আলিগড় মুছলিম বিশ্ববিদ্যালয়ক ভূমি দান কৰা হিন্দু সমাজ সংস্কাৰক মহেন্দ্ৰ প্ৰতাপ সিং এতিয়া পাহৰণিৰ গৰ্ভত

Story by  atv | Posted by  Munni Begum • 10 d ago
হিন্দু সমাজ সংস্কাৰক মহেন্দ্ৰ প্ৰতাপ সিং
হিন্দু সমাজ সংস্কাৰক মহেন্দ্ৰ প্ৰতাপ সিং
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিচাৰপীঠে শেহতীয়াকৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সংখ্যালঘু প্ৰতিষ্ঠান হিচাপে স্বীকৃতি বাহাল ৰখাৰ সিদ্ধান্ত লৈছে। বিশ্ববিদ্যালয়খনে সংখ্যালঘুৰ স্বীকৃতি ধৰি ৰাখিব লাগে নে নাই, সেই বিষয়ক লৈ দেশৰ চৌদিশে তৰ্ক-বিতৰ্ক চলি থকাৰ মাজতে বহুতে কিন্তু এগৰাকী বিশেষ ব্যক্তিৰ কথা পাহৰি গৈছে, যিয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ক ভূমি দান কৰি এই প্ৰতিষ্ঠানৰ নিৰ্মাণত অৰিহণা আগবঢ়াইছিল।
 
এই ব্যক্তিজনক মাত্ৰ এটা পৰিসীমাৰ ভিতৰত আৱদ্ধ কৰাটো কঠিন হ’ব। কাৰণ, ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং নামৰ এই ব্যক্তিগৰাকী আছিল একেধাৰে এজন সমাজ সংস্কাৰক, নোবেল বঁটাৰ বাবে মনোনীত ব্যক্তি আৰু এজন দক্ষ সাংসদ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙক যথাযথ কৃতিত্ব দিয়া হোৱা নাই বুলি উল্লেখ কৰি তেওঁৰ নামত বিশ্ববিদ্যালয় ঘোষণা কৰাৰ লগে লগে তেওঁৰ নাম পুনৰ চৰ্চালৈ আহিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যোগী আদিত্যনাথৰ এই কথাক বৈধতা প্ৰদান কৰিছিল।
 
 
প্ৰকৃতাৰ্থত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং আছিল এজন স্বাধীনতা সংগ্ৰামী, বিপ্লৱী, সংস্কাৰক আৰু সাহিত্যিক। ১৯১৫ চনত কাবুলৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত নিৰ্বাসিত চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ অস্থায়ী চৰকাৰৰ তেওঁ ৰাষ্ট্ৰপতিও আছিল। আনকি নিজৰ কাৰ্যকলাপৰ বাবেই ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ব্ৰিটিছ চৰকাৰৰ লক্ষ্য হৈ পৰিছিল। এইগৰাকী ব্যক্তি ১৯৩২ চনত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল।
 
তেওঁ স্বাধীনতাৰ এবছৰ আগতে ভাৰতলৈ উভতি আহি মহাত্মা গান্ধীৰ সৈতে কাম আৰম্ভ কৰে। ১৯৫৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সিঙে মথুৰা লোকসভাৰ আসনত জয়লাভ কৰিছিল। সেই সময়ত তেওঁ নিৰ্বাচনত তেতিয়াৰ জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং বিজয়ী হোৱাৰ বিপৰীতে বাজপেয়ীয়ে নিৰ্বাচনত চতুৰ্থ স্থান লাভ কৰিছিল। অৱশ্যে, বাজপেয়ীয়ে উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ পৰা জয়ী হ'বলৈ সক্ষম হৈছিল।
 
মহেন্দ্ৰ প্ৰতাপ সিঙৰ জীৱন আৰু শিক্ষাৰ প্ৰাৰম্ভিক সময়ছোৱাঃ

১৮৮৬ চনত হাথৰাছৰ জাট পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙে পিছলৈ পিতৃৰ পৰা এই সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। ৯ বছৰ বয়সত ৰাজাই আলিগড়ৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে। পিছলৈ তেওঁ ছাৰ চৈয়দ আহমেদ খানে প্ৰতিষ্ঠা কৰা মুহাম্মাদান এংলো-অৰিয়েণ্টেল কলেজিয়েট স্কুললৈ স্থানান্তৰিত হয়। পৰৱৰ্তী সময়ত এই স্কুলখনে আলীগড় মুছলিম বিশ্ববিদ্যালয় (এ এম ইউ)লৈ ৰূপান্তৰিত হয়। ব্ৰিটিছ প্ৰধান শিক্ষক আৰু মুছলমান শিক্ষক উভয়ে ৰাজাৰ শিক্ষাৰ অন্তৰ্নিহিত অংগ হৈ পৰিছিল। পিছলৈ ১৯০৯ চনত তেওঁৰ ঘৰখন প্ৰেম মহাবিদ্যালয় (Prem Mahavidyalaya) নামৰ কাৰিকৰী বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয়।
 
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং 
 
ছাৰ চৈয়দ আহমেদ খানক এ এম ইউ প্ৰতিষ্ঠা কৰাত সহায় কৰা পিতৃ ৰাজা ঘনশ্যাম সিঙৰ পৰা মহেন্দ্ৰ প্ৰতাপ সিঙে তেওঁৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁ ছাৰ চৈয়দ আৰু এ এম ইউক সহায় কৰাৰ লগতে এ এম ইউৰ বাবে মাটিও দান কৰিছিল। মহেন্দ্ৰ প্ৰতাপ সিঙে প্ৰথমে এ এম ইউৰ স্কুলৰ বাবে মাটি দিছিল আৰু তাৰ পিছত বিশ্ববিদ্যালয়ক কিছু মাটি দান কৰি মহানতাৰ পৰিচয় দিছিল। ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙৰ অপৰিসীম অৱদানৰ বাবে বিদ্যালয়খনৰ নাম ৰাজাৰ নামেৰে ৰখা হৈছে। তেওঁৰ পৰিয়ালে আনকি ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙৰ প্ৰতিকৃতি এ এম ইউ (AMU)ৰ ভিতৰত স্থাপন কৰিবলৈও আহ্বান জনাইছিল।
 
ভাৰতৰ স্বাধীনতা সংগ্ৰামত ৰাজাৰ অৱদানঃ
 
প্ৰাক-স্বাধীনতা কালৰ ভাৰতত সিঙৰ অৱদান শিক্ষা সংস্কাৰতকৈও বৃহৎ আছিল। দাদাভাই নাওৰজী, বাল গংগাধৰ তিলকৰ দৰে কংগ্ৰেছ নেতাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল। আনকি পৰিয়ালৰ আশংকা থকাৰ পাছতো তেওঁ কংগ্ৰেছৰ কলিকতা অধিৱেশনত অংশ লৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে আন্তৰ্জাতিক সহায় বিচাৰি দেশ এৰি থৈ গৈছিল।
 
জাৰ্মানীত প্ৰৱেশ কৰাৰ লগে লগে দ্বিতীয় কাইজাৰ উইলহেম মহেন্দ্ৰ প্ৰতাপ সিঙক আদৰণি জনাবলৈ আহে। কিন্তু তেওঁ চুইজাৰলেণ্ড, তুৰস্ক আৰু অষ্ট্ৰিয়ালৈও গৈ সহায় বিচাৰে। ‘ভাৰতীয় স্বাধীনতা আন্দোলনত ৰাজা মহেন্দ্ৰ প্ৰতাপৰ ভূমিকা আৰু অৱদান’ শীৰ্ষক গৱেষণা পত্ৰ অনুসৰি ১৯১৫ চনত কাবুলৰ পৰা নিৰ্বাসিত হৈ ভাৰতৰ প্ৰথমখন চৰকাৰ স্থাপন কৰিবলৈ সিঙে আগবাঢ়ি যায়। তেওঁ ৰাষ্ট্ৰপতি হৈছিল আৰু ভূপালৰ মৌলৱী বৰকতুৱাল্লাহ চৰকাৰৰ প্ৰধানমন্ত্ৰী হৈছিল। এই ভ্ৰমণৰ সময়ছোৱাত সিঙে ৰাছিয়াৰ নেতা লেনিন আৰু জাপানৰ নেতৃত্বৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। তেওঁ অনুৰূপ দেশৰ সমৰ্থন গোটাই আছিল, যিবোৰ পিছলৈ সুভাষ চন্দ্ৰ বসুৱে গ্ৰহণ কৰিছিল। অদম্য সংগ্ৰাম, দেশপ্ৰেম আৰু ত্যাগৰ বাবেই ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙে মহাত্মা গান্ধীৰ পৰা সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
 
বাওঁফালৰ পৰা বহি থকা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰি আৰু ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং
 
ছুইডেনৰ চিকিৎসক এন এ নিলছনে (Swedish doctor N A Nilsson) ভাৰতৰ ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। ভাৰতত ব্ৰিটিছৰ নৃশংসতা উদঙাই দিয়াৰ বাবে নোবেল বঁটা কমিটীয়ে তেওঁক প্ৰশংসা কৰিছিল বুলি দ্য ন’মিনেচন ডাটাবেছ ফৰ দ্য ন’বেল প্ৰাইজ ইন পিছৰ তথ্যত প্ৰকাশ পাইছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ এবছৰৰ আগতেহে সিঙে ভাৰতলৈ উভতি আহে। দেশলৈ প্ৰত্যাৱৰ্তনৰ পিছত তেওঁ মহাত্মা গান্ধীক ৱৰ্ধা আশ্ৰমত লগ পায়।
 
উল্লেখ্য যে, ব্ৰিটেইনৰ সৈতে দ্বিতীয় বিশ্বযুদ্ধ যুঁজি থকা জাৰ্মানী আৰু জাপানৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টাই তেওঁক ব্ৰিটিছ ভাৰতত ৰাজনৈতিক বিস্মৃতিৰ মাজত ৰাখিছিল। কিন্তু তেওঁ অতি সোনকালে ৰাজনৈতিক পদবীত অধিষ্ঠিত হয়। ১৯৫৭ চনত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হয়। তেওঁ পৰাজিত কৰা লোকসকলৰ ভিতৰত আছিল সেই সময়ৰ যুৱ ৰাজনীতিবিদ অটল বিহাৰী বাজপেয়ী।
 
১৯৭৯ চনত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙৰ মৃত্যুৰ পিছত জনতা পাৰ্টি চৰকাৰে তেওঁৰ স্মৃতিত ডাক টিকট জাৰি কৰে। যি সময়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং আৰু তেওঁৰ অৱদানক এতিয়া স্বীকৃতি দিয়া হৈছে আৰু শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে, সেই সময়ত আলীগড় মুছলিম বিশ্ববিদ্যালয়লৈ তেওঁৰ অমূল্য অৱদানো আমাৰ সামূহিক স্মৃতিৰ অংশ হোৱা উচিত।