বিড়ী বনোৱা শ্ৰমিকৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা হস্তশিল্পীলৈকে খলিল আহমেদৰ সংগ্ৰামী জীৱন

Story by  atv | Posted by  Munni Begum • 3 d ago
পদ্মশ্ৰী সন্মান লাভ কৰা হস্তশিল্পী খলিল আহমেদৰ সংগ্ৰামী জীৱন
পদ্মশ্ৰী সন্মান লাভ কৰা হস্তশিল্পী খলিল আহমেদৰ সংগ্ৰামী জীৱন
 
দয়াৰাম বশিষ্ঠ / ফৰিদাবাদ (হাৰিয়ানা)
 
লক্ষ্যত উপনীত হ’বলৈ আপোনাৰ যদি কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আৱেগ থাকে, তেন্তে কোনো গন্তব্যস্থান দূৰত নহয়। এয়া উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ৭৬ বছৰীয়া শিল্পী খলিল আহমেদৰ কাহিনী, যিয়ে কেৱল বিড়ী বনাই পৰিয়ালক পোহপাল দিয়াই নহয়, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে হস্তশিল্পৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰিচয়ো গঢ়ি তুলিবলৈ সক্ষম হৈছে।
 
খলিল আহমেদে প্ৰস্তুত কৰা ৰঙীন দলিচা আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিছে, আৰু ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। 
 
পদ্মশ্ৰী সন্মান লাভ ব্যক্তি সকলৰ এক ছবি
 
খলিল আহমেদৰ জীৱন কষ্ট আৰু সংগ্ৰামেৰে ভৰা। সংগ্ৰামৰ জৰিয়তে তেওঁ কেৱল নিজৰ ভাগ্যই নহয়, সমগ্ৰ পৰিয়ালৰ ভাগ্যও সলনি কৰিছে। ককাক আৰু দেউতাকে হেণ্ড কাৰ্পেট বনোৱাৰ কাম আৰম্ভ কৰিছিল, আৰু এই ব্যৱসায় আজিও চলি আছে। খলিল আহমেদৰ বাবে এই ব্যৱসায় কেৱল এটা পেছা নহয়, বৰঞ্চ এক পৰম্পৰা আৰু ঐতিহ্য, যিটো তেওঁ সংৰক্ষণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। তেওঁ মেচিনৰ পৰিৱৰ্তে হাতেৰে কাৰ্পেট প্ৰস্তুত কৰাত বিশ্বাসী, যাতে মিৰ্জাপুৰৰ পৰম্পৰাগত শিল্প আৰু ডিজাইন সংৰক্ষণ কৰিব পৰা যায়।
 
পদ্মশ্ৰী বঁটা বিজয়ী খলিল আহমেদে ভাৰত আৰু বিদেশৰ হস্তশিল্পৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আজি তেওঁৰ দ্বাৰা নিৰ্মিত কাৰ্পেটসমূহে কেৱল দিল্লী আৰু বেনাৰছৰ সংগ্ৰহালয়ৰ শোভা বৃদ্ধি কৰাই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ হস্তনিৰ্মিত কাৰ্পেট জাপানৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিছে। এই কাৰ্পেটে মোগল যুগৰ ডিজাইনক পুনৰ সজীৱ কৰি তোলে।
 
গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে পদ্মশ্ৰী খলিল আহমেদ
 
খলিল আহমেদে কয় যে তেওঁ দৰিদ্ৰতাৰ অভিজ্ঞতা অতি ওচৰৰ পৰা লাভ কৰিছে। এটা সময় আছিল যেতিয়া তেওঁৰ উপাৰ্জনৰ কোনো উৎস নাছিল। তেওঁ বিড়ী বনোৱা শ্ৰমিকৰ কাম কৰি নিজৰ লগতে পৰিয়ালটোক পোহপাল দিছিল। কিন্তু তেওঁৰ এটা আবেগ আছিল–নিজৰ শিল্পকলা সংৰক্ষণ আৰু প্ৰচাৰ কৰা। সংগ্ৰামৰ মাজতো তেওঁ নিজৰ পূৰ্বপুৰুষৰ কামক জীয়াই ৰখাই নহয়, উচ্চতম পৰ্যায়লৈও লৈ গৈছিল।
 
উল্লেখ্য যে, খলিল আহমেদে নিজৰ অনন্য অৱদানৰ বাবে বহু সন্মান আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ২০০০ চনত তেওঁক তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ইয়াৰ পিছত ২০০৭ চনত বস্ত্ৰ মন্ত্ৰালয়ে হস্তশিল্পীজনক শিল্প গুৰু বঁটাৰে সন্মানিত কৰে। ২০১৮ চনৰ উত্তৰ প্ৰদেশ দিৱসত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও তেওঁক সম্বৰ্ধনা জনায়। ২০২২ চনত তেওঁ কলাশ্ৰী বঁটা লাভ কৰে।
 
পদ্মশ্ৰী সন্মান লাভ কৰা হস্তশিল্পী খলিল আহমেদৰ বিপণি
 
খলিল আহমেদৰ তিনি পুত্ৰ ক্ৰমে ইস্তাখৰ আহমেদ, ৰুস্তম আৰু জলিল আহমেদেও পিতৃৰ সৈতে এই পৰম্পৰাগত হস্তশিল্প ব্যৱসায়ত কাম কৰি আছে। প্ৰতিজন পুত্ৰই নিজৰ দায়িত্ব পালন কৰি ব্যৱসায়টোক নতুন উচ্চতালৈ লৈ গৈছে। ইস্তাখৰ আহমেদে প্ৰডাকচন চম্ভালে, আনহাতে ৰুস্তমে মাৰ্কেটিং আৰু জলিলে ষ্টল চোৱাচিতা কৰে।
 
খলিল আহমেদে কেৱল ব্যৱসায় সম্প্ৰসাৰণ কৰাই নহয়, হাজাৰ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দি আছে যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাৱলম্বী হ’ব পাৰে। এতিয়ালৈকে তেওঁ হাজাৰ হাজাৰ যুৱক-যুৱতীক হস্তশিল্পৰ প্ৰশিক্ষণ দিছে। কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে এই পৰম্পৰাৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ লাহে লাহে ম্লান হৈ আহিছে।
 
পদ্মশ্ৰী খলিল আহমেদ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে অব্দুল কালামৰ সৈতে
 
আধুনিকতাৰ এই যুগত খাটৰ সলনি মানুহে বিচনা ব্যৱহাৰ কৰে, যাৰ ফলত কাৰ্পেটৰ চাহিদা হ্ৰাস পাইছে। তদুপৰি, নৱপ্ৰজন্মই এতিয়া এই হস্তশিল্প উদ্যোগটোৰ প্ৰতি আগ্ৰহ কমকৈ দেখুৱাইছে, কাৰণ তেওঁলোকে শিক্ষা লাভ কৰি ভাল দৰমহা পোৱা চাকৰি পোৱাটো সহজ হৈ পৰিছে। তথাপিও খলিল আহমেদ আৰু তেওঁৰ পৰিয়ালে কেৱল উদ্যোগটোক জীয়াই ৰখাৰ বাবেই নহয়, যুৱক-যুৱতীসকলকো ইয়াৰ লগত জড়িত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
 
আগতে ৰং কৰা কামটো ডাঙৰ ডাঙৰ কাৰখানাত কৰা হৈছিল, এতিয়া ৰং কৰা কোম্পানীয়ে কৰে। ১৯৯০ চনলৈকে ৰং কৰা হৈছিল হাতেৰে, এতিয়া মেচিনেৰে কৰা হয়। আগতে ৰংবোৰ সৰু সৰু স্কেলত ওজন কৰা হৈছিল, এতিয়া কম্পিউটাৰাইজড পদ্ধতি ব্যৱহাৰ কৰি ৰং মিহলি কৰা হয়। এতিয়া বজাৰত ডিজাইন থকা কাৰ্পেটৰ চাহিদা বৃদ্ধি পাইছে, আনহাতে আগতে কেৱল সাধাৰণ কাৰ্পেটহে নিৰ্মাণ কৰা হৈছিল।
 
পদ্মশ্ৰী সন্মান লাভ কৰা হস্তশিল্পী খলিল আহমেদক শুভেচ্ছা
 
খলিল আহমেদৰ জীৱন হৈছে সংগ্ৰাম, নিষ্ঠা আৰু শিল্পৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱাৰ প্ৰতীক। তেওঁ কেৱল এজন দক্ষ শিল্পীয়ে নহয়, তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত হস্তশিল্প উদ্যোগে মিৰ্জাপুৰক বিশ্ব মানচিত্ৰত স্বীকৃতি দিছে। তেওঁৰ এই কামে আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকিব আৰু মিৰ্জাপুৰৰ হস্তশিল্পৰ ঐতিহ্য জীয়াই ৰাখিব।
 
এই কাহিনীয়ে আমাক শিকাইছে যে কোনো কাম যদি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কৰা হয়, তেন্তে ই কেৱল আমাৰ জীৱন সলনি কৰাই নহয়, সমগ্ৰ বিশ্বতে আমাক বিখ্যাত কৰি তুলিব পাৰে।