অন্তৰাত্মাক স্পৰ্শ কৰা মননশীল ছবিতহে অভিনয় কৰি যাম: আইদেউ সন্দিকৈ বঁটা বিজয়ী ডাঃ জাহানাৰা বেগম

Story by  Mukut Sarma | Posted by  Munni Begum • 1 Years ago
মন্ত্ৰী বিমল বৰাৰ পৰা অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে আইদেউ সন্দিকৈ বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত
মন্ত্ৰী বিমল বৰাৰ পৰা অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে আইদেউ সন্দিকৈ বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত
 
মুকুট শৰ্মা / গুৱাহাটী
 
অন্তৰাত্মাক স্পৰ্শ কৰা মননশীল ছবিত অভিনয়েৰে সমাজক এক সুস্থ বাৰ্তা দি যাব বিচাৰে অসমৰ যশস্বী অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে। বহু সময়ত তেওঁ বহুজনৰ পৰা চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ লাভ কৰে যদিও এতিয়ালৈকে এনে কোনো ছবিত অভিনয় কৰা নাই, যিয়ে তেওঁৰ অন্তৰাত্মাক স্পৰ্শ কৰা নাই। 
 
শেহতীয়াকৈ অসম চৰকাৰে আগবঢ়োৱা বৰ্ষশ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা লাভ কৰা ডাঃ জাহানাৰা বেগমে ‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে সাধাৰণতে তেওঁ নাটক কৰি ভালপোৱা এগৰাকী মঞ্চ অভিনেত্ৰী। কিন্তু ভাল কাহিনী আৰু ভাল চৰিত্ৰ লাভ কৰিলে অনাগত দিনত তেওঁ চলচ্চিত্ৰত অভিনয় কৰি যাব।
 
কানীনৰ প্ৰচাৰ অনুষ্ঠান (ফাইল ফটো)
 
“মই প্ৰকৃততে এগৰাকী নাট্যকৰ্মী। অভিনয় মোৰ নিচা। পেছাগতভাৱে মই এগৰাকী চিকিৎসক। গতিকে, সঘনাই চিনেমা কৰি থকাতো মোৰ পক্ষে সম্ভৱ নহয়। তথাপি, কোনোবা প্ৰযোজক অথবা পৰিচালকে মোৰ ওচৰলৈ যদি ভাল কাহিনী আৰু মনে বিচৰা চৰিত্ৰ লৈ আহে, তেন্তে নিশ্চয়কৈ চিনেমাত অভিনয় কৰিম। অন্তৰাত্মাক স্পৰ্শ কৰা মননশীল ছবিত অভিনয় কৰিবলৈ মই সদায় আগ্ৰহী।”-ডাঃ জাহানাৰা বেগমে কয়। 
 
আইদেউ সন্দিকৈ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাই তেওঁক অভূতপূৰ্বভাৱে উৎসাহিত কৰিছে বুলি উল্লেখ কৰি ডাঃ বেগমে কয়, "২০১৮ চনত মই কানীন চিনেমাখনত অভিনয় কৰিছিলো। ৰাজ্য চৰকাৰৰ আইদেউ সন্দিকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি মই পৰম উৎসাহিত অনুভৱ কৰিছো। এই ক্ষণত মই কানীনৰ সমূহ কলা-কুশলীক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছো। চিনেমাখনৰ কাহিনীৰ সৃষ্টিকাৰ ড° ৰীতা চৌধুৰীক মই প্ৰথমেই ধন্যবাদ জনাইছো। তেওঁৰ “ৰাজীৱ ঈশ্বৰ" নামৰ উপন্যাসখন মই বহুবছৰ ধৰি বুকুত সাৱটি লৈ আছিলো। তেতিয়ালৈকে মই মঞ্জুল বৰুৱাক লগ পোৱা নাছিলো। ২০১৬ চনৰ কোনোবা এটা শুভ মূহূৰ্তত মই মঞ্জুলৰ হাতত উপন্যাসখন তুলি দিছিলো। আৰু মঞ্জুলে তেওঁৰ মূল্যবান চিন্তাৰে 'কানীন' তৈয়াৰ কৰি উলিয়াইছিল। মঞ্জুল বৰুৱাক মই কৃতজ্ঞতা জনাও। একেদৰে, মোৰ খেয়ালী মনটোক মৰম আৰু সন্মান যাচি মোৰ স্বামী ডাঃ গোপেন্দ্ৰ মোহন দাসে চিনেমাখন নিৰ্মাণ কৰাৰ গুৰু দ্বায়িত্ব কান্ধ পাতি লৈছিল। তেওঁকনো মই কি বুলি কৃতজ্ঞতা জনাও। মোৰ যে শব্দ নাই। মই সচাকৈয়ে এগৰাকী ভাগ্যৱতী নাৰী।" 
 
'অনুূৰ'ৰ শ্বুটিঙৰ এক মুহূৰ্ত
 
উল্লেখ্য যে, সম্প্ৰতি অসমৰ চলচ্চিত্ৰগৃহত সফলতাৰে চলি থকা বহুচৰ্চিত ছবি ‘অনুৰ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে ২০১৯ চনত মুক্তি পোৱা ‘কানীন’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ পৰা বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এই সন্মানীয় বঁটা গ্ৰহণ কৰে। 
 
প্ৰখ্যাত ঔপন্যাসিক আৰু লেখিকা ড° ৰীতা চৌধুৰীৰ 'ৰাজীৱ ঈশ্বৰ' নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত ‘কানীন’ ছবিখন মঞ্জুল বৰুৱাই পৰিচালনা কৰিছিল আৰু ডাঃ গোপেন্দ্ৰ মোহন দাসে প্ৰযোজনা কৰিছিল। কুমাৰী অৱস্থাত মাতৃ হোৱা এগৰাকী নাৰীৰ জীৱনকৈ লৈ নিৰ্মিত ছবিখনত মন্দিৰা বৰুৱাৰ চৰিত্ৰত প্ৰাণৱন্ত অভিনয়েৰে ডাঃ জাহানাৰা বেগমে ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আজুৰি আনিলেও এতিয়াও তেওঁ সপোনৰ চৰিত্ৰৰ সন্ধানত আছে।
 
এখন নাটকত অভিনয়ৰ সময়ত জাহানাৰা বেগম
 
“সপোনৰ চৰিত্ৰত অভিনয় কৰিবলৈ এতিয়াও বাকী আছে। কাৰণ, এতিয়ালৈকে মই অভিনয় কৰা ছবিসমূহৰ চৰিত্ৰকেইটা বিভিন্ন উপন্যাস বা গল্পৰ চৰিত্ৰ। যেতিয়া মই ৰীতা চৌধুৰীৰ ৰাজীৱ ঈশ্বৰ উপন্যাসখন পঢ়িছিলো, তেতিয়া তাৰ কাহিনীয়ে মোৰ অন্তৰাত্মাক স্পৰ্শ কৰিছিল। সেইদৰে, বৃদ্ধাৱস্থাৰ নিসংগতা, সংঘাত আৰু কষ্টক প্ৰতিফলিত কৰা অনুৰাধা শৰ্মা পূজাৰীৰ 'ভালপোৱাৰ সময়' নামৰ গল্পটো পঢ়িলো, তেতিয়া সেই গল্পটোৰ আধাৰত অনুৰ নামৰ ছবিখন কৰাৰ ইচ্ছা জাগিল। শেহতীয়াকৈ মনালিছা শইকীয়াৰ আন্দোলিত আকাশ নামৰ উপন্যাসখনৰ আধাৰত একে নামৰ এখন ৱেব ছিৰিজত অভিনয় কৰিছো। এইবোৰ ছবিৰ কাহিনীয়ে মোৰ অন্তৰ স্পৰ্শ কৰে বাবে চৰিত্ৰসমূহক জীৱন্ত ৰূপ দিবলৈ মই সৰ্বস্ব উজাৰি দিও। ”-ডাঃ জাহানাৰ বেগমে কয়।
 
উল্লেখ্য যে, চিকিৎসকৰ দৰে এক ব্যস্ততাপূৰ্ণ বৃত্তিৰ সৈতে জড়িত হৈ থকাৰ পিছতো অভিনয়ক জীৱনৰ অভিন্ন অংশ কৰি লোৱা ডাঃ জাহানাৰা বেগমে এগৰাকী সু-চিকিৎসক হিচাপে যিদৰে হাজাৰ হাজাৰ লোকক আৰোগ্য কৰি তুলিছে, ঠিক একেদৰে এগৰাকী সু-অভিনেত্ৰী হিচাপে নাটক আৰু ছবি ভাল পোৱা অজস্ৰ লোকৰ মন-মগজুত গভীৰভাৱে ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। অসমৰ অনাতাৰ, মঞ্চ আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ বাবে বিগত বৰ্ষত তেওঁ লাভ কৰিছিল সন্মানীয় বীণা প্রসাদ উৎকৰ্ষ বঁটা। ইয়াৰ পূৰ্বে ডাঃ সান্ত্বনা বৰদলৈ, মলয়া গোস্বামী, চেতনা দাস, ভাগীৰথী বাই কদমৰ দৰে বিশিষ্ট অভিনেত্ৰী আৰু নাট পৰিচালকে এই মৰ্যদাপূৰ্ণ বঁটা লাভ কৰিছিল। 
 
'অনুৰ' ছবিৰ মুখ্য চৰিত্ৰ অনুপমা বৰুৱাৰ ৰূপত জাহানাৰা বেগম
 
চিকিৎসকৰ দৰে এক ব্যস্ততাপূৰ্ণ বৃত্তিৰ সৈতে জড়িত হৈ থকাৰ পিছতো নাট্যচৰ্চাক জীৱনৰ অভিন্ন অংশ কৰি লোৱা সন্দৰ্ভত তেওঁ কয়, "চিকিৎসক বাবেই হয়তো ব্যস্ততাপূৰ্ণ সময়ৰ সৈতে জীৱনৰ আন কাম বা নাট্যচৰ্চা সময়মতে কৰি যাব পাৰিছো। কাৰণ, সময়ৰ কাম সময়ত কৰাটো মোৰ এক পুৰণি অভ্যাস। কেৱল চিকিৎসক বুলিয়ে নহয়, আন বৃত্তিৰ সৈতে জড়িত হলেও মই নাট্যচৰ্চা কৰি থাকিলোঁহেতেন। কিয়নো, নাট্যচৰ্চাই মোৰ জীৱন। ইয়াৰ অবিহণে মই জীয়াই থাকিব নোৱাৰো। জীয়াই থাকিবলৈ অভিনয় কৰিবই লাগিব। অভিনয় মোৰ প্ৰাণত আছে।" 
 
মাত্র তিনি বছৰ বয়সতে দেউতাকে লিখা এখন একক চৰিত্ৰৰ নাটকেৰে মঞ্চ-প্ৰৱেশ ঘটিছিল সম-সাময়িক অসমৰ অগ্রণী অভিনেত্রী ডাঃ জাহানাৰা বেগমৰ। নগাঁৱৰ নতুন বজাৰ নিম্ন বুনিয়াদী বিদ্যালয়, নগাঁও চৰকাৰী ছোৱালী হাইস্কুল, শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী হাইস্কুল আৰু গুৱাহাটীৰ কালিৰাম ছোৱালী হাইস্কুলত শিক্ষা লাভ কৰি পিছলৈ তেওঁ কটন মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। বৃত্তিত চিকিৎসক ডাঃ বেগম বর্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষকৰ দায়িত্বত আছে।
 
ঔপন্যাসিক ৰীতা চৌধুৰীৰ সৈতে অভিনেত্ৰী তথা চিকিৎসক জাহানাৰা বেগম
 
১৯৭৩ চনত ফুলেশ্বৰী ছোৱালী হাইস্কুলত অষ্টম শ্রেণীত পঢ়ি থাকোঁতেই 'চাকনৈয়া' নামৰ নাটকখনত সুন্দৰ অভিনয় কৰি শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰা বেগমে হাইস্কুলৰ পৰ্যায়ত বিভিন্ন প্রতিযোগিতাত অংশ গ্ৰহণ কৰি বহুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। ১৫ বছৰ বয়সত গুৱাহাটীত আব্দুল মজিদৰদ্বাৰা পৰিচালিত ‘চোৰ’ নামৰ নাটকখনত মুখ্য চৰিত্ৰত অভিনয়ৰ জৰিয়তে তেওঁ পূৰ্ণাংগ নাটকৰ জগতত প্রৱেশ কৰে। ইয়াৰ পিছত ক্ৰমে নিউ আর্ট প্লেয়াৰ প্রযোজিত 'ৰূপালীম’(১৯৭৮), প্রগতি শিল্পী সংঘ প্রযোজিত ‘মৃত্যুঞ্জয়’, ইন্দ্ৰ বনিয়াৰদ্বাৰা পৰিচালিত আৰু দীপক সংঘৰ প্ৰযোজিত নাটকত তেওঁ অভিনয় কৰে। 
 
কটন মহাবিদ্যালয়ত পঢ়ি থাকোঁতে একক অভিনয় আৰু একাংকিকা নাটকৰ প্ৰতিযোগিতাত কেইবাটাও বঁটা লাভ কৰা ডাঃ বেগম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পাঁচ বছৰ ধাৰাবাহিকভাৱে শ্রেষ্ঠ অভিনেত্রীৰ বঁটাৰে সন্মানিত হৈছিল। একে সময়তে তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নাটকতো অভিনয় কৰিবলৈ লয় আৰু দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, ঈশান বৰুৱা, ধীৰু ভূঞা, মাখন দেৱান, প্রাঞ্জল শইকীয়া, অৱনী বৰা আদিৰ দৰে যশস্বী নাট্যকাৰ আৰু অভিনেতাসকলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰো কেইবাখনো নাটকত অভিনয় দক্ষতা প্ৰদৰ্শন কৰে।
 
বৰ্তমানলৈকে প্রায় তিনি কুৰি নাটকত অভিনয় কৰা ডাঃ বেগমে ২০০৯ চনত ‘জে বি প্ৰডাকচন' নামৰ এটি নাট্য-প্রযোজনা সংস্থা স্থাপন কৰে। ইয়াৰ পিছৰে পৰা তেওঁ নিৰৱচ্ছিন্নভাৱে নাটকৰ প্রযোজনা আৰু অভিনয় কৰি আহিছে। বৰ্তমান তেওঁ 'ৰক্তপুষ্প' নামৰ এখন নাটকৰ আখৰা কৰি আছে। মাৰাথী ভাষাৰ নাটকখন জাহানাৰা বেগমে নিজে অনুবাদ কৰি মঞ্চ ৰূপায়নৰ বাবে সাজু হৈছে।