উত্তৰ-প্ৰদেশৰ নতুন চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণ কৰা চিট্টু পাণ্ডে প্ৰকৃততে কোন

Story by  atv | Posted by  [email protected] • 1 d ago
স্বাধীনতা সংগ্ৰামী চিট্টু পাণ্ডে
স্বাধীনতা সংগ্ৰামী চিট্টু পাণ্ডে
 
ছাকিব ছেলিম

‘চিট্টু পাণ্ডে মোৰ এগৰাকী পুৰণি আৰু সাহসী সতীৰ্থ আছিল। তেওঁৰ মৃত্যুৱে মোক ব্যথিত কৰিছিল।’ ১৯৪৭ চনৰ ২০ এপ্ৰিলত উত্তৰ-প্ৰদেশৰ এক ৰাজনৈতিক সন্মিলনত এইদৰে কৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে উত্তৰ-প্ৰদেশৰ বালিয়াত শেহতীয়াকৈ নিৰ্মাণ কৰা নতুন চিকিৎসা মহাবিদ্যালয়খনৰ নামকৰণ কৰা চিট্টু পাণ্ডে প্ৰকৃততে কোন? 
 
উত্তৰ-প্ৰদেশৰ এই বালিয়া জিলাই মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ১৯৪২ চনৰ আগষ্ট মাহত কেইদিনমানৰ বাবে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰখনক কাৰ্যতঃ ওফৰাই পেলাইছিল। কম সংখ্যক লোকেহে এই কথা জানে যে বালিয়াত কংগ্ৰেছ কমিটীয়ে গঠন কৰা অসামৰিক চৰকাৰৰ নেতৃত্বত আছিল ভাৰত ত্যাগ আন্দোলনৰ অন্যতম আগশাৰীৰ নেতা চিট্টু পাণ্ডে।
 
মৌলানা আবুল কালাম আজাদৰ নেতৃত্বত কংগ্ৰেছৰ এখন কাৰ্যকৰী সমিতিয়ে ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ প্ৰস্তাৱ গৃহীত কৰে, য’ত ব্ৰিটিছক ‘ভাৰত ত্যাগ’ কৰিবলৈ কোৱা হয়। পিছদিনা পুৱা গান্ধী, আজাদ, জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল আদিকে ধৰি কংগ্ৰেছৰ সকলো বিশিষ্ট নেতাক গ্ৰেপ্তাৰ কৰা হয়। বালিয়াৰ মানুহে ৯ তাৰিখে এই গ্ৰেপ্তাৰৰ খবৰ শুনিছিল আৰু পিছদিনা বাতৰি কাকতৰ বাতৰি পঢ়িছিল।
 
মানুহৰ অন্তৰ দেশপ্ৰেমেৰে ভৰি আছিল যদিও তেওঁলোকে দিশহাৰা আছিল। গান্ধীয়ে তেওঁলোকক কোনো কাৰ্য্য পৰিকল্পনা প্ৰদান কৰা নাছিল আৰু ৮ আগষ্টৰ আগতেই স্থানীয় নেতাসকলক কাৰাগাৰত ভৰাই থোৱা হৈছিল। কংগ্ৰেছৰ জিলা সভাপতি চিট্টু পাণ্ডে, জগন্নাথ সিং, শিৱপূজন সিং, ৰাজেশ্বৰ তিৱাৰী, ৰাম লক্ষ্মণ তিৱাৰী, বালেশ্বৰলে সিং, আৰু ইউছুফ কুৰেশ্বিৰ দৰে আগশাৰীৰ নেতাসকলক ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনোৱাৰ পূৰ্বে কাৰাগাৰত ভৰা থোৱা হয়।
১৯৪২ চনৰ মে’ মাহত বালিয়া কংগ্ৰেছ কমিটীয়ে বিশ্বযুদ্ধ সম্পৰ্কে জাতীয়তাবাদী দৃষ্টিভংগীৰ প্ৰচাৰৰ বাবে ঘৰে ঘৰে যোগাযোগ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ বাবে আজাদ হিন্দ স্বয়ংসেৱক দল গঠন কৰা হয়, যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে প্ৰস্তুত কৰিছিল। এই অভিযানৰ আয়োজন কৰাৰ বাবে মে’ মাহৰ শেষৰ ফালে চিট্টু পাণ্ডেকে ধৰি সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়।
 
নেতাসকলক গ্ৰেপ্তাৰ কৰিলেও ব্ৰিটিছ বাহিনীয়ে আজাদ হিন্দ স্বয়ংসেৱক দলক ভাঙি পেলাব নোৱাৰিলে। ঠাকুৰ ৰাধা মোহন সিং, ৰাধা গোবিন্দ সিং, আৰু ঠাকুৰ পৰমানন্দ সিঙে এই গোটৰ নেতৃত্ব গ্ৰহণ কৰে। ফলত যেতিয়া ৮ আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনোৱা হৈছিল, তেতিয়া বালিয়াবাসী ৰাইজ দেশপ্ৰেমত উদ্বেলিত হৈ পৰে।
 
১৯৪২ চনৰ ১০ আগষ্টত বালিয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বাতৰি কাকতৰ বাতৰি পঢ়ি কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছিল যদিও তেওলোকক নেতৃত্ব দিয়া কোনো নেতা আছিল আৰু কোনো কাৰ্য্য পৰিকল্পনা নাছিল। ছাত্ৰ-ছাত্ৰীয়ে ধৰ্মঘটৰ আহ্বান জনোৱাত বালিয়াৰ বজাৰসমূহ বন্ধ কৰি দিয়া হৈছিল।
 
জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পণ্ডিত ৰাম অনন্ত পাণ্ডেই দলটোৰ নেতৃত্ব দিছিল। ১৩ আগষ্টত ২০ হাজাৰ লোকক সম্বোধন কৰি পাণ্ডেই ইংৰাজ চৰকাৰক ওফৰাই পেলাবলৈ আহ্বান জনায় আৰু সেইদিনাই তেওঁ গ্ৰেপ্তাৰ কৰা হয়। 
 
ভাৰতৰ ৰাজ্যিক সচিব লিঅ’ আমেৰীয়ে ১২ আগষ্টত এটা ভাষণ সম্প্ৰচাৰ কৰি জনসাধাৰণক জনাইছিল যে কংগ্ৰেছ নেতাসকলে ৰে’লপথ আৰু ষ্টেচন ধ্বংস কৰিছে আৰু যুদ্ধৰ প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰাৰ লক্ষ্য লৈছে। এই সম্প্ৰচাৰক মানুহে কংগ্ৰেছৰ এক দিশ নিৰ্দেশক হিচাপে লৈছিল।
 
১৩ আগষ্টত কাশী বিদ্যাপীঠৰ ছাত্ৰ পৰশ নাথ মিশ্ৰই চলি থকা মেলাত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি বেলথাৰা ৰোড ৰেলৱে ষ্টেচনত আক্ৰমণ কৰিবলৈ আহ্বান জনায়। পিছদিনা এলাহাবাদ আৰু বেনাৰসৰ পৰা ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন ৰেল বেলথাৰা ৰোড ৰেলৱে ষ্টেচন পালেহি। ছাত্ৰ-ছাত্ৰীসকলে ৰাইজক সম্বোধন কৰে আৰু ষ্টেচনটো এতিয়াও জ্বলাই নেপেলোৱাৰ বাবে তেওঁলোকক কাপুৰুষ বুলি অভিহিত কৰে। এই ৰেলখনক তেওঁলোকে আজাদ হিন্দ ট্ৰেইন বুলি অভিহিত কৰিছিল।
 
এগৰাকী মহিলাই আগবাঢ়ি আহি ষ্টেচন জ্বলাই দিয়াৰ বাবে উচটনি দিলে। ইয়াৰ কিছু মিনিটৰ ভিতৰতে ষ্টেচনটো ধ্বংস কৰি জ্বলাই দিয়া হয়। এয়াই আছিল আৰম্ভণি। পিছৰ কেইদিনমানত প্ৰায় সকলো থানা, ৰেল ষ্টেচন, চৰকাৰী ভৱন ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়ে হয় ধ্বংস কৰি পেলাইছিল, নতুবা দখল কৰিছিল। আৰক্ষীৰ গুলীত শ শ লোকৰ মৃত্যু হয় যদিও ই বালিয়াৰ আবেগিক জনসাধাৰণক বাধা দিব পৰা নাছিল।
 
চৰকাৰী বিষয়াসকলে জানিছিল যে কেৱল চিট্টু পাণ্ডেইহে তেওঁলোকক বচাব পাৰিব। ১৬ আগষ্টত তেওঁলোকে চিট্টু পাণ্ডে, ৰাধা মোহন সিং, আৰু জানকী প্ৰসাদক জেলত সাক্ষাৎ কৰিবলৈ এটা প্ৰতিনিধি দল পঠিয়াইছিল। নেতাসকলে উত্তৰ দিলে যে যিহেতু তেওঁলোক জেলত আছে গতিকে তেওঁলোকে আন্দোলনৰ বিষয়ে বিশেষ একো নাজানে।
 
১৭ আগষ্টত জিলা দণ্ডাধীশ আৰু আৰক্ষী কেপ্তেইনে তেওঁলোকক জেলত সাক্ষাৎ কৰে। ৰাধা মোহন সিঙে তেওঁলোকক ক’লে যে পঞ্চায়তী চৰকাৰ গঠন হ’ব আৰু ইয়াৰ আদেশ তেওঁলোকৰ বাবে বাধ্যতামূলক হ’ব। এই কথাত দণ্ডাধীশে ক’লে, “এনে কৰিলে তোমালোকক ফাঁচী দিয়া হ’ব আৰু মোক বৰ্খাস্ত কৰা হ’ব।” ৰাধা মোহনে উত্তৰ দিলে, “চিন্তা নকৰিব, বিপ্লৱত এনেকুৱাই হয়েই।”
 
১৮ আগষ্টৰ ভিতৰত সমগ্ৰ জিলাখন বিপ্লৱীসকলৰ নিয়ন্ত্ৰণত আছিল। কেৱল মূল চহৰখনহে বাকী আছিল। ১৯ তাৰিখে পুৱা বিষয়াসকলে খবৰ পাইছিল যে বিভিন্ন দিশৰ পৰা প্ৰায় ৫০ হাজাৰ লোকে জেল আক্ৰমণ কৰি নেতাসকলক মুকলি কৰি দিবলৈ চহৰখনৰ ফালে আহি আছে। এতিয়া বিষয়াসকলে তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে। হাজাৰ হাজাৰ লোকে নেতাসকলক চহৰখনলৈ কঢ়িয়াই লৈ যায় আৰু অভিনন্দন জনায়।
 
১৯৪২ চনৰ ২০ আগষ্টত চিট্টু পাণ্ডেক মুৰব্বী হিচাপে লৈ টাউন হলত বালিয়া চৰকাৰ গঠন কৰা হয়। প্ৰতিখন গাঁও, মহল্লা, আৰু স্থানীয় অঞ্চলত প্ৰশাসনিক কাম-কাজৰ বাবে পঞ্চায়তৰ ব্যৱস্থা আছিল। ৰাজহুৱা ঘোষণা কৰা হয় যে বালিয়া কংগ্ৰেছৰ শাসনত আছে আৰু প্ৰশাসনৰ সৈতে জড়িত যিকোনো অভিযোগ চিট্টু পাণ্ডেৰ ওচৰত দাখিল কৰা হ’ব।
 
এই গৌৰৱময় অধ্যায়ৰ অন্ত পৰিল যেতিয়া চহৰখনলৈ অধিক সৈন্য পঠিওৱা হ’ল আৰু ইয়াত আতংকৰ ৰাজ আৰম্ভ হয়। মানুহক অত্যাচাৰ কৰা হয়, কাপোৰ খুলি দিয়া হয়, ৰাজহুৱাভাৱে প্ৰহাৰ কৰা হয়, হত্যা কৰা হয় আৰু জৰিমনা বিহা হয়। ব্ৰিটিছে জৰিমনা হিচাপে ১২ লাখৰো অধিক টকা সংগ্ৰহ কৰে। দমনমূলক ব্যৱস্থা হিচাপে শ শ ঘৰ জ্বলাই দিয়া হয়।
 
বালিয়াৰ দণ্ড ন্যায়াধীশ নন্দলাল সিঙে পৰৱৰ্তী সময়ত এক ৰায়দানত উল্লেখ কৰে, “বালিয়াৰ আৰক্ষী অধীক্ষকে ৰাছৰালৈ গৈ ডাঃ হৰিচৰণৰ ঘৰ লুটপাত কৰি জ্বলাই দিলে আৰু সেইদিনা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আয়ুব আলীৰ দোকানৰ কিছু সম্পত্তিও জ্বলাই দিয়া হয়। চিট্টু পাণ্ডেৰ লগতে শতাধিক লোকক দুবছৰৰ বাবে কাৰাদণ্ড বিহা হয়। কোৱা বাহুল্য যে শ শ ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ হেৰুৱাইছিল যদিও তেওঁলোকে নিজৰ তেজেৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এটা সোণালী অধ্যায় লিখিছিল।