নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলা

Story by  Mukut Sarma | Posted by  Munni Begum • 12 h ago
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ
 
মুকুট শৰ্মা / গুৱাহাটী
 
সাগৰ অথবা পানী অবিহণে থিয়েটাৰৰ মঞ্চত 'টাইটানিক' ডুবাই প্ৰায় দুই দশক পূৰ্বে আলোড়নৰ সৃষ্টি কৰিছিল তেওঁ। কেতিয়াবা যদি তেওঁ ভ্ৰাম্যমানৰ মঞ্চত 'টাইটানিক' ডুবাইছে, কেতিয়াবা আকৌ পাঁচ হাজাৰ বছৰ পুৰণি মায়া সভ্যতা, মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থক দূৰ্গা পূজাৰ মণ্ডপত প্ৰাণৱন্ত কৰি তুলিছে। 
 
আন কেতিয়াবা আকৌ তাজমহল, ৰোমৰ কল'চিয়াম (colosseum) আৰু দ্য গ্ৰেট ৱাল অফ চাইনাক শিল্প-কলাৰ ৰূপত সুন্দৰভাৱে প্ৰদৰ্শন কৰি তেওঁ সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। সৃজনশীল গুণেৰে সমৃদ্ধ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰখ্যাত ভাস্কৰ্য শিল্পী আৰু কলা-নিৰ্দেশকগৰাকীৰ হাতৰ পৰশত এইবাৰ প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। নাম তেওঁৰ নুৰুদ্দিন আহমেদ। 
 
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাৰ ভিতৰৰ এক দৃশ্য
 
দেশৰ গণৰাজ্য দিৱসত বহুকেইবাৰ প্ৰতীকপট প্ৰস্তুত কৰা অসমৰ সুযোগ্য সন্তান বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে সজাই-পৰাই তোলা বিজ্ঞান মেলা অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সাহিত্য সভাৰ বাকৰিত এইধৰণৰ বৃহত্‍ পৰিসৰৰ বিজ্ঞান মেলা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৰু ই সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। 
 
এই সন্দৰ্ভত 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত কলা-নিৰ্দেশক তথা ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে কয় যে বহু দশক ধৰি তেওঁ ভাস্কৰ্যশিল্প আৰু কলা-নিৰ্দেশনাৰ সৈতে জড়িত হৈ আছে যদিও সাহিত্য সভাৰ পাঠশালা অধিৱেশনত অনুষ্ঠিত বিজ্ঞান মেলাৰ দৰে বৃহত্‍ পৰিসৰৰ বিজ্ঞান মেলা অসমৰ ক'তো, কেতিয়াও দেখিবলৈ পোৱা নাই। 
 
"জীৱন কালত মই বহুতো বিজ্ঞান মেলা আয়োজন কৰিছো। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (Assam Science Technology & Environment Council)-এ আয়োজন কৰা বিজ্ঞান মেলাতো মই কাম কৰিছো। কিন্তু অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত যি বৃহত্‍ পৰিসত বিজ্ঞান মেলা আয়োজন কৰা হৈছে, সেয়া মই ক'তো দেখা নাই। এই মেলাত বিজ্ঞান-প্ৰযুক্তিৰ সৈতে জড়িত দেশৰ মুঠ ২১টা বিভাগে অংশ লৈছে। ভাৰতীয় সেনাবাহিনী, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ (National Science Center), আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় তেল নিগম, নুমলীগড় তেল শোধনাগাৰ, অসম কৃষি বিশ্ববিদ্যালয়, উত্তৰ-পূব মহাকাশ প্ৰয়োগিক কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰতীয় জাহাজ নিগম আদিৰ দৰে সন্মানীয় প্ৰতিষ্ঠানসমূহে পাঠশালাৰ বিজ্ঞান মেলাক আকৰ্ষণীয় কৰি তুলিছে। এইধৰণৰ বিজ্ঞান মেলাই গ্ৰামাঞ্চলৰ উঠি অহা যুৱ-প্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অসম সাহিত্য সভাৰ এই পদক্ষেপ সঁচাকৈয়ে আদৰণীয়।"-সংগীত নাটক অকাডেমী বঁটাবিজয়ী শিল্পী নুৰুদ্দিন আহমেদে কয়।  
 
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাৰ মুখ্যদ্বাৰ
 
উল্লেখ্য যে, নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমৰ চহকী সমাজ-জীৱন, লোককলা তথা অসমৰ পৰম্পৰাগত সংস্কৃতিক প্ৰতিফলিত কৰি অহা নুৰুদ্দিন আহমেদে বিগত প্ৰায় তিনি দশক ধৰি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ মূল তোৰণকে ধৰি বিভিন্ন সাজ-সজ্জাৰ কাম কৰি ইয়াক প্ৰাণৱন্ত কৰি আহিছে। বজালীৰ পাঠশালাত ১৯৮৭ চনত অনুষ্ঠিত অধিৱেশনৰ সময়তো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। সেই অধিৱেশনত কলা-নিৰ্দেশক তথা ভাস্কৰ্যশিল্পীগৰাকীয়ে মিউজিয়াম আৰু তোৰণ প্ৰস্তুতৰ কাম কৰিছিল। সুদীৰ্ঘ ৩৮ বছৰ পিছত পাঠশালা সাহিত্য সভাৰ অধিৱেশনত পুনৰ কাম কৰাৰ সুযোগ লাভ কৰি গৌৰবান্বিত নুৰুদ্দিন আহমেদ। ইয়াৰ বাবে তেওঁ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে।
 
"পাঠশালা অধিৱেশনৰ প্ৰতি মোৰ এক বিশেষ আৱেগ আছে। কিয়নো, ১৯৮৭ চনতো ইয়াত সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল আৰু মই তেতিয়াও এই অধিৱেশনৰ সৈতে জড়িত হোৱাৰ সুযোগ পাইছিলো। এইবাৰ মোক এই সুযোগ দিয়াৰ বাবে আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ওচৰত কৃতজ্ঞ। তেওঁৰ সামগ্ৰিক পৰিকল্পনাতে সাহিত্য সভাৰ বাকৰিত বিজ্ঞান মেলা আয়োজন কৰাটো সম্ভৱ হৈ উঠিছে। ইয়াৰ পূৰ্বে মই কলা-নিৰ্দেশক হিচাপে পাঠশালাৰ আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰৰ সৈতে বহু বছৰ একেলগে কাম কৰিছো। ৰতন লহকৰ, কৃষ্ণ ৰয় আৰু আদ্য শৰ্মাৰ সৈতে কাম কৰা সেই দিনবোৰ মনৰ মাজত আজি সজীৱ হৈ উঠিছে।"-নুৰুদ্দিন আহমেদে কয়। 
 
কলা-নিৰ্দেশকগৰাকীয়ে 'আৱাজ দ্য ভইচ'ক লগতে জানিবলৈ দিয়ে যে তেওঁলোকে ১৯ জানুৱাৰীত বিজ্ঞান মেলাখনৰ সাজ-সজ্জাৰ দায়িত্ব চম্ভালি লৈছিল আৰু ৩০ জানুৱাৰীৰ দিনা সমস্ত কাম-কাজ সম্পূৰ্ণ কৰি আদৰণি সমিতিক গতাই দিয়ে। প্ৰায় ১৬ জন শিল্পীয়ে লগ হৈ বিজ্ঞান মেলাক ৰাইজৰ বাবে সজাই-পৰাই তুলিছে। নুৰুদ্দিন আহমেদেৰ দুই পুত্ৰ দ্বীপ আৰু ৰাজ আহমেদেও বিজ্ঞান মেলাখন আটকধুনীয়া কৰি তোলাত পিতৃক সহযোগ আগবঢ়ায়। 
 
সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাত দৰ্শনাৰ্থীৰ ভিৰ
 
উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, দেৱালয় আদিৰ তোৰণ নিজৰ শিল্প-ভাস্কৰ্যৰে সজীৱ কৰি তোলা নুৰুদ্দিন আহমেদে দেশৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেইবাবাৰো অসমৰ প্ৰতীকপট প্ৰস্তুত কৰিছে আৰু দেশ-বিদেশৰ অজস্ৰ লোকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। 
 
সৰুৰে পৰা শিল্প কলাৰ প্ৰতি আকৰ্ষিত নুৰুদ্দিন আহমেদে ১৯৭৫ চনৰ পৰা হিন্দু ধৰ্মাৱলম্বী দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ আৰু চিত্ৰাংকন কৰি অহিছে। ইছলামত যিহেতু মূৰ্তি উপাসনা নিষিদ্ধ, সেয়েহে আৰম্ভণিতে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু বৰ্তমান হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিল্পকৰ্মক মৰম আৰু শ্ৰদ্ধাৰে আকোঁৱালি লৈছে।
 
বিগত বৰ্ষৰ শাৰদীয় দূৰ্গা পূজাৰ সময়ত নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত প্ৰাণ পাইছিল হিন্দু ধৰ্মৰ প্ৰাচীন মহাকাব্য মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ। গুৱাহাটী মহানগৰীৰ আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ মণ্ডপত তেওঁ ইন্দ্ৰপ্ৰস্থৰ আভাস দাঙি ধৰি দৰ্শকৰ মন জয় কৰিছিল। ইন্দ্ৰপ্ৰস্থ (আক্ষৰিক অৰ্থত: ইন্দ্ৰৰ নগৰ) মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী আছিল। বৰ্তমানৰ নতুন দিল্লী যি অঞ্চলত অৱস্থিত সেই একেটা অঞ্চলতে ইন্দ্ৰপ্ৰস্থ আছিল বুলি ধাৰণা কৰা হয়।