আৱাজ দ্য ভইচ অসম ব্যুৰ'
এনেকুৱা এজন সফল ব্যৱসায়ীৰ কথা আপুনি জানে নে, যিয়ে এটা সময়ত ছেলছমেন আছিল। এতিয়া এই ব্যৱসায়ীজনৰ কোম্পানীৰ মুঠ মূল্য ২০, ৮৩০ কোটি টকাৰ ওপৰত। তেওঁ এনে বহু লোকৰ বাবে উত্সাহ আৰু প্ৰেৰণাৰ প্ৰতীক, যিয়ে প্ৰায়ে নিজৰ ব্যৰ্থতাৰ বাবে পৰিস্থিতিক অজুহাত হিচাপে দেখুৱায়। এই ব্যৱসায়ীজনে এসময়ত ফুটপাথত গাখীৰ আৰু কিতাপ বিক্ৰী কৰি ব্যৱসায় আৰম্ভ কৰিছিল যদিও এতিয়া তেওঁ কোটি কোটি টকাৰ মালিক।
আমি ইয়াত আলোচনা কৰিছো ৰিয়েল এষ্টেট ব্যৱসায়ী ৰিজৱান ছাজনৰ সফলতাৰ কাহিনী। ছাজন ছৌদি আৰৱৰ ৰিয়েল এষ্টেট জগতত উজলি উঠিছে। তেওঁ কয় যে কোটিপতি হ’বলৈ টকা নহয়, প্ৰতিভাৰহে প্ৰয়োজন। যুৱ উদ্যোগীসকলক উৎসাহিত কৰিবলৈ তেওঁ ছ'চিয়েল মিডিয়াত এই বক্তব্য আগবঢ়ায়।
ৰিজৱান ছাজনৰ কোম্পানী ডানুবে গ্ৰুপ (Danube Group)
মুম্বাইৰ বস্তি অঞ্চলত থাকি সৰুৰে পৰা জীৱন সংগ্ৰাম কৰা ৰিজৱানে পিতৃৰ মৃত্যুৰ পিছত ১৯৮১ চনত কুৱেইটলৈ স্থানান্তৰিত হৈছিল। তাত তেওঁ এগৰাকী ছেলছমেন হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ব্যৱসায়ৰ বিভিন্ন দিশ জানিব পাৰিছিল। এইবোৰে পিছলৈ তেওঁক ব্যাপক সফলতা প্ৰদান কৰিছিল।
১৯৯৩ চনত ৰিজৱান ছাজনে ডানুবে গ্ৰুপ (Danube Group) প্ৰতিষ্ঠা কৰে। খুৱ কম সময়ৰ ভিতৰতে তেওঁৰ কোম্পানীটোৱে সফলতাৰ শিখৰ স্পৰ্শ কৰে আৰু তেওঁ ৰিয়েল এষ্টেট ক্ষেত্ৰখনৰ আগশাৰীৰ ব্যৱসায়ী হৈ পৰে। ডানুব গ্ৰুপ ৰিয়েল এষ্টেট ডেভেলাপমেণ্ট, নিৰ্মাণ সামগ্ৰী, ঘৰ-নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায়ত একছত্ৰী সম্ৰাট হৈ পৰে।
ৰিয়েল এষ্টেট ব্যৱসায়ী ৰিজৱান ছাজন তেওঁৰ পৰিয়ালৰ সিতে
তেওঁৰ ব্যৱসায় কাটাৰ, ছৌদি আৰব, বাহৰেইন, ওমান আৰু ভাৰতৰ দৰে কেইবাখনো দেশত বিস্তৃত হৈ পৰিছে। ৰিজৱানে তেওঁৰ এই সফলতাৰ কৃতিত্ব তেওঁৰ ‘ছেলছমেন’ গুণক দিয়ে। তেওঁ গৌৰৱেৰে নিজকে শ্ৰেষ্ঠ ‘ছেলছমেন’ বুলি ঘোষণা কৰে। তেওঁ কয়, ‘মই এজন অতি ভাল বিক্ৰেতা, আৰু এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ গুণ।
উল্লেখ্য যে, ৰিজৱানে বছৰি এক বৃহৎ ১০ বিলিয়ন দিৰহাম বা প্ৰতিদিনে প্ৰায় ৩২ কোটি টকা উপাৰ্জন কৰে। ৰিজৱান ছাজনৰ এই সামৰ্থ্যই কোম্পানীটোক বিশ্বৰ আন আন ঠাইতো সফল কৰি তুলিছে। তেওঁৰ কোম্পানীটোৰ মূল্য সম্প্ৰতি ২০, ৮৩০ কোটি টকাৰো অধিক। এই বিশাল ব্যক্তিত্বই তেওঁক ডুবাইত থকা ভাৰতীয় ব্যৱসায়ীসকলৰ ভিতৰত অন্যতম কৰি তুলিছে।