মুম্বাই
বহুজাতিক প্রতিষ্ঠান ইউনিলিভাৰৰ শীর্ষ পদবীত অধিষ্ঠিত হৈছে ভাৰতীয় মূলৰ এগৰাকী মহিলা। প্ৰিয়া নায়াৰ নামৰ এই মহিলাগৰাকীয়ে ইউনিলিভাৰৰ লীডাৰশ্বিপ এক্সিকিউটিভ শাখাৰ বিউটি এণ্ড ৱেলবিঙৰ অধ্যক্ষা হিচাপে নিয়োজিত হৈছে।
ব্ৰিটেইনৰ এই বহুজাতিক প্রতিষ্ঠানটোৰ বিউটি আৰু ৱেলবিং শাখাৰ গুৰুত্বপূর্ণ কাম-কাজৰ তদাৰক কৰিব নায়াৰে। নায়াৰকে ধৰি ইউনিলিভাৰৰ শীৰ্ষ পদবীত অধিষ্ঠিত হৈ আছে মুঠ ৩ গৰাকীকৈ ভাৰতীয় মূলৰ ব্যক্তি।
বাকী দুগৰাকী হৈছে চীফ পিপল এণ্ড ট্রান্সফমেচন অফিচাৰ নীতিন পাৰানজাপে আৰু হিন্দুস্তান ইউনিলিভাৰৰ চি ই অ' তথা এম ডি ৰোহিত জাৱা।
চলিত বৰ্ষৰ জুলাইৰ শেষভাগত জাৱাই ইউনিলিভাৰৰ ভাৰতীয় গোট হিন্দুস্তান ইউনিলিভাৰৰ চি ই অ’ তথা এম ডিৰ পদত অধিষ্ঠিত হৈছিল।