 
লগতে জম্মু-কাশ্মীৰৰ এটাও নিৰ্বাচনে সমস্যা সমাধান কৰিব পৰা নাই বুলিও তেওঁ উল্লেখ কৰে। "ৰাইজক মোৰ একমাত্ৰ অনুৰোধ যে তেওঁলোকে মোক আৰু মোৰ নীতিক বুজিব লাগে আৰু মোক সন্মান কৰিব লাগে। কোনো কেতিয়াও অসন্মান নিবিচাৰো।" 
নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সন্দৰ্ভত ইলতিজা মুফতিয়ে কয় যে তেওঁৰ মূল গুৰুত্বৰ বিষয় হৈছে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ। "যোৱা পাঁচ বছৰত আমি প্ৰত্যক্ষ কৰিছো যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আমাক আমাৰ মাটি আৰু আমাৰ চাকৰিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে। গতিকে কেন্দ্ৰৰ বিভিন্ন ব্যৱস্থাৰ বাবে বহু লোকে চাকৰি হেৰুৱাইছে, য’ত ১০ বছৰ পূৰ্বে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা কথাবোৰৰ বাবেও কিছুমানে চাকৰি হেৰুৱাইছে।"-তেওঁ দাবী কৰে।
 
"ইয়াৰ যুৱক-যুৱতীসকলে নিজকে ক্ষমতাহীন, আশাহীন অনুভৱ কৰে। কাশ্মীৰত ড্ৰাগছৰো এক সংকট আছে, ই এক মহামাৰী। যুৱকসকলে ড্ৰাগছ সেৱন কৰিছে, সুৰাৰ প্ৰতি আসক্ত হৈছে। বহু মহিলাই উদ্বেগৰ বাবে প্ৰেছক্ৰিপচন ড্ৰাগছ খাই আছে। যুৱ প্ৰজন্মলৈ মোৰ বাৰ্তা হ'ল আমি আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কৰিম। আমি নিয়োগ আৰু দক্ষতা বিকাশৰ বাবে কাম কৰিম।"-মুফতিয়ে কয়। 
 
ৰাষ্ট্ৰীয় সন্মিলন আৰু কংগ্ৰেছৰ মাজত সম্ভাৱ্য নিৰ্বাচনী মিত্ৰতাৰ সন্দৰ্ভত ইলতিজা মুফটীয়ে কয় যে প্ৰচাৰ এতিয়াও চলি আছে আৰু ভোটদান হোৱা নাই। গতিকে, আমি কিছু অপেক্ষা কৰিব লাগিব আৰু চাব লাগিব কি হয়।
কেন্দ্ৰীয় শাসিত অঞ্চলত কোনো বিশেষ ৰাজনৈতিক দলৰ বাবে কোনো ঢৌ নাই বুলি উল্লেখ কৰি তেওঁ এই কথাও আলোকপাত কৰে যে পিডিপি (পিপলছ ডেম’ক্ৰেটিক পাৰ্টি)ৰ অৱস্থা ভাল আৰু ইয়াত বিজেপি ক্ষমতালৈ অহাৰ অৱস্থাত নাই।
 
"বিজেপিক মচি পেলোৱা হৈছে। জম্মুতো তেওঁলোকে কোনো আসন লাভ কৰিব নোৱাৰে। ইয়াত কেৱল মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব। বিজেপিয়ে চৰকাৰ গঠন নকৰে।"-পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা ইলতিজা মুফতিয়ে দৃঢ়তাৰে কয়।