এম হাফিজ আলি কিয় এজন ব্যতিক্ৰমী শিক্ষক

Story by  Ariful Islam | Posted by  Munni Begum • 11 d ago
শিক্ষক এম হাফিজ আলি
শিক্ষক এম হাফিজ আলি
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শিক্ষক হোৱাটো এক মহৎ বৃত্তি, যি আন যিকোনো বৃত্তিৰ দৰে সমানে মৰম আৰু সন্মানৰ যোগ্য। এক কথাত ক’বলৈ গ’লে শিক্ষকতাৰ দৰে মহান বৃত্তি আন একোৱেই নাই। এগৰাকী শিক্ষকে যেনেদৰে এখন সমাজ বা দেশৰ ভৱিষ্যত গঢ় দিয়ে, ঠিক তেনেদৰে শিক্ষকৰ ভূমিকাৰ ওপৰতো দেশৰ ভৱিষ্যত প্ৰজন্ম বহুখিনি নিৰ্ভৰ কৰে। সেয়ে চাবলৈ গ’লে শিক্ষকৰ  কান্ধৰ ওপৰতে থাকে দেশৰ খনিকৰসকলৰ নিৰ্মাণৰ ভাৰ। 
 
শিক্ষাগুৰুৰ দৰে মহান বৃত্তিটোক অলংকৃত কৰা তেনে এগৰাকী শিক্ষক হ'ল এম হাফিজ আলি। ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমতে সীমাবদ্ধ কৰি নাৰাখি বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত ভূমিকা লোৱাৰ বাবেই শিক্ষক এম হাফিজ আলি ব্যতিক্ৰম।   
 
পাঠদানৰ উপৰিও মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাফিজ আলিৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, মানসিক বিকাশৰ বাবে বিভিন্ন উল্লেখনীয় কাম কৰি আহিছে। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ইতিমধ্যে ৰাজ্যিক আৰু জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বহু বঁটা কঢ়িয়াই আনিবলৈও সক্ষম হৈছে।  
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে হাফিজ আলি
 
শিক্ষক এম হাফিজ আলিয়ে কয়; "শিক্ষক এগৰাকী হ'বলৈ হ'লে তেওঁ সৰ্বজ্ঞানী হ'ব লাগিব আৰু তেওঁৰ সৰ্বগুণ থাকিব লাগিব। আমি বাৰু সৰ্বজ্ঞানী হ'ব পৰা নাই। তথাপিতো মহান শিক্ষকসকলৰ আদর্শৰে আমি চলিব চেষ্টা কৰিব লাগে। কেৱল শ্ৰেণীকোঠাৰ ভিতৰত থকা সময়খিনিতে তেওঁ শিক্ষক তেনে নহয়, ২৪ ঘণ্টাই তেওঁ শিক্ষক। তেওঁ বিদ্যালয়খনৰ শিক্ষক, সমাজখনৰ শিক্ষক, ঘৰখনৰ শিক্ষক, তেওঁ সকলোতে শিক্ষক হ'ব লাগিব। এজন শিক্ষকে নিজৰ লগতে সমাজখনকো আগুৱাই লৈ যাব লাগিব। মই সেই মহান শিক্ষকসকলৰ দৰে বহুত একো কৰিব পৰা নাই যদিও, তেওঁলোকৰ পথত চলিবলৈ চেষ্টা কৰি আহিছো। মই আমাৰ বিদ্যালয়ত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও শাৰীৰিক, বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্ৰত সদায় গুৰুত্ব আৰোপ কৰোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মই ভৱিষ্যত জীৱনত কিদৰে আগুৱাব লাগিব, কিদৰে সংস্থাপন লাভ কৰি সমাজৰ বাবে সম্পদ হ'ব লাগিব, এইবোৰ কথা আলোচনা কৰোঁ। মই ভাবো এগৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে অৱসৰ দিয়ে, যদিও তেওঁ গোটেই জীৱনৰ বাবে শিক্ষক হৈয়ে থাকে।"
 
২০১৯ চনত অসমভিত্তিত আয়োজিত 'Commemoration of 6th child protection Day'ত দৰঙী লোকসংস্কৃতি বিশেষকৈ নাঙলী গীত প্ৰদৰ্শন কৰাৰ বাবেই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভ কৰিছিল। ২০২৪ চনত 'Spreading Happiness India Foundation' চমুকৈ 'SHIF' নামৰ এটা বেচৰকাৰী 'NGO'এ আয়োজন কৰা 'মডেল প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা'ত সমগ্ৰ দৰং জিলাৰ ভিতৰতে  বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে  দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে জিলাভিত্তিক বিভিন্ন ক্ৰীড়াত নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। 
 
পাঠদানৰ উপৰিও বিদ্যালয়খনত প্ৰতি শনিবাৰে আয়োজন কৰা হয় 'শনিবৰীয়া চ'ৰা' নামৰ এক বিশেষ অনুষ্ঠান। য'ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশৰ এক সুযোগ পায়। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি শনিবাৰে নৃত্য, আধুনিক গীত, বিহু নৃত্য, জিকিৰ গীত, দৰঙী কলা-কৃষ্টিৰ অন্যতম নাঙলী গীত, অভিনয়, বক্তৃতা, কুইজ, কাৰাটে আদি পৰিবেশন কৰে।
 
ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা গ্ৰহণৰ সময়ত এম হাফিজ আলি
 
শিক্ষকতাৰ উপৰিও এম হাফিজ আলি সামাজিক কাম-কাজৰ সৈতে জৰিত এগৰাকী ব্যক্তি। বৃহত্তৰ বিজুলীবাৰী অঞ্চলত তেওঁৰ এক সুকীয়া পৰিচয় আছে। বিভিন্ন সামাজিক কাম-কাজত তেওঁৰ উপস্থিতি বাঞ্চনীয়। কলা-সংস্কৃতি, ক্ৰীড়া, লিখা-মেলা আদি সকলো দিশতে হাফিজ আলিয়ে সদায় আগবাঢ়ি থাকে। এগৰাকী কৃতি শিক্ষক হিচাপে তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ বহুকেইটা বঁটাৰে সন্মানিত হৈছে।   
 
বৰ্তমান ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিঙিৰীমাৰী টাউনত ১৯৬৬ চনত এম হাফিজ আলিয়ে জন্মগ্ৰহন কৰে। পিতৃৰ নাম আছিল মৰহুম হাকিম আলি মাতৃ মেমো বেগম। নিচেই সৰুতে পিতৃহাৰা হৈ ছিপাঝাৰৰ ঐতিহাসিক মাৰৈ গাঁৱত মোমায়েকহতঁৰ ঘৰত থাকি স্কুলীয়া জীৱন আৰম্ভ কৰি উচ্চ শিক্ষা সাং কৰি অৱশেষত মাৰৈ গাঁৱতেই স্থায়ীভাৱে থাকিবলৈ লয়। ১৯৯১ চনত নিযুক্তি লাভ কৰি বৰ্তমান তেওঁ ছিপাঝাৰৰ মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়লয়ৰ সহকাৰী শিক্ষক হিচাপে  সেৱা আগবঢ়াই আহিছে। অহা ২০২৬ চনৰ জানুৱাৰী মাহত আলিয়ে শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহন কৰিব।    
 
ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰি অহা আলিয়ে আজি প্ৰায় দুকুৰি বছৰৰ অধিক কাল সংবাদ সেৱাৰ সৈতে জড়িত হৈ অসমৰ প্ৰায়কেইখন বাতৰি কাকতত  নিৱন্ধ -প্ৰৱন্ধ লিখি অহাৰ উপৰিও বিভিন্ন স্মৃতিগ্ৰন্থ ,স্মৰণিকাত লেখা প্ৰকাশ হৈ আহিছে। ইয়াৰ উপৰিও আলিৰ প্ৰকাশিত গ্ৰন্থৰাজি হ'ল, মহাজীৱন আজান ফকীৰ আৰু বৰ্তমান আৰু গৰীয়া জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতি।  
 
হাফিজ আলিৰ শেহতীয়াকৈ প্ৰকাশ পোৱা উপন্যাস
 
তেওঁৰ সম্পাদিত গ্ৰন্থৰাজী গ্ৰন্থ হ'ল, এম,ৰুস্তম আলীৰ জীৱন আৰু সৃষ্টি, অতুল চন্দ্ৰ দাসৰ -জীৱন পথাৰত লেচেৰি বুটলি, দৰঙৰ লোকাচাৰ বিশেষ, দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ৰূপে চাৰিটা সংখ্যা সম্পাদিত, ছিপাঝাৰ প্ৰেছগীল্ডৰ স্মৃতিগ্ৰন্থ, মাৰৈ-বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ "মৌলি", মাৰৈ জনশিক্ষা পুথিভঁৰালৰ সোনালী জয়ন্তী স্মৃতিগ্ৰন্থ "মাৰৈ", দৰং জিলা প্ৰশাসনৰ ৫৬ সংখ্যক শিক্ষক দিৱসৰ স্মৃতিগ্ৰন্থ, মাৰৈ বিজুলীবাৰী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ "মাইহাং", এম,বি ক্লাবৰ ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ, মাৰৈ -বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ, হাতে লিখা আলোচনীৰ তত্বাৱধায়ক, বহু স্মৰণিকা, শ্ৰদ্ধাজ্ঞ  গ্ৰন্থ আদি সম্পাদনা কাৰ্য সফলভাৱে সম্পন্ন কৰিছে। আলিয়ে সাহিত্য একাডেমিৰ মঞ্চত আমন্ত্ৰণ মৰ্মে গৱেষণা পত্ৰ পাঠ কৰে। শেহতীয়াভাৱে আলিয়ে গৰীয়া ওজা পৰশুৰ জীৱন ভিত্তিক উপন্যাস 'উঁয়ে পোতা বলিশাল' প্ৰকাশ কৰিছে। 
 
আলিয়ে লাভ কৰা বঁটাসমূহ হ'ল, ২০১১ চনত ভাৰতীয় দলিত সাহিত্য পৰিষদৰ "ড° আম্বেদকাৰ ফেলশ্বিপ ৰাষ্ট্ৰীয় বঁটা", ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ "চিনিয়ৰ ফেলশ্বিপ"(২০১২-১৩), দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা ভিত্তিক 'কৃতি শিক্ষকৰ বঁটা'(২০১৬), অসম চৰকাৰৰ ৰাজ্যিক 'কৃতি শিক্ষকৰ বঁটা' (২০২১), আৰোহণ আৰ্টিছ গীল্ড গুৱাহাটীৰ পৰা 'আৰোহণ সাহিত্য ৰত্ন বঁটা'(২০১৯), সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ "কবি সাহিত্যিক এম ইব্ৰাহিম আলী সোঁৱৰণি বঁটা " (২০১৯), অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত সম্বৰ্ধিত(২০২০) হোৱাৰ উপৰিও প্ৰায় কুৰিটামান সামাজিক অনুষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হয়।    
 
স্কুলীয়া দিনৰ পৰাই সংগীত চৰ্চা কৰি অহা আলি এগৰাকী অনাতাঁৰ-দুৰদৰ্শনৰ নিয়মীয়া জিকিৰ শিল্পী। সেইদৰে অভিনয়  কৰি অহা আলিয়ে নৱম শ্ৰেণীত থাকোতেই ক্লাৱ জেচমিনে আয়োজন কৰা একাংক নাট প্ৰতিযোগিতাত  জিলা ভিত্তিত শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰে। তাৰ পিছত কলাইগাঁও সংগীত নাটক, ক্লাৱ জেচমিন, "উদ্বাম্ব" নাট্যগোষ্ঠীৰ জৰিয়তে প্ৰায় কুৰিখনতকৈ অধিক নাটক পৰিচালনা কৰাৰ লগতে অভিনয় কৰে। ইয়াৰ উপৰিও আচিফ ইকবাল পৰিচালিত 'আজান ফকিৰ চাহেব', আব্দুল মজিদ পৰিচালিত 'সাত নম্বৰৰ সন্ধানত' শীৰ্ষক অসমীয়া বোলছবিত অভিনয় কৰাৰ লগতে ধাৰাবাহিক শুভ বিবাহ, স্বপ্ন ভংগ (হিন্দী) আৰু ছুটি ছবি কাগজৰ ঘৰ, ৰশ্মী, কদম(হিন্দী) আদিত অভিনয় কৰিছে।