আৰিফুল ইছলাম / গুৱাহাটী
নাম তেওঁৰ পিয়াৰ আলী। পেছাত এজন দৰ্জী। কিন্তু প্ৰতি বছৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ সময়ত তেওঁ হৈ পৰে দেশক ভাল পোৱা এজন গৌৰবান্বিত ভাৰতীয়। দেশ আৰু জাতিৰ প্ৰতি থকা মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰ অনন্য নিদৰ্শন দাঙি ধৰি পিয়াৰ আলীয়ে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ প্ৰাণক্ষণত হাতেৰে প্ৰস্তুত কৰি উলিয়াই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা।
প্ৰায় তিনি দশক ধৰি তেওঁ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকাৰে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভৰাই তুলে।পিয়াৰ আলীয়ে আবেগ আৰু নিখুঁততাৰে দেশৰ ত্ৰিৰংগা পতাকা চিলাই কৰি আহিছে। তেওঁ প্ৰস্তুত কৰা প্ৰতিখন পতাকা যাতে গৌৰৱ আৰু ঐক্যৰ প্ৰতীক হয়, তাৰ বাবে তেওঁ বিশেষ ধ্যান দিয়ে। আৰম্ভণিতে তেওঁ কম সংখ্যক পতাকা চিলাই কৰিছিল যদিও সময়ৰ লগে লগে প্ৰতি বছৰে ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট ওচৰ চাপি অহাৰ লগে লগে পিয়াৰ আলীয়ে দেশপ্ৰেমৰ গভীৰ ভাৱনা দেখুৱাই পতাকা প্ৰস্তুতৰ কামত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিল।
সংবাদ মাধ্যমৰ সন্মুখত দৰ্জী পিয়াৰ আলীয়ে কয়; "মই প্ৰায় ৩০ বছৰ ধৰি দৰ্জীৰ কাম কৰি আছোঁ। দোকান আৰম্ভ কৰাৰ এবছৰ পিছৰ পৰা অৰ্থাৎ প্ৰায় ২৯ বছৰ ধৰি মই ৰাষ্ট্ৰীয় পতাকা চিলাই কৰি আহিছোঁ। আমাৰ ৰাষ্ট্ৰীয় পতাকাখন মোৰ বহু প্রিয়। এই পতাকাখনে আমাৰ দেশক প্ৰতিনিধিত্ব কৰে। সৰুতে এটা পদ্য আমি পঢ়িছিলোঁ; "তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা তলত শ্যামল আছে"। এই কথাষাৰৰ তাৎপৰ্যৰ বাবেই মোৰ জাতীয় পতাকাৰ প্ৰতি অপৰিসীম প্ৰেম আছে।"
তেওঁ পুনৰ কয়, "বিশেষকৈ মই ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট এই বিশেষ দিনদুটাৰ বাবেই পতাকা চিলাই কৰোঁ। বাকী সময়ত মই সকলো দৰ্জীৰ দৰে কাপোৰ চিলাই কৰোঁ। স্কুল-কলেজ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত মোৰ এই পতাকা বিক্ৰী কৰোঁ। যিহেতু এই পতাকাখনে আমাৰ দেশক প্ৰতিনিধিত্ব কৰে। গতিকে মই পতাকাৰ বাবদ বেছি পইচা নলওঁ, কেৱল কাপোৰৰ পইছাটোহে লওঁ। যাতে সকলোৱে কম দামত ভাল পতাকা এখন ক্ৰয় কৰি উত্তোলন কৰিব পাৰে, সেয়াই মোৰ উদ্দেশ্য। এই বৃহত্তৰ কলগাছিয়াত পতাকা কেৱল ময়ে চিলাই কৰোঁ।"
গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত পিয়াৰ আলীৰ দোকানৰ দৃশ্য
গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পিয়াৰ আলীৰ দোকান ত্ৰিৰংগাৰে ভৰি থাকে। প্ৰতিবাৰৰ দৰে এইবাৰো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে কলগাছিয়াৰ পিয়াৰ আলী। ইতিমধ্যে তেওঁৰ পৰা বহুতেই ত্ৰিৰংগা ক্ৰয় কৰিছে।
পিয়াৰ আলীৰ দোকানৰ ওচৰৰ এগৰাকী ব্যৱসায়ীয়ে কয়; "মই প্ৰায় ২৫ বছৰ ধৰি পিয়াৰ আলীৰ ওচৰত ব্যৱসায় কৰি আছোঁ। ২৫ বছৰৰ পৰাই দেখি আহিছো যে, ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলে পিয়াৰ আলীৰ ব্যস্ততা বাঢ়ে আৰু পতাকা চিলাই কৰে। তেওঁক মই এদিন পতাকাৰ দামৰ কথা সোধাত তেওঁ কৈছিল, 'ভাৰত স্বাধীন কৰাত বলিদান দিয়া সেইসকল মহান বীৰসকলৰ নামত মোৰ এই কাম উচৰ্গা কৰিছো। মই কেৱল কাপোৰৰ দামটোহে লওঁ'। উল্লেখ্য যে, গোৱালপাৰাকে ধৰি তিনিখন জিলাৰ শিক্ষানুষ্ঠান বা অন্য প্ৰতিষ্ঠানে পিয়াৰ আলীৰ পৰা পতাকা ক্ৰয় কৰে।"
দৰ্জি পিয়াৰ আলীয়ে পতাকা চিলাই থকা মুহূৰ্তত
উল্লেখযোগ্য যে, ক্ষুদ্ৰ প্ৰচেষ্টাৰে আৰম্ভ কৰা এই কামৰ ব্যস্ততা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। পিয়াৰ আলীৰ পতাকা এতিয়া কেৱল বৃহত্তৰ কলগাছিয়াতে নহয়, ইয়াৰ আশে-পাশে থকা বহু অঞ্চল যেনে বৰপেটা, বৰভিটা, মায়ানবাৰী, জয়পুৰ, তাৰকান্দি, বাঘবৰ, গোৱালপাৰা, আৰু বঙাইগাঁও জিলাসমূহলৈও বিয়পি পৰিছে। এই অঞ্চলসমূহৰ ৰাইজে পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্ম আৰু অতি কম মূল্যৰ পতাকা ক্ৰয় কৰিবলৈ আহে। প্ৰতিখন পতাকাত তেওঁ সানি দিয়া মৰম আৰু শ্ৰদ্ধাক সকলোৱে একেমুখে স্বীকাৰ কৰিছে।