NCERT ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব ১৯৬৫ চনৰ যুদ্ধৰ নায়ক আব্দুল হামিদৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 1 d ago
১৯৬৫ চনৰ যুদ্ধৰ নায়ক আব্দুল হামিদ
১৯৬৫ চনৰ যুদ্ধৰ নায়ক আব্দুল হামিদ
 
নতুন দিল্লী
 
ভাৰতীয় সেনাৰ বীৰত্বৰ কথা আমি সৰুৰে পৰা শুনি আহিছোঁ। কেতিয়াবা যদি পাঠ্যক্ৰমত পঢ়িছোঁ, কেতিয়াবা আকৌ বিভিন্ন বাতৰি কাকত বা আলোচনীত। তেনে এগৰাকী বীৰ ভাৰতীয় সেনাৰ বীৰত্বৰ কাহিনী সন্নিবিষ্ট হ'ব সমগ্ৰ দেশৰ  বিদ্যালয়ৰ পাঠ্যক্ৰমত। পঞ্জাৱ সীমান্তত ৭খন পাকিস্তানী টেংক ধ্বংস কৰি ১৯৬৫ চনৰ যুদ্ধত অষ্টম প্ৰচেষ্টাত মৃত্যু হোৱা সেনা জোৱান আব্দুল হামিদৰ জীৱন আৰু বীৰত্ব এতিয়াৰে পৰা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অংশ হ’ব।
 
এন চি ই আৰ টি (NCERT) ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত সংযোজন কৰা হৈছে "বীৰ আব্দুল হামিদ" নামৰ নতুন অধ্যায়। ইয়াৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানৰ বীৰত্বক সন্মান জনাই নিৰ্মাণ কৰা নতুন দিল্লীৰ ‘ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ’ৰ বিষয়ে কবিতাও  সন্নিবিষ্ট কৰা হৈছে।
 
ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ
 
আব্দুল হামিদ ভাৰতীয় সেনাৰ চতুৰ্থ গ্ৰেনেডিয়াৰৰ এজন সৈনিক (CQMH) আছিল। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত খেমকৰণ খণ্ডৰ আছাল উত্তৰৰ যুদ্ধত তেওঁ দেশৰ হৈ প্ৰাণ আহুতি দিছিল। খেমকাৰণৰ যুদ্ধ ভাৰতীয় সামৰিক ইতিহাসৰ এক কিংবদন্তি। আব্দুল হামিদে জীপৰ ওপৰত বন্দুক লগাই পাকিস্তানৰ আমেৰিকাত নিৰ্মিত পেটন টেংক ধ্বংস কৰে।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, “নতুন পাঠ্যক্ৰমসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ২০২৩ ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।”এই পদক্ষেপ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ে যৌথভাৱে আৰম্ভ কৰিছে। “ইয়াৰ লক্ষ্য হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম, কৰ্তব্যৰ প্ৰতি সমৰ্পিততা, সাহস, আৰু ত্যাগৰ মূল্যবোধৰ বীজ সিঁচি দিয়া। ইয়াৰ সমান্তৰালকৈ জাতি-নিৰ্মাণৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক প্ৰসাৰিত কৰা।” 
 
আব্দুল হামিদৰ বীৰত্বৰ স্মৃতিত মুকলি কৰা ভাৰতীয় ডাক টিকট
 
কবিতাটোত ‘ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ’ৰ আঁৰৰ মনোভাৱৰ শলাগ লোৱা হৈছে। একে সময়তে ‘বীৰ আব্দুল হামিদ’ শীৰ্ষক এই অধ্যায়ত ১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত দেশৰ বাবে যুঁজ দি পৰম ত্যাগ কৰা বীৰ আব্দুল হামিদক সন্মান জনোৱা হৈছে।
 
মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ২৫ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ চেণ্ট্ৰেল ভিষ্টা ‘চি’ ষড়ভুজত ‘ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ’ জাতিলৈ উচৰ্গা কৰিছিল। প্ৰতিজন নাগৰিকৰ মাজত উচ্চ নৈতিক মূল্যবোধ, ত্যাগ, জাতীয় মনোভাৱ আৰু নিজৰ বুলি ভবাৰ ভাৱ জগাই তোলাৰ লগতে জাতি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলক উপযুক্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপন কৰা হৈছিল।
 
১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ৰ এক দৃশ্য
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে শিক্ষা মন্ত্ৰালয় আৰু এনচিইআৰটিৰ সৈতে সহযোগিতা কৰি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ইয়াৰ লগত জড়িত সামগ্ৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। ১৯৩৩ চনৰ ১ জুলাইত উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ ধমুপুৰ গাঁৱত আব্দুল হামিদৰ জন্ম হৈছিল। ডেকা অৱস্থাত তেওঁ মল্লযুঁজৰ প্ৰতি আকৰ্ষিত আছিল আৰু লাঠি খেল খেলিব বিচাৰিছিল। সেনাবাহিনীত যোগদান কৰাৰ আগতে তেওঁ চিলাইৰ কামত দেউতাকক সহায় কৰিছিল।
 
বীৰ আব্দুল হামিদৰ সাহসৰ প্ৰতিধ্বনি আমেৰিকালৈ গৈছিল। আমেৰিকাই আচৰিত হৈছিল যে তেওঁলোকৰ তথাকথিত অজেয় টেংকখন কেনেকৈ এটা সাধাৰণ দেখা ৰিক’ইললেছ বন্দুকৰ দ্বাৰা ধ্বংস হ’ব পাৰে। যাৰ ফলত আমেৰিকাই নিজৰ অজেয় টেংকখন পুনৰ পৰীক্ষা কৰিবলগীয়া হৈছিল। আজিও আমেৰিকাৰ বাবে এইটো ৰহস্য হৈয়েই আছে যে কেনেকৈ তেওঁলোকৰ নিৰ্মিত টেংকবোৰ সাধাৰণ বন্দুকেৰে ধ্বংস কৰা হৈছিল।