জাহিদ খান
দেশৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নেতাৰ সৈতে সমস্বৰে উচ্চাৰিত হোৱা এটি নাম আছিল মৌলানা আবুল কালাম আজাদ। সামগ্ৰিকভাৱে দেশৰ স্বাধীনতা আন্দোলনলৈ তেওঁৰ অৱদান আছিল অভূতপূৰ্ব আৰু অতুলনীয়। আনকি কোৱা হয় যে, মৌলানা আজাদে যদি হিন্দু-মুছলমানক একত্ৰিত কৰাৰ উদ্যোগ নল'লেহেঁতেন, তেন্তে আমাৰ স্বাধীনতা আন্দোলনৰ ফলাফল পৃথক হ’লহেঁতেন। মহাত্মা গান্ধীৰ সৈতে মিলি হিন্দু-মুছলমান ঐক্যৰ বাবে তেওঁ অতুলনীয় কাম কৰিছিল।
স্বাধীনতা আন্দোলনত মৌলানা আজাদৰ গুৰুত্ব বাঢ়ি যায়, কাৰণ তেওঁৰ আগমনৰ পূৰ্বে ছাৰ চৈয়দ আহমেদ খানে মুছলমানসকলৰ হৃদয়ত এই কথাটো সোমাই দিছিল যে, যদি তেওঁলোকে দেশত আগবাঢ়িব বিচাৰে তেন্তে চৰকাৰৰ পথ অনুসৰণ কৰিব লাগিব। কিন্তু, মৌলানা আজাদে যেতিয়া স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিল, সকলো ভাষণতে তেওঁ হিন্দু ভাইসকলৰ সৈতে ইংৰাজ শাসনৰ বিৰোধিতা কৰিবলৈ মুছলমানসকলক আহ্বান জনাইছিল।
মহাত্মা গান্ধী, মৌলানা আজাদ আৰু পেটেল
উল্লেখ্য যে, স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ বাবে মৌলানা আজাদক ১৯১৬ চনত প্ৰথমবাৰৰ বাবে গৃহবন্দী কৰা হয় আৰু তাৰ পিছত ১৯৪৫ চনলৈকে আৰু ছবাৰ কাৰাগাৰলৈ পঠিওৱা হয়। দহ বছৰৰ দীঘলীয়া সময় তেওঁ কাৰাগাৰত কটায় যদিও দেশপ্ৰেম কমি যোৱা নাছিল। দেশৰ বাবে যিকোনো ধৰণৰ ত্যাগ কৰিবলৈ তেওঁ সদায় সাজু আছিল। মৌলানা আজাদে ধৰ্মৰ নামত বিচ্ছিন্নতাবাদক প্ৰচাৰ কৰা প্ৰতিটো কামৰ বিৰোধী আছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ মুছলিম লীগৰ সৈতে জড়িত বহু মুছলমান ৰাজনীতিবিদক সাম্প্ৰদায়িক বিষয়ত মনোনিৱেশ কৰা বুলি মুকলিকৈ সমালোচনা কৰিছিল। স্পষ্টভাৱে ৰাজনৈতিক বিশ্বাস আৰু দৃষ্টিভংগীৰ বাবেও তেওঁ মুছলমানৰ এক বৃহৎ অংশৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ইয়াৰ পিছতো তেওঁ মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ সংগ এৰি যোৱা নাছিল। মৌলানা আজাদে লৱণ সত্যগ্ৰহ, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন আৰু ভাৰত ত্যাগ আদি সকলো ডাঙৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯২৩ চনত তেওঁ কংগ্ৰেছৰ কনিষ্ঠতম সভাপতি নিৰ্বাচিত হয়। স্বাধীনতা আন্দোলন যেতিয়া নিৰ্ণায়ক পৰ্যায়ত আছিল, সেই সময়ত অৰ্থাৎ ১৯৪০ চনৰ পৰা ১৯৪৫ চনৰ ভিতৰত মৌলানা আজাদে কংগ্ৰেছক নিয়ন্ত্ৰণ কৰিছিল। ১৯৪৬ চনত যেতিয়া মুছলিম লীগ আৰু মহম্মদ আলী জিন্নাই দেশ বিভাজনৰ দাবী উত্থাপন কৰিছিল, তেতিয়া মৌলানা আজাদে ইয়াৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল। তেওঁ বিভাজনৰ তীব্ৰ বিৰোধী আছিল। তেওঁৰ মতে হিন্দু আৰু মুছলমান দুয়োয়ে ভাই-ভাই।
গতিকে ধৰ্মৰ নামত দেশ বিভাজন কৰাৰ প্ৰয়োজন নাই। ১৯৪৭ চনৰ ১৪ জুনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ বৈঠকত মৌলানা আজাদে ভাষণত কয়, "কাৰ্য্যকৰী সমিতিয়ে লোৱা সিদ্ধান্ত এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ ফল। বিভাজন ভাৰতৰ বাবে এক ট্ৰেজেডী, ইয়াৰ পক্ষত এটা কথাই ক’ব পাৰি যে আমি বিভাজন এৰাই চলিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু আমি বিফল হ'লোঁ৷ তথাপিও আমি পাহৰি যোৱা উচিত নহয় যে দেশ এক আৰু ইয়াৰ সাংস্কৃতিক জীৱন এক আৰু এক হৈয়ে থাকিব। ৰাজনৈতিকভাৱে আমি বিফল হৈছো আৰু সেয়েহে দেশখনক বিভাজিত কৰি আছো। আমি আমাৰ পৰাজয় মানি লোৱা উচিত, কিন্তু একে সময়তে আমাৰ সংস্কৃতি যে বিভাজিত হ’ব নালাগে সেই কথাও আশ্বাস দিয়া উচিত।"
মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু মৌলানা আজাদ
উল্লেখ্য যে, বিভাজনৰ পিছত বহু মুছলমান নেতাই পাকিস্তানলৈ গৈছিল যদিও মৌলানা আজাদে ভাৰতত থাকিবলৈ মানি লৈছিল। মৌলানা আজাদৰ সৰুৰে পৰা পঢ়া-শুনাৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। বাৰ বছৰ বয়সত তেওঁ পাৰ্চী আৰু আৰবী ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। মৌলানা আজাদে নিজৰ পঢ়া-শুনাৰ পৰাই ইংৰাজী অনুশীলন কৰিছিল। তেৰ বছৰৰ পৰা আঠাইশ বছৰ বয়সত মৌলানা আজাদে মুছলমান আইন সম্পৰ্কে 'আলানুল-হক', চুফী বিশ্বাসৰ ওপৰত মন্তব্য কৰা 'আহছানুল-মাছালিক', বিখ্যাত কবি ওমৰ খায়্যামৰ জীৱনী, ইছলাম আৰু আধুনিক বিজ্ঞানৰ তুলনামূলক অধ্যয়ন 'আল'ৰ দৰে গ্ৰন্থ লিখিছিল।
মৌলানা আজাদে মুছলমানসকলক সংকীৰ্ণ দৃষ্টিভংগী আৰু সাম্প্ৰদায়িকতাৰ পৰা আঁতৰি থাকি মানৱতাক ভাল পাবলৈ শিকাইছিল। তেওঁলোকক পতিয়ন নিয়াবলৈ তেওঁ প্ৰায়ে কোৰআনৰ পৰা উদ্ধৃতি দিছিল, "কোৰআনত মানুহৰ ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সামাজিক বা জাতিৰ ভিত্তিত মানুহৰ যিকোনো শ্ৰেণীয়ে আন এটা শ্ৰেণীতকৈ শ্ৰেষ্ঠ হ’ব পাৰে বুলি ধাৰণাটোৰ বিৰোধিতা কৰা হৈছে। এই ধাৰণাক কোৰআনত মুক্তভাৱে বিৰোধিতা কৰা হৈছে।"
১৯০২ চনত তেওঁ 'আল-হিলাল' নামৰ এখন কাকত প্ৰকাশ কৰিছিল, যিখন কাকত পিছলৈ দেশৰ জাতীয় মতাদৰ্শৰ বিকাশত প্ৰভাৱশালী অৰিহণা যোগোৱা বুলি প্ৰমাণিত হয়। জাতীয় ক্ষেত্ৰখনত 'আল হিলাল' জাতীয়তাবাদৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই কাকতৰ জৰিয়তে মৌলানা আজাদে ব্ৰিটিছ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ দেশবাসীক জাতীয়তাবাদৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। ফলত ১৯১৪ চনত ব্ৰিটিছ চৰকাৰে প্ৰেছ এক্টৰ অধীনত তেওঁৰ বাতৰি কাকত নিষিদ্ধ কৰে।
মৌলানা আবুল কালাম আজাদ (বাঁওফালৰ পৰা দ্বিতীয়গৰাকী)
কিন্তু ইংৰাজ শাসনৰ কোনো বাধাই তেওঁক ৰখাব পৰা নাছিল। এখন বাতৰি কাকত নিষিদ্ধ হ'লে, মৌলানা আজাদে আন এখন বাতৰি কাকত প্ৰকাশ কৰে আৰু নিজৰ দেশপ্ৰেমমূলক লেখাৰে সাধাৰণ জনতাক জাগ্ৰত কৰি থাকে। মৌলানা আজাদে বংগৰ বিপ্লৱী নেতা শ্যাম সুন্দৰ চক্ৰৱতী আৰু অৰবিন্দ ঘোষৰ দ্বাৰা প্ৰভাৱিত হৈ স্বাধীনতা আন্দোলনত এগৰাকী বিপ্লৱী হিচাপে যোগদান কৰিছিল। কিন্তু ১৯২০ চনৰ ১৮ জানুৱাৰীত মহাত্মা গান্ধীৰ সৈতে হোৱা বৈঠকৰ পাছত তেওঁ কংগ্ৰেছত যোগদান কৰে। অসহযোগ আন্দোলনক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ মৌলানা আজাদে গান্ধী আৰু কংগ্ৰেছৰ আন আন বৃহৎ নেতাসকলৰ সৈতে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল।
১৯৫২ আৰু ১৯৫৭ চনত স্বাধীন ভাৰতৰ সাধাৰণ নিৰ্বাচনত মৌলানা আজাদ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল। স্বাধীনতাৰ পিছত তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত নেহৰুৰ ঘনিষ্ঠ উপদেষ্টা হিচাপে কাম কৰিছিল। ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত মৌলানা আজাদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিক্ষাৰ উপৰিও তেওঁ দেশৰ সাংস্কৃতিক নীতিৰ ভেটিও স্থাপন কৰিছিল। চিত্ৰকলা, ভাস্কৰ্য্য আৰু সাহিত্যৰ বিকাশৰ বাবে মৌলানা আজাদে ললিত কলা অকাডেমী, সংগীত নাটক অকাডেমী আৰু সাহিত্য অকাডেমী প্ৰতিষ্ঠা কৰে। তেওঁ ১৯৫০ চনত 'ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ' প্ৰতিষ্ঠা কৰে, যাৰ মূল কাম আছিল আন দেশৰ সৈতে সাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলা আৰু বৃদ্ধি কৰা। মৌলানা আজাদ আছিল জাতীয় ঐক্যৰ এক অনন্য নিদৰ্শন।
ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় স্বাধীনতা আৰু সমতাৰ নীতি সংযোজন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৌলানা আজাদে শিক্ষাক সমাজ পৰিবৰ্তনৰ এক প্ৰধান মাধ্যম বুলি গণ্য কৰিছিল। তেওঁ স্বাধীন ভাৰতত শিক্ষাৰ আধুনিক গাঁথনি সৃষ্টি কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষাৰ খচৰা দাখিল কৰি তেওঁ কৈছিল, "শিক্ষাৰ জগতখনত সংকীৰ্ণতা আৰু সীমিত দেশপ্ৰেম অৰ্থহীন।" ১৯৪৮ চনত মৌলানা আজাদৰ কাৰ্যকালত 'বিশ্ববিদ্যালয় শিক্ষা আয়োগ' গঠন কৰা হয়। তেওঁ আছিল বৈজ্ঞানিক আৰু কাৰিকৰী শিক্ষাৰ অতিশয় সমৰ্থক।
১৯৫৫ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ছায়েদ মাহমুদ, আৰু কৈলাশ নাথ কাটজুৰ সৈতে মৌলানা আবুল কালাম আজাদ
দেশৰ 'যাদৱপুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়', 'খড়গপুৰ প্ৰযুক্তি প্ৰতিষ্ঠান'ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ তেওঁৰ এই প্ৰচেষ্টাৰ ফল। মৌলানা আজাদ ‘জামিয়া মিলিয়া ইছলামিয়া’ৰ দৰে উচ্চ শ্ৰেণীৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ বিপৰীতে 'আলিগড় মুছলিম বিশ্ববিদ্যালয়'ৰ দৰে আধুনিক শিক্ষা প্ৰতিষ্ঠানো তেওঁৰ প্ৰচেষ্টাৰ বাবেই সম্ভৱ হৈছিল। উল্লেখ্য যে, ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত মৌলানা আজাদে এই পৃথিৱী এৰি থৈ যায়। প্ৰথমে দেশৰ স্বাধীনতা আন্দোলন আৰু তাৰ পিছত আধুনিক ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱসত দেশবাসীয়ে আজি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে।
(মৌলানা আবুল কালাম আজাদৰ আজি ১৩৬ সংখ্যক জন্ম দিৱসৰ লগতে আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে এই লেখা প্ৰকাশ কৰা হ'ল)