কলকাতাৰ শ্বাগুফটা হানাফীৰ জিৰোৰ পৰা হিৰো হোৱাৰ অবিশ্বাস্য কাহিনী

Story by  atv | Posted by  Munni Begum • 5 d ago
শ্বাগুফটা হানাফী
শ্বাগুফটা হানাফী
 
ৰীতা ফাৰহাট মুকান্দ
 
শ্বাগুফতা হানাফীৰ সফলতাৰ কাহিনী সঁচাকৈয়ে অবিশ্বাস্য। খুৱ কমকৈ কথা কোৱা লাজুক ছোৱালীজনী শৈশৱত দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে হঠাতে অচেতন হৈও পৰিছিল। কিন্তু জীৱনৰ এটা সময়ত এজন ব্যক্তিৰ সান্নিধ্যই হানাফীৰ জীৱনক সম্পূৰ্ণৰূপে সলনি কৰি পেলায়। এতিয়া তেওঁ এগৰাকী শক্তিশালী বক্তা, গল্পকাৰ, দানবীৰ, আৰু শিক্ষাৰ জৰিয়তে মহিলাক সবলীকৰণ কৰা এন জি অ’ এটাৰ প্ৰতিষ্ঠাপক হিচাপে সমাজত প্ৰতিষ্ঠিত হৈছে।
 
লগতে তেওঁ বেষ্ট ফ্ৰেণ্ডজ ছ’চাইটি (Best Friendz Society), এছ এইচ ই (Shagufta Hanafie Events), আৰু আন বহুতো সংস্থাৰ সহ-প্ৰতিষ্ঠাপক। আমফান ঘূৰ্ণীবতাহৰ সময়ত শ্বাগুফতা হানাফীৰ জীৱনলৈ এটা পৰিৱৰ্তন আহিছিল, যেতিয়া তেওঁ এটা দলৰ সৈতে কেৰেলাৰ এৰ্নাকুলামৰ ৪০০ জনীয়া লোকৰ এখন গাঁৱৰ বাবে খাদ্য যোগান ধৰিছিল। ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ এন জি অ’ বেষ্ট ফ্ৰেণ্ডজ ছ’চাইটিয়ে সুন্দৰবনৰ দৰে কঠিন অঞ্চলতো মানৱতাৰ সেৱাত নিয়োজিত হৈছিল।
 
নিজৰ দলৰ সৈতে তেওঁ হাংগাৰ ফ্ৰী বেংগল (Hunger Free Bengal) নামৰ এক অভিযান আৰম্ভ কৰিছিল। নতুনকৈ ষ্টাৰ্টআপ মুকলি কৰা লোকসকলক তেওঁ প্ৰশিক্ষণ দিয়ে আৰু অকলশৰীয়া, বিবাহ বিচ্ছেদ হোৱা লোকসকলক ব্যক্তিগত পৰামৰ্শ (personal counseling) দিয়ে। আত্মহত্যাৰ প্ৰৱণতা জগা লোককো তেওঁ কাউন্সেলিং কৰে।
 
শ্বাগুফটা হানাফী
 
শ্বাগুফতা হানাফীয়ে ইভেণ্ট অৰ্গেনাইজাৰ, লেখিকা, শিক্ষকৰ উৎকৃষ্টতা বঁটাৰ প্ৰতিষ্ঠাপক, সঞ্চালক আৰু চিইঅ',  এছ এইচ ই (ছাগুফটা হানাফি ইভেণ্টছ)ৰ প্ৰতিষ্ঠাপক, আৰু ইনস্পাইৰিং উইমেন এচিভাৰ্ছ এৱাৰ্ডছ (আই ডব্লিউ এ এ)ৰ চি ই অ’কে ধৰি বহু পদবী দখল কৰি আছে। আৱাজ-দ্য ভইচক তেওঁ কয়, "মই নিজকে ব্ৰেণ্ড বুলি নাভাবো, কিন্তু মই অসাধাৰণ কামৰ বাবে মানুহক সন্মান আৰু স্বীকৃতি দিব বিচাৰো। যদিও মই তেওঁলোকক আনুষ্ঠানিক বঁটা দিব নোৱাৰো, তথাপিও তেওঁলোকৰ অবিশ্বাস্য প্ৰচেষ্টা আৰু নিষ্ঠাক স্বীকাৰ কৰিব বিচাৰো, যিবোৰ প্ৰায়ে ডাঙৰ ডাঙৰ নামৰ সন্মুখত হেৰাই যায়।"
 
দক্ষিণ কলকাতাৰ কিদৰপুৰত থকা ১০০ বছৰীয়া বাংলো ষ্টাইলৰ ব্ৰিটিছ ষ্টাইলৰ ঘৰটোত ১৭ জনীয়া যৌথ পৰিয়ালত পিতৃ-মাতৃ আৰু তিনিগৰাকী ভগ্নীৰ সৈতে শ্বাগুফতাই বাস কৰিছিল। তেওঁৰ নিঃসন্তান খুৰাক আৰু খুৰীয়েকে শ্বাগুফতাক তুলি লৈছিল। সৰু ছোৱালী হিচাপে শ্বাগুফতা আৱেগিক আৰু লাজুক আছিল, মাকৰ কাপোৰৰ আঁৰত সদায় লুকাই আছিল; আৰু পৰিয়ালৰ বাহিৰৰ মানুহৰ লগত কেতিয়াও কথা পতা নাছিল। শৈশৱত তেওঁ বেমাৰৰ সৈতেও যুঁজিবলগীয়া হৈছিল, যাৰ বাবে তেওঁ ভালদৰে পঢ়িব পৰা নাছিল।
 
“আমি কওঁ যে ভগৱান কা ইছাৰা আলগ হোতা হায়, হয়তো এজন ব্যক্তিয়ে যদি জীৱনৰ আৰম্ভণিতে ভাল কাম নকৰে, হয়তো তেওঁ পিছৰ জীৱনত কিবা এটা পৃথক বা মহান কাম কৰিব। মই আৰম্ভণিৰে পৰাই বৰ বেমাৰী শিশু আছিলোঁ যাৰ বাবে মোক বহুত যতনৰ প্ৰয়োজন হৈছিল। যদি মই পঢ়িব নিবিচাৰো তেন্তে পৰিয়ালৰ লোকে কৈছিল তাইৰ ওপৰত বেছি হেঁচা দিব নালাগে। মোৰ মা বৰ কঠোৰ আছিল যদিও আনসকল মোৰ ওপৰত অত্যন্ত কোমল আছিল। আমি এটা ডাঙৰ পৰিয়ালত বাস কৰিছিলো আৰু মই সকলোৰে আলাসৰ লাড়ু আছিলো। ষষ্ঠ শ্ৰেণীত মই লিগামেণ্টৰ আঘাত পাইছিলো আৰু ইয়াৰ ফলত মোৰ শৰীৰৰ বাওঁফালে প্ৰভাৱ পৰিছিল। আনকি কেতিয়াবা অচেতন হৈও পৰিছিলোঁ।"-কলকাতাৰ শ্বাগুফটা হানাফীয়ে কয়। 
 
এক অনুষ্ঠানত শ্বাগুফটা হানাফী
 
তেওঁ পুনৰ কয়, “যেতিয়া মোৰ বয়স ৯ বছৰ আছিল, তেতিয়া মোৰ গলব্লাডাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল; ইয়াত ৭২টা ষ্ট'ন আছিল। এই কাহিনীটো বাতৰি কাকতত প্ৰকাশ পাইছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে পৰীক্ষা নিদিয়াৰ বাবে এবছৰ পিছ পৰি আছিলো। সেই সময়ত মোৰ দেউতাৰ বন্ধু জুনাইদ খুড়াৰ ৰূপত এজন ফেৰেস্তাই মোক পঢ়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ মোৰ দেউতাক কৈছিল, “আহক আমি তাইৰ পঢ়াৰ প্ৰেৰণা ঘূৰাই আনো আৰু তাইক শিকোৱাৰ দায়িত্ব মোক দিয়ক।"
 
"তেওঁ মোক অংক শিকাইছিল আৰু মই বিষয়টো লাহে লাহে ভাল পাবলৈ ধৰিলোঁ। তিনিমাহ বিচনাত পৰি থকাৰ পিছত ৰবটিক পোছাক পিন্ধি স্কুললৈ উভতি আহিলোঁ। মোৰ অধ্যক্ষই দেউতাক ফোন কৰি মোক ঘৰলৈ লৈ যাবলৈ ক’লে, “আপোনালোকে বুজি পোৱা নাই, তাই এতিয়াও মানসিক অসন্তুোলনৰ সন্মুখীন হৈ আছে।"
 
"ক্লাছত সহপাঠীয়েও মোক উপহাস কৰিছিল। এনে পৰিস্থিতিত মই স্কুলখন সলনি কৰিবলৈ বাধ্য হৈছিলো। ইয়াত মই বিশ্বাস কৰিব নোৱাৰাকৈ এ গ্ৰেড পাইছিলো। ভাবিছিলোঁ যে মোৰ মাৰ্ক শ্বীটখন আন কাৰোবাৰ লগত সালসলনি হৈছে নেকি! ইয়াৰ পিছতে ঘৰৰ মানুহে মোৰ বিয়াৰ কথা উলিয়াই, বিয়াৰ কথাই মোক ক্ষুব্ধ কৰি তুলিছিল আৰু মই ৰাঁচীলৈ গৈ পেহীৰ ঘৰত থাকি কলেজত অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছিলো।"
 
শ্বাগুফটাৰ বেচৰকাৰী সংস্থাসমূহে আয়োজন কৰা অনুষ্ঠানৰ কিছু দৃশ্য
 
‘ডাঙৰ মাৰ মৃত্যুৰ পিছত ২০০২ চনত উভতি আহিছিলো আৰু ৰাঁচীলৈ পুনৰ যাবলৈ অস্বীকাৰ কৰিলোঁ। এনেতে কলেজ এৰি এদিন কলকাতাত কৰ্মশালা এখনত অংশ লৈছিলো, য'ত ৰুবী ভাটিয়া আৰু মিচেল পিণ্টোক মই লগ পাইছিলো। সেইটো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল, কাৰণ মই কেতিয়াও নাজানিছিলো যে আনখন পৃথিৱীও আছে, যাৰ বিষয়ে মই একো জনা নাছিলো।
 
এই কৰ্মশালাখন আছিল এক সুন্দৰ শিক্ষণ অভিজ্ঞতা য’ত মই এই আচৰিত মানুহবোৰক লগ পাইছিলো। তেওঁলোকে মোক কৈছিল, যিহেতু আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব নিবিচাৰে, গতিকে আমাক সহায় কৰক, যিহেতু আপোনাৰ ইংৰাজী ভাল। তেওঁলোকৰ লগত মই বক্তৃতা শিকিলোঁ। আগতে মই কেতিয়াও বাহিৰত কাৰো লগত কথা পতা নাছিলো, কিন্তু বৰ্তমান মই কেৱল ৰাজহুৱা ভাষণ দিয়াই নহয়, সকলোৱে মোক লগ কৰিবলৈ আহে আৰু মই এজন সুপৰিচিত ব্যক্তি।
 
‘মোৰ প্ৰথম দৰমহা আছিল ৩২০০ টকা আৰু টেক্সিৰে কৰ্মস্থলীলৈ যাওতে মোৰ দৰমহাতকৈ অধিক ধন খৰচ হৈছিল। মোৰ ডাঙৰ পাপাই কৈছিল, “তাইক যিমান পাৰে ভ্ৰমণ কৰিবলৈ দিয়া উচিত, যাতে তাই মানুহৰ লগত কথা পাতিব জনা হয় আৰু সকলোৰে লগত মিলিব শিকে। এই সকলোবোৰ আছিল জীৱনৰ বাবে এক শিক্ষা। জীৱনৰ পিছৰ কালছোৱাত ই কামত আহে। ইয়াৰ পিছত মোৰ এজন ভাল বন্ধু ৰাজীৱ আৰু মই লঞ্চাৰছ (Launchers) নামৰ নতুন ব্ৰেণ্ড এটা মুকলি কৰিলোঁ। মই ৰাজীৱৰ সৈতে ১৭ বছৰ ধৰি এটা পাৰ্টনাৰশ্বিপ ফাৰ্মত পি আৰ ডাইৰেক্টৰ হিচাপে কাম কৰিছো। পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলোৰে সন্মতিক্ৰমে এতিয়া তেওঁ মোৰ স্বামী।
 
শ্বাগুফটাৰ কাৰ্যালয়ত বিভিন্ন পটভূমিৰ মহিলাৰ ছবি আৰি থোৱা এখন দেৱাল
 
মোৰ স্বামীয়ে গোটেই দিনটো কাম কৰে; তেওঁ মোক অতিশয় সহায় কৰে, মোৰ বেছিভাগ ফটো তেওঁ ক্লিক কৰে, মোৰ লগত সকলো ঠাইলৈ যায়, আৰু মোৰ মাক-দেউতা মোৰ ঠিক পিছফালে থিয় হৈ থাকে। ২০১৮ চনৰ অক্টোবৰ মাহত মোৰ জীৱনটো সলনি হৈছিল যেতিয়া মোৰ ডাঙৰ পাপাৰ শৰীৰত কেন্সাৰ ধৰা পৰিছিল। ২০১৯ চনত তেওঁৰ মৃত্যু হোৱালৈকে আমি বহু সময় কথা পাতিছিলো। মই তাৰ পিছত হতাশাত ভাঙি পৰিছিলো। ইয়াৰ পূৰ্বে ২০১৫ চনত মই মোৰ ডাঙৰ মাক হেৰুৱাইছিলোঁ। মই নিজকে শিপা নোহোৱা যেন অনুভৱ কৰিছিলোঁ আৰু কামৰ পৰা বিৰতি লৈছিলো। 
 
২০২০ চনত মই মোৰ প্ৰথম ইভেণ্ট কৰিলোঁ আৰু অতি সোনকালে ৫টা ইভেণ্ট কৰিবলৈ আগবাঢ়িলোঁ। ২০২০ চনৰ ২২ মাৰ্চত লকডাউনে সকলো বন্ধ কৰি দিলে। মানুহে কয় লকডাউন বেয়া আছিল, কিন্তু মোৰ বাবে লকডাউন আছিল এক আশীৰ্বাদ। বেষ্ট ফ্ৰেণ্ডজ ছ'চাইটি নামৰ আমাৰ বেচৰকাৰী সংস্থাটোৱে মানুহক সহায় কৰি আছিল। এদিন মোৰ এগৰাকী বান্ধৱী ফেশ্বন ডিজাইনাৰ নিশাই মোক চাইক্ল'ন আম্ফানত কেৰালাত আবদ্ধ হৈ থকা মানুহক সহায় কৰিবলৈ ক'লে। তেতিয়া মই জনসংযোগ আৰু সংবাদ মাধ্যমৰ সহায় লৈছিলো। প্ৰথমে ভাবিলোঁ কেৰেলাৰ মানুহৰ ওচৰলৈ কেনেকৈ হাত আগবঢ়াব পাৰিম। মই নিজকে ক’লোঁ: ঠিক আছে, আমি এইটোৰ প্ৰতি আগ্ৰহী নহ’লেও তেওঁলোকৰ ওচৰলৈ যোৱাৰ পথ বিচাৰিম।
 
প্ৰথমে আমি শুনিছিলো যে চাৰিজন মানুহ আছে, কিন্তু প্ৰকৃতাৰ্থত তাত ৪০ জন মানুহ আছিল। আৰু শেষত দেখিলো এৰ্নাকুলামৰ বেংগলী পাৰাত প্ৰায় ৪০০ লোক আবদ্ধ হৈ আছিল। বি এছ এফে সাধাৰণ অঞ্চলত খাদ্য যোগান ধৰি আছিল যদিও এইসকল লোকৰ ওচৰলৈ যাব পৰা নাছিল। আমি সঠিক ঠাই এটা বিচাৰি উলিয়াব লগা হ’ল আৰু তাৰ পিছত নিশা আৰু মই এমাহৰ বাবে ৪০০ জনৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিলোঁ। মোৰ মাজত নতুন শক্তি আৰু আনন্দ অনুভৱ কৰিলোঁ। মানুহক গোট খুৱাবলৈ আৰম্ভ কৰিলোঁ, আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ ধৰিলোঁ।
 
শ্বাগুফটা হনাফীৰ গ্ৰন্থ 'গ্ল’বেল ছুপাৰষ্টাৰছ'ৰ মুকলিৰ এক মূহুৰ্ত
 
দৈনিক মজুৰি শ্ৰমিকৰ হৈ বহুতে মাত মাতি থকাৰ সময়তে প্ৰায়ে আওকাণ কৰা গোটৰ প্ৰতি মোৰ দায়িত্ব অনুভৱ হ’বলৈ ধৰিলে, যেনে মডেল, ফটোগ্ৰাফাৰ যিয়ে এটা এচাইনমেণ্টৰ কাৰণে মাত্ৰ ২০০০ টকা লাভ কৰে। মই তেওঁলোকক যিমান পাৰো সহায় কৰিলো আৰু ব্যক্তিগতভাৱেও সহায়ৰ আশ্বাস দিলোঁ। ফটোগ্ৰাফাৰ আৰু মডেলসকলৰ পৰা বিপুল সঁহাৰি পাইছিলোঁ, তেওঁলোকৰ কিছুমানে আনকি আত্মহত্যাৰ কথাও চিন্তা কৰি আছিল। সহায় কৰিবলৈ আমি বেষ্ট ফ্ৰেণ্ডজ ছ'চাইটিৰ অধীনত "ফোন এ ফ্ৰেণ্ড" নামৰ এটা অভিযান আৰম্ভ কৰিলোঁ।
 
মোৰ সৌভাগ্য যে মোৰ কিছুমান আচৰিত ক্লায়েণ্ট আছে। মই ফেচবুকত ক্লায়েণ্টসকলক মেছেজ কৰিলো আৰু আৰ্তজনক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সহায় বিচাৰিলো। চাউল, দালি, আৰু অন্যান্য সামগ্ৰী পঠিয়াই তেওঁলোকে মোক সৌজন্যতাৰে প্ৰত্যুত্তৰ দিলে। তেওঁলোকে মোক বিশ্বাস কৰিছিল যে মই তেওঁলোকৰ অনুদান সৎভাৱে ব্যৱহাৰ কৰিম, যাৰ ফলত আমাৰ সংযোগ শক্তিশালী হৈ উঠিছিল। মই এটা ভাৰ্চুৱেল ফিলানথ্ৰপিক ক্লাব চলাইছো য’ত মানুহে ধন বা সামগ্ৰী যোগান ধৰি সহায় কৰিব পাৰে। ক’ভিড-১৯ৰ সময়ত মই সঘনাই সুন্দৰবন আৰু অন্যান্য অঞ্চল ভ্ৰমণ কৰিছিলো, আৰ্তজনক সহায় কৰিছিলো। 
 
সঞ্জয় মণ্ডল নামৰ এজন ফটোগ্ৰাফাৰ আৰু নাওৰ মালিকে কেৱল ইন্ধনৰ ধন বিচাৰি আমাৰ লগত যাত্ৰা কৰিছিল। যিবোৰ পৰিয়ালৰ ঘৰ বানপানীত বুৰ গৈছিল সেইবোৰ পৰিয়ালক আমি সহায় কৰিছিলো। এদিন ৰাতি সুন্দৰবনৰ পৰা উভতি অহাৰ পাছত মায়ে মোক সোনকালে জগাই দিছিল। তেওঁ মোক আন এটা ক’ভিড-১৯ সাহায্য যাত্ৰাত যোগদান কৰিবলৈ সোঁৱৰাই দিছিল। তেওঁ কৈছিল, তুমি মানুহক প্ৰতিশ্ৰুতি দিছিলা, গতিকে যাব লাগিব, যিয়েই নহওক কিয়। তেনেকুৱা পিতৃ-মাতৃ থকাটো গুৰুত্বপূৰ্ণ৷ ক’ভিডৰ সময়ত আমাৰ সকলো কাম কৰাৰ পিছতো আল্লাহৰ ৰহমত আমি কেতিয়াও ভাইৰাছত আক্ৰান্ত হোৱা নাছিলো। মই বিশ্বাস কৰোঁ যে ভাল কাম কৰি থাকিলে ভালবোৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিব।
 
শ্বাগুফটাৰ এন জি অ'ৰ এক অনুষ্ঠানৰ এখন পোষ্টাৰ
 
বংগ ৰাজনৈতিকভাৱে অশান্ত অঞ্চল, যাৰ বাবে উপযুক্ত মানুহক লগ পোৱাটো কঠিন হৈ পৰিছে। ২০২০ চনৰ পৰা বিভিন্ন ঠাইত সৰু সৰু কেন্দ্ৰ খুলিছো, অনাথ, জ্যেষ্ঠ নাগৰিক, শিক্ষক, দৈনিক মজুৰি আদায় কৰাকে ধৰি প্ৰায় ৭০ জন লোকক সহায় কৰিছো। প্ৰতিমাহে আমি তেওঁলোকক খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী পঠিয়াই দিওঁ যাতে তেওঁলোকে ভোকত শুই নাযায়। ২০২০ চনৰ অক্টোবৰ মাহত আমাৰ "Phone a Friend" অভিযানে আমাক সহায়ৰ প্ৰয়োজন হোৱা বহু লোকৰ সৈতে সংযোগ কৰিলে। মই "এবুজ দুৰ্গা" (Abuse Durga) নামৰ এটা নতুন অভিযান আৰম্ভ কৰিলোঁ, যিটো পৰৱৰ্তী সময়ত "আমাৰ দুৰ্গা, আমাৰ অ' দুৰ্গা"লৈ বিকশিত হয়। 
 
১৫-২০ বছৰ ধৰি তেওঁলোকৰ বিৰুদ্ধে অন্যায় আইনী গোচৰ থকা লোককো চিনি পাইছো৷ আমি অংশগ্ৰহণ কৰিব নোৱাৰা এন জি অ’সমূহৰ বাবে এখন প্ৰদৰ্শনী আয়োজন কৰিলোঁ আৰু এল জি বি টি সম্প্ৰদায় আৰু অকলশৰীয়া মাতৃসকলক উদগণি যোগালো। আমি অতি সোনকালে এলজিবিটি সম্প্ৰদায়ৰ বাবে আন এক অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছো। মোৰ এন জি অ’ মোৰ চেৰিটি পাৰ্টনাৰ। মই সিদ্ধান্ত লৈছিলো যে মোৰ অনুষ্ঠানৰ জৰিয়তে ইয়াৰ বাবে ধন দিব, যাতে মই আনৰ পৰা টকা বিচাৰি থাকিব নালাগে। মই এটা ডাঙৰ সকাহ পাইছিলো, যেতিয়া এজন প্ৰাক্তন ক্লায়েণ্টে আমাৰ শিক্ষক উৎকৃষ্টতা বঁটাৰ অনুষ্ঠানটোক ২০ হাজাৰ টকাৰে সমৰ্থন কৰিলে। মই তেওঁক কৈছিলো যে মই এই বিষয়টো এইবাবেই বাছি লৈছো কাৰণ মই মোৰ সফলতাৰ বাবে মোৰ শিক্ষকসকলৰ ওচৰত সদায় কৃতজ্ঞ আৰু ঋণী। তেওঁলোকক সন্মান জনোৱাটো আমাৰ কৰ্তব্য।
 
মই যুৱক-যুৱতী, অনভিজ্ঞ লোকৰ সৈতে কাম কৰাটো পছন্দ কৰো, তেওঁলোকক আগবাঢ়ি যোৱাৰ সুযোগ দিও। মোৰ বিশ্বাস সকলোৰে ডাঙৰ ডাঙৰ কাম কৰাৰ সম্ভাৱনা আছে; তেওঁলোকক মাত্ৰ এটা সুযোগ আৰু সঠিক প্লেটফৰ্ম লাগে। মোৰ লক্ষ্য হৈছে স্থানীয় আৰু বিশ্বব্যাপী মোৰ প্লেটফৰ্মত ১০,০০০ প্ৰেৰণাদায়ী লোকৰ কাহিনী শ্বেয়াৰ কৰা।
 
(ৰীতা ফাৰহাট মুকান্দ এগৰাকী স্বতন্ত্ৰ লেখিকা)