কলকাতাৰ আটাইতকৈ জনপ্ৰিয় কেমেৰা বিক্ৰেতা তনবীৰ আহমেদ

Story by  atv | Posted by  Munni Begum • 2 d ago
কেমেৰা বিক্ৰেতা তনবীৰ আহমেদ আৰু তেওঁৰ কেমেৰাৰ দোকান (ফটো সৌজন্য তনবীৰ আহমেদ)
কেমেৰা বিক্ৰেতা তনবীৰ আহমেদ আৰু তেওঁৰ কেমেৰাৰ দোকান (ফটো সৌজন্য তনবীৰ আহমেদ)
 
ৱেদান্ত কাৰিয়া
 
১৯৮৬ চনৰ পৰা লাখ লাখ আকৰ্ষণীয় ফটো অথবা ছবিৰ আঁৰত থকা এগৰাকী ব্যক্তি হৈছে তনবীৰ আহমেদ। তেওঁ ফটোগ্ৰাফাৰ নহয়৷ তেওঁ হৈছে এগৰাকী কেমেৰা বিক্ৰেতা। যদি কলকাতা ফটোগ্ৰাফাৰৰ স্বৰ্গভূমি হয়, তেন্তে ধৰ্মতলাৰ মতি চিল ষ্ট্ৰীট এক পবিত্ৰ স্থানৰ দৰে। এই পথটোত কেইবা ডজনো কেমেৰাৰ দোকান গোট খাই থকাৰ বিপৰীতে তনবীৰৰ দ্য কেমেৰা শ্বপে (The Camera Shoppe) গ্ৰাহকৰ মাজত সদায় এক ব্যতিক্ৰমী চাঁপ এৰিবলৈ সক্ষম হৈছে।
 
“ডাঙৰ হৈ থকা সময়ত মই কেতিয়াও কেমেৰাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলো। আচলতে আমাৰ ঘৰত কেমেৰাও নাছিল৷ মোৰ পৰিয়ালৰ প্ৰথমটো কেমেৰা আছিল ইয়াছিকা মেট ১২৪। মিডিয়াম ফৰ্মেটৰ এই কেমেৰাটো মোৰ ককাৰ আছিল।” এইদৰে যন্ত্ৰটোৰ কথা মনত পেলাই এইদৰে কয় তনবীৰে। তেওঁ পুনৰ কয়, “মই নিজে কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব পৰা নাছিলো, কিন্তু ককাই ব্যৱহাৰ কৰা চাই আছিলো। আগতে মই এনেকুৱা একো দেখা নাছিলোঁ।’
 
তনবীৰ আহমেদ তেওঁৰ কেমেৰাৰ দোকানত (ফটো: সৌম্যজিৎ দে)
 
অৱশ্যে কেমেৰা বিক্ৰী কৰাটো তনবীৰৰ বাবে কেতিয়াও পৰিকল্পনা নাছিল। তেওঁ কোৱাৰ দৰে ভাগ্যৰ পাকচক্ৰৰ বাবেই তেওঁ প্ৰথমে ফেন্সী মাৰ্কেটৰ কেমেৰাৰ দোকান এখনত কাম কৰিবলগীয়া হৈছিল। এই বজাৰখন ১৯৮০ চনত ফটোগ্ৰাফীৰ কেন্দ্ৰবিন্দু আছিল। “পূৰ্বৰ কোনো অভিজ্ঞতা অবিহনে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাটো অতি কঠিন আছিল। মই অতি ডাঙৰ পুস্তিকাবোৰ (thick booklets) পঢ়িছিলো, যাতে গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰো। কিছুমান কেমেৰাৰ পুস্তিকা ৰাছিয়ান ভাষাত আছিল, গতিকে সেইবোৰ অনুবাদ কৰাটো অতিৰিক্ত প্ৰত্যাহ্বান আছিল!” আৰম্ভণিৰ কথা মনত পেলাই তেওঁ এইদৰে কয়।
 
ছয় বছৰ বেলেগৰ দোকানত কাম কৰি কেমেৰাৰ বিষয়ে যিমান পাৰে সকলো জানি লৈ অৱশেষত ১৯৮৬ চনত তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ফেন্সি মাৰ্কেটৰ এখন সৰু দোকানেৰে তেওঁ আৰম্ভণি কৰিছিল, য'ত মাত্ৰ আঠটা কেমেৰা মডেল আৰু এটা ইনভেণ্টৰী আছিল। “সেই সময়ত আপুনি অতি কম বিনিয়োগেৰে কেমেৰাৰ ব্যৱসায়ত প্ৰৱেশ কৰিব পাৰিছিল। এই ছোভিয়েট কোম্পানী জেনিটৰ কেমেৰা ৮০০ টকাৰ পৰা আৰম্ভ হৈছিল, আনহাতে পেন্টাক্সৰ অধিক উন্নত মডেল ২৮০০ টকাত বিক্ৰী হৈছিল। আজি যদি মই কাৰোবাক কওঁ যে মই মাত্ৰ ৮০ হাজাৰ টকাৰে কেমেৰাৰ দোকান খুলিছিলোঁ, তেন্তে তেওঁলোকে মোক বিশ্বাস নকৰিব।" -তনবীৰে হাঁহি হাঁহি কয়।
 
তনবীৰে স্বীকাৰ কৰে যে তেওঁ ব্যৱসায় আৰম্ভ নকৰালৈকে কেতিয়াও ব্যক্তিগত জীৱনত কেমেৰা ব্যৱহাৰ কৰি পোৱা নাছিল। দোকানত কাম কৰা সময়তহে তেওঁ প্ৰথম কেমেৰা দেখা পাইছিল। দোকান স্থাপন কৰাৰ সময়ত তেওঁ বুকলেটসমূহৰ বাহিৰেও মানুহৰ সৈতে কথা পাতি কেমেৰাৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলে।
 
কলকাতাৰ মতি চিল ষ্ট্ৰীটত থকা তনবীৰ আহমেদৰ কেমেৰাৰ দোকান (ফটো: সৌম্যজিৎ দে)
 
তেতিয়াই তেওঁ সঁচাকৈয়ে বুজিবলৈ আৰম্ভ কৰিলে যে মানুহৰ ফটোগ্ৰাফীৰ প্ৰতি থকা আকৰ্ষণ। “মানুহে মোক তেওঁলোকে ক্লিক কৰা ছবিবোৰ দেখুৱাবলৈ আৰম্ভ কৰিলে, আৰু ইয়াৰ ফলত মই প্ৰথমবাৰৰ বাবে ফটোগ্ৰাফীক এক কলা হিচাপে দেখা পালোঁ। অৱশেষত ১৯৮৭ চনত মই প্ৰথম কেমেৰাটো কিনিলোঁ — টোছিবা। অতি সোনকালেই টোছিবাৰ ঠাইত অলিম্পছ অ’এম-১ আহিল, তাৰ পিছত নিকন এফএম২ আহিল, যিটো নিকন এফ৮০১লৈ সলনি হয়।" এইদৰে আজি তনবীৰে ফুজিফিল্ম (Fujifilm)ৰ কেমেৰা ব্যৱহাৰ কৰে। উৎকৃষ্ট ৰঙৰ বাবে তেওঁ এই কেমেৰাক পছন্দ কৰে।
 
নব্বৈৰ দশকৰ আৰম্ভণিতে কেমেৰাৰ ভিতৰৰ কথা জনা এই দোকানীজনৰ বিষয়ে খবৰ বিয়পি পৰিছিল আৰু কলকাতাৰ প্ৰখ্যাত ফটোগ্ৰাফাৰসকলৰ আড্ডাৰ স্থান হৈ পৰে তনবীৰৰ দোকান। “সুপ্ৰতীক চেটাৰ্জী আৰু মই আকস্মিকভাৱে লগ পাইছিলো, যেতিয়া তেওঁ মেক্ৰ’লেন্স কিনিবলৈ আমাৰ দোকানলৈ আহিছিল। আমাৰ মাজত ইমানেই ভালদৰে কথাবোৰ মিলি গ’ল যে তেওঁ মোক সত্যকী ঘোষ, বিবেক দাস, আৰু নেমাই ঘোষ (যি সত্যজিৎ ৰায়ৰ সৈতে যথেষ্ট কাম কৰিছিল) আদি প্ৰবীণ কেমেৰামেনৰ সৈতে চিনাকি কৰাই দিলে। ইয়াৰ ফলত আৰু অধিক দুৱাৰ মুকলি হ’ল, আৰু মই হৰ্ষ নেওটিয়া আৰু শ্বাৱত গোৱেংকাৰ দৰে উদ্যোগপতিসকলক কেমেৰা বিক্ৰী কৰিবলৈ ধৰিলোঁ। এইদৰে বহুত ডাঙৰ ডাঙৰ ব্যক্তি মোৰ গ্ৰাহক হৈ পৰে,” তনবীৰে কয়।
 
"নব্বৈৰ দশকত ফটোগ্ৰাফী অধিক মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰিছিল। এই দশকৰ আৰম্ভণিতে কালিঘাটত এটা ফটোগ্ৰাফী ক্লাবৰ জন্ম হৈছিল, যিটো ক্লাবত সপ্তাহত দুবাৰকৈ বৈঠক অনুষ্ঠিত হৈছিল। ফটোগ্ৰাফীৰ ক্ষেত্ৰত ই এটা ডাঙৰ আড্ডাৰ দৰে আছিল।"-তেওঁ কয়।
 
১৯৯৬ চনৰ আশে-পাশে কেনন আৰু নিকনৰ দৰে বৃহৎ কেমেৰা কোম্পানীয়ে ভাৰতত পোনপটীয়াকৈ গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। এইটো আন এক টাৰ্নিং পইণ্ট বুলি চিহ্নিত হ’ল, কিয়নো তনবীৰে তেওঁলোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰি অভিলেখ সংখ্যক কেমেৰা বিক্ৰী কৰে। “মই কেনন, নিকন আৰু ছ’নীকে ধৰি সকলো কোম্পানীৰে ছেলছ টাৰ্গেট অতিক্ৰম কৰাৰ বাবে প্ৰমাণপত্ৰ লাভ কৰিলোঁ। যথেষ্টসংখ্যক কেমেৰা বিক্ৰী কৰাৰ বাবে মই কোম্পানীৰ পৰা ব্যৱসায়িক ভ্ৰমণৰ সুযোগ লাভ কৰিছিলো। কোম্পানীয়ে মোক ছুইজাৰলেণ্ড, ইংলেণ্ড, বুডাপেষ্ট, প্ৰাগু, ডুবাই, আবুধাবি, থাইলেণ্ড আৰু ছিংগাপুৰলৈ লৈ গৈছিল। আপুনি অনুমান কৰিব পাৰিব নে সেই ভ্ৰমণৰ ফটোগ্ৰাফাৰজন কোন আছিল?”-তেওঁ ধেমালি কৰি কয়। 
 
জনপ্ৰিয় কেমেৰা বিক্ৰেতা তনবীৰ আহমেদ (ফটো: সৌম্যজিৎ দে)
 
ইমান দিনে এই ব্যৱসায়ত জড়িত হৈ তেওঁ ছবিৰ পৰা ডিজিটেললৈ পৰিৱৰ্তন হোৱাৰ যাত্ৰাও প্ৰত্যক্ষ কৰিছে। তনবীৰে অনুভৱ কৰে যে তেওঁ আৰম্ভ কৰাৰ সময়ৰ পৰাই ফিল্ম কেমেৰাবোৰত এটা নিৰ্দিষ্ট ৰোমান্টিক সৌন্দৰ্য্য আছিল, যিটো আজিৰ ডিজিটেল কেমেৰাত নাই। ছবি নিৰ্মাণৰ ব্যয়বহুল খৰচে আজি কিনিব বিচৰাসকলকো তেনে কৰাৰ পৰা বিৰত ৰাখিছে। “তেতিয়া কেমেৰাত ভাল ছবি এখন ক্লিক কৰিবলৈ আপুনি নিজকে প্ৰয়োগ কৰাৰ প্ৰয়োজন আছিল। ই আছিল এক কলা। আজিৰ কেমেৰাই আপোনাৰ বাবে সকলো কাম কৰে আৰু চেন্সৰৰ মানদণ্ড ইমানেই উন্নত হৈছে যে ভাল ছবি এখন ক্লিক কৰিবলৈ কোনো দক্ষতা নিখুঁত কৰাৰো প্ৰয়োজন নাই। ই দুখৰ কথা।"-তেওঁ হুমুনিয়াহ কাঢ়ে।
 
তনবীৰৰ আন এটা ডাঙৰ পৰিৱৰ্তন হৈছে ফটোগ্ৰাফীৰ আবেগৰ পৰা পেছালৈ বিৱৰ্তন।  তেওঁৰ মতে কন্টেন্ট ক্ৰিয়েটৰৰ এই যুগত কেমেৰাৰ ব্যৱহাৰ পূৰ্বতকৈ অধিক হ’ব, ইমানেই যে অদূৰ ভৱিষ্যতে প্ৰায় সকলোকে কেমেৰাৰ প্ৰয়োজন হ’ব। “কাৰোবাৰ চাকৰি নাথাকিলেও অভিভাৱকে ইএমআইত ভাল কেমেৰা এটা কিনিব পাৰে, আৰু নিজৰ সন্তানক ফটোগ্ৰাফীৰ সহায়ত আৰ্থিক স্বাধীনতা লাভৰ সুযোগ দিব পাৰে। আগতে পেছাদাৰী ফটোগ্ৰাফী বন্যপ্ৰাণী আৰু বিবাহ অনুষ্ঠানৰ মাজতে সীমাবদ্ধ আছিল যদিও এতিয়া আমাৰ দোকানলৈ প্ৰতিদিনে ভ্ল'গাৰসকল আহি থাকে। আজি কেমেৰা এটাই এটা পৰিয়ালৰ ভৰণ-পোষণ দিব পাৰে।”
 
প্ৰায় চাৰি দশক ধৰি কেমেৰা বিক্ৰী কৰাৰ অভিজ্ঞতালৈ উভতি চাই তেওঁ কয় যে এই ক্ষেত্ৰখন যথেষ্ট পৰিৱৰ্তন হৈছে। “সেইদিনা মই ৮০ হাজাৰ টকাত এখন সম্পূৰ্ণ দোকান স্থাপন কৰিব পাৰিছিলো। আজি মাত্ৰ এটা ভাল কেমেৰা বডিৰ মূল্য ৫ লাখতকৈও অধিক হ’ব পাৰে। ডাঠ পুস্তিকাবোৰৰ ঠাইত অনলাইন ফৰাম স্থাপন কৰা হৈছে, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ইজনে সিজনৰ প্ৰশ্নৰ উত্তৰ দিয়ে। কিন্তু ভাল ছবি এখন ক্লিক কৰাৰ পিছত যি সন্তুষ্টিৰ অনুভূতি পোৱা যায়, সেয়া একেই আছে আৰু একেই থাকিব।”
 
(এই অনুবাদিত লেখাটি কলকাতাৰ পৰা প্ৰকাশিত দ্য টেলিগ্ৰাফৰ পৰা লোৱা হৈছে)