সৰু টেইলৰিং দোকান এখনক ১২ হাজাৰ কোটি টকাৰ কোম্পানীলৈ ৰূপান্তৰিত কৰা মানুহজন

Story by  atv | Posted by  Munni Begum • 27 d ago
 ইৰফান ৰাজাক
ইৰফান ৰাজাক
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
কষ্ট আৰু সাধনাৰ বলত সফলতা লাভ কৰা লোকৰ কাহিনীবোৰে মানুহক সদায়ে অনুপ্ৰাণিত কৰি আহিছে। কাৰণ এই লোকসকলে জীৱনত উত্থান-পতন উভয়ৰে সন্মুখীন হৈ সফলতাৰে শিখৰত উপনীত হয়। তেনে এক প্ৰেৰণাদায়ী কাহিনী হৈছে ভাৰতৰ অন্যতম ধনী ব্যক্তি ইৰফান ৰাজাকৰ সফলতা। তেওঁ হৈছে প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। 
 
এটা ব্যৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজাকৰ পিতৃ ৰাজাক ছাত্তাৰে ১৯৫০ চনত বেংগালুৰুত এখন সৰু কাপোৰ আৰু টেইলৰিং দোকানৰ সৈতে প্ৰেষ্টিজ গ্ৰুপ প্ৰতিষ্ঠা কৰে। ৰাজাকৰ নেতৃত্বত প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছ ভাৰতীয় ৰিয়েল এষ্টেট খণ্ডত এক আগশাৰীৰ ব্ৰেণ্ডত পৰিণত হৈছে। আৱাসিক, বাণিজ্যিক, খুচুৰা, আৰু আতিথ্য খণ্ডত অসংখ্য উদ্যোগৰ সৈতে কোম্পানীটোৱে ২৮৫টা প্ৰকল্প সম্পূৰ্ণ কৰিছে আৰু ৫৪টা প্ৰকল্প চলি আছে।
 
ইৰফান ৰাজাক আৰু তেওঁৰ পত্নী বদৰুনিছা ইৰফান  
 
উল্লেখ্য যে, ইৰফান ৰাজাক আৰু তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তি ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে, কাৰণ প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছৰ শ্বেয়াৰ ৬০% বৃদ্ধি পাইছে। কোম্পানীটোৱে নিজকে ভাৰতৰ সৰ্ববৃহৎ তালিকাভুক্ত সম্পত্তি প্ৰতিষ্ঠান (Property Firm) হিচাপে চিহ্নিত হৈছে। তেওঁলোকতকৈ ওপৰত আছে মাত্ৰ ডি এল এফ (DLF)। প্ৰেষ্টিজৰ সম্পত্তিৰ বিখ্যাত ক্লায়েণ্টসকলৰ ভিতৰত আছে এপল, কেটাৰপিলাৰ, আৰ্মানি, আৰু লুই ভিটনৰ দৰে গ্লোবেল ব্ৰেণ্ডসমূহ।
 
১৯৯০ চনত বেংগালুৰুত দ্বিতীয়টো ৰিয়েল এষ্টেট প্ৰজেক্ট বিক্ৰী কৰাৰ পিছত তেওঁ অৱসৰৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ৰাজাকৰ উদ্যোগীকৰণৰ প্ৰতি থকা আকৰ্ষণে তেওঁক প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছক ৰিয়েল এষ্টেট উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবলৈ বাধ্য কৰাইছিল। 
 
বৰ্তমান প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছে বেংগালুৰুৰ বাহিৰলৈ সম্প্ৰসাৰিত হৈ চেন্নাই, কোচি, কালিকাট, হায়দৰাবাদ, আৰু মুম্বাইৰ দৰে চহৰলৈ আগবাঢ়িছে। মধ্যবিত্তীয় ক্ৰেতাক লক্ষ্য কৰি কোম্পানীটোৱে বাৰ্ষিক বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।
 
এক অনুষ্ঠানত ইৰফান ৰাজাক
 
ৰাজাকৰ সৰু ভাতৃ ৰেজৱান আৰু নোমানেও ইয়াৰ অপৰিসীম সফলতাত অৰিহণা যোগাইছে। আমোদজনকভাৱে তেওঁলোকৰ কাপোৰ আৰু টেইলৰিং দোকানখন এতিয়াও প্ৰেষ্টিজ এষ্টেটছ প্ৰজেক্টছৰ ৰিয়েল এষ্টেট উদ্যোগৰ সমান্তৰালভাৱে চলি আছে। বৰ্তমান ইৰফান ৰাজাকৰ সম্পত্তিৰ পৰিমাণ ১.৩ বিলিয়ন ডলাৰ বা ১০৮,৬৭৮,৮০২,৭০০ টকা। ইয়াৰ ফলত তেওঁ আজি ভাৰতৰ অন্যতম প্ৰভাৱশালী আৰু সফল উদ্যোগী হিচাপে স্থান পাইছে।
 
২০২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ১২,৯৩০ কোটি টকাৰ বিক্ৰী কৰিছিল। ২০২৪ চনৰ বাবে ফৰ্বছৰ ‘বিশ্বৰ কোটিপতি’ৰ তালিকাতো ইৰফান ৰাজাকৰ নাম সন্নিবিষ্ট হৈছিল।