ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত ইউ এছ টি এমৰ অধ্যাপক

Story by  atv | Posted by  [email protected] • 1 d ago
USTMৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ফৈজুদ্দিন আহমেদ
USTMৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ফৈজুদ্দিন আহমেদ
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিছে ইউনিভাৰ্ছিটি অফ চাইঞ্চ এণ্ড টেকনোলজী মেঘালয় (USTM)ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ফৈজুদ্দিন আহমেদক। ২০২৪ চনৰ ১৬ ছেপ্টেম্বৰত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে এই তালিকাখন প্ৰকাশ কৰে।
 
ড° ফৈজুদ্দিন আহমেদে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলৰ সন্মানীয় তালিকাত একেৰাহে পঞ্চমবাৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অগ্ৰণী গৱেষণা মূলতঃ তাত্ত্বিক পদাৰ্থ বিজ্ঞানক কেন্দ্ৰ কৰি সাধাৰণ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 
 
সমগ্ৰ কেৰিয়াৰত ড° আহমেদে এই ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু ইতিমধ্যে তেওঁ  বিশিষ্ট স্ক’পাছ-ইনডেক্সড আলোচনীত ১৬৫খন গৱেষণা পত্ৰ প্ৰকাশ কৰি অনন্য কৃতিত্ব অৰ্জন কৰিছে।  
 
ইউএছটিএমৰ প্ৰৱেশদ্বাৰৰ এক দৃশ্য
 
এই সন্মান লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড° আহমেদে কয়, "ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে একেৰাহে পঞ্চম বছৰৰ বাবে মোক স্বীকৃতি দিয়াটো মোৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়। তেওঁলোকৰ এই স্বীকৃতিয়ে মোৰ নিষ্ঠাবান গৱেষণাৰ তাৎপৰ্য্য আৰু জ্ঞানৰ অদম্য সাধনাক আলোকিত কৰি তুলিছে। মই ইউ এছ টি এম আৰু মোৰ সহকৰ্মীসকলৰ পৰা পোৱা সমৰ্থনৰ বাবে গভীৰভাৱে কৃতজ্ঞ।"
 
উল্লেখ্য যে, ড° আহমেদে ২০০৬ চনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০০৯ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
 
ড° আহমেদৰ কৰ্মৰাজিৰ এই বিশ্বব্যাপী স্বীকৃতিয়ে কেৱল তেওঁৰ ব্যক্তিগত নিষ্ঠা প্ৰদৰ্শন কৰাই নহয়, ইউ এছ টি এমত  চলোৱা বৈজ্ঞানিক গৱেষণাৰ মানদণ্ডকো প্ৰতিফলিত কৰে। তেওঁৰ এই সাফল্যই বিশ্বমানৰ গৱেষণা আৰু উদ্ভাৱনক উদগণি যোগোৱাৰ ক্ষেত্ৰত ইউএছটিএমৰ দায়বদ্ধতাক সুদৃঢ় কৰে।