অনিকা মহেশ্বৰী/নতুন দিল্লী
জোতা সোণৰে হওঁক অথবা ৰূপৰে হওঁক ইয়াক পিন্ধা কেৱল ভৰিতে হয়। কিন্তু চখ বুলিও এটা কথা আছে। এবাৰ লক্ষ্ণৌৰ এজন নৱাবে সিদ্ধান্ত লৈছিল যে, তেওঁ আৰু তেওঁৰ পত্নীয়ে ৰূপেৰে নিৰ্মান কৰা চেন্দেল পিন্ধিব, গতিকে তেওঁৰ সেই আদেশ কাৰ্যকৰী কৰা হ'ল। তেওঁ কোৱাৰ লগে লগে ৰূপৰ চেন্দেল প্ৰস্তুত হৈ গ'ল। এই কাহিনীটোৰ দুশ বছৰ পাৰ হৈ গ'লেও আজিও ই লক্ষ্ণৌৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ৰ এটা অংশ আছে। ইয়াৰ সমান্তৰালকৈ জীয়াই আছে ৰূপৰ জোতা-চেন্দেল বনোৱা পৰিয়ালটো, শিল্পী আৰু সেই অনুৰূপ ৰূপৰ জোতা-চেন্দেলবোৰো।
শিল্পকৰ্ম আৰু কাহিনীৰ ভঁৰাল বুলি পৰিচিত লক্ষ্ণৌৰ অন্তিম গৰাকী শিল্পী মহম্মদ হুছেইনৰ বিষযয়ে আপোনালোকক জনাম, যি গৰাকীয়ে আজিও ৰূপৰ চেন্দেল নিৰ্মান কৰি আহিছে। নৱাবী যুগত ৰূপালী জোতা আছিল আড়ম্বৰৰ প্ৰতীক আৰু আজিকোপতি বিয়াত ইয়াক পৰিধান কৰা হয়।
ৰূপৰ চেন্দেল নিৰ্মাতা কৰি আছে লক্ষ্ণৌৰ মহম্মদ হুছেইনে
ৰূপৰ চেন্দেল নিৰ্মাতা লক্ষ্ণৌৰ মহম্মদ হুছেইন
মহম্মদ হুছেইনে কয় যে, লক্ষ্ণৌত নৱবিবাহিত কইনাৰ বাবে ই জনপ্ৰিয় উপহাৰ হোৱাৰ বাবে যোৱা কেইবছৰমানৰ পৰা ৰূপৰ গহনাৰ চাহিদা বৃদ্ধি পাইছে। তেওঁৰ দোকানত মহৰমৰ সময়ত ব্যৱহাৰ কৰা আলমৰ দৰে বহু খোদিত শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছিল। কিন্তু ইয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰূপত খোদিত শিল্পকৰ্ম জোতা-চেন্দেলবোৰে।
মহম্মদ হুছেইনে কয় যে, ৰূপৰ চেন্দেলত খোদিত কৰাটো বহু জটিল হয়। ককা আৰু দেউতাকে সৃষ্টি কৰা ফুল আৰু পাতৰ ডিজাইনবোৰ বহুত বেছি জটিল আছিল। কিন্তু আমাৰ ওচৰত কেইবাগৰাকীও খোদিতকাৰী আছে, তথাপিও ইয়াৰ বাবে উন্নত দক্ষতাৰ প্ৰয়োজন হোৱাৰ বাবে আমিয়েই ৰূপৰ চেন্দেল বনাই আহিছো।
লক্ষ্ণৌৰ অন্তিমগৰাকী শিল্পী মহম্মদ হুছেইন
আপোনালোকে জানি আচৰিত হ'ব যে, মহম্মদ হুছেইন হৈছে লক্ষ্ণৌৰ অন্তিমগৰাকী শিল্পী যিগৰাকীয়ে একেটা বৃত্তিত কাম কৰি আছে। তেওঁ কয় যে, তেওঁৰ বাবে এইটো কেৱল এটা পেছা নহয়, বৰঞ্চ প্ৰজন্মৰ পিছত প্ৰজন্মৰ পৰা চলি অহা এক উত্তৰাধিকাৰ। তেওঁৰ পূৰ্বপুৰুষসকল ইৰাণৰ পৰা আমৰোহালৈ প্ৰব্ৰজন কৰিছিল আৰু তাৰ পৰাই অৱশেষত লক্ষ্ণৌত বসতি স্থাপন কৰিছিল।
ৰূপৰ চেন্দেল বনোৱাৰ বাবে প্ৰথমে ৰূপৰ পাতৰ ওপৰত জটিল ডিজাইনবোৰ খোদিত কৰাৰ এক দৃশ্য
মহম্মদ হুছেইনে কয় যে, "ৰূপৰ এযোৰ চেন্দেল বনোৱাটো কোনো সহজ কাম নহয় - ইয়াৰ বাবে এসপ্তাহৰ পৰা দহ দিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়। চেন্দেল বনোৱা প্ৰক্ৰিয়াটোত প্ৰথমে ৰূপেৰে চাদৰ সদৃশ কাপোৰ বনোৱা হয়, তাৰ পিছত চাদৰখনৰ ওপৰত জটিল ডিজাইনবোৰ খোদিত কৰা হয় আৰু শেষত অতি নিখুঁতভাৱে কুণ্ডন আৰু ৰত্ন লগোৱা হয়, যাৰ বাবে প্ৰতিটো পদক্ষেপতে ধৈৰ্য্য, দক্ষতা আৰু নিষ্ঠাৰ যথেষ্ট প্ৰয়োজন হয়।"
চেন্দেল বনোৱাটো এজন ব্যক্তিৰ কাম নহয়। ইয়াৰ বাবে প্ৰতিটো পৰ্যায়তে বিভিন্ন লোকৰ প্ৰয়োজন হয়। প্ৰথমে মেচিনেৰে ৰূপ কাটি, তাৰ পিছত ৰূপত খোদিত কৰা হয় আৰু শেষত চেন্দেলত যোগ কৰা হয়। চাহিদা অনুসৰি চেন্দেল তৈয়াৰ কৰা হয় আৰু ইয়াক আগতীয়াকৈ সৰহ সংখ্যাত তৈয়াৰ কৰা নহয়।
পিতৃৰ পৰা শুনা কাহিনীবোৰ জীৱন্ত কৰি মহম্মদ হুছেইনে কয় যে, যেতিয়া এজন নৱাবে প্ৰথমবাৰৰ বাবে ৰূপালী চেন্দেল পিন্ধিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া তেওঁৰ পূৰ্বপুৰুষসকলে এযোৰ চেন্দেল বনাই তেওঁক উপহাৰ দিছিল। ইয়াৰ পিছত তেওঁলোকে চেন্দেল নিৰ্মানৰ বাবে কাম পাবলৈ ধৰিলে। পূৰ্বতে নৱাবসকলে ৰূপৰ যোগান ধৰিছিল আৰু আমাৰ ঘৰৰ পৰা ৰূপৰ চেন্দেল বনাই উভতি দিয়া হৈছিল।
ৰোপত খোদিত কৰা চেন্দেল
এনেদৰে ৰূপৰ জোতা তৈয়াৰ কৰা হয়
ৰূপৰ জোতা প্ৰস্তুত কৰাসকলে কয় যে, প্ৰথমে চামৰাৰ জোতা প্ৰস্তুত কৰা হয়। তাৰ পাছত ৰূপৰ পাত নিৰ্মান কৰা হয় আৰু পাতখনত সোণাৰি হাতেৰে ডিজাইনবোৰ খোদিত কৰা হয়। ইয়াৰ পিছত তেওঁলোকে এযোৰ ৰূপালী জোতা প্ৰস্তুত কৰে, আৰু ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে ভিতৰৰ অংশত মুগাৰ ৰঙা মখমলৰ কাপোৰ লগাই দিয়া হয়। এযোৰ ৰূপালী জোতা প্ৰস্তুত কৰিবলৈ প্ৰায় এসপ্তাহৰ সময় লাগে। পিছত তাত সুন্দৰ ৰত্ন সংযোজন কৰা হয়। যাৰ বাবে জোতাযোৰ আৰু অধিক সুন্দৰ আৰু ৰাজকীয় হৈ পৰে।
এযোৰ চেন্দেল বনাবলৈ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ২৫০ বা ৩০০ গ্ৰাম ৰূপৰ প্ৰয়োজন হয়। ৰূপৰ জোতা-চেন্দেল চিলাইৰ বাবে বিশেষ সঁজুলি আছে। কেৱল জোতাৰ তলুৱা ৰবৰ আৰু বাকীখিনি অংশ ৰূপৰ।
ৰূপৰ চেন্দেলৰ কলাৰ পৃষ্ঠপোষক মহম্মদ হুছেইন
মহম্মদ হুছেইনে কয়, "কিন্তু মোক আটাইতকৈ আচৰিত কৰি তোলা কথাটো হ'ল এই কলা শিকিবলৈ এতিয়া আৰু কোনো নাই। এই শিল্পক জীয়াই ৰখাৰ শেষ ব্যক্তি গৰাকীয়ে হৈছে হুছেইন চাহেব। তথাপিও আশাৰ ৰেঙনি আছে। ইউটিউবৰ দৰে মঞ্চই তেওঁৰ কামৰ প্ৰতি বহুত দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁৰ কাহিনী শ্বেয়াৰ হোৱাৰ পিছৰে পৰা তেওঁৰ কামৰ চাহিদা আৰু প্ৰশংসা দুয়োটা যথেষ্ট বৃদ্ধি পাইছে।
মহম্মদ হুছেইনে তৈয়াৰ কৰা ৰূপৰ জোতা-চেন্দেল
মহম্মদ হুছেইনে কয় যে, টকাৰ অভাৱত তেওঁ নিজে ৰূপৰ চেন্দেল বনাই বিক্ৰী কৰিব নোৱাৰে, কিন্তু শ্বেৰৱানী আৰু বিয়াৰ কাপোৰৰ কিছুমান বিক্ৰেতাই যদি অৰ্ডাৰ দিয়ে, তেন্তে কামটো চলি যায়। বিয়াৰ বতৰত এমাহত দহৰ পৰা পোন্ধৰটা অৰ্ডাৰ লাভ কৰি আহিছে।