পইছা নহয়, কলকাতাত এতিয়া খাদ্যৰ ATM

Story by  atv | Posted by  Munni Begum • 2 Months ago
কলকাতাৰ উই কেয়াৰ গোটৰ খাদ্যৰ ATM-ৰ পৰা খাদ্য গ্ৰহণ কৰিছে কণমাণি শিশুসকলে
কলকাতাৰ উই কেয়াৰ গোটৰ খাদ্যৰ ATM-ৰ পৰা খাদ্য গ্ৰহণ কৰিছে কণমাণি শিশুসকলে
 
হেনা আহমেদ/কলকাতা
 
দৰিদ্ৰ আৰু আৰ্তজনে যাতে পেটৰ ভোকত থাকিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কলকাতাৰ সদাব্যস্ত ৰাজপথত খাদ্যৰে পৰিপূৰ্ণ এটা ৩২০ লিটাৰৰ ফ্ৰীজ ৰখা হৈছে। চহৰখনৰ ৰেষ্টুৰেণ্ট আৰু জনসাধাৰণৰ ঘৰত ৰৈ যোৱা খাদ্যসমূহ দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে এইদৰে সযতনে ৰখাৰ ব্যৱস্থা কৰা হৈছে।
 
এই অভিনৱ পদক্ষেপৰ আঁৰৰ ব্যক্তিগৰাকী হৈছে ছাঞ্জা চুলহা ৰেষ্টুৰেণ্ট (Sanjha Chulha restaurant)ৰ প্ৰতিষ্ঠাপক আছিফ আহমেদ। খাদ্যৰ অপচয় ৰোধ আৰু দৰিদ্ৰজনক খাদ্য সুৰক্ষা প্ৰদানৰ চিন্তাৰে তেওঁ চহৰখনৰ প্ৰথমটো ফুড এটিএম মুকলি কৰিছে। তেওঁৰ এই পদক্ষেপক শেহতীয়াকৈ ইমৰাণ জাকিৰ নেতৃত্বত কলকাতা উই কেয়াৰ গ্ৰুপ এন জি অ’কে ধৰি কেইবাটাও সামাজিক সংগঠনে সহযোগিতা আগবঢ়াইছে।
 
উই কেয়াৰ গোটৰ স্বেচ্ছাসেৱকলে খাদ্য বিতৰণ কৰাৰ এক দৃশ্য
 
"ভাল আৰু খাব পৰা খাদ্যই আৰ্তজনক পুষ্টি দিব পাৰে বুলি অনুভৱ কৰি মই এই অভিযান আৰম্ভ কৰিছো। এজন ৰেষ্টুৰেণ্টৰ মালিক হিচাপে মই প্ৰায়ে ৰৈ যোৱা খাদ্যবোৰ কি কৰো, এইধৰণৰ চিন্তাৰ সন্মুখীন হৈছিলোঁ। ভোকাতুৰসকলৰ মাজত এই খাদ্যসমূহ পুনৰ বিতৰণ কৰাটো মোৰ বাবে কেৱল এক সমাধানে নাছিল, ই আছিল এক সামাজিক দায়িত্বও।"-আছিফ আহমেদে কয়।
 
খাদ্যৰ সংকটত ভুগি থকা তেওঁৰ চৌপাশৰ হাজাৰ হাজাৰ লোকৰ দুখ-দুৰ্দশাৰ পৰাই আছিফ আহমেদৰ মনৰ মাজলৈ আহিছিল ফুড এটিএমৰ ধাৰণা। তেওঁৰ ৰেষ্টুৰেণ্টখনলৈ অহা লোকসকলে নিজেই ৰৈ যোৱা খাদ্যবোৰ পৰিপাটিকৈ পেকেট কৰি ৰাস্তাৰ কাষত স্বচ্ছ দুৱাৰ থকা এটা ডাঙৰ ফ্ৰীজত থৈ যায়। এমুঠি খাদ্যৰ বাবে হাবাথুৰি থাই থকা লোকসকলে নিজে ফ্ৰীজৰ দোৱাৰ খুলি খাদ্যখিনি গ্ৰহণ কৰিব পাৰে।
 
আছিফ আহমেদৰ এই মহান প্ৰচেষ্টাক সমৰ্থন আগবঢ়াই কলকাতা উই কেয়াৰ গ্ৰুপ, ৰটাৰী, ৰাউণ্ড টেবুল, আৰু জিটিঅ’ (জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা)ইও আৰ্তজনক খাদ্য আগবঢ়োৱাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপে দৈনিক প্ৰায় ৫০ জন লোকক খাদ্য যোগান ধৰে আৰু আছিফে ইয়াত কলকাতা আৰক্ষীকো জড়িত কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয়, "সমাজত ইয়াৰ প্ৰসাৰ-প্ৰভাৱ আৰু অধিক শক্তিশালী কৰিবলৈ কলকাতা আৰক্ষীক জড়িত কৰাৰ পৰিকল্পনা চলি আছে। আমাৰ লক্ষ্য হৈছে অধিকসংখ্যক অভাৱগ্ৰস্ত লোকক সাঙুৰি লোৱা।"
 
উই কেয়াৰ গোটৰ এক অনুষ্ঠান
 
উল্লেখ্য যে, খাদ্য বিতৰণৰ লজিষ্টিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ লগতে সুৰক্ষাৰ মানদণ্ড পূৰণৰ বাবে ফুড এটিএমটো যত্নপূৰ্বকভাৱে নিৰ্মাণ কৰা হৈছে। এটিএমত যিদৰে মানুহে নগদ ধন বিচাৰি যায়, ঠিক তেনেদৰে খাদ্যৰ অভাৱত ভোগা যিকোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত ৰখা স্বচ্ছ ফ্ৰীজৰ পৰা খাদ্য গ্ৰহণ কৰিব পাৰে। আছিফ আহমেদে কয়, "আমি নিশ্চিত কৰিব বিচাৰিছিলো যে খাদ্য এটিএমলৈ অহাসকলে যাতে মৰ্যাদাৰে খাদ্য গ্ৰহণ কৰিব পাৰে। সহায়ৰ প্ৰয়োজন হোৱাৰ বাবে কোনেও লাজ অনুভৱ কৰা উচিত নহয়; সকলো ব্যক্তি সন্মান আৰু মমতাৰ যোগ্য।"
 
ৱি কেয়াৰ গোট (We Care Group)ত বিভিন্ন ক্ষেত্ৰৰ লোক থাকে, যিয়ে এই খাদ্য আন্দোলনৰ বাবে দায়িত্ব গ্ৰহণ কৰিছিল আৰু একত্ৰিত হৈছিল। ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে তাৰাটালাৰ বিৰলা ভাৰতী স্কুল আৰু নৰেন্দ্ৰপুৰৰ বিডিএম হাইস্কুলৰ দৰে বিদ্যালয়তো পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে।
 
স্থানীয় সংগঠনসমূহৰ মাজত এই আন্দোলনে বিশেষ গতি লাভ কৰিছে আৰু স্বেচ্ছাসেৱকসকলে দানকাৰীৰ সৈতে মিলি সকলোৰে মাজত এক দানৰ সংস্কৃতি গঢ়ি তুলিছে। ব্যস্ত পাৰ্ক ষ্ট্ৰীটত এটা ফুড এটিএম স্থাপনৰ লগতে তেওঁলোকে আৰু অধিক পৰিকল্পনা কৰিছে।
 
উই কেয়াৰ গোটৰ সদস্যসকলে খাদ্যৰ ATM-ৰ জৰিয়তে খাদ্য বিতৰণ কৰাৰ এক মূহুৰ্ত
 
এন জি অ’ত কাম কৰা ছানা আহমেদে কয় যে আমি শিক্ষকসকলে শিশুসকলক খাদ্যৰ ব্যৱহাৰ আৰু পুনঃব্যৱহাৰৰ প্ৰতি অধিক সচেতন কৰি দি সঠিক মূল্যবোধৰ বীজ সিঁচিব পাৰো। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে আগন্তুক বছৰবোৰত তেওঁলোকৰ উন্নতিত গভীৰ প্ৰভাৱ পেলাব আৰু যেতিয়া তেওঁলোকে খাদ্য আৰু দানৰ গুৰুত্ব উপলব্ধি কৰিব, তেতিয়া খাদ্যৰ মূল্য বুজিব পাব।
 
আছিফ আহমেদে কয়, “আমাৰ এই ব্যৱস্থাটো আনে সহজেই অনুসৰণ কৰিছে আৰু ইয়াৰ কাৰ্য্যক্ষমতা আৰু সফলতাই কলকাতাৰ একাধিক স্থানলৈ ইয়াক সম্প্ৰসাৰিত কৰিছে। চি আই টি ৰোডৰ পৰা এই সেৱা আৰম্ভ হৈছিল যদিও ইয়াৰ প্ৰভাৱ কেৱল সেই অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই। ৫ৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰলৈ ফুড এটিএম সেৱা সম্প্ৰসাৰিত হৈছে। পাৰ্ক ষ্ট্ৰীটত আৰু এটা ফুড এটিএম মুকলি কৰিবলৈ আমি পৰিকল্পনা কৰিছো। আৰু আন এটা স্থান এতিয়াও নিৰ্ধাৰিত হোৱা নাই।"
 
প্ৰথমটো ফুড এটিএম ৰেষ্টুৰেণ্ট মুকলি থকা সময়ত অৰ্থাত দুপৰীয়া ১২ বজাৰ পৰা নিশা ১১:৩০ বজালৈকে চলি থাকে। লগতে স্বেচ্ছাসেৱকসকলে ওচৰৰ বস্তি অঞ্চলত খাদ্য বিতৰণ কৰে। কাৰণ ইয়াক পৰিচালনা কৰাটো সহজ। আছিফ আহমেদে কয় যে কম দৰমহা পোৱা এজন নিৰাপত্তাৰক্ষীৰ মৰ্মস্পৰ্শী কাহিনীও আৱাজ দ্য ভইচৰ সন্মুখত প্ৰকাশ কৰে, যিয়ে মাহটোত ১০,০০০ হাজাৰ টকাৰ বাবে সংগ্ৰাম কৰে। তেওঁ ফুড এটিএমৰ পৰা খাদ্য গ্ৰহণ কৰিছিল আৰু পৰিয়ালটোক পোহপাল দিয়াত সহায় কৰিছিল।
 
আছিফ আহমেদ আৰু তেওঁৰ কলকাতা উই কেয়াৰ গোটৰ স্বেচ্ছাসেৱকৰ দলক
 
আহমেদে লগতে কয়, “খুৱ কম দৰমহা পোৱা সেই নিৰাপত্তাৰক্ষীজনৰ দৰে লোকৰ বাবে আমাৰ ফুড এটিএম গুৰুত্বপূৰ্ণ সকাহ আছিল। ইয়াৰ ফলত তেওঁলোকে আত্মসন্মানৰ সৈতে আপোচ নকৰাকৈ খাদ্যৰ সুবিধা লাভ কৰাটো সহজ হৈ পৰিছিল।” আছিফে মনত পেলোৱা আন এটা হৃদয়স্পৰ্শী দৃশ্য আছিল এজনী সৰু ছোৱালীৰ, যিয়ে ভয় আৰু লাজেৰে ফুড এটিএমৰ কাষ চাপিছিল আৰু চাৰিওফালে চাই খাদ্যৰ পেকেটটো তুলি লৈছিল। এয়া তেওঁৰ বাবে এক মাৰ্মান্তিক অভিজ্ঞতা আছিল।


শেহতীয়া খবৰ