জ্ঞানপীঠ বঁটাই দায়িত্ব বৃদ্ধি কৰিলেঃ বিখ্যাত কবি-সাহিত্যিক বিনোদ কুমাৰ শুক্লা

Story by  atv | Posted by  [email protected] • 7 d ago
বিখ্যাত কবি আৰু সাহিত্যিক বিনোদ কুমাৰ শুক্লা
বিখ্যাত কবি আৰু সাহিত্যিক বিনোদ কুমাৰ শুক্লা
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

২০২৪ চনৰ সন্মানীয় জ্ঞানপীঠ বঁটাৰ বাবে বাছনি হোৱাৰ পিছত ৰায়পুৰৰ বিখ্যাত কবি আৰু সাহিত্যিক বিনোদ কুমাৰ শুক্লাই এই সন্মানক এক ডাঙৰ দায়িত্ব আখ্যা দিছে। নিজৰ সাহিত্য যাত্ৰাৰ কথা মনত পেলাই ৮৮ বছৰীয়া সাহিত্যিকগৰাকীয়ে কয়, "মোৰ বহুত লিখিব লগা আছিল, কিন্তু মই কমকৈ লিখিব পালো। বহুত দেখিলোঁ, শুনিলোঁ আৰু অনুভৱ কৰিলোঁ, কিন্তু তাৰ এটা অংশহে লিখিব পাৰিলোঁ।" 
 
শনিবাৰে ৫৯ সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰা হয়। এই সন্মান লাভ কৰা ছত্তীশগড়ৰ তেওঁ প্ৰথমজন সাহিত্যিক। সাহিত্য অকাডেমী বঁটাকে ধৰি বহু সন্মানীয় সন্মানেৰে সন্মানিত বিনোদ কুমাৰ শুক্লা সৰলতা আৰু গাম্ভীৰ্যতাৰ এক অনন্য সংমিশ্ৰণ।
 
১৯৩৭ চনত ছত্তীশগড়ৰ ৰাজনান্দগাঁৱত জন্মগ্ৰহণ কৰা বিনোদ কুমাৰ শুক্লাই ১৯৭১ চনত প্ৰথম কবিতা সংকলন "লগভগ জয়হিন্দ"ৰ জৰিয়তে লিখাৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ বহুতো উল্লেখযোগ্য কবিতা সংকলন আৰু উপন্যাস ৰচনা কৰে। 'দিৱাৰ মে এক খিড়কী ৰহতী থি' আৰু 'নৌকৰ কি কামিজ' তেওঁৰ মূল সৃষ্টি।
 
'নৌকৰ কি কামিজ'ক লৈ মণি কৌলে এখন চিনেমাও নিৰ্মাণ কৰিছিল, যাৰ অতিশয় শলাগ লোৱা হৈছিল। জ্ঞানপীঠ বঁটা ঘোষণাৰ পিছত বিনোদ কুমাৰ শুক্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। এই বঁটাই মোৰ দায়িত্ব উপলব্ধি কৰাইছে। মই যিখিনি লিখিছো, তাতকৈ বেছি লিখাৰ ইচ্ছা আছিল। কিন্তু এতিয়া এই বয়সত লিখাৰ গতি বজাই ৰখাটো কঠিন হৈ পৰিছে।"
বিনোদ কুমাৰ শুক্লাৰ কেইখনমান গুৰুত্বপূৰ্ণ ৰচনা এনেধৰণৰ:
 
'দিৱাৰ মে এক খিড়কী ৰহতী থি' (১৯৯৯) – সাহিত্য অকাডেমী বঁটাৰে সন্মানিত, 'নৌকৰ কি কামিজ' (১৯৭৯) – মণি কৌলে ইয়াৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিছিল, 'সব কুচ হোনা বচা ৰাহেগা' (১৯৯২) – বিখ্যাত কবিতা সংকলন। উল্লেখ্য যে, ১৯৬১ চনত প্ৰতিষ্ঠা হোৱা জ্ঞানপীঠ বঁটা প্ৰথমে ১৯৬৫ চনত মালয়ালম কবি জি শংকৰ কুৰুপক প্ৰদান কৰা হয়। এই বঁটা ভাৰতীয় সাহিত্যিকসকলৰ বাবে সৰ্বোচ্চ সাহিত্যিক সন্মান হিচাপে গণ্য কৰা হয়।
 
নতুন আৰু তৰুণ লেখকৰ বাবে তেওঁ কৈছিল, “নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু লিখি থাকক। লিখাটো সাধাৰণ কথা নহয়, ইয়াক গুৰুত্বসহকাৰে লওক। পাঠকৰ মতামতক মূল্য দিয়ক আৰু আপোনাৰ সৃষ্টিশীলতাক মুক্তভাৱে প্ৰকাশ কৰক।"
 
বিনোদ কুমাৰ শুক্লাৰ জীৱনৰ বেছিভাগ সময় ছত্তীশগড়ত পৰা হৈছিল, য’ত তেওঁ সাধাৰণ মানুহৰ জীৱন, তেওঁলোকৰ আশা আৰু সংগ্ৰামক নিজৰ লেখাৰ কেন্দ্ৰবিন্দু কৰি লৈছিল। আমোদজনক কথাটো হ’ল, হিন্দী সাহিত্যৰ প্ৰতি তেওঁৰ প্ৰৱণতা আৰম্ভ হৈছিল দ্বাদশ শ্ৰেণীত হিন্দী বিষয়ত ব্যৰ্থ হোৱাৰ পিছত। ২০২০ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই যদি হিন্দীত ব্যৰ্থ নহ'লোহেঁতেন, তেন্তে মই হয়তো ডাক্তৰ বা অভিযন্তা হ'লোহেঁতেন।"
 
মাকে তেওঁক ঘৰতে বাংলা সাহিত্য পঢ়াইছিল, যাৰ ফলত তেওঁৰ সাহিত্যৰ প্ৰতি এক দৃষ্টিভংগী গঢ় লৈ উঠিছিল। ২০ বছৰ বয়সত তেওঁ বিশিষ্ট হিন্দী সাহিত্যিক গজানন মাধৱ মুক্তিবোধক লগ পাইছিল, যিয়ে তেওঁৰ কবিতা পাঠ কৰি তেওঁক উৎসাহিত কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰতিষ্ঠিত সাহিত্য আলোচনীত লিখিবলৈ আৰম্ভ কৰে আৰু কৃষি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ জব্বলপুৰলৈ যায়।
তেওঁৰ লেখাৰ বিশেষত্ব হ’ল সৰলতা আৰু গভীৰতা। প্ৰকাশক শৈলেশ ভাৰতবাসীৰ মতে, 'দিৱাৰ মে এক খিড়কী ৰহতী থি' হৈছে যুৱ প্ৰেমৰ এক অনন্য কাহিনী, যিখন পঢ়াৰ পিছত তেওঁ নিজেই সাহিত্যৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল। ইফালে, সাহিত্যিক অবিনাশ মিশ্ৰৰ মতে, "বিনোদ কুমাৰ শুক্লাৰ কবিতাই আধুনিক হিন্দী সাহিত্যৰ সমগ্ৰ দিশ সলনি কৰি দিলে। পূৰ্বৰ লেখকসকল ৰাজনৈতিক আৰু সামাজিক দৃষ্টিভংগীৰ বাবে পৰিচিত আছিল যদিও শুক্লাৰ লেখাই ভাষাৰ সৌন্দৰ্য্য আৰু সৰলতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।"
 
তেওঁৰ কবিতা সংকলন 'সব কুচ হোনা বচা ৰাহেগা'ক আশা আৰু সম্ভাৱনাৰ কবিতা বুলি গণ্য কৰা হয়। বিনোদ কুমাৰ শুক্লাৰ লেখাত সাধাৰণ মানুহৰ জীৱন আৰু তেওঁলোকৰ সংগ্ৰামৰ সৰলতা সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। তেওঁৰ সাহিত্য যাত্ৰা অনুপ্ৰেৰণাদায়ক, জ্ঞানপীঠ বঁটাই তেওঁৰ অৱদানক এক নতুন উচ্চতা প্ৰদান কৰিছে।
 
প্ৰখ্যাত লেখকগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁৰ এতিয়াও বহুত লিখিবলগীয়া আছে, কিন্তু বয়সৰ কথা বিবেচনা কৰিলে তেওঁ সেইটো সম্পূৰ্ণ কৰিব পাৰিব নে নোৱাৰে সেয়া অনিশ্চতাৰে ভৰা। তথাপিও তেওঁৰ লেখাৰ গভীৰতা আৰু ভাষাৰ সৰলতাই বিনোদ কুমাৰ শুক্লাক হিন্দী সাহিত্যত অমৰ কৰি তুলিছে।