প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ সৈতে ন্যায়াধীশ বিলাল নাজকীৰ অনন্য অভিজ্ঞতা

Story by  atv | Posted by  [email protected] • 11 d ago
ন্যায়াধীশ বিলাল নাজকী
ন্যায়াধীশ বিলাল নাজকী
 
এহছান ফাজিলি/শ্ৰীনগৰ

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে যেতিয়া দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ তেতিয়াৰ ৰাজধানী হায়দৰাবাদ চহৰ ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ নিজকে এগৰাকী বিচাৰক হিচাপে অনুভৱ কৰিব বিচাৰিছিল। কালামে ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিলাল নাজকীৰ আসনত বহাৰ ইচ্ছা ব্যক্ত কৰিছিল।

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে উচ্চ ন্যায়ালয় ভ্ৰমণৰ সময়ত ভাৰতৰ একালৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য ন্যায়াধীশৰ পৰা অনুমতি বিচাৰি মুখ্য ন্যায়াধীশ বিলাল নাজকীক অধিবক্তা হিচাপে তেওঁৰ সন্মুখত যুক্তি দিবলৈ আহ্বান জনায়।

এজন অধিবক্তাৰ দৰে থিয় হৈ ন্যায়াধীশ বিলাল নাজকীয়ে কৈছিল, "মোৰ বাবে এয়া এক অনন্য অভিজ্ঞতা। মই ২৫ বছৰ ধৰি এজন অধিবক্তা হিচাপে আদালতত প্ৰেকটিছ কৰি আহিছো আৰু ইআজি মই ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মুখত থিয় দিছো।"
ৰাষ্ট্ৰপতিয়ে তেওঁক সুধিছিল “আপুনি মোৰ সিদ্ধান্ত শুনিব বিচাৰিব নে?

কালামে আৰু কৈছিল 'ভগৱানে আপোনাক আশীৰ্বাদ কৰক'। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে কাগজত লিখি দিছিল "ভগৱানে আপোনাক আশীৰ্বাদ কৰক"। কেইসপ্তাহমানৰ পিছত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নাজকীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ সৈতে উঠা তেওঁৰ দুখন ফটো লাভ কৰে। এই ঘটনাই তেওঁক অতিশয় আচৰিত কৰি তুলিছিল।
 

তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সৈতে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিলাল নাজকী
 
১৯৯৭ চনৰ পৰা ২০০৭ চনলৈকে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে দুবাৰকৈ উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰা ন্যায়াধীশ বিলাল নাজকীৰ বাবে সেয়া আছিল অতি আনন্দৰ মুহূৰ্ত। শ্ৰীনগৰত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিলাল নাজকীয়ে ইয়াৰ পূৰ্বে ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অন্ধ্ৰ প্ৰদেশৰ পৰা তেওঁ ২০০৮ চনৰ জানুৱাৰী মাহত বম্বে উচ্চ ন্যায়ালয়লৈ যায়। ইয়াৰ পিছত তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হয়, য’ৰ পৰা তেওঁ ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে। ২০১৪ চনৰ পৰা ২০১৬ চনলৈ তেওঁ বিহাৰৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। পিছলৈ ২০১৬ চনৰ পৰা ২০১৯ চনলৈ জম্মু-কাশ্মীৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিলাল নাজকীয়ে শ্ৰীনগৰৰ ৰাৱালপোৰাত থকা নিজৰ বাসগৃহত আৱাজ-দ্য ভইচক কয়, ‘আমাৰ ন্যায়িক ব্যৱস্থা জনসাধাৰণৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অন্যতম শ্ৰেষ্ঠ ব্যৱস্থা। সদায় এনেকুৱা নহয় যে ন্যায়াধীশসকলে চূড়ান্ত ন্যায় প্ৰদান কৰিব পাৰে। তেওঁলোকে এনে বিবাদ নিষ্পত্তি কৰি আছে যিয়ে ন্যায় প্ৰদান কৰিব পাৰে বা নোৱাৰে।"

তেওঁ কয় যে ভাৰতৰ দৰে বিশাল দেশত ন্যায়াধীশসকলে সাধাৰণতে নিয়মীয়া গোচৰৰ সৈতে মোকাবিলা কৰে। বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন আদালতত বিচাৰাধীন হৈ থকা গোচৰৰ বিশাল স্তূপৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ কামৰ বোজা নাইকীয়া কৰাৰ চেষ্টা কৰিছিল। এই সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিলাল নাজকীয়ে অন্ধ্ৰপ্ৰদেশত থকা সময়ছোৱাত মুছলমানৰ সংখ্যালঘু সংৰক্ষণৰ সৈতে জড়িত এটা গোচৰৰ কথা উল্লেখ কৰে।
 

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিলাল নাজকীক এ পি জে আব্দুল কালামে হাতেৰে লিখি দিয়া কাগজখন 
 
অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে মন্তব্য কৰে যে “মুছলমান সংৰক্ষণৰ অনুমতি দিব পাৰি যদিহে চৰকাৰে প্ৰমাণ কৰিব পাৰে যে কিছুমান বিশেষ শ্ৰেণীৰ মুছলমান শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা।” চৰকাৰৰ এই পদক্ষেপক সমৰ্থন কৰিব পৰাকৈ কোনো তথ্য নাই বুলিও তেওঁ কয়। নাজকীয়ে লগতে অনুসূচিত জাতি (SC)ৰ বাবে ১৫ শতাংশ সংৰক্ষণৰ আন এটা গোচৰৰ কথাও উল্লেখ কৰে, য’ত অনুসূচিত জাতিক চাৰিটা ভিন্ন গোটত বিভক্ত কৰা হৈছিল।

আনহাতে তেওঁ কয় যে ই “সাংবিধানিকভাৱে অবৈধ”। আন চাৰিজন ন্যায়াধীশে মতানৈক্য প্ৰকাশ কৰাৰ ফলত এই গোচৰ ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যায়। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ চাৰিওজন সদস্যই সৰ্বসন্মতিক্ৰমে তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰিছিল।

তেওঁ এটা আমোদজনক গোচৰৰ কথাও স্মৰণ কৰে, য’ত পিতৃ-মাতৃৰ মাজত মতানৈক্যৰ পিছত সৰু ল’ৰা এটাৰ তত্ত্বাৱধানৰ দায়িত্ব মাকক দিয়া হৈছিল। পিছত তেওঁৰ পিতৃয়ে আদালতত আবেদন জনায় যে দুসপ্তাহৰ স্কুল বন্ধৰ সময়ত তেওঁৰ সন্তানক তেওঁৰ লগত ৰাখিব লাগে।
 
‘আদালতে অনুমতি দিলে আৰু এসপ্তাহৰ পাছত পিতৃয়ে ন্যায়াধীশলৈ এখন পত্ৰ লিখি নিশ্চিত কৰিলে যে তেওঁ নিজৰ সন্তানৰ তত্ত্বাৱধান লৈছে। অৱশ্যে পিছত শিশুটিৰ মাকে নিজৰ সন্তানক ঘূৰাই পাবলৈ আদালতত আবেদন জনায়। আদালতে তেওঁক এই অনুমতি প্ৰদান কৰে।"-ন্যায়াধীশ নাজকীয়ে কয়।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) নাজকীয়ে স্মৰণ কৰি কয়, "মোৰ ওচৰলৈ বিষয়টো আহিছিল। মই অনুৰোধ কৰা মাতৃক কৈছিলো যে এইখন এখন ডাঙৰ দেশ। আপোনাৰ সন্তানক ঘূৰাই পোৱাটো সহজ নহয়। আপোনাক সন্তানটো ঘূৰাই দিয়াত উচ্চ ন্যায়ালয় ব্যৰ্থ হৈছে। এটা মন্দিৰলৈ গৈ সন্তানৰ উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰক। ফাইলটো বন্ধ হৈ গৈছে।"

তাৰ পিছত ডিজিয়ে আৰক্ষী আদালতলৈ আহি ১৫ দিনৰ ভিতৰত শিশুটিক ঘূৰাই অনাৰ আশ্বাস দিয়ে। তেওঁ কয় যে ১০ দিনৰ পাছতহে ডিজি আৰক্ষীয়ে নেপালৰ পৰা শিশুটিক ঘূৰাই পঠিয়াইছিল আৰু তেওঁক মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াইছিল।

উকীলৰ বৃত্তি গ্ৰহণ কৰা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) নাজকীয়ে কয় যে উকীলৰ পৰিয়ালৰ পৰা অহাসকলৰ বাবে সহজ। কিন্তু, আনৰ বাবে এই বৃত্তি বাছি লোৱাটো তুলনামূলকভাৱে কঠিন।

আইনী বৃত্তিত যোগদান কৰাৰ উদাহৰণ আছে যিসকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। তেওঁ কয় যে বিভাজনৰ সময়ত আইনী বৃত্তিৰ সৈতে জড়িত ভালেসংখ্যক মুছলমান পাকিস্তানলৈ গৈছিল, গতিকে আইনী বৃত্তিত মুছলমান কম আছিল যদিও যোৱা কেইটামান দশকত আৰু বহু লোকে এই বৃত্তিত যোগদান কৰিছে। উল্লেখ্য যে, নাজকী নিজেই কোনো উকীলৰ পৰিয়ালৰ নহয়।
 
এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত ন্যায়াধীশ নাজকী
 
১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা বিখ্যাত কাশ্মীৰী কবি, সম্প্ৰচাৰক আৰু সাহিত্যিক গুলাম ৰছুল নাজকিৰ আঠটা সন্তানৰ ভিতৰত নাজকী হ'ল অন্যতম।

উল্লেখ্য যে, ১৯৪৭ চনত বন্দীপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। নাজকীৰ পৰিয়াল সেই বছৰতে শ্ৰীনগৰলৈ স্থানান্তৰিত হয়। তেওঁ ভনীয়েক আৰু দেউতাকৰ লগত থাকি আৰগামৰ তদানীন্তন মধ্যবিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু শ্ৰীনগৰৰ শ্ৰীপ্ৰতাপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৭৫ চনত শ্বেইখ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হোৱা শ্বেখ মহম্মদ আব্দুল্লাৰ ঘনিষ্ঠ অধিবক্তা মিৰ্জা মহম্মদ আফজাল বেইগৰ পৰামৰ্শ মতেই বিলাল নাজকীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত আইন বিভাগত নামভৰ্তি কৰে। ১৯৭০ চনৰ মাজভাগত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ত তেওঁ অধিবক্তা হিচাপে যাত্ৰা আৰম্ভ কৰিছিল।