ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ সন্মানে যুৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাবঃ ইউ এছ টি এমৰ অধ্যাপক ড০ ফৈজুদ্দিন আহমেদ

Story by  atv | Posted by  Munni Begum • 6 d ago
ইউ এছ টি এমৰ অধ্যাপক ড০ ফৈজুদ্দিন আহমেদ
ইউ এছ টি এমৰ অধ্যাপক ড০ ফৈজুদ্দিন আহমেদ
 
ৰীতা ফাৰহাট মুকান্দ
 
ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয়ৰ (ইউ এছ টি এম) কেম্পাছৰ ভিতৰৰ ড০ ফৈজুদ্দিন আহমেদৰ পৰিপাটিকৈ সজাই থোৱা কাৰ্যালয়টোত সোমাই গ’লেই অনুমান কৰিব পাৰি যে ব্যক্তিজন এক পদ্ধতিগত শৃংখলাবদ্ধ মনৰ অধিকাৰী।
 
শেহতীয়াকৈ ইউ এছ টি এমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ আহমেদক আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে আন ১০০০ৰো অধিক ভাৰতীয়ৰ সৈতে ২০২৪ চনৰ বাবে বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিছে। তেওঁ একেৰাহে পঞ্চমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।
 
২০২৪ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰকাশিত এই তালিকাখনে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক উৎকৰ্ষতাক প্ৰতিফলিত কৰি তুলিছে। তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ বিশেষকৈ সাধাৰণ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিজ্ঞানৰ ক্ষেত্ৰত যুগান্তকাৰী গৱেষণাৰ বাবে ড০ আহমেদক ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে এই সন্মান আগবঢ়াইছে।
 
ইউ এছ টি এম 
 
এনে এক বিৰল সন্মান লাভৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৩৫ বছৰীয়া বিজ্ঞানীগৰাকীয়ে আৱাজ দ্য ভইচ'ৰ আগত কয় যে, 'ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে একেৰাহে পঞ্চম বছৰৰ বাবে স্বীকৃতি পোৱাটো সঁচাকৈয়ে সন্মানৰ কথা। এই কৃতিত্বই নিষ্ঠাবান গৱেষণা আৰু জ্ঞানৰ অদম্য অনুসন্ধানৰ তাৎপৰ্য্যক আলোকিত কৰি তুলিছে। ইউ এছ টি এম আৰু মোৰ সহকৰ্মীসকলৰ পৰা পোৱা সহায়ৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।’
 
ভদ্ৰ আৰু নম্ৰ ব্যক্তিত্বৰ বাবে বিশেষভাৱে পৰিচিত আহমেদে লগতে কয়, “এই সন্মান মোৰ অধ্যৱসায়, গৱেষণা, জ্ঞানৰ সাধনাৰ প্ৰমাণ। ইউ এছ টি এম আৰু মোৰ সহকৰ্মীসকলৰ অটল সমৰ্থনৰ বাবে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো।” ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে পৰিচিত অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাত তেওঁৰ জন্ম হৈছিল। ২০০৬ চনৰ সাছাৰ সমিতিৰ প্ৰতিবেদন অনুসৰি দেশৰ ভিতৰতে সৰ্বনিম্ন সাক্ষৰ সংখ্যালঘু জিলাৰ ভিতৰত অন্যতম ধুবুৰী জিলাত অতি কমসংখ্যক বিদ্যালয় আছে আৰু ই উন্নয়নৰ বাবে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
 
ফৈজুদ্দিন আহমেদ আৰ্থিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, যিয়ে তেওঁৰ মেধা আৰু দৃঢ়তাক সৰুৰে পৰাই গঢ় দিছিল। “সাতজন ভাই আৰু সাতজন ভগ্নীৰে আমি এটা বৃহৎ পৰিয়াল। মোৰ দেউতা স্কুলৰ শিক্ষক আছিল যদিও তেওঁৰ দৰমহাৰে সকলোকে পোহপাল দিবলৈ যথেষ্ট নাছিল।"-আহমেদে কয়। তেওঁ ধুবুৰীৰ চৰকাৰী বিদ্যালয়ত পঢ়ি ২০০৬ চনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বি.এছ.চি সম্পূৰ্ণ কৰে। 
 
প্ৰথমতে আহমেদে চাকৰি নিশ্চিত কৰিবলৈ ডিগ্ৰী এটা লাভ কৰিবলৈ আগবাঢ়িল। তথাপিও ভোলানাথ মহাবিদ্যালয় আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ অদম্য সমৰ্থন আৰু উৎসাহেই তেওঁৰ ভিতৰত এক নতুন আবেগ জগাই তুলিছিল। ২০০৯ চনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সময়লৈকে তেওঁ নিজৰ জীৱনটো সম্পূৰ্ণৰূপে উচ্চাকাংক্ষাত নিমগ্ন কৰি এক বেলেগ যাত্ৰাত নামিবলৈ অনুপ্ৰাণিত হৈছিল।
 
ড° ফৈজুদ্দিন আহমেদৰ সন্মান সন্দৰ্ভত USTM ৰ জাননী
 
তেওঁ কয়, “আমাৰ এজন শিক্ষক আছিল, তেওঁৰ নাম আছিল জামান ছাৰ। তেওঁ আশী-নব্বৈৰ দশকত এজন সন্মানীয় বিজ্ঞানী আছিল। তেওঁৰ সৈতে মোৰ কথা-বতৰাই মোক পঢ়া-শুনা আগবঢ়াই নিবলৈ প্ৰেৰণা দিছিল। স্নাতকোত্তৰ ডিগ্ৰীত আন এজন শিক্ষক লাভ কৰিছিলো, তেওঁ আছিল ড° ডি শৰ্মা। তেওঁ অতি সহজ আৰু স্পষ্টভাৱে কথাবোৰ শিকাইছিল। পি এইচ ডি গাইড হ’বলৈ মই তেওঁৰ ওচৰলৈ গৈছিলোঁ৷ এই দুজন শিক্ষক মোৰ বাবে আছিল এক বৃহৎ প্ৰেৰণাৰ উৎস।"
 
তেওঁৰ সমগ্ৰ শৈক্ষিক যাত্ৰা বহু প্ৰত্যাহ্বানৰে ভৰা আছিল যদিও অধ্যাপক ফৈজুদ্দিন আহমেদে অতি দৃঢ়তাৰে সেইবোৰ অতিক্ৰম কৰিছিল। স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি অধ্যয়নৰ সময়ত তেওঁ পৰিয়াল আৰু নিজৰ উপাৰ্জনৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত টিউটৰৰ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই জটিল আছিল যে তেওঁ বি এছ চি সম্পূৰ্ণ কৰাৰ পৰা এম এছ চিত নামভৰ্তি কৰাৰ মাজত এবছৰ ধৰি শিক্ষা গ্ৰহণ কৰি যাবলৈ যথেষ্ট ধন সঞ্চয় কৰিবলগীয়া হৈছিল।উল্লেখ্য যে, অত্যন্ত মেধাৱী ছাত্ৰ ফৈজুদ্দিন আহমেদে মেট্ৰিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে প্ৰতিটো চূড়ান্ত পৰীক্ষাতে ধাৰাবাহিকভাৱে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। 
 
বিজ্ঞানীগৰাকীয়ে অৱশ্যে নিজৰ সপোন পূৰণৰ পথত বহুতো বাধাৰ সন্মুখীন হৈছিল। আহমেদে কয়, "এই পৰ্যায়ত উপনীত হ'বলৈ মোৰ সন্মুখত পথ যথেষ্ট কঠিন আছিল। মই কেৱল অপেন জাৰ্নেলৰ সুবিধাহে লাভ কৰিব পাৰিছিলোঁ। বেছিভাগ জাৰ্নেলৰ বাবে প্ৰতিষ্ঠানসমূহক বৃহৎ ধন দিব লাগিছিল। আমাৰ প্ৰতিষ্ঠানত এনে কোনো সুবিধা নাছিল। সেয়ে, মই শেহতীয়া গৱেষণা পত্ৰসমূহ লাভ কৰিব পৰা নাছিলো, গুণগত মানৰ জাৰ্নেলৰ কোনো চাবস্ক্ৰিপচনো নাছিল। মোৰ দৰে গৱেষকৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ Sci-Hub ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। Sci-Hub ৰ জৰিয়তে মই নন-অপেন-এক্সেছ পেপাৰ ডাউনলোড কৰিবলৈ সক্ষম হৈছিলো।"
 
Sci-Hub হৈছে এটা ৱেবছাইট যিয়ে পেৱাল বাইপাছ কৰি হাজাৰ হাজাৰ কপিৰাইটযুক্ত বৈজ্ঞানিক গৱেষণা পত্ৰৰ বিনামূলীয়া প্ৰৱেশ প্ৰদান কৰে। Sci-Hub ব্যৱহাৰকাৰীৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে ভাৰতৰ সংখ্যা দ্বিতীয় স্থানত আছে। উল্লেখ্য যে, ইউ এছ টি এমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ আহমেদে আজিলৈকে এলচেভিয়াৰ আৰু স্প্ৰিংগাৰৰ প্ৰকাশককে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোচনীত ১৬৫ খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।
 
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
 
 
আহমেদে কয়, “ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে আগবঢ়োৱা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ সন্মানে কেৱল মোকে প্ৰত্যক্ষভাৱে উপকৃত নকৰে, হয়তো ভৱিষ্যতে ই অজস্ৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব। মোৰ জিলা ধুবুৰীত বেছিভাগ যুৱকে উচ্চ শিক্ষা গ্ৰহণ নকৰে। তেওঁলোকৰ প্ৰধান চিন্তা হৈছে শিক্ষাই তেওঁলোকক চাকৰি এটা দিব পাৰিবনে। ইয়াত নিবনুৱাৰ হাৰ বেছি, আৰু মানুহে কেৱল চৰকাৰী চাকৰি এটা নিশ্চিত কৰিবলৈহে পঢ়ে। মোৰ বাবে ধুবুৰীৰ পৰা আহি ইমান দূৰলৈ যোৱাটো এক উল্লেখযোগ্য কৃতিত্ব৷ হয়তো মই ধুবুৰীৰ ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আদৰ্শ হিচাপে কাম কৰিব পাৰিম।”
 
আকৰ্ষণীয় সাফল্যৰ পিছতো আহমেদে কেইবাবছৰ ধৰি চৰকাৰী বিশ্ববিদ্যালয়ত চাকৰি নিশ্চিত কৰিবলৈ চেষ্টা কৰি আহিছে। যদিও ২০১৪ চনত তেওঁ দুবাৰকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (ইউজিচি-নেট)ত সফলতাৰে উত্তীৰ্ণ হৈছিল, তথাপিও তেওঁ এতিয়াও চৰকাৰী চাকৰি পোৱা নাই। তথাপিও তেওঁ চৰকাৰী কলেজ বা বিশ্ববিদ্যালয়ত যোগদান কৰি পৰিয়াল পোহপাল দি গৱেষণাক আগুৱাই নিয়াৰ বাবে আশাবাদী হৈয়েই আছে।
 
"এতিয়াই মই ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (ইউ এছ টি এম) নামৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত কাম কৰি আছো। যদিও তেওঁলোকৰ প্ৰায় সকলো মৌলিক সুবিধা আছে, তথাপিও তেওঁলোকৰ শেহতীয়া জাৰ্ণেল বা গণিতৰ লেবৰ দৰে সম্পদৰ চাবস্ক্ৰিপচন নাই, যিবোৰ তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ বাবে অতি গুৰুত্বপূৰ্ণ," আহমেদে কয়।
 
ইয়াৰ মাজতে ইউ এছ টি এম-এ প্ৰতিষ্ঠাপক মাহবুবুল হ’কৰ দক্ষ নেতৃত্বত শৈক্ষিকভাৱে উৎকৃষ্টতা অব্যাহত ৰাখিছে আৰু বৈচিত্ৰময় ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা প্ৰদান কৰি আছে। ইয়াৰ ৮০% ছাত্ৰ-ছাত্ৰী হিন্দু, আৰু ই অঞ্চলটোৰ শ্ৰেষ্ঠ ব্যক্তিগত বিশ্ববিদ্যালয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰদ্বাৰা বিশ্ববিদ্যালয়খনে এন আই আৰ এফ-ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক ২০২৪ (NIRF-National Institutional Ranking Framework 2024)-ত একেৰাহে তৃতীয় বছৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।