হজৰত মহম্মদক লৈ বিশ্বৰ আটাইতকৈ দীঘল কবিতা পুথি লিখিবলৈ কিহে অনুপ্ৰাণিত কৰিছিল চন্দৰভান খায়ালক

Story by  Aasha Khosa | Posted by  Munni Begum • 2 Months ago
কবি আৰু সাহিত্যিক চন্দৰভান খায়াল
কবি আৰু সাহিত্যিক চন্দৰভান খায়াল
 
আছা খোছা / নতুন দিল্লী
 
উৰ্দু সাহিত্যৰ সুপৰিচিত নাম, সাহিত্য একাডেমীৰ বঁটা বিজয়ী, ১৩খন গ্ৰন্থৰ লেখক চন্দৰভান খায়াল হৈছে বিশ্বৰ একমাত্ৰ ব্যক্তি, যিয়ে ইছলামৰ প্ৰতিষ্ঠাপক হজৰত মহম্মদৰ সন্মানাৰ্থে এখন কবিতা পুথি ৰচনা কৰিছে। লাউলাক নামৰ ১০০ পৃষ্ঠাৰ কবিতা পুথিখনত ৪০০টা কবিতা আছে আৰু ই বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। ই হৈছে হজৰত মহম্মদক লৈ লিখা বিশ্বৰ আটাইতকৈ দীঘল কবিতা পুথি। 
 
কিন্তু, কিহৰ বাবে মধ্যপ্ৰদেশৰ হোছাংগাবাদ জিলাৰ বাবাই বস্তি গাঁওৰ বাসিন্দা চন্দৰভান খায়ালে ইছলামৰ নবী হজৰত মহম্মদৰ প্ৰশংসাৰে কবিতা লিখিবলৈ উত্‍সাহিত হৈছিল ?
 
তেওঁৰ বয়স যেতিয়া প্ৰায় ৮-১০ বছৰ আছিল তেতিয়া তেওঁ নবীৰ বিষয়ে লিখা এখন ৰচনা পঢ়িছিল আৰু ই তেওঁৰ ডেকা মনত গভীৰ প্ৰভাৱ পেলাইছিল। "মই হজৰত মহম্মদৰ শক্তিশালী ব্যক্তিত্বৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি আছিলোঁ আৰু তেওঁৰ বিষয়ে কল্পনা কৰি আছিলোঁ। মই আচৰিত হৈছিলো যে প্ৰায় ১৫০০ বছৰ আগতে ২৩ বছৰ বয়সত এজন ব্যক্তিয়ে কেনেকৈ সমগ্ৰ আৰব বিশ্বৰ সমাজলৈ আমূল পৰিৱৰ্তন আনিছিল। তেওঁ এনে এখন সমাজ সৃষ্টি কৰিছিল, য’ত সকলোকে সমান হিচাপে ব্যৱহাৰ কৰিব লাগিছিল; কোনো অন্যায় আৰু কোনো জটিল ধৰ্মীয় অনুষ্ঠান আৰু আচাৰ-ব্যৱহাৰ নাছিল।"
 
চন্দৰভান খায়ালৰ হিন্দী ভাষাত হজৰত মহম্মদৰ ওপৰত লিখা গ্ৰন্থ
 
ডাঙৰ হোৱালৈ তেওঁৰ মনত হজৰত মহম্মদৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱ অব্যাহত আছিল আৰু ই তেওঁৰ মনটোক আকৰ্ষিত কৰি তুলিছিল। কিন্তু ছাত্র আৰু পিছলৈ সাহিত্যিক হিচাপে জীৱনৰ বাকী সময়খিনি চন্দৰভানে হজৰত মহম্মদৰ জীৱনৰ অন্বেষণ কৰি থাকিল।
 
"মই নবীৰ জীৱনৰ বিষয়ে যিমান পাৰো জানিব বিচাৰিছিলো। মই ১৩ বছৰ ধৰি এই ধাৰণাটোৰ ওপৰত কাম কৰিলোঁ আৰু অৱশেষত ২০০২ চনত মোৰ কিতাপ Loauak (If you were not there) প্ৰকাশ পায়।"- আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ কথা-বতৰাত লেখক চন্দৰভান খায়ালে এইদৰে কয়।
 
উৰ্দু ভাষাত তেওঁৰ গ্ৰন্থখনে পাঠকৰ ব্যাপক সঁহাৰি লাভ কৰে। উৰ্দু ভাষাত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। একেদৰে, হিন্দী আৰু আন বহু ভাষালৈ কবিতা পুথিখন অনুবাদ হৈছে। লালক (Lalak) নামৰ গ্ৰন্থখনে তেওঁলৈ ইছলামিক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সন্মান কঢ়িয়াই আনিছে। ইৰাণ চৰকাৰে হজৰত মহম্মদৰ ওপৰত এখন কাব্যিক আলোচনা চক্ৰৰ বাবে আমন্ত্ৰণ জনোৱা অনুষ্ঠানটোৰ বিষয়ে তেওঁৰ এক ভাল লগা স্মৃতি আছে। ২০০৪ চনত মাছহাদ চহৰত অনুষ্ঠিত হোৱা চিম্পোজিয়ামত ভাৰতৰ ৰিফাত সৰোজৰ সৈতে তেওঁ বিভিন্ন বিশ্ব ভাষাৰ ১৫০ জন কবিৰ মাজত নিজকে বিচাৰি পাইছিল।
 
"মই যেতিয়া মোৰ কবিতাটো উৰ্দু ভাষাত আবৃত্তি কৰি আছিলো, তেতিয়া একেলগে পাৰ্চী ভাষালৈও অনুবাদ কৰা হৈছিল। সেই সময়ত মই প্ৰায় পাঁচ মিনিটৰ বাবে দৰ্শকৰ পৰা হাঁত চাপৰি লাভ কৰিছিলো; সকলোৱে থিয় হৈ মোক সম্ভাষণ জনাইছিল। ৰাজ্যখনৰ ৰাজ্যপালজনে মোৰ ওচৰলৈ আহি মোৰ লগত হাত মিলাইছিল আৰু চহৰৰ ইমামে মোক আশীৰ্বাদ দিছিল। মোৰ বিষয়ে স্থানীয় বাতৰি কাকতসমূহে দীঘলীয়া লেখা প্ৰকাশ কৰিছিল আৰু মোৰ সাক্ষাৎকাৰো লৈছিল।"-চন্দৰভান খায়ালে কয়। 
 
ইৰাণৰ মাছহাদ চহৰত হজৰত মহম্মদৰ ওপৰত কাব্যিক আলোচনা চক্ৰত চন্দৰভান খায়ালে অংশগ্ৰহন কৰাৰ এক মূহুৰ্ত
 
হজৰত মহম্মদক লৈ লিখা কবিতাৰ বাবে ঘৰত পোৱা প্ৰচুৰ প্ৰশংসাও তেওঁৰ মনত আছে। তেওঁ কয়, "সকলো বিশ্বাস আৰু ধৰ্মৰ লোকে নবীৰ ওপৰত মোৰ কামৰ শলাগ লৈছে।" হিন্দী ভাষী অঞ্চলৰ পৰা এজন ব্যক্তিয়ে কেনেকৈ উৰ্দু ভাষাৰ প্ৰতি আগ্ৰহ লাভ কৰিলে, সেই বিষয়ে সোধাত কবি খায়ালে কয় তেওঁৰ কবিতাত উৰ্দু শব্দৰ ব্যৱহাৰৰ আঁৰত আছে সেই সময়ৰ প্ৰখ্যাত হিন্দী কবি তথা তেওঁৰ শিক্ষাগুৰু ঠাকুৰ বৃজমোহন সিং, কাৰণ তেওঁ বৃজমোহন সিঙৰ হিন্দী কবিতাত উৰ্দু ভাষাৰ মনোৰম ব্যৱহাৰ দেখিবলৈ পাইছিল। 
 
ঠাকুৰে যুৱ কবি চন্দৰভান খায়ালক উপদেশ দিছিল যে কবিতাত তেওঁ উৰ্দু ভাষা ব্যৱহাৰ কৰিবই লাগিব নহ’লে তেওঁ কবি হিচাপে হেৰাই যাব। "মই ইয়াৰ যুক্তি দেখিলোঁ আৰু স্থানীয় মছজিদৰ ইমামকে ধৰি বহু মুছলমানৰ ওচৰলৈ গৈ উৰ্দু ভাষা শিকিবলৈ সহায় বিচাৰিছো। কিন্তু, আচৰিত হৈছিলো যে ইমাম আৰু আন সকলোৱে উৰ্দু নাজানে বুলি কৈছিল।"-চন্দৰভান খায়ালে কয়। 
 
পিছলৈ এবাৰ ভূপাল ভ্ৰমণৰ সময়ত তেওঁ ৰেলৱে ষ্টেচনৰ কিতাপৰ ষ্টলত এজন হিন্দী-উৰ্দু শিক্ষকৰ কিতাপ দেখি ৫০ পইচাত কিনিছিল। "মই তিনিমাহত এই কিতাপখনৰ পৰা বহুত উৰ্দু ভাষা শিকিব পাৰিছিলো। মোৰ শিক্ষকে ভাষাটোত মোৰ অগ্ৰগতি দেখি আপ্লুত হৈছিল। পিছত যেতিয়া মই সাংবাদিকতাৰ কেৰিয়াৰ গঢ়িবলৈ দিল্লীলৈ স্থানান্তৰিত হ’লোঁ, তেতিয়া মই মোৰ ভাষা উন্নত কৰিবলৈ সুযোগ পাইছিলোঁ।"
 
ভাৰতে স্বাধীনতা লাভ কৰাৰ এবছৰ আগতে জন্ম গ্ৰহণ কৰা খায়ালে কয় যে যোৱা ৮ৰ পৰা ১০ বছৰৰ তৃণমূল পৰ্যায়ত পৰিস্থিতি যথেষ্ট সলনি হৈছে। "মই মোৰ গাওঁলৈ গৈ ঘৃণা বাঢ়ি অহা দেখিছোঁ। ভাৰত ঘৃণা নহয় প্ৰেম আৰু সহাৱস্থানৰ দেশ। ইয়াত হিংসা আৰু ঘৃণা দেখিবলৈ পোৱাটো মোৰ জীৱনৰ এক বেদনাদায়ক অংশ।"
 
চন্দৰভান খায়ালে এগৰাকী অনুৰাগীক তেওঁৰ কিতাপ উপহাৰ দিছে 
 
ফিৰাক গোৰখপুৰীৰ এটা কবিতাৰে তেওঁ কথোপকথোনৰ সামৰণি মাৰেঃ ছৰ জমীন-ই-হিন্দ পৰ একৱামে আলম কে ফিৰাক, কাফিলে আগয়ে ঔৰ হিন্দুস্তান বন্তা ৰহা (হিন্দুস্তানৰ মাটি আৰু দেশৰ মানুহৰ ফিৰাকে; কাৰাভানবোৰে ইয়াক হিন্দুস্তান বনাবলৈ সোমাই গৈ থাকিল)
 
"মই বিচাৰো যে ভাৰতো ফিৰাক গোৰখপুৰীয়ে যিদৰে কল্পনা কৰিছিল, সেইদৰেই থাকিব।"-খায়ালে কয়। আমোদজনক কথাটো হৈছে যে ফিৰাক গোৰখপুৰীয়ে চন্দৰভানক তেওঁৰ ছদ্ম নাম “খায়াল” দিছিল। ফিৰাক গোৰখপুৰী আছিল খায়ালৰ গুৰু পণ্ডিত ৰাম কৃষণ মুজতাৰৰ উস্তাদ আছিল। চন্দৰভান খায়ালে পত্নী আৰু তিনি পুত্ৰৰ সৈতে দিল্লীত থাকে। তেওঁ National Council for the Promotion of the Urdu Languageৰ প্ৰাক্তন অধ্যক্ষ।