মিজানুৰ ৰহমানঃ নিষ্ঠা আৰু একাগ্ৰতাৰে সমাজত শিক্ষাৰ পোহৰ বিলাই থকা এগৰাকী কৃতী শিক্ষক

Story by  atv | Posted by  Munni Begum • 11 d ago
কৃতী শিক্ষক মিজানুৰ ৰহমান
কৃতী শিক্ষক মিজানুৰ ৰহমান
 
আব্দুৰ ৰছিদ চৌধুৰী
 
আমাৰ সমাজত এনে বহু শিক্ষক আছে, যিসকলে কোনো চৰকাৰী স্বীকৃতি লাভ কৰা নাই। কিন্তু তেওঁলোকে বহুতৰে জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তেওঁলোকে পুৰস্কাৰ ,বঁটা-বাহনৰ কথা চিন্তা নকৰি একাগ্ৰতা আৰু নিষ্ঠাৰে সমাজত শিক্ষাৰ পোহৰ বিলাই গৈছে। 
 
তেনে এজন কৃতী শিক্ষক হ’ল মিজানুৰ ৰহমান। তেওঁ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ গুটিৰপৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। তেওঁৰ কাম-কাজে কেৱল নিজৰ বিদ্যালয়খনতে প্ৰভাৱ পেলাইছে এনে নহয়, অঞ্চলটোৰ আন আন শিক্ষকসকলেও তেওঁক অনুসৰণ কৰি শিক্ষা ব্যৱস্থাক আগুৱাই নিয়া কামত ব্ৰতী হৈছে। এনেদৰে তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলকো অনুপ্ৰাণিত কৰিছে।
 
গুটিৰপৰা প্ৰাথমিক বিদ্যালয়
 
শিক্ষকতা কৰাৰ মানসেৰে তেওঁ ২০০০ চনত প্ৰি-চাৰ্ভিচ টিছাৰ এডুকেশ্বন (আজিৰ ডি এল এড) পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ কোনো নিৰ্দিষ্ট নীতি নথকাৰ বাবে আনসকলৰ দৰে তেৱোঁ শিক্ষকৰ চাকৰি লাভ কৰা নাছিল। সেয়ে তেওঁ সৰ্বশিক্ষা অভিযানৰ লগত জড়িত হয়। ইয়াতে ২০০৪ চনৰ পৰা ২০১১ চনলৈ ষ্টেট কুৱালিটি মেনেজাৰ হিচাপে কাম কৰে। কিন্তু জীৱনৰ পথ তাতেও মসৃণ নাছিল। ২০১১ চনত সৰ্বশিক্ষা অভিযানৰ নীতিৰ পৰিৱৰ্তন হোৱাত আন কেইজনৰ লগতে তেৱোঁ চাকৰি হেৰুৱাই। 
 
এইবাৰ তেওঁ শিক্ষা ক্ষেত্ৰত কাম কৰা বেচৰকাৰী সংস্থাত যোগদান কৰে। তেনে সময়তে শিক্ষক হোৱাৰ সুযোগ আহে তেওঁলৈ। অসম চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰে। টেট উত্তীৰ্ণ হৈ তেওঁ প্ৰথমে ২০১২ চনত ঠিকাভিত্তিক আৰু ২০১৩ চনত নিয়মীয়া শিক্ষক ৰূপে নিযুক্ত লাভ কৰে। 
 
এই ক্ষেত্ৰত মিজানুৰ ৰহমানে কয়, “শিক্ষকতা কৰাটো মোৰ জীৱনৰ‌ লক্ষ্য আছিল। মই নিজে এজন শিক্ষকৰ সন্তান। প্ৰথমে প্ৰি-চাৰ্ভিচ ট্ৰেইনিং কৰাৰ পিছত, চাকৰি নোহোৱাত মই সৰ্বশিক্ষা অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত কাম কৰোঁ। প্ৰথম টেট অনুষ্ঠিত হোৱাত পিছত শিক্ষক হিচাপে নিযুক্তি লাভ কৰোঁ। এতিয়া মই ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ গুটিৰপৰা প্ৰাথমিক বিদ্যালয়ত কাম কৰি আছোঁ।”  
 
শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছৰে পৰা তেওঁ পাঠ্যপুথি প্ৰণয়ন, শিক্ষক প্ৰশিক্ষণৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, সৰ্বশিক্ষা অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত। ইয়াৰ লগতে তেওঁ বিগত বৰ্ষত পুণেত জি-৮ৰ শিক্ষা সম্পৰ্কীয় প্ৰদৰ্শনীত অসমৰ প্ৰতিনিধিৰূপে অংশগ্ৰহণ কৰে।
 
গুটিৰপৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
 
তেওঁ পাঠ্যপুথি প্ৰণয়নৰ কামৰ লগতো জড়িত হৈ আছে। প্ৰাথমিক শ্ৰেণীৰ গণিত আৰু অসমীয়া ভাষা বিষয়ৰ পাঠ্যপুথিত তেওঁ নিজৰ অৰিহণা আগবঢ়াইছে। বৰ্তমান তেওঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি প্ৰস্তুতৰ লগত জড়িত হৈ আছে। একেদৰে তেওঁ প্ৰস্তুত কৰা কেইবাটাও ই-কণ্টেন‌ত ভাৰত চৰকাৰ দিক্ষা প'ৰ্টেলত চলি আছে। 
 
"মই গণিত আৰু অসমীয়া দুয়োটা বিষয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰাৰ লগত জড়িত। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ গণিত বিষয়ৰ কিতাপ সজাইছো আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ কিতাপ লিখাত সহায় কৰিছো। এতিয়া আমি তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ প্ৰস্তুত কৰি আছোঁ।" মিজানুৰ ৰহমানে কয়। 
 
নিপুণ অসম অভিযানৰ ৰাজ্যিক সমল ব্যক্তিসকলৰ এজন মিজানুৰ ৰহমান। এই মিচনৰ অংশ হিচাপে তেওঁ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰ্য-পত্ৰ, শিক্ষকৰ হাতপুথি প্ৰস্তুত কৰিছে। নিপুণ অসম অভিযানৰ বিভিন্ন প্ৰশিক্ষণৰ মডিউল প্ৰস্তুত কৰাৰ লগতে মাষ্টাৰ ট্ৰেইনাৰৰ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও তেওঁ কেইবাখনো শিশু উপযোগী পুথি ৰচনা কৰিছে। ছবি অঁকা শিকনৰ পৰা সাধুকথালৈ পুথিসমূহ কেমব্ৰিজ ইণ্ডিয়াৰ ভগ্নী সংগঠন অৰুণোদয় প্ৰকাশনে প্ৰকাশ কৰিছে। ইয়াৰ পৰাই তেওঁৰ কিতাপসমূহৰ মান নিৰূপণ কৰিব পৰা যায়।
 
ভাৰতৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত মিজানুৰ ৰহমান, জি-২০ প্ৰদৰ্শনীত
 
তেওঁ সৰ্বশিক্ষা অভিযানৰ পুথিভঁৰালৰ কিতাপ নিৰ্বান সমিতিৰো সদস্য। সেই দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰি আহিছে। শিক্ষা বিভাগে অৰ্পণ কৰা ইমানবোৰ দায়িত্ব সুকলমে পালন কৰাৰ উপৰিও নিজৰ বিদ্যালয়খন তেওঁ সুন্দৰকৈ সজাই পৰাই লৈছে। তেওঁ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বিদ্যালয়খনত কোঠা সাজি উলিয়াইছে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ ওচৰৰ বিদ্যালয়বোৰেও তেওঁক অনুসৰণ কৰিছে। 
 
ইয়াৰ লগতে তেওঁ কমিউনিটি হাবৰ লগত জড়িত। এইদৰে তেওঁ আজি প্ৰায় এঘাৰ বছৰে শিক্ষকতা কৰি নিজৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। আজিৰ এই শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত মিজানুৰ ৰহমানৰ দৰে নিৰৱিচ্ছিন্নভাৱে শিক্ষা ক্ষেত্ৰৰ উন্নতিৰ বাবে কাম কৰা প্ৰতিজন শিক্ষককে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।