উত্তৰ-পূবত জনসংযোগক নতুন ৰূপ দিয়া নুৰুল ইছলাম লস্কৰক কোনে এসময়ত চাৰ্কাছৰ জোকাৰ বুলি ভাবিছিল?

Story by  Daulat Rahman | Posted by  Munni Begum • 4 d ago
গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে চেলফি ক্লিক কৰিছে নুৰুল ইছলাম লস্কৰে
গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে চেলফি ক্লিক কৰিছে নুৰুল ইছলাম লস্কৰে
 
দৌলত ৰহমান / গুৱাহাটী
 
উত্তৰ-পূৰ্বাঞ্চলে বছৰ বছৰ ধৰি উগ্ৰবাদ আৰু আন বহু ভুল কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এনে নেতিবাচক পৰিস্থিতিৰ মাজতো একাংশ ব্যক্তিয়ে উত্তৰ-পূৰ্বাঞ্চলক সঠিক দৃষ্টিভংগীৰে প্ৰক্ষেপ কৰিবলৈ অদম্য প্ৰচেষ্টা চলাইছে আৰু অসমৰ নুৰুল ইছলাম লস্কৰ তাৰ ভিতৰত অন্যতম। বিগত পাঁচ দশকত নুৰুল লস্কৰে জনসংযোগ (PR) আৰু যোগাযোগ (Communication) উদ্যোগৰ জৰিয়তে ভাৰতৰ বাকী অংশৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ ইতিবাচক ভাবমূৰ্তি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
 
ভাৰতীয় ষ্টেট বেংক (SBI)ত কেৰিয়াৰ আৰম্ভ কৰি প্ৰতিষ্ঠানটোৰ মুখ্য প্ৰবন্ধক (জনসংযোগ আৰু সামূহিক সেৱা) পদলৈ উন্নীত হোৱা লস্কৰে উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জনসংযোগ সংস্থা CABSFORD স্থাপন কৰে। ৭৫ বছৰ বয়সতো লস্কৰে দেশৰ বাকী অংশৰ সন্মুখত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ইতিবাচক ভাবমূর্তি প্রচাৰ কৰাৰ উদ্যম হেৰুওৱা নাই৷
 
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ সৈতে নুৰুল ইছলাম লস্কৰৰ এক ইন্টাৰেক্টিভ বাৰ্তালাপৰ মূহুৰ্ত
 
শেহতীয়াকৈ ভাৰতীয় জনসংযোগ পৰিষদে (Public Relations Council of India) লস্কৰক ‘অখণ্ড জনসংযোগ’ (Integral Public Relations)ৰ বাবে ‘চাণক্য’ বঁটাৰে সন্মানিত কৰিছে। কৰ্ণাটকৰ মাংগালুৰুত অনুষ্ঠিত ১৮ সংখ্যক গ্ল’বেল কমিউনিকেচন কনক্লেভত কেন্দ্ৰীয় শক্তি আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নাইকে লস্কৰক এই বঁটা প্ৰদান কৰে। চাণক্য বঁটা হৈছে ভাৰতৰ জনসংযোগৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা আৰু জনসংযোগৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে জনসংযোগ ক্ষেত্ৰৰ ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লস্কৰে জনসংযোগৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা, প্ৰত্যাহ্বান আৰু ধাৰণাসমূহ প্ৰকাশ কৰে। সাক্ষাৎকাৰৰ প্ৰশ্ন-উত্তৰসমূহ তলত আগবঢ়োৱা হ’লঃ
 
আৱাজ দ্য ভইচঃ বহু লোক আৰু কৰ্পৰেটে জনসংযোগ বুজি নোপোৱা সময়ত আপুনি জনসংযোগ ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰিছিল। আপোনাৰ যাত্ৰা কিমান প্ৰত্যাহ্বানজনক আছিল? অনুগ্ৰহ কৰি আপোনাৰ পেছাদাৰী প্ৰত্যাহ্বানসমূহ কওক আৰু এনে প্ৰত্যাহ্বানসমূহ কেনেকৈ অতিক্ৰম কৰিলে?
 
লস্কৰঃ একেবাৰে সঁচা কথা। জনসংযোগৰ ক্ষেত্ৰত মোৰ আধিপত্য আৰম্ভ হৈছিল সত্তৰৰ দশকৰ পৰা যেতিয়া বেছিভাগ চৰকাৰী বিভাগ বা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত জনসংযোগ বিভাগ বা পি আৰ অ’ নাছিল। ১৯৭২ চনত মই এছ বি আইত (SBI) প্ৰবেচনেৰী অফিচাৰ হিচাপে যোগদান কৰিছিলোঁ আৰু প্ৰথম বছৰবোৰত জমা, ঋণ, ৰেমিটেন্স আদিৰ দৰে মূল বেংকিং কামৰ লগত সংযুক্ত হৈ আছিলোঁ। 
 
১৯৭৫ চনত এছ বি আইয়ে মোক জনসংযোগৰ ওপৰত এমাহজোৰা চাৰ্টিফিকেট পাঠ্যক্ৰম কৰিবলৈ সুযোগ দিছিল, যিটো নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিয়ে (এন ই এইচ ইউ) শিলচৰত চলাই আছিল। এই পাঠ্যক্ৰমটোৱে মোক বহুত নতুন ধাৰণা দিলে। এটা সংস্থাৰ ভাবমূৰ্তি বৃদ্ধি কৰিবলৈ জনসংযোগক কেনেকৈ লাভজনকভাৱে ব্যৱহাৰ কৰিব পাৰি, জনসংযোগৰ বাবে কি কি বিভিন্ন কাৰ্য্যকলাপ গ্ৰহণ কৰিব পাৰি, আৰু ভাল জনসংযোগে এটা প্ৰতিষ্ঠানক আন কি কি ধৰণে লাভান্বিত কৰিব পাৰে, সেইবোৰ কথা মই এই পাঠ্যক্ৰমৰ পৰা জানিব পাৰিছিলো।
 
কেন্দ্ৰীয় শক্তি আৰু নবীকৰণযোগ্য শক্তিৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নাইকৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চানাক্য বঁটা গ্ৰহণ নুৰুল ইছলাম লস্কৰৰ
 
সেই সময়ত এছ বি আইয়েও “ইনোভেটিভ বেংকিং” নামেৰে এটা নতুন বিভাগ স্থাপন কৰিছিল আৰু মোক সেই বিভাগৰ দায়িত্ব শিলচৰত থকা বেংকৰ আঞ্চলিক কাৰ্যালয়ত নিযুক্তি দিয়া হৈছিল। এই বিভাগে বহুতো প্ৰকল্প হাতত ল’বলৈ আৰম্ভ কৰিছিল, যিবোৰ বেছিভাগেই জনসংযোগৰ কাম আছিল। কিন্তু এই কামবোৰৰ বেছিভাগেই মূল বেংকিং কাৰ্য্যকলাপৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল, গতিকে আন বেছিভাগ জ্যেষ্ঠ আৰু সহকৰ্মীয়ে মোৰ কামবোৰক অলপ সন্দেহৰ দৃষ্টিৰে চাইছিল।
 
বহুতে মোক চাৰ্কাছৰ জোকাৰৰ দৰে বুলি ভাবিছিল। কিন্তু অতি সোনকালেই মোৰ কামে ফলাফল দিবলৈ আৰম্ভ কৰিলে, যিয়ে তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিলে আৰু মই মোৰ সহকৰ্মীসকলৰ সৈতে একপ্ৰকাৰ নায়ক হৈ পৰিলোঁ। বেংকৰ বাতৰিয়ে বাতৰি কাকতত শিৰোনাম পাবলৈ ধৰিলে, অল ইণ্ডিয়া ৰেডিঅ’ই বেংকৰ মুৰব্বীজনৰ সাক্ষাৎকাৰ ৰেকৰ্ড কৰিবলৈ আহিল, আৰু ৰাইজৰ মাজত বেংকৰ ভাৱমূৰ্তি ইতিবাচক দিশত সলনি কৰিবলৈ আৰম্ভ কৰিছিল।
 
আন বহু বিভাগৰ মুৰব্বীয়ে তেতিয়াও ভাবিছিল যে মোক এটা সৰু কামৰ বাবে দৰমহা দিয়া হৈছে। মই তেওঁলোকৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছিলো যদিও এইবোৰক প্ৰত্যাহ্বান হিচাপে লৈছিলো। তেওঁলোকৰ বিভাগে কৰা সকলো ভাল কাম আৰু ইয়াৰ দ্বাৰা জনসাধাৰণ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে তথ্য সংগ্ৰহ কৰিলোঁ। এই কথাবোৰ বাতৰি কাকত, আলোচনী, ৰেডিঅ’ত প্ৰকাশ কৰিছিলো। তেতিয়া সকলো সমালোচক মোৰ প্ৰশংসক আৰু অনুৰাগী হৈ পৰে। তাৰ পিছত আৰু মই পিছলৈ ঘূৰি চোৱা নাই।
 
আৱাজ দ্য ভইচঃ  জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত আপুনি কেনেকৈ জনসংযোগৰ প্ৰতি আকৰ্ষিত হৈছিল?
 
লস্কৰঃ স্কুলীয়া দিনৰ পৰাই মই আছিলোঁ এজন আগ্ৰহী পাঠক। আমি শ্বিলঙত বাস কৰিছিলো আৰু আমাৰ ঘৰৰ পৰা ওচৰতে আছিল ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটো। প্ৰতিদিনে স্কুলৰ পৰা উভতি অহাৰ পিছত কিছু খাদ্য খাই তাৰ পিছত লাইব্ৰেৰীলৈ লৰালৰিকৈ কিতাপ, আলোচনী, বাতৰি কাকত পঢ়িবলৈ গৈছিলোঁ, যিবোৰৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা আহিছিল। 
 
এই গ্ৰন্থবোৰৰ পৰাই মই জনসংযোগৰ বিষয়ে প্ৰথম ধাৰণা পাইছিলোঁ আৰু মোৰ নিজৰ ভাবমূৰ্তি বৃদ্ধি কৰিবলৈ নিজৰ ধৰণেৰে কিছুমান জনসংযোগ কৌশল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ! মই সদায় ৰাজহুৱা ব্যক্তিসকলৰ ওপৰত চকু ৰাখিছিলো আৰু তেওঁলোকৰ জনসংযোগৰ ওপৰত গুৰুত্ব দিছিলো। তেওঁলোকে মানুহৰ লগত কেনেকৈ কথা পাতে, ৰাজহুৱা স্থানত কেনে আচৰণ কৰে, আৰু জনসাধাৰণৰ মাজত কেনেকৈ নিজকে মৰমিয়াল কৰি ৰাখে। 
 
১৯৮৪ চনত নুৰুল ইছলাম লস্কৰ (সোঁফালে) শাখা পৰিচালক হিচাপে কৰ্মৰত থকা নাগালেণ্ডৰ মকোকচুং শাখাৰ এছ বি আইলৈ মাদাৰ টেৰেছাক আদৰণি জনোৱা এক মূহুৰ্ত
 
আৱাজ দ্য ভইচঃ আপোনাৰ সময় আৰু বৰ্তমান সময়ত জনসংযোগ অনুশীলনৰ কিবা পৰিৱৰ্তন হৈছে নেকি? জনসংযোগৰ বৃদ্ধি আৰু সম্ভাৱনাক নৱ প্ৰজন্মৰ বাবে কেৰিয়াৰৰ বিকল্প হিচাপে কেনেদৰে ভাবে?

লস্কৰঃ যেতিয়া মই জনসংযোগৰ জগতখনত জপিয়াই পৰিছিলো তেতিয়া এই ভাৰতত চালুকীয়া অৱস্থাত আছিল। আজি জনসংযোগ দেশৰ অন্যতম বৃহৎ উদ্যোগ। চৰকাৰী বিভাগ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বেংক, বীমা আৰু বিত্তীয় প্ৰতিষ্ঠান, চিকিৎসালয়, এফএমচিজি, টেলিকম সেৱা প্ৰদানকাৰী, বা বিমান সংস্থাৰ নিজা নিজা পি আৰ চেট আপ থাকে। আজিৰ জনসংযোগৰ বিপৰীতে ৫০ বছৰ আগতে জনসংযোগৰ সাংঘাতিক পৰিৱৰ্তন ঘটিছে।
 
বিগত সময়ত জনসংযোগে বিক্ৰীৰ প্ৰচাৰ, ব্যৱসায় বৃদ্ধি, লাভ আৰু সংবাদ মাধ্যম পৰিচালনাৰ ওপৰত অধিক গুৰুত্ব দিছিল। আজি জনসংযোগ ইয়াৰ বহু ওপৰলৈ গৈছে। ইয়াৰ প্ৰধান চিন্তা হৈছে ইমেজ বিল্ডিং। ছ’চিয়েল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তা, আৰু ইণ্টাৰনেটৰ অনুকূল ব্যৱহাৰ কৰি জনসংযোগ আজি অত্যন্ত আধুনিক হৈ পৰিছে। মেনেজমেণ্টে ইয়াৰ জনসংযোগ বিভাগৰ পৰা দ্ৰুত আৰু জুখিব পৰা (measurable) প্ৰদৰ্শন আশা কৰে।
 
সংকট ব্যৱস্থাপনা, ক্ষতি নিয়ন্ত্ৰণ আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ)ৰ দৰে নতুন ধাৰণাসমূহ জনসংযোগ প্ৰক্ৰিয়াত নতুন অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। আজি জনসংযোগৰ জগতখনত দ্ৰুত গতিত পৰিৱৰ্তন ঘটিছে। পূৰ্বতে কোনো পেছাদাৰী পাঠ্যক্ৰম উপলব্ধ নাছিল যদিও আজি বহু কলেজ আৰু বিশ্ববিদ্যালয়ে জনসংযোগৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াইছে যাৰ ফলত বৃত্তিটোক অৰ্জন কৰিবলৈ অতি গাঁথনিগত আৰু কেন্দ্ৰীভূত লক্ষ্য প্ৰদান কৰা হৈছে। 
 
জনসংযোগ আৰু আনুষংগিক কাৰ্য্যকলাপ যেনে ইভেণ্ট মেনেজমেণ্ট, কৰ্প’ৰেট গিফটিং, ভিডিঅ’ আৰু ছবি নিৰ্মাণ, বিজ্ঞাপন অভিযান, ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ ইত্যাদিৰ দৰে প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ বাবে জনসংযোগে নিঃসন্দেহে দেশৰ যুৱক-যুৱতীসকলক যথেষ্ট সুযোগ প্ৰদান কৰে।
 
শেহতীয়াকৈ সন্মানীয় চাণক্য বঁটা লাভ কৰাৰ পিছত পত্নীৰ সৈতে নুৰুল ইছলাম লস্কৰ
 
আৱাজ দ্য ভইচঃ জনসংযোগৰ বিষয়ে বহুতৰে ভুল ধাৰণা আছে? কিছুমানে অনুভৱ কৰে যে পি আৰ (PR) মূলতঃ এটা তেল মৰা কাম। এই সন্দৰ্ভত আপোনাৰ মতামত কি? আপোনাৰ মতে নিখুঁত জনসংযোগ কি?
 
লস্কৰঃ সমাজৰ এক বৃহৎ অংশই পি আৰ কি সঠিকভাৱে নাজানে বা তেওঁলোকৰ এই বিষয়ে ভুল ধাৰণা আছে। যেতিয়া মই মোৰ জনসংযোগ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিলো, তেতিয়া সম্ভাৱ্য ক্লায়েণ্টসকলক জনসংযোগৰ গুৰুত্ব বা তাৎপৰ্য্য বুজোৱাটো এটা কঠিন প্ৰত্যাহ্বান আছিল। বহু সময়ত তেওঁলোকে এই কথা পলমকৈ উপলব্ধি কৰে। উদাহৰণস্বৰূপে, গুৱাহাটীৰ এখন চিকিৎসালয়ে সন্দেহজনক পৰিস্থিতিত এজন ৰোগীৰ মৃত্যুৰ পিছত নিজৰ ভাৱমূৰ্তি আৰু সুনাম উদ্ধাৰ কৰিবলৈ আমাৰ কাষ চাপিছিল। আমি এটা কাৰ্য্য পৰিকল্পনা তৈয়াৰ কৰিলোঁ, ই কাম কৰিলে, আৰু অতি সোনকালেই চিকিৎসালয়খনে সংকটৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল আৰু তেওঁলোকৰ ব্যৱসায় আৰু সুনাম পুনৰ ঘূৰাই পালে। তাৰ পিছত তেওঁলোক আমাৰ নিয়মীয়া ক্লায়েণ্ট হৈ পৰিল।
 
প্ৰচাৰ, বিপণন, বিক্ৰী, যোগাযোগ, আৰু লবীৰ মাজত বিভাজন ৰেখা আছে। ভাল জনসংযোগ সত্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু ক’তো তেল মৰাৰ প্ৰয়োজন নাই! ভাল জনসংযোগৰ এটাই গুৰুত্ব আছে আৰু সেয়া হ’ল “ইমেজ বিল্ডিং”। যি ব্যক্তি বা সংস্থাৰ ভাল ভাবমূর্তি আছে, তেওঁলোকে কেৱল ভাল ব্যৱসায় কৰাই নহয় জনসাধাৰণৰ সদিচ্ছাও অর্জন কৰিব আৰু সেইটোৱেই হৈছে অগ্ৰগতিৰ বাবে আটাইতকৈ মূল্যৱান সম্পদ৷
 
আৱাজ দ্য ভইচঃ শেহতীয়াকৈ আপুনি সন্মানীয় চাণক্য বঁটা  লাভ কৰিছে। জীৱনৰ এই পৰ্যায়ত আপোনাৰ বাবে এই বঁটাৰ অৰ্থ কি?
 
লস্কৰঃ ইয়াৰ অৰ্থ বহুত। জনসংযোগৰ ক্ষেত্ৰত মোৰ প্ৰায় পাঁচ দশক হ’ল। আৰম্ভণিৰ বছৰবোৰত পৰোক্ষভাৱে আৰু পৰৱৰ্তী বছৰবোৰত অধিক সক্ৰিয়ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিলো। বিভিন্ন দৃষ্টিকোণৰ পৰা আৰু বিভিন্ন পৰ্যায়ত মই জনসংযোগৰ পৰিৱৰ্তনসমূহ প্ৰত্যক্ষ কৰিছো। এই সকলোবোৰ সময়ত মই মোৰ কামবোৰ ভালদৰে উপভোগ কৰিছো আৰু সেয়া মোৰ বাবে এক ডাঙৰ পুৰস্কাৰ। কিন্তু এতিয়া মই যিহেতু “Integral Public Relations”ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাণক্য বঁটা লাভ কৰিলো, গতিকে মোৰ প্ৰায় সপোন পূৰণ হোৱাৰ দৰেই অনুভৱ হৈছে।
 
উত্তৰ-পূব ভাৰতৰ প্ৰথম জনসংযোগ সংস্থা CABSFORD ৰ কৰ্মী আৰু অতিথিসকলৰ  সৈতে নুৰুল ইছলাম লস্কৰ
 
জীৱনকালত এনে স্বীকৃতি পোৱাৰ বাবে মই সৰ্বশক্তিমানৰ ওচৰত কৃতজ্ঞ। মই এইটোও আশ্বস্ত হ’লোঁ যে এই আটাইবোৰ বছৰ মই জনসংযোগৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে যিমানখিনি সময় আৰু শক্তি দিলোঁ, সেয়া অপচয় নহ’ল। লগতে মনত পৰিছে, এজন এজনকৈ মোৰ সকলো গুৰু, সহকৰ্মী, সহযোগী, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ কথা, যিসকলে বহু দিশত মোক সহায় কৰিছিল। 
 
এই বঁটাটোৱে মোক নতুন জীৱন দিছে, আগন্তুক বছৰবোৰত অধিক ভাল কাম কৰিবলৈ নতুন উৎসাহ দিছে। মোৰ বয়স এতিয়া ৭৫ বছৰ আৰু মোৰ পত্নী ডিমেনচিয়া ৰোগী। এতিয়াৰ হিচাপত মোৰ বাবে জীৱনটো কঠিন। কিন্তু এই বঁটাটোৱে প্ৰমাণ কৰিছে যে আকাশখন বহুদিন ডাৱৰে আবৃত হৈ থাকিলেও শেষত সূৰ্য্যটো জিলিকি উঠে।
 
আৱাজ দ্য ভইচঃ আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আমাক জনাব পাৰিবনে ?
 
লস্কৰঃ জনসংযোগে মোক চহকী পৰিচয় দিছে আৰু এতিয়া মই পেছাটোক কিবা এটা ঘূৰাই দিব বিচাৰিছো। আগতে মই জনসংযোগ সম্পৰ্কীয় কামত বহু সময় দিব পাৰিছিলো কিন্তু মহামাৰীৰ সময়ত মোৰ পত্নীৰ ডিমেনচিয়া ধৰা পৰাৰ পিছৰে পৰা মই বহুত সময় দিব পৰা অৱস্থাত নাই। কাৰণ মই মোৰ পত্নীৰ যতন লোৱা প্ৰধান ব্যক্তি।
 
তথাপিও ২০২১ চনত সহযোগী জনসংযোগ পেছাদাৰীসকলৰ সহায় সহযোগিতাৰে আমি পি আৰ চি আই (PRCI)ৰ গুৱাহাটী চেপ্টাৰ প্ৰতিষ্ঠা কৰিলোঁ আৰু পি আৰ চি আইৰ জৰিয়তে বহু কাৰ্যসূচী গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসংযোগ পেছাদাৰীসকলৰ দক্ষতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো। মোৰ ব্যক্তিগত ক্ষমতাত জনসংযোগৰ ওপৰত আৰু কেইখনমান কিতাপ লিখিব বিচাৰিম, কলেজ আৰু বিশ্ববিদ্যালয়ত জনসংযোগৰ পাঠদান অব্যাহত ৰাখিব বিচাৰিম, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সম্ভাৱ্য প্ৰতিভাক চিনাক্ত কৰি, তেওঁলোকক সঠিক প্ৰশিক্ষণ দিব বিচাৰিম, যাতে তেওঁলোকে জনসংযোগক ভৱিষ্যতৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে আৰু এই ক্ষেত্ৰখনত উৎকৃষ্টতা লাভ কৰিব পাৰে।