আমেৰিকাৰ স্বাস্থ্য সংস্থাৰ মুৰব্বী হিচাপে নিযুক্তি ভাৰতীয় মূলৰ জয় ভট্টাচাৰ্যক

Story by  atv | Posted by  Munni Begum • 4 d ago
 জয় ভট্টাচাৰ্য
জয় ভট্টাচাৰ্য
 
ৱাশ্বিংটন
 
মঙলবাৰে আমেৰিকাৰ চেনেটে ষ্টেনফৰ্ড স্কুল অৱ মেডিচিনৰ অধ্যাপক ভাৰতীয় মূলৰ জয় ভট্টাচাৰ্যক নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰিছে।আমেৰিকাৰ চেনেটৰ অফিচিয়েল ৱেবছাইট অনুসৰি ১১৯ সংখ্যক কংগ্ৰেছৰ ৰোল কল ভোটৰ প্ৰথম অধিবেশনৰ সময়ত ভট্টাচাৰ্যই ৫৩-৪৭ টা ভোট লাভ কৰে।
 
ইয়াৰপূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মনোনয়ন বিবৃতি অনুসৰি ভট্টাচাৰ্য ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ স্বাস্থ্য নীতিৰ অধ্যাপক, নেশ্যনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চৰ গৱেষণা সহযোগী আৰু ষ্টেনফৰ্ড ইনষ্টিটিউট ফৰ ইকনমিক পলিচি ৰিচাৰ্চ, ষ্টেনফৰ্ড ফ্ৰীমেন স্পগলি ইনষ্টিটিউট আৰু হুভাৰ ইনষ্টিটিউশ্যনৰ জ্যেষ্ঠ ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
 
তেওঁ ষ্টেনফৰ্ডৰ চেণ্টাৰ ফৰ ডেম'গ্ৰাফী এণ্ড ইকনমিক্স অৱ হেল্থ এণ্ড এজিঙৰ পৰিচালনাও কৰে আৰু তেওঁৰ গৱেষণাই চৰকাৰী কাৰ্যসূচী, জৈৱ চিকিৎসা উদ্ভাৱন আৰু অৰ্থনীতিৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে।   
 
বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে, মিষ্টাৰ ভট্টাচাৰ্য আৰু নৱনিযুক্ত আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা সচিব ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে একেলগে কাম কৰি এন আই এইচক চিকিৎসা গৱেষণাৰ গোল্ড ষ্টেণ্ডাৰ্ডলৈ ঘূৰাই আনিব। 
 
এন আই এইচৰ মুৰব্বী হিচাপে নিশ্চিত হোৱাৰ পিছত কেন্টাকিৰ পৰা আমেৰিকাৰ ৰিপাব্লিকান চিনেটৰ মিচ মেককনেলে ভট্টাচাৰ্যক অভিনন্দন জনাই কয় যে, তেওঁ প্ৰতিষ্ঠানটোক 'সুস্থ নেতৃত্ব' প্ৰদান কৰিব। 
 
এক্সত মিষ্টাৰ মেককনেলে কয় যে, "আজি ভোটদান কৰি ডাঃ জয় ভট্টাচাৰ্যক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়াটো নিশ্চিত কৰা হৈছে। চিকিৎসা গৱেষণাৰ বিস্তৃত পটভূমিৰ সৈতে মই আশা কৰিছো যে ডাঃ জয় ভট্টাচাৰ্যই এন আই এইচত সুস্থ নেতৃত্ব প্ৰদান কৰিব।" 
 
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ চেনেটে ভেকচিন বিৰোধী কৰ্মী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰক আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা সচিব হিচাপে নিশ্চিত কৰিবলৈ ভোটদান কৰিছিল। ৫২-৪৮ ভোটত তেওঁক আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা সচিব হিচাপে নিশ্চিত কৰা হয়।