বিশিষ্ট অভিনেতা-নিৰ্দেশক মেহতাব হুছেইনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 4 d ago
বিশিষ্ট অভিনেতা-নিৰ্দেশক মেহতাব হুছেইনৰ মৃত্যু
বিশিষ্ট অভিনেতা-নিৰ্দেশক মেহতাব হুছেইনৰ মৃত্যু
 
গুৱাহাটী
 
বিশিষ্ট চলচিত্ৰ অভিনেতা, নিৰ্দেশক মেহতাব হুছেইনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এগৰাকী চিনেমা আৰু অসমীয়া ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা আৰু নির্দেশক আছিল।
 
পুলক গগৈ পৰিচালিত আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাৰা সংগীত পৰিচালনা কৰা  বোলছবি 'খোজ' মেহতাব হুছেইনে মুখ্য অভিনেতা ৰূপে অভিনয় কৰিছিল।অসমীয়া ছবি জগতখন আগুৱাই নিয়াৰ প্ৰচেষ্টাত তেওঁ আগৰণুৱা আছিল।
 
তেওঁ গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত 'মিতাৰ তিতা-মিঠা' নামৰ অসমৰ প্ৰথম ব্যঙ্গ ধাৰাবাহিক নিৰ্মাণ কৰি অসমৰ ৰাইজৰ মাজত বিপুল জনপ্ৰিয় হৈ পৰিছিল মেহতাব কা নামেৰে।সকলোৰে পৰিচিত আৰু সদা হাস্যময়ী মেহতাব হুছেইন ৰাষ্ট্ৰীয় পৰ্যায়তো এক চিনাকী নাম আছিল।
 
ডিব্ৰুগড় সদৰ পৰা আহি গুৱাহাটীৰ চান্দমাৰীত স্থায়ী ভাৱে বাস কৰা মেহতাব হুছেইন এগৰাকী চিনেমা ছিৰিয়েল উদ্যোগী হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সফল ব্যবসায়ী আছিল। মৃত্যুৰ সময়তে তেখেতে জ্যেষ্ঠ ভাতৃ বিশিষ্ট চিকিৎসক জাকিৰ হুছেইন, তেখেতৰ পত্নী পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ গৈছে।
 
উল্লেখযোগ্য যে মেহতাব হুছেইন অসমৰ প্রথমগৰাকী চাহ বিজ্ঞানৰ স্নাতক আছিল। তাৰোপৰি তেওঁৰ মাতৃৰ নামেৰে 'ছফিয়া প্ৰকাশন' বুলি এটা প্ৰকাশনো আছিল। য'ত 'জ্ঞানদ্বীপ' নামেৰে এখন জনপ্ৰিয় আলোচনী প্ৰকাশ পাইছিল। ৭৫ বছৰ বয়সত বিয়োগ ঘটা মেহতাব হুছেইনৰ পিতৃ মুহিবুদ্দিন আহমেদ আৰু মাতৃ আছিল ছফিয়া খাতুন।