হায়দৰাবাদী বিৰিয়ানী, ব্যয়বহুল চিকিৎসা আৰু পৰহেজুৰ জামানৰ মাজত কি সম্পৰ্ক আছে

Story by  Ariful Islam | Posted by  Munni Begum • 1 Months ago
হায়দৰাবাদী বিৰিয়ানী আৰু পৰহেজুৰ জামান
হায়দৰাবাদী বিৰিয়ানী আৰু পৰহেজুৰ জামান
 
আৰিফুল ইছলাম / গুৱাহাটী
 
চিকিৎসা ব্যয় সৰ্বসাধাৰণৰ বাবে এক আতংকৰ নাম। ব্যয়বহুল চিকিৎসাই সাধাৰণ লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে। বহু লোকে জীৱনৰ সমস্ত ধন-সম্পত্তি, মাটি-ভেটি বিক্ৰী কৰি চিকিৎসাৰ বাবে ধন ব্যয় কৰিবলগীয়া পৰিস্থিতি আমি সময়ে সময়ে দেখি আহিছো। কামৰূপ জিলাৰ ৰঙিয়াৰ পৰহেজুৰ জামানো এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল। আন বহুজনৰ দৰে তেওঁকো ব্যয়বহুল চিকিৎসাই সৰ্বহাৰা কৰিছিল। কিন্তু ইতিবাচক চিন্তা, যুঁজাৰু মানসিকতা আৰু জীৱনৰ জয়গান গোৱাৰ দূৰ্বাৰ হেঁপাহে পৰহেজুৰ জামানক কিছু ব্যতিক্ৰম কৰি তুলিছিল। কন্যাৰ অনাকাংক্ষিত দূৰ্ঘটনা আৰু তাৰ পিছৰ চিকিৎসা ব্যয়ে জীৱনলৈ কঢ়িয়াই অনা বিপৰ্যয়ক তেওঁ সুযোগলৈ ৰূপান্তৰিত কৰি অজস্ৰজনৰ উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। 
 
যুৱ প্ৰজন্মই সম্প্ৰতি কৰ্ম-সংস্থাপনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে এই ব্যক্তিগৰাকীয়ে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। নতুন কথা শিকাৰ আগ্ৰহ আৰু কৰ্মস্পৃহা থাকিলে যে যিকোনো পৰিস্থিতিত সংস্থাপনৰ বাট মুকলি কৰিব পাৰি, তাৰ প্ৰমাণ দাঙি ধৰিছে ৰঙিয়াৰ পৰহেজুৰ জামান নামৰ দৃঢ়মনা ব্যক্তিগৰাকীয়ে। 
 
 
তেওঁ নিজ কন্যাৰ চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যোৱাৰ সময়তে এক নতুন দক্ষতা আয়ত্ব কৰি জীৱিকা অৰ্জনৰ বাট মুকলি কৰি লৈছে। 
 
আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰহেজুৰ জামানে কয়; "২০১৮ চনত মোৰ ছোৱালীজনীৰ এটা পথ দুৰ্ঘটনা হৈছিল। ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰথমে প্ৰাথমিক চিকিৎসা কৰা হয়। ইয়াতে ভৰিৰ তিনিটাকৈ অপাৰেচন কৰাৰ পিছত উন্নত থেৰাপিৰ বাবে ২০১৯ চনৰ নৱেম্বৰ মাহত হাইদৰাবাদলৈ যাব লগা হ'ল। হাইদৰাবাদত চিকিৎসাৰ বাবদ মই মাহিলী ৯০ হাজাৰ টকাকৈ দিবলগীয়া হ'ল। আৰম্ভণিতে মোৰ বন্ধু, পৰিয়াল মোৰ সমাজে মোক সহায় কৰিছিল আৰু মই অলপ মাটিও বিক্ৰী কৰিবলগীয়া হৈছিল। হাইদৰাবাদত 'Mission Walk' নামৰ থেৰাপি চেণ্টাৰত মোৰ ছোৱালীজনীৰ চিকিৎসা আৰম্ভ কৰিলোঁ। মই যিখিনি টকা লগত লৈ গৈছিলোঁ, সেই টকাখিনি মোৰ প্ৰায় দুমাহতে সমাপ্ত হৈছিল। আকৌ ঘৰ আহি অলপ মাটি বিক্ৰী কৰি হাইদৰাবাদলৈ গ'লো।"
 
পৰহেজুৰৰ বিৰিয়ানী ষ্টল
 
চিকিৎসাৰ মাজতে আজৰি সময়ত পৰহেজুৰ জামানে চিকিৎসালয়ৰ ওচৰত থকা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আৰু হোটেল সমূহত গৈ স্বত্বাধিকাৰীৰ অনুমতি লৈ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াসমূহ চাইছিল। বিৰিয়ানী বনাবলৈ কি কি মচলা ব্যৱহাৰ কৰা হয় বা কেনেধৰণে সকলো বস্তু ব্যৱহাৰ কৰে, সকলোবোৰ আয়ত্ত কৰি কৈছিল। তাৰপিছত এদিন তেওঁ হাইদৰাবাদৰ আটাইতকৈ ডাঙৰ বজাৰ, বেগম বজাৰ নামেৰে এখন বজাৰৰ পৰা সকলোবোৰ মচলা কিনি আনি বিৰিয়ানী প্ৰস্তুত কৰিছিল আৰু হোটেল/ৰেষ্টুৰেণ্টৰ ৰান্ধনীসমূহক খুৱাইছিল। তেওঁলোকৰ মুখৰ মিচিকিয়া হাঁহিয়ে যেন ফৰহেদুজ জামানক উৎসাহিত কৰিছিল। তেওঁলোকে বিৰিয়ানী খাই যথেষ্ট সোৱাদ পাইছিল আৰু ফৰহেদুজ জামানক কৈছিল যে "আমাৰ ইয়াতকৈ বেছি ভাল হৈছে।"
 
"আগতে শুনিছিলোঁ যে হাইদৰাবাদী বিৰিয়ানি বিশ্ববিখ্যাত। সচাকৈ বিখ্যাত। তাত বিভিন্ন ধৰণৰ বিৰিয়ানি পোৱা যায়, সকলোৰে সোৱাদবোৰ বেলেগ বেলেগ ধৰণৰ। তাৰ বিৰিয়ানি খোৱাৰ পিছত কোনো অসুবিধা নহয়, কোনো পেটৰ সমস্যা নহয়। মই ছোৱালীজনীক লৈ প্ৰায় ৪ বছৰ ১ মাহ হাইদৰাবাদত আছিলোঁ। ২০২৩ চনৰ নৱেম্বৰ মাহত মই তাৰপৰা উভতিলোঁ। মোৰ ছোৱালীজনী যদিও ৭০ শতাংশ সুস্থ হৈ উঠিছে কিন্তু এতিয়াও খোজকাঢ়িব পৰা হোৱা নাই", পৰহেজুৰে কয়।
 
পৰহেজুৰ জামানৰ পত্নী আছমা বেগম
 
৪ বছৰ ১ মাহ ৪ দিন চিকিৎসাৰ বাবে হাইদৰাবাদত থাকিবলগীয়া হৈছিল পৰহেজুৰ জামান। তাত থকা সময়চোৱাতে ফৰহেদুজে বেগম বজাৰৰ পৰা তিনিটা এলুমিনিয়ামৰ খালি কিনি আত্মীয়ৰ হাতত দি পঠিয়াইছিল। বৰ্তমান ফৰহেদুজ জামানে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কেন্দুকোনাৰ চকত 'হাইদৰাবাদী চিকেন দাম বিৰিয়ানী' নামেৰে এখন বিৰিয়ানীৰ দোকান চলাই আছে। ফৰহেদুজে দোকানত বিক্ৰী কৰা বিৰিয়ানী ঘৰতে প্ৰস্তুত কৰে আৰু তেওঁৰ পত্নীয়ে তেওঁক সম্পূৰ্ণ সহযোগ কৰে। 
 
উল্লেখযোগ্য যে, বিৰিয়ানীত ব্যৱহাৰ কৰা মচলাসমূহ এতিয়াও তেওঁ হাইদৰাবাদৰ পৰাই আনে। দোকানত বিৰিয়ানী বিক্ৰী কৰাৰ উপৰিও তেওঁ বিভিন্ন অনুষ্ঠানত অৰ্ডাৰ অনুযায়ী বিৰিয়ানী যোগান ধৰে। ফৰহেদুজ জামানে বিৰিয়ানীৰ উপৰিও হাইদৰাবাদী সকলো ব্যঞ্জনে বনাব জানে। ফৰহেদুজ জামানে দেওবাৰৰ বাদে ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ৬ বজালৈ সপ্তাহৰ ৬ দিনেই বিৰিয়ানী দোকান খোলে।
 
ৰঙিয়া শংকৰ সংঘৰ অধিবেশনত পৰহেজুৰৰ বিৰিয়ানী ষ্টল
 
পৰহেজুৰ জামানৰ পত্নী আছমা বেগমে কয়; "মোৰ স্বামীয়ে বিৰিয়ানী বনাই, মই সহায় কৰি দিওঁ। ঘৰত খাবলৈ বনোৱা আৰু দোকানত বিক্ৰী কৰিবলৈ বনোৱাৰ মাজত পাৰ্থক্য আছে। দোকানৰ বাবে বেছি পৰিমানে বনাই যিহেতু মই সহায় কৰি দিওঁ। আমাৰ বিপদৰ সময়ত আমাক মানুহে যথেষ্ট সহায় কৰিছে। আমাৰ ছোৱালীজনীক যেতিয়া থেৰাপীৰ বাবে চিকিৎসালয়ৰ ভিতৰত লৈ যায়, তেতিয়া মোৰ স্বামী আৰু মই হোটেলবোৰত বিৰিয়ানী বনোৱাৰ প্ৰক্ৰিয়াবোৰ চাওঁ। মই নিজেও একো কাম কৰিব লাজ নকৰোঁ। দোকানতো মই স্বামীক সম্পূৰ্ণ সহায় কৰি দিওঁ।"
 
জটিল পৰিস্থিতিত জীৱনৰ ওচৰত হাৰ নামানি ইতিবাচক চিন্তাৰে আগুৱাই গৈ পৰহেজুৰ জামানে যি কৰ্মস্পৃহা আৰু যুঁজাৰু মানসিকতাৰ পৰিচয় দিছে, সেয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হোৱা উচিত।