ভাৰতীয় শাস্ত্ৰীয় নৃত্য সৰ্বাংগীন, ই কোনো ধৰ্মৰ একচেটিয়া অধিকাৰ নহয়ঃ ভাৰতনাট্যম নৃত্যশিল্পী আজিশ

Story by  atv | Posted by  Munni Begum • 5 h ago
 ভাৰতনাট্যম নৃত্যশিল্পী আজিশ
ভাৰতনাট্যম নৃত্যশিল্পী আজিশ
 
শ্ৰীলাথা মেনন
 
কিংবদন্তী তবলাবাদক উস্তাদ জাকিৰ হুছেইনৰ জীৱন আৰু কৰ্মক কোনো ধৰ্মীয় বাধাৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। এইগৰাকী কিংবদন্তী তবলাবাদকৰ মৃত্যুত সমগ্ৰ দেশে গভীৰ শোক প্ৰকাশ কৰাৰ সময়তে বহু মুছলমান শিল্পীয়ে শিল্পপ্ৰেমৰ বাবে ধ্ৰুপদী শিল্পকলাক আকোৱালি লৈছে। কেৰালাৰ মাঞ্জেৰীৰ ভাৰতনাট্যম নৃত্যশিল্পী আজিশ ইয়াৰ অন্যতম উদাহৰণ। মুছলমান পৰিয়ালৰ হ’লেও তেওঁ অতি কম বয়সৰ পৰাই কেৰালাৰ বহু ল’ৰা-ছোৱালীৰ দৰে ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল।
 
কেৰালাৰ বিদ্যালয়সমূহে প্ৰতি বছৰে যুৱ উৎসৱ অনুষ্ঠিত কৰে। আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ ফলত ৰাজ্যখনৰ সকলো শিল্পৰ বাবে এক প্ৰকাৰৰ ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ পৰা লাভৱান হৈছে আজিশ মঞ্জেৰী। মল্লপুৰম জিলাৰ মঞ্জেৰীৰ দৰে মুছলমান প্ৰধান চহৰ এখনত ডাঙৰ-দীঘল হোৱাৰ পিছতো আইতাকে আজিশক সেই অঞ্চলৰ একমাত্ৰ নৃত্য শিক্ষকজনৰ ওচৰলৈ  পঠিয়াবলৈ দুবাৰ চিন্তা কৰা নাছিল। 
 
অজিশ মঞ্জেৰী
 
“গতিকে সেইটোৱেও সহায় কৰিলে,” নৃত্যৰ ক্ষেত্ৰখনত লোৱা প্ৰথম পদক্ষেপৰ বৰ্ণনা কৰি অজিশে কয়। দশম শ্ৰেণীৰ পিছত প্ৰশ্ন উঠিল যে তেওঁ গৈ সকলোৱে যি কৰে সেই কাম কৰিব লাগে নে এনেকুৱা কাম কৰিব লাগে যিয়ে তেওঁৰ জীৱিকা উপাৰ্জনত সহায় কৰিব। তেওঁ মনত পেলাই কয়, “মই সোনকালে উপাৰ্জন আৰম্ভ কৰিব বিচাৰিছিলো আৰু সেই দশম শ্ৰেণীত পঢ়ি থকাৰ সময়তো নৃত্যই আছিল মোৰ আটাইতকৈ ডাঙৰ শক্তি।”
 
সেয়ে, তেওঁ নৃত্য শিকোৱা দক্ষতাক পেছা হিচাপে গ্ৰহণ কৰিব বিচাৰিছিল। “মোৰ শিক্ষকে মোক যোগ্যতা অৰ্জন কৰিবলৈ কলাক্ষেত্ৰলৈ যাবলৈ পৰামৰ্শ দিছিল। মোৰ মা-দেউতাৰ কোনো সমস্যা নাছিল আৰু সমাজৰ আন কাৰোবাৰ সমস্যাৰ প্ৰতি মই গুৰুত্ব দিয়া নাছিলো। মই মোৰ পৰিকল্পনাৰ কথা কৈ ঘূৰি ফুৰা নাছিলো আৰু মাত্ৰ চেন্নাইলৈ ৰাওনা হৈছিলো আৰু তাত কলাক্ষেত্ৰৰ ডিগ্ৰী প্ৰগ্ৰেমত যোগদান কৰিছিলো।’-আজিশে কয়।
 
উল্লেখ্য যে, কলাক্ষেত্ৰ ফাউণ্ডেচন হৈছে ভাৰতীয় শিল্প আৰু শিল্পকৰ্ম বিশেষকৈ ভাৰতনাট্যম নৃত্য আৰু গন্ধৰ্ববেদ সংগীতৰ ক্ষেত্ৰত পৰম্পৰাগত মূল্যবোধৰ সংৰক্ষণৰ বাবে সমৰ্পিত কলা আৰু সাংস্কৃতিক একাডেমী। সাত বছৰীয়া কাৰ্যসূচী শেষ কৰাৰ পিছত ৰুক্মিণী দেৱী অৰুণ্ডলেই আৰম্ভ কৰা প্ৰতিষ্ঠানটোত অস্থায়ী কৰ্মচাৰী হিচাপে যোগদান কৰি তেওঁ ১২ বছৰ ধৰি শিক্ষকতা কৰি আছে।
 
পিছত তেওঁ এজন মুছলমান ছোৱালীক বিয়া কৰায় আৰু কাৰো বিৰোধিতাৰ সন্মুখীন হোৱা নাছিল। “নৃত্য আন যিকোনো পেছাৰ দৰেই মাত্ৰ এটা পেছা। ই এক প্ৰকাশ আৰু ভাষাৰ ৰূপ। যিকোনো ব্যক্তিয়ে সেই ৰূপটো ব্যৱহাৰ কৰিব পাৰে। ই কাকো বাদ নিদিয়ে। সেয়েহে ই কোনো ধৰ্মৰ একচেটিয়া অধিকাৰ নহয়। এয়া সকলো নৃত্যশিল্পীৰে অধিকাৰ।”-আজিশে কয়।
 
পৰম্পৰাগতভাৱে ভাৰতনাট্যমৰ বাবে ৰচিত গীতসমূহৰ বিষয়বস্তু বেছিভাগেই ভাগৱত গীতা, ৰামায়ণ, আৰু অন্যান্য হিন্দু গ্ৰন্থৰ পৰা লোৱা হৈছে। কিন্তু ইয়াৰ দ্বাৰা আজিশ মঞ্জেৰী নিৰুৎসাহিত নহয়। “এয়া মোৰ কামৰ অংশ। ইয়াক মই ব্যক্তিগত বিষয় হিচাপে গ্ৰহণ নকৰো৷ যেতিয়া মই মন্দিৰৰ ভিতৰত পৰিবেশন কৰিবলগীয়া হয়, মই তালৈ নাযাওঁ, কাৰণ মই কাকো ক্ষুন্ন কৰিব নিবিচাৰো। কিন্তু যদি মন্দিৰৰ বাহিৰত অনুষ্ঠান হয়, তেন্তে মই নৃত্য পৰিবেশন মঞ্চস্থ কৰো।’-তেওঁ কয়।
 
গুৰু অজিশ মঞ্জেৰীৰ নৃত্য
 
কলাক্ষেত্ৰত তেওঁৰ সমনীয়া আছে, যিসকলে ৰাছিয়া আৰু কাজাখস্তানৰ পৰা নৃত্য অধ্যয়ন কৰিবলৈ আহিছিল। “যদি সিহঁতে পাৰে, মই কিয় নোৱাৰো?” তেওঁ প্ৰশ্ন কৰে। প্ৰাক্তন মুছলমান শিক্ষাৰ্থীসকলৰ ভিতৰত এগৰাকী ছাজানা ছামছুদ্দিনে এতিয়া তাত শিক্ষকতা কৰি আছে বুলিও তেওঁ লগতে কয়। "মোৰ ক্লাছৰ এগৰাকী সতীৰ্থ শ্বাবানা আছিল কেৰালাৰ এগৰাকী বিখ্যাত মুছলমান ভাৰতনাট্যম নৃত্যশিল্পী উছনা বানুৰ কন্যা। আজি তেওঁৰ স্বামী ছফিকে কেৰালাৰ ত্ৰিপুনিথুৰাৰ আৰ এল ভি কলেজত ভাৰত নাট্যমৰ পাঠদান কৰি আছে।"-তেওঁ কয়। 
 
ধ্ৰুপদী শিল্পৰূপ কোনো ধৰ্মৰ একচেটিয়া অধিকাৰ নহয় বুলি আজিশে এক যুক্তিসংগত ব্যাখ্যা দাঙি ধৰে। “নৃত্যৰ ৰূপটোৱে কোনো সম্প্ৰদায়ক বাদ দিয়া নাই। যদি ইয়াৰ দ্বাৰা মুছলমানক বাদ দিয়া হয়, তেন্তে ই ব্ৰাহ্মণকো বাদ দিব লাগিব। অতীতত দেৱদাসীয়ে নৃত্য প্ৰদৰ্শন কৰিছিল আৰু সেয়েহে উচ্চ জাতিৰ বাবেও ই গ্ৰহণযোগ্য হ’ব নোৱাৰে। কিন্তু আজি আমি দেখিবলৈ পাওঁ যে ব্ৰাহ্মণসকলেও ভাৰতনাট্যম প্ৰদৰ্শন কৰে। গতিকে নৃত্যটো কেৱল এটা ভাষা, আৰু ইয়াক যিকোনো ব্যক্তিয়ে নিজকে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।’-তেওঁ কয়।
 
“নৃত্যত ব্যৱহৃত বিষয়বস্তু সলনি হ’ব পাৰে। কলাক্ষেত্ৰতে শ্বেক্সপীয়েৰৰ নাটক ভৰতনাট্যম ব্যৱহাৰ কৰি পৰিবেশন কৰা হৈছে।’-তেওঁ কয়। যীচুৰ জীৱনৰ ওপৰত আধাৰিত ৰচনাৰ ওপৰত নৃত্য কৰা এজন খ্ৰীষ্টান পিতৃ আছে। গতিকে শিল্পৰ ক্ষেত্ৰত কোনো বাধা নাথাকে বুলি কয় কৰিঅ’গ্ৰাফাৰ আজিশে। তেওঁ কয় যে কেৰালাত সম্প্ৰদায় বা লিংগ ইমান বাধা নহয়। কিন্তু আজিশে ভাৰতনাট্যমৰ বাবে ওমকাৰা আৰ্ট ফাউণ্ডেশ্যন চেণ্টাৰ নামৰ নৃত্য একাডেমী চলাই থকা তামিলনাডুত লিংগ আৰু ধৰ্ম শাস্ত্ৰীয় নৃত্য শিকাৰ ক্ষেত্ৰত বাধা হৈ পৰা দেখা যায়।
 
গতিকে, প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰী থকা তেওঁৰ একাডেমীত মাত্ৰ দুজনহে ল’ৰাই নামভৰ্তি কৰিছে। তেওঁ কয় যে পূৰ্বে দুগৰাকী মুছলমান ছোৱালীয়ে নামভৰ্তি কৰিছিল যদিও আত্মীয় আৰু সমাজৰ হেঁচাত তেওঁলোকে বাদ দিয়ে। তেওঁৰ একাডেমীৰ কথা ক’বলৈ গ’লে ই দিনক দিনে জনপ্ৰিয় হৈছে। এতিয়া সকলো বিদ্যালয়তে মাধ্যমিক পৰ্যায়ত নৃত্যক শৈক্ষিক বিষয় হিচাপে অন্তৰ্ভুক্ত হোৱাৰ বাবে ডেন্স ক্লাছৰ অত্যন্ত চাহিদা আছে। আজিশে কয় যে তেওঁ নিজৰ পেছা আৰু কেৰিয়াৰক লৈ অত্যন্ত সুখী। “মোৰ কোনো আক্ষেপ নাই। মই বিশ্বাস কৰোঁ যে মই মোৰ জীৱনটো ভালদৰে পৰিচালনা কৰিছো, কাৰণ মই অলপ সতৰ্ক আছিলো যাতে অপ্ৰয়োজনীয় কথাবোৰে মোৰ মনোযোগ আকৰ্ষণ নকৰে।