অঞ্জু শাণ্ডিল্য
২৬ বছৰীয়া এজন যুৱক। সেই বয়সতে যুৱকজনৰ এখন কবিতা পুথি প্রকাশ হৈছিল। সেয়া ১৮৯৬ চনৰ কথা। ৰোমাণ্টিক ভাবধাৰা, প্রেম-ভালপোৱা আদি কথাৰ পৰিবৰ্তে আধ্যাত্মিক চিন্তা-চৰ্চা, ভাব-ভাষাৰে কবিতা ৰচনা কৰি প্ৰকাশ হোৱা কবিতা পুথিখনৰ নামেৰেই এই তৰুণ কবিজন প্রখ্যাত হৈ পৰে- 'জ্ঞান-মালিনীৰ কবি'ৰূপে। এইজন কবি মফিজুদ্দিন আহমদ হাজৰিকা।
ভৰডেকা বয়সতে আধ্যাত্মিক জ্ঞানেৰে ভৰা কবিতা পুথি 'জ্ঞান-মালিনী' ৰচনা কৰি মফিজুদ্দিন আহমদ হাজৰিকাই অভিলেখ সৃষ্টি কৰিলে। ড° মহেশ্বৰ নেওগৰ কথাত- 'জোনাকীৰ আন্দোলনৰ লগত সংশ্লিষ্ট নোহোৱাকৈ ডিব্ৰুগড়ৰ মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰাণৰ নহয়, জ্ঞানৰ কবিতা ৰচনা কৰে 'জ্ঞান-মালিনী'। 'জোনাকী'ত কবিতা আদি লিখা নাছিল, কিন্তু 'জোনাকী যুগ'ৰ কবি-সাহিত্যিকসকলৰ সমসাময়িক কবি আছিল মফিজুদ্দিন আহমদ হাজৰিকা।'
মফিজুদ্দিন আহমদ হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত এক অনুষ্ঠান
১৮৭০ চনৰ ৩০ আগষ্টত ডিব্ৰুগড়ত জন্মলাভ কৰা হাজৰিকাই হাইস্কুলীয়া শিক্ষাৰ ডেওনা পাৰ নোহোৱাকৈয়ে উত্তৰ লখিমপুৰৰ বন বিভাগত কর্মজীৱনৰ পাতনি মেলে। পাচত ডিব্ৰুগড় কাছাৰীৰ পেস্কাৰৰ চাকৰিত নিযুক্তি লাভ কৰে। কবিতা ৰচনা কৰি নাম-যশ লাভ কৰা কবিজনে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলেও আধ্যাত্মিক দিশত এক অধ্যয়নপুষ্ট মনেৰে কবিতাত আধ্যাত্মিক ভাবধাৰা প্ৰকাশ কৰি গ'ল। 'জ্ঞান-মালিনী'ৰ পাচত 'মালিনীৰ বীণ' নামেৰে আন এখন কবিতা পুথি প্রকাশ হৈছিল। মৃত্যুৰ পাচত জন্ম শতবর্ষত (১৯৭০) 'তত্ত্ব পাৰিজাত' কবিতা পুথিখন প্রকাশ হৈছিল।
এজন ইছলামধর্মী হৈও পবিত্র কোৰান বা জিকিৰ-জাৰীতকৈ গীতা-ভাগৱতৰ কথাতহে বেছি গুৰুত্ব দিছিল। শ্রীমন্ত শংকৰদেৱৰ আদৰ্শক মানি লৈছিল। গুৰুজনাৰ 'হৰমোহন'ৰ পদত যুৱক মফিজুদ্দিন হাজৰিকাই বিচাৰি পাইছিল আধ্যাত্মিক তত্ত্ব দৰ্শনৰ সাৰ। গুৰুজনাই লিখিছিল- 'যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ/হৰিত পৃথক কিছো নহে/যিজন ভকতিবিহীন সি দেখে হৰিত ভিন/হৰিৰ মায়াই তাক মোহে' (হৰমোহন)। 'হৰমোহন'ৰ সুৰত সুৰ মিলাই কবিজনে কৈছে- 'তেৱেঁ পানী তেৱেঁ মাছ/তেৱেঁ এক তেৱেঁ পাঁচ/তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ/তেৱেঁ ধনী তেৱেঁ ধন/গোমস্তা ও মহাজন/তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ/নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।'
১৯৩০ চনৰ অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ সভাপতিৰ ভাষণত কৈছিল, "মই মাথোঁ ইমানকে ক'ব খোজো যে, তেওঁবিলাক মোৰ আপোন, প্ৰাণৰ সোদৰ, একে আইৰে পো-পোৱালি, একে ভাই ভাই। তেওঁবিলাকে মোক এৰি কোনোকালে কান্যকুব্জ কিম্বা অযোধ্যাত ঘৰ-বাৰী কৰি নাথাকেগৈ আৰু ময়ো কস্মিনকালে তেওঁবিলাকক এৰি ৰোহ পাতি আৰবস্থান বা কিম্বা তুর্কীস্থানত গৈ যাউতিযুগীয়াকৈ নাথাকো।"
মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন গ্ৰন্থ
বাঘ হাজৰিকাৰ বংশৰ কবি কাৰণেই এনেকৈ ক'ব পাৰিছিল। সেই বাঘ হাজৰিকা, শৰাইঘাট ৰণৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ পালি সেনাপতি বাঘ হাজৰিকা। অসম দেশৰ মাটি-বায়ু-পানী সেৱন কৰি, অসমকে মাতৃভূমিৰূপে আঁকোৱালি লোৱা ইছলামধর্মী বাঘ হাজৰিকাই স্ব-ধর্মী মোগল বাহিনীক সহায় কৰা নাছিল। বাঘ হাজৰিকাই অসমৰ হকে যুঁজি, অসমক মোগল বাহিনীৰ পৰা ৰক্ষা কৰিছিল। লাচিত বৰফুকনে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি ভবাৰ দৰে বাঘ হাজৰিকাই 'দেশতকৈ জাতি-ধর্ম ডাঙৰ নহয়' বুলি ভাবিছিল। এইজন বাঘ হাজৰিকাৰে বংশৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা।
বৰ্তমান সময়ত এচাম লোকে বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ বুলি ক'ব খোজে, কিন্তু বাঘ হাজৰিকাৰ বংশৰ একাদশ প্ৰজন্মৰ চাকিৰ হাজৰিকাৰ পৰিয়াল এতিয়াও গুৱাহাটীত আছে। ১৯৩০ চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ ভাষণতে মাথোঁ অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ কথা কোৱা নাছিল। কামেৰেও সাম্প্রদায়িক সম্প্রীতি বজাই ৰখাত গুৰুত্ব আৰোপ কৰিছিল। যেতিয়াই সময়-সুবিধা পাইছিল সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিছিল। কবিৰ বংশ-পৰিয়ালৰ পাচৰ প্রজন্ময়ো এই যাত্ৰাৰ সহযোগী হৈছিল।
একাদশ প্ৰজন্মৰ শিল্পী চাকিৰ হাজৰিকাৰ কথা কোনে নাজানে। এইজন শিল্পীৰ মনতো হিন্দু-মুছলমান বুলি কোনো ভেদাভেদ নাছিল আৰু চাকিৰ হাজৰিকাৰ পত্নী কণ্ঠশিল্পী হাছিনা হাজৰিকাই কলাগুৰু বিষ্ণু ৰাভা ৰচিত 'গুৰু মোৰ শংকৰ...' বা নলিনীৰঞ্জন বৰঠাকুৰে লিখা 'এয়া যে নামঘৰ...' শীর্ষক গীত গাই বিপুল জনপ্রিয়তা লাভ কৰিছিল। দুয়োটা গীতেই আজিও জনপ্রিয়তা অক্ষুণ্ণ ৰাখিছে।
মফিজুদ্দিন আহমদ হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত এক অনুষ্ঠান
ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীত থকা কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বংশ-পৰিয়ালে অসমৰ যাউতিযুগীয়া শান্তি-সম্প্রীতি ৰক্ষা কৰাত অৰিহণা যোগাই আহিছে। ১৯৫৮ চনৰ ২৯ অক্টোবৰত কায়িকভাৱে 'জ্ঞান-মালিনী'ৰ কবিজনে অসমৰ পৰা আঁতৰি গ'লেও কথাৰে, কামেৰে আজিও অসমীয়াৰ বুকুৰ মাজত জীয়াই আছে। ইছলামধর্মী হৈও আল্লা, কবৰ, নচিব, গোলাম, দুনিয়া, বেহেস্ত আদি শব্দৰ পৰিবৰ্তে 'কীর্তন-ঘোষা', 'নামঘোষা' আদিত ব্যৱহৃত 'প্রভু দয়াময়', 'অধম', 'কপাল', 'জগত', 'স্বৰ্গ' 'বৈকুণ্ঠ' আদি শব্দৰ প্ৰয়োগ কৰি কবিতা ৰচনা কৰিছিল- 'মানুহৰ পৰা তেন্তে/আশা আৰু নাই/এবে তোমাকেহে খাটো/হে প্রভু দয়াময়...', 'কণা অধমৰ ফালে/কৃপা চকু মেলি চাই/তৰাহি হে দয়াময়/ৰসাতলে গ'লে হায়।'
সেই সময়ত অসমীয়া সমাজত, গ্রামাঞ্চলত ব্যৱহৃত কথন-ৰীতিও কবিতাত প্রয়োগ কৰিছিল- 'হায় বিধি কি কৰিলো/লাভে-মূলে হেৰুৱালো/এবে মই অধমক ক্ষমা কৰা বুলি/পৃথিৱীৰ সিপুৰীৰ পাম ঘৰ।' 'পাহৰিবি হাট-বাট লগ বাটৰুৱা/তৎ চূর্তি হেৰুৱাবি লাগি হুৱাদুৱা/পাহৰিবি নৰকৰ শাস্তি ভয়ংকৰ/আৰু- সেই মন লোভা পুৰী বৈকুণ্ঠত।' আজিৰ অসমখনত এচাম দুষ্টচক্ৰই যি সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাই অশান্তিৰ সৃষ্টি কৰিছে, সেই অশান্তিময় পৰিবেশত মফিজুদ্দিন আহমদ হাজৰিকাৰ দৰে মনে-প্রাণে অসমীয়া মানুহৰ প্ৰয়োজন হৈ পৰিছে। নৱপ্ৰজন্ময়ো এইজন কবিৰ কথা জনা উচিত।