চাৰিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱা অধ্যাপক কামাৰ এহছান

Story by  atv | Posted by  Munni Begum • 3 d ago
অধ্যাপক কামাৰ এহছান
অধ্যাপক কামাৰ এহছান
 
মেহফুজ আলম / পাটনা
 
এগৰাকী ব্যক্তিয়ে চাৰিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাটো খুব কমেইহে দেখা যায়। মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰি মাদ্ৰাছাত শিক্ষা আৰম্ভ কৰা অধ্যাপক কামাৰ এহছান তেনে এজন ব্যক্তি।
 
অধ্যাপক কামাৰ এহছান এজন আগশাৰীৰ শিক্ষাবিদ আৰু অৰ্থনীতিবিদ, যিয়ে চাৰিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত অধ্যাপক কামাৰ এহছানে কয় যে তেওঁ কেৱল শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন অনাই নহয়, চাৰিওখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে নতুন পাঠ্যক্ৰম বিশেষকৈ চাকৰিমুখী পাঠ্যক্ৰম আৰম্ভ কৰিছিল।
 
উল্লেখ্য যে, কামাৰ এহছানে পাটনাৰ মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ আৰম্ভণিৰ পৰ্যায়ত উপাচাৰ্য হয়। বিশ্ববিদ্যালয়ৰ চৌহদ, পাঠ্যক্ৰম, নীতি-নিয়ম গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সাধাৰণতে বিশ্বাস কৰা হয় যে বিশ্ববিদ্যালয় বা চেমিনাৰীত শিক্ষাৰ পথ পৰম্পৰাগত হয়, কিন্তু মোৰ বিশ্বাস, ই গতিশীল হ’ব লাগে আৰু পাঠ্যক্ৰম আৰু শিক্ষাবিজ্ঞান দুয়োটা সময়ে সময়ে সলনি হ’ব লাগে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল চাকৰিৰ বাবে সাজু হ’ব পাৰে আৰু তাৰ ফলত তেওঁলোকৰ নিয়োগৰ সম্ভাৱনা বৃদ্ধি পায়।
 
 ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে অধ্যাপক কামাৰ এহছান
 
জীৱনৰ আৰম্ভণি সময়ছোৱাৰ কথা বৰ্ণনা কৰি কামাৰ এহছানে কয় যে তেওঁ এজন সাধাৰণ ছাত্ৰ যদিও যথেষ্ট সক্ৰিয় আছিল। "মই সদায় সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰিছিলো, আজিও মোৰ পদ্ধতি একেই। আত্মবিশ্বাস হৈছে এনে এক আৱেগ যিয়ে এজন ব্যক্তিক ব্যাপক সংস্কৃতিৰ পৰিবেশত সফল হ’বলৈ সাহস দিয়ে। মোৰ দেউতা আৰক্ষীত আছিল আৰু তেওঁ প্ৰায়ে মোক কৈছিল যে সকলোৱে একেলগে থাকিব লাগে আৰু কাম কৰিব লাগে। মোৰ ঘৰত মই এনে এটা পৰিৱেশত ডাঙৰ-দীঘল হৈছিলো য'ত ঘৃণা বা নেতিবাচকতাৰ কোনো স্থান নাছিল।"-অধ্যাপক এহছানে কয়। 
 
তেওঁ কয় যে আমি সৰ্বাংগীন সংস্কৃতিত ডাঙৰ-দীঘল হৈছিলো আৰু পিছত কেৱল পাৰস্পৰিক ভাতৃত্ববোধ আৰু সদিচ্ছাক লালন-পালন কৰাই নহয়, বিভিন্ন ধৰ্মৰ মানুহৰ সৈতে থাকিও অধ্যয়ন কৰিছিলো। তেওঁৰ বন্ধুসকলেও (অন্য ধৰ্মৰ) সমন্বয় বৰ্তাই ৰখাত তেওঁক পূৰ্ণ সমৰ্থন কৰিছিল। অধ্যাপক কামাৰ এহছানে বহু গৱৰ্ণৰৰ সৈতে কাম কৰিছে আৰু মাদ্ৰাছা, স্কুল, আৰু কলেজৰ শিক্ষা ব্যৱস্থাৰ সৈতে পৰিচিত আৰু এই প্ৰতিষ্ঠানসমূহৰ উন্নতিৰ কাম কৰিছে।
 
"মই মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থাকোঁতে মাদ্ৰাছাত আধুনিক বিজ্ঞান কাৰ্যকৰী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ, যদিও মই সম্পূৰ্ণ সফল হোৱা নাছিলো, আমি বিশ্ববিদ্যালয়খনৰ সৈতে শ শ মাদ্ৰাছা সংযোগ কৰিছিলোঁ আৰু ইয়াৰ ফলত তাত শিক্ষাৰ মানদণ্ড উন্নত হৈছিল। মই মাদ্ৰাছাৰ পৰিৱেশ সলনি কৰাত সফল হৈছিলো।"-অধ্যাপকগৰাকীয়ে কয়।
 
উল্লেখ্য যে, ১৯৫২ চনৰ এপ্ৰিল মাহত পাটনাত জন্মগ্ৰহণ কৰিছিল অধ্যাপক কামাৰ এহছানে। সাতজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল চতুৰ্থ সন্তান। তেওঁৰ পিতৃ চৈয়দ মুজাফ্ফৰ এহছান আৰক্ষী সেৱাত আছিল আৰু তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। কামাৰ এহছানৰ মতে, তেওঁলোকৰ পিতৃয়েও আৰক্ষী সেৱাত কৰা ভাল সেৱাৰ বাবে পদক লাভ কৰিছিল। "আমি বিহাৰৰ ছিৱান জিলাৰ এখন গাঁৱৰ বাসিন্দা আছিলো। দেউতা যেতিয়া আৰক্ষী সেৱাত আছিল, তেতিয়া তেওঁৰ অনবৰতে বদলি হৈছিল আৰু মই এটা ঠাইত পঢ়িব পৰা নাছিলো। সেয়ে, মই বিভিন্ন চহৰ আৰু বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল।"
 
পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে অধ্যাপক কামাৰ এহছান 
 
কামাৰ এহছানে কয় যে যি সময়ত তেওঁ প্ৰাইমাৰী স্কুলত আছিল, তেতিয়া তেওঁৰ পিতৃ ৰাঁচীত নিযুক্ত হৈ আছিল। তাত তেওঁক এখন মাদ্ৰাছা ইছলামিয়াত নামভৰ্তি কৰোৱা হৈছিল। এইদৰে তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল এখন মাদ্ৰাছাৰ পৰা। ইয়াৰ পিছত তেওঁৰ দেউতাকক মুজাফ্ফৰপুৰ চিবিআইত নিযুক্তি দিয়া হৈছিল, গতিকে তেওঁ এখন পাঠশালাত নামভৰ্তি কৰিছিল। ইয়াৰ পিছত তেওঁ ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত আৰু পিছলৈ বিখ্যাত মিলাৰ স্কুলত যোগদান কৰে। এই ধাৰা অব্যাহত থাকে আৰু শেষত, কামাৰ এহছানে উচ্চ শিক্ষাৰ বাবে পাটনা কলেজত নামভৰ্তি কৰে।
 
অধ্যাপক কামাৰ এহছানে কয় যে তেওঁৰ জন্ম চহৰ পাটনা শিক্ষানুষ্ঠানৰ বাবে যথেষ্ট বিখ্যাত আছিল। "ইয়াৰে এখন বিখ্যাত প্ৰতিষ্ঠান আছিল পাটনা বিশ্ববিদ্যালয়। সেই সময়ত এই বিশ্ববিদ্যালয়খনক বহুত সন্মান কৰা হৈছিল। মোক পাটনা কলেজত নামভৰ্তি কৰোৱা হৈছিল।"
 
কামাৰ এহছানৰ মতে, পাটনা মহাবিদ্যালয় আৰু পাটনা বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁ জীৱনটোক বেলেগ দৃষ্টিকোণৰ পৰা বুজিব পাৰিছিল। "মই অৰ্থনীতিত বি এ আৰু এম এ কৰিলোঁ। মই এজন মজলীয়া বু্দ্ধিৰ ছাত্ৰ আছিলো, যদিও মোৰ পাঠ্যক্ৰম আৰু পঢ়াৰ প্ৰতি অতি আগ্ৰহ আছিল।"
 
পাটনা বিশ্ববিদ্যালয়ৰ শিক্ষা যথেষ্ট ভাল আছিল; ইয়াত নামমাত্ৰ মাচুল লোৱা হৈছিল আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো আছিল এক সম্পদ। "মই আগতে মোৰ পাঠ্যক্ৰমৰ কিতাপতকৈ নন-চিলেবাছ কিতাপ বেছিকৈ পঢ়িছিলো। দেউতাইও মোক এই ক্ষেত্ৰত উৎসাহ দিছিল আৰু মই বহুত উপন্যাস আৰু গল্পৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলো। প্ৰেমচান্দ আৰু ইছমত চাঘটাই পঢ়িছিলো আৰু ইয়াৰ মাজতে মই বহুত ইংৰাজী উপন্যাসো পঢ়িছিলো। ইয়াৰ ফলত মোৰ চিন্তা আৰু বুজাবুজিৰ পৰিধি ব্যাপক হৈ পৰিছিল।"-অধ্যাপক এহছানে কয়।
 
অধ্যাপক কামাৰ এহছান তেওঁৰ পত্নী, সন্তান আৰু নাতি-নাতিনীৰ লগতে ভাতৃ-ভগ্নীৰ সৈতে
 
তেওঁ পুনৰ কয়, "ইয়াৰ মাজতে এম এৰ পিছত মই ১৯৭৭ চনত মগাধ বিশ্ববিদ্যালয়ত চাকৰি পালোঁ। যদিও মোৰ দেউতাই মোক অসামৰিক সেৱাত যোগদান কৰাটো বিচাৰিছিল, তথাপিও মই সদায় শিক্ষক হ'ব বিচাৰিছিলো। গতিকে, যেতিয়া মই কলেজত শিক্ষক হিচাপে যোগদান কৰিছিলো, তেতিয়া মোৰ সপোন বাস্তৱায়িত হৈছিল। মই যথেষ্ট সুখী আৰু উত্তেজিত হৈ পৰিলোঁ। মই মোৰ অভিজ্ঞতাসমূহ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰিছিলো আৰু ব্যৱস্থাটো উন্নত কৰাৰ বাবে ব্যৱহাৰিক পদক্ষেপ ল’ব বিচাৰিছিলো।"
 
আমোদজনক কথাটো হ’ল, কামাৰ এহছানৰ ককাক চাপৰা জিলা বিদ্যালয়ৰ মূৰব্বী মৌলৱী আছিল। "মোৰ বিভিন্ন বিদ্যালয়ত পঢ়াৰ অভিজ্ঞতা আছিল আৰু মানসিকভাৱে মই শিক্ষকতাৰ প্ৰতি আকৰ্ষিত আছিলো। যেতিয়া মোৰ সপোন বাস্তৱত পৰিণত হ’ল, তেতিয়া মই মোৰ সম্পূৰ্ণ মনোযোগ ছাত্ৰ-ছাত্ৰীক পঢ়োৱা আৰু তেওঁলোকৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ দিশত আগবঢ়াই দিলোঁ। তাৰ পিছত পাটনাৰ এ এন কলেজলৈ বদলি হৈ ৰিডাৰ হিচাপে পদোন্নতি লাভ কৰিলোঁ। তেতিয়াৰ পৰা মই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু নিয়মিতভাৱে প্ৰমোচন লাভ কৰিলোঁ।"-কামাৰ এহছানে কয়।
 
প্ৰথমে নালন্দা মুক্ত বিশ্ববিদ্যালয়, তাৰ পিছত বীৰ কৌৰ সিং বিশ্ববিদ্যালয়, আৰু বিহাৰৰ মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে তেওঁ নিযুক্তি লাভ কৰে। এহছানৰ উৎকৃষ্ট শৈক্ষিক অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তেওঁক মাধাপুৰাৰ বি এন মণ্ডল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে। ২০০৬ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ এই পদত থাকে। এই সময়ছোৱাত তেওঁ বিশ্ববিদ্যালয়খনৰ পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন কৰে। তেওঁ শিক্ষক, আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উন্নত কৰাৰ চেষ্টা কৰিছিল; শৈক্ষিক পৰিৱেশ স্থাপন কৰা, আৰু ইয়াৰ অধীনত থকা কেম্পাছ আৰু কলেজসমূহত পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্য্যকলাপসমূহক প্ৰসাৰিত কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ত চাকৰিমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰাৰ লগতে শিক্ষানুষ্ঠানৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰে।
 
অধ্যাপক কামাৰ এহছানে কয়, "মোক বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ সুযোগ দিয়া হৈছিল আৰু ইয়াৰ মাজতে মই ছাত্ৰ-ছাত্ৰীসকলক চাকৰিমুখী পাঠ্যক্ৰম প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলো, যাতে তেওঁলোকৰ প্ৰব্ৰজনো বন্ধ কৰিব পৰা যায়। বিহাৰৰ ছাত্ৰ-ছাত্ৰীসকলে  চাকৰিমুখী পাঠ্যক্ৰমৰ বাবে সাধাৰণতে বিদেশলৈ যায়। মই সেইবোৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ চেষ্টা কৰিলোঁ, যাৰ বাবে তেওঁলোকে বিদেশলৈ যায়।"
 
এখন বিশ্ববিদ্যালয় উদ্বোধন কৰোঁতে সুশীল মোদীৰ সৈতে অধ্যাপক কামাৰ এহছান 
 
২০০৮ চনত অধ্যাপক কামাৰ এহছানক পাটনাৰ মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। যেতিয়া তেওঁ দায়িত্ব ল’বলৈ আহিছিল, তেতিয়া বিশ্ববিদ্যালয়খন আছিল পাটনাৰ বেইলী ৰোডৰ এটা সৰু চৰকাৰী ভৱনত। ১৯৯৮ চনত প্ৰতিষ্ঠা হোৱা মৌলানা মাজহাৰুল হক আৰবী আৰু পাৰ্চী বিশ্ববিদ্যালয়খনে তিনিজন উপাচাৰ্য নিযুক্তি লাভ কৰাৰ পিছতো ২০০৮ চনলৈকে উন্নতি কৰিব পৰা নাছিল। কাগজত ই আছিল এখন বিশ্ববিদ্যালয়। কামাৰ এহছানে কয়, "মই এটা কাৰ্যপ্ৰণালী প্ৰস্তুত কৰিলোঁ আৰু তিনিমাহৰ ভিতৰতে বিশ্ববিদ্যালয়খন কাৰ্যক্ষম হৈ উঠিল। আজি এই বিশ্ববিদ্যালয়ত ২০ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিভাগত অধ্যয়ন কৰি আছে।"
 
তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ সমগ্ৰ বিহাৰত চাৰি ডজনৰো অধিক জ্ঞান সমল কেন্দ্ৰ আছে আৰু মাদ্ৰাছা আৰু ফাজিলৰ ওচৰৰ ১১৬খন উচ্চ শিক্ষানুষ্ঠানক নিয়মীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিশ্ববিদ্যালয়খনত পাঠদানৰ লগতে প্ৰশিক্ষণৰ ক্ষেত্ৰতো সৱল ব্যৱস্থাপনা আছে। অধ্যাপক কামাৰ এহছান ২০১১ চনলৈকে মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।
 
মাজহাৰুল হক বিশ্ববিদ্যালয়ে সেই সময়ত বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছিল, য’ত বিবিএ, বিচিএ, বিজেএমচি, এম বি এ, বি এড আদি উল্লেখযোগ্য। তেওঁ কয় যে এই বিশ্ববিদ্যালয়খনো মাদ্ৰাছাৰ সৈতে জড়িত, গতিকে ইয়াৰ মাজতে মই মাদ্ৰাছাৰ উচ্চ শিক্ষা ব্যৱস্থাটো শুধৰণি কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একাংশ লোকে ইয়াক অনুমোদন নিদিলে।
 
অধ্যাপক কামাৰ এহছানে কয় যে মোৰ মাদ্ৰাছাৰ অভিজ্ঞতা এইধৰণৰ যে মাদ্ৰাছা দুই প্ৰকাৰৰ, এখন ধৰ্মীয় শিক্ষা দিয়া মাদ্ৰাছা আৰু আনখন সকলো বিষয়ৰ শিক্ষা দিয়া মাদ্ৰাছা। মই বিশ্বাস কৰোঁ যে প্ৰথমবিধ মাদ্ৰাছাতো স্বাভাৱিক শিক্ষাৰ প্ৰৱৰ্তন কৰা উচিত। আনহাতে সকলো বিষয়ৰ শিক্ষা দিয়া মাদ্ৰাছাসমূহতো ছাত্ৰ-ছাত্ৰীক চাকৰিৰ যোগ্য কৰি তুলিবলৈ পাঠ্যক্ৰম আধুনিকীকৰণৰ প্ৰয়োজন আছে।
 
তেওঁ কয় যে সময়ে সময়ে পাঠ্যক্ৰম আৰু পাঠদান পদ্ধতি সলনি কৰা উচিত। "যেতিয়া মই মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিলো তেতিয়া মই মন কৰিছিলো যে মই যিদিনা মাদ্ৰাছা পৰিভ্ৰমণ কৰো, সেই দিনাহে ছাত্ৰ-ছাত্ৰীসকল তাত উপস্থিত হৈছিল। তাকো মাত্ৰ ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীহে শ্ৰেণীকোঠাত উপস্থিত আছিল। পাঠ্যক্ৰমত গৱেষণা অন্তৰ্ভুক্ত হ’লে এই কথা সলনি হ’ব। যদি গৱেষণামূলক পাঠ্যক্ৰম থাকে তেন্তে ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব আৰু বজাৰৰ চাহিদা অনুসৰি বিষয়টো শিকোৱা উচিত।"-অধ্যাপক কামাৰ এহছানে কয়।
 
এক অনুষ্ঠানত অধ্যাপক কামাৰ এহছানে বক্তৃতা প্ৰদান কৰি থকা এক দৃশ্য
 
উল্লেখ্য যে, মৌলানা মজহাৰুল হক বিশ্ববিদ্যালয়ৰ পিছত অধ্যাপক কামাৰ এহছান ঝাৰখণ্ডৰ ডুমকাস্থিত সিদ্ধু কানহু মুৰ্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তাৰ পিছত মাগধ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়।
 
ইফালে, তেওঁৰ দৃষ্টিভংগী অনুসৰি এহছানে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড, উন্নত বিশ্ববিদ্যালয় ব্যৱস্থা আৰু শিক্ষকৰ সমস্যা সমাধানৰ কাম কৰি থাকিল। প্ৰায় ৯খন গ্ৰন্থৰ লেখক কামাৰ এহছানৰ ৩০খনতকৈও অধিক গৱেষণা পত্ৰ দেশৰ প্ৰধান আলোচনীসমূহত প্ৰকাশ পাইছে। এনচিইআৰটি, ইগনৌ (NCERT, IGNOU ) আৰু বিভিন্ন আলোচনীৰ সম্পাদকীয় মণ্ডলীৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে। অধ্যাপক কামাৰ এহছানে কয় যে এজন ছাত্ৰ সফল হওক বা কোনো পদত উপনীত হওক, তেওঁ সততা আৰু কঠোৰ পৰিশ্ৰম পাহৰিব নালাগে। যিসকল লোকৰ কিবা এটা কৰাৰ আত্মবিশ্বাস আৰু আবেগ থাকে তেওঁলোকেহে জীৱনত সফলতা লাভ কৰে।
 
এগৰাকী শিক্ষাবিদ, শৈক্ষিক প্ৰশাসক আৰু শৈক্ষিক উদ্ভাৱক হিচাপে নিজকে বিশেষ কৰি তোলা অধ্যাপক এহছানে কয় যে দশম শ্ৰেণীৰ ভিতৰত প্ৰতিটো শিশুৱে নিজৰ জীৱনত কি কৰিব বিচাৰে তাৰ নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। যিসকল লোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ নকৰে, তেওঁলোক প্ৰায়ে বিফল হয়।
 
তেওঁ কয় যে মেট্ৰিক পাছ কৰাৰ লগে লগে তেওঁ নিজৰ লক্ষ্য স্পষ্ট কৰিছিল আৰু সেয়া আছিল তেওঁ ভৱিষ্যতলৈ শিক্ষক হ’ব বিচাৰে। ১৯৮০ চনত অধ্যাপক কামাৰ এহছানে বিবাহপাঁশত আৱদ্ধ হৈছিল। তেওঁৰ দুটা সন্তান আছে আৰু তেওঁৰ পত্নীও স্কুলৰ শিক্ষয়িত্ৰী। সন্তান দুটাৰ ভিতৰত ডাঙৰ কন্যা নেদাৰলেণ্ডলৈ স্থানান্তৰিত হৈছে আৰু পুত্ৰ তেওঁলোকৰ লগত থাকে। এহছানে কয় যে তেওঁলোক সাতজন ভাই-ভনীৰ ভিতৰত চাৰিজন আমেৰিকাত, আৰু এজন ইংলেণ্ডত থাকে।
 
কামাৰ এহছানৰ মতে, তেৱোঁ আমেৰিকালৈ স্থানান্তৰিত হৈছিল আৰু গ্ৰীণ কাৰ্ড লাভ কৰিছিল। অৱশ্যে মাকৰ স্বাস্থ্যৰ বাবে তেওঁ ভাৰতলৈ ঘূৰি আহিছিল আৰু তাৰ পিছত দেশৰ বাবে নিজৰ সেৱা অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছিল। যদিও তেওঁৰ পৰিয়ালৰ বেছিভাগেই বিদেশলৈ স্থানান্তৰিত হৈছে, তথাপিও কামাৰ এহছানে কয় যে তেওঁ নিজৰ জীৱনক লৈ অতি সন্তুষ্ট।