আজি সন্ধিয়া অভিলেখসংখ্যক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  Munni Begum • 26 d ago
 তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
দেশৰ ৰাজনৈতিক ইতিহাসত নতুন নজিৰ সৃষ্টি কৰি আজি অভিলেখসংখ্যক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিব নৰেন্দ্ৰ দামোদৰ দাস মোদী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ পিছত তেওঁ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে। আজি সন্ধিয়া ৭.১৫ বজাত মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে  শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে তেওঁক শপতবাক্য পাঠ কৰাব।  
 
২০১৪ৰ পৰা একেৰাহে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানটোক স্মৰণীয় কৰি তুলিবলৈ আন অতিথিৰ লগতে বিদেশী ৰাষ্ট্ৰপতিপ্ৰধানসকলকো আমন্ত্ৰণ জনোৱা হৈছে। জানিব পৰা মতে, আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৭খন দেশৰ ৰাষ্ট্ৰপ্ৰধান।  
 
আমন্ত্ৰিতসকলৰ ভিতৰত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ আৰু নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল ওৰফে প্ৰচণ্ড। দ্বিপাক্ষিক সম্পৰ্কত তিক্ততাপূৰ্ণ হৈ থকাৰ পাছতো নতুন দিল্লীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুকো মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। মুইজুৱেও ভাৰতৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই কৈছে যে ভাৰতে তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক “সন্মানিত” অনুভৱ কৰিছে।
 
নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰা হৈছে ৰাষ্ট্ৰপতি ভৱন
 
শপত গ্ৰহণ অনুষ্ঠানত আঠ হাজাৰৰো অধিক অতিথি উপস্থিত থাকিব। বিদেশী নেতাসকলৰ লগতে শাসক-বিৰোধী উভয় শিবিৰৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাকো মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাহিৰেও চলচ্চিত্ৰ, ক্ৰীড়া, উদ্যোগ আদি ক্ষেত্ৰৰ উল্লেখযোগ্য ব্যক্তি কিছুমানকো অনুষ্ঠানত দেখিবলৈ পোৱা যাব।
 
অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ হিতাধিকাৰীসকললৈ বিশেষ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। দুই এজন তৃতীয় লিংগৰ ব্যক্তিৰ লগতে নতুন সংসদ ভৱন নিৰ্মাণকে ধৰি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পত কাম কৰা শ্ৰমিকসকলকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। ছাফাই কৰ্মচাৰী বা অনাময় কৰ্মীলৈও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।
 
উল্লেখ্য যে, ২০১৪ত প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী হাতত লোৱাৰ সময়ত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত SAARC (South Asian Association for Regional Cooperation) দেশৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০১৯ত মোদী একেৰাহে দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত বিমষ্টেক দেশসমূহৰ নেতাসকলে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰএছএছ-ৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকা সময়ৰ কিছু দৃশ্য
 
এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ নেতাসকলে লোকসভা নিৰ্বাচনৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অৱশ্যে, চুবুৰীয়া দেশ পাকিস্তানে মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাবে এতিয়ালৈকে শুভেচ্ছা জনাবলৈ আজৰি পোৱা নাই। এই সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বেলুচে শনিবাৰে কয় যে ভাৰতৰ নেতৃত্বৰ বিষয়ে সিদ্ধান্ত লোৱাটো ভাৰতীয় নাগৰিকৰ অধিকাৰ। যিহেতু মোদী চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰা নাই, সেয়ে এতিয়াই অভিনন্দন জনোৱাটো অকালপক্ক সিদ্ধান্ত বুলি বেলুচে উল্লেখ কৰে। 
 
ইফালে, প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দিল্লী আৰক্ষী বিষয়াসকলৰ মতে, এই অনুষ্ঠানৰ বাবে অঞ্চলটোত বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৫টা কোম্পানী মোতায়েন কৰা হ’ব। ইয়াৰ উপৰিও এন এছ জিৰ কমাণ্ডো, ড্ৰ’ন, আৰু স্নাইপাৰেও মেগা ইভেণ্টৰ বাবে ৰাষ্ট্ৰপতি ভৱনত পহৰা দিব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে (এনডিএ) লোকসভা নিৰ্বাচনত ২৯৩খন আসন লাভ কৰি অভিলেখসংখ্যক তৃতীয় কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰে।
 
মনকৰিবলগীয়া, প্ৰথম দুয়োটা কাৰ্যকালত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মুক্ত আৰু স্বাধীনভাৱে প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰাৰ সুযোগ পাইছিল যদিও এইবাৰ পৰিৱেশ যথেষ্ট সুকীয়া হ'ব। কিয়নো, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰ মেজিক সংখ্যা ২৭২ স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱাত দলটোৱে এনডিএৰ সহযোগী দলসমূহৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছে। 
 
ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
 
মোদীৰ কৰ্তৃত্বশীল ভাবমূৰ্তিৰ বাবেই মিত্ৰজোঁটৰ নীতি মানি চলাৰ ক্ষেত্ৰত তেওঁ সফল নহ'ব বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, শেহতীয়াকৈ সংসদৰ কেন্দ্ৰীয় সভাগৃহত দিয়া ভাষণে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। প্ৰধানমন্ত্ৰীৰ ভাষণে এই কথাৰ ইংগিত দিছে যে তেওঁ ইতিমধ্যে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিবলৈ নিজৰ কৌশল সালসলনি কৰিবলৈ আৰম্ভ কৰিছে। NDA-ক New, Developed আৰু Aspirational India (নতুন, উন্নত আৰু আকাংক্ষিত ভাৰত) আখ্যা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ সহযোগী দলসমূহক লগত লৈ আগবাঢ়িব। অৱশ্যে, অনাগত দিনত তেওঁ দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যে মিত্ৰজোঁটৰ সৈতে হাতে-হাত ধৰি খোজ আগবঢ়াব লাগিব, সেয়া একপ্ৰকাৰ নিশ্চিত।  
 
উল্লেখ্য যে, গুজৰাটৰ প্ৰাচীন চহৰ বদনগৰৰ এটা ৰাজনৈতিক পটভূমি নথকা মধ্যবিত্তীয় হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে ২০১৪ৰ ২৯ মে’ত কংগ্ৰেছৰ মনমোহন সিঙৰ স্থানত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল। তেওঁ দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ কন্যা তথা প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দীৰ্ঘদিনধৰি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁলোক উভয়ে কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰী আছিল।
 
পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কংগ্ৰেছ দলে দেশৰ প্ৰথম লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত নেহৰুৱে ১৯৫২ চনত প্ৰথমবাৰ আৰু ১৯৫৭ চনত দ্বিতীয়বাৰৰ আৰু ১৯৬২ চনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল। ১৯৬৪ চনৰ মে’ মাহত তৃতীয় কাৰ্যকালত নেহৰুৰ মৃত্যু হয়।
 
আৰ এছ এছ প্ৰধান মোহন ভাগৱাতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
উল্লেখ্য যে, ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নৰেন্দ্ৰ মোদীয়ে জীৱনৰ আৰম্ভণিতে বিজেপিৰ মতাদৰ্শগত অভিভাৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ত যোগদান কৰি সৱল নেতৃত্ব আৰু সাংগঠনিক দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ তপস্বী জীৱনশৈলী আৰু যোগাসনৰ প্ৰতি থকা উৎসাহৰ বাবে বিশেষভাৱে পৰিচিত। তেওঁ ছ’চিয়েল মিডিয়া অতি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰে আৰু টুইটাৰত তেওঁৰ ৯৮ মিলিয়নকৈ অধিক অনুগামী আছে।
 
গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ মাত্ৰ কেইমাহমান পূৰ্বে ২০০১ চনৰ অক্টোবৰ মাহত মোদী প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীত আসনত বহিছিল। তেতিয়াৰ পৰা তেওঁ ২০১৪লৈ একেৰাহে ১৩ বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি দেশৰ ৰাজনীতিৰ এগৰাকী শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল। এতিয়া মোদীয়ে একেৰাহে তিনিটা কাৰ্যকাল ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি সমগ্ৰ বিশ্বৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাপে পৰিচয় দিবলৈ সাজু হৈছে।