হিন্দু দেৱতাৰ চিত্ৰকলাক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰিছে জাহিৰ খানে

Story by  atv | Posted by  Munni Begum • 1 Months ago
হিন্দু দেৱতাৰ চিত্ৰকলাক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰিছে জাহিৰ খানে
হিন্দু দেৱতাৰ চিত্ৰকলাক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰিছে জাহিৰ খানে
 
নতুন দিল্লী
 
দিল্লীৰ বিকানেৰ হাউচ গেলেৰীত ২৩ জুলাইত ৰাইজৰ বাবে মুকলি হ’বলগীয়া এক শিল্প প্ৰদৰ্শনীয়ে ভাৰতৰ সমন্বয়মুখী কলা-সংস্কৃতিৰ অনুপম নিদৰ্শন দাঙি ধৰিছে। হিন্দু দেৱতাক লৈ শালিনী যাদৱে প্ৰস্তুত কৰা প্ৰায় ৪০খন চিত্ৰকলাৰ এই একক শিল্প প্ৰদৰ্শনীৰ আয়োজক হৈছে ইছলাম ধৰ্মাৱলম্বী ব্যক্তি জাহিৰ খান।
 
এই সন্দৰ্ভত শালিনীয়ে কয়, "জাহিৰ আৰু বিকানেৰ হাউছৰ দলটোৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মই ৰোমাঞ্চিত হৈছো। জাহিৰে মোৰ কলাত্মক দৃষ্টিভংগীক গভীৰভাৱে বুজি পায় আৰু সন্মান কৰে। তেওঁ ধাৰাবাহিকভাৱে মোক নিজকে অন্বেষণ আৰু প্ৰকাশ কৰাৰ সুযোগ দিয়ে। তেওঁৰ নিখুঁত মনোযোগ, উদ্ভাৱনী মনোভাৱ আৰু সুন্দৰ আচৰণে আমাৰ সহযোগিতাক সফল কৰি তুলিছে।”
 
শালিনী যাদৱৰ ভক্তিমূলক চিত্ৰশিল্প
 
Esh Alekhya নামৰ প্ৰদৰ্শনীখনে পৰম্পৰাগত ভাৰতীয় ভক্তিমূলক চিত্ৰকলাৰ কালজয়ী কলাক প্ৰদৰ্শিত কৰিব। এই চিত্ৰকলাসমূহ শালিনীয়ে বিগত ৫ বছৰত প্ৰস্তুত কৰিছে। ইফালে, জাহিৰ খান হৈছে বিকানেৰ হাউছৰ সৈতে কাম কৰি থকা দিল্লীস্থিত এগৰাকী আৰ্ট কিউৰেটৰ। ভাৰতীয় ঐতিহ্য প্ৰতিষ্ঠান (Indian Institution of Heritage)ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। 
 
শালিনীয়ে দৃশ্যগত চিত্ৰণৰ জৰিয়তে ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাক চিত্ৰিত কৰিছে। এই প্ৰদৰ্শনীত আধ্যাত্মিকতা আৰু ভক্তিক এক কাব্যিক সংযোগ হিচাপে উপস্থাপন কৰা হৈছে। এই প্ৰদৰ্শনীৰ বাবে কিউৰেটৰ জহীৰ খানে বিস্তৃত গৱেষণা চলাইছিল আৰু শালিনীৰ শিল্পকৰ্মক এক ঐক্যবদ্ধ বিষয়বস্তু প্ৰদান কৰাত সহায় কৰিছে। জাহিৰে কয়, ‘শালিনীৰ শিল্পকৰ্ম আমাৰ দেশৰ চহকী শিল্প আৰু সংস্কৃতিৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাঞ্জলি। প্ৰতিটো কামেই তেওঁৰ শিল্পী হিচাপে দক্ষতা আৰু নিখুঁততাৰ প্ৰমাণ।”
 
শালিনী যাদৱ
 
এই প্ৰদৰ্শনীত ভগৱান শ্ৰীকৃষ্ণ, বিষ্ণু, গণেশ, হনুমান আৰু শিৱৰ ৰূপত বিভিন্ন ঐশ্বৰিক প্ৰকাশৰ মহাকাব্য কাহিনী উপস্থাপন কৰা হৈছে। মুখ্য আকৰ্ষণসমূহৰ ভিতৰত আছে দুখন বিশাল চিত্ৰ, যিয়ে শালিনীৰ বিৰল প্ৰতিভা আৰু বিস্তৃত গৱেষণাক প্ৰতিফলিত কৰে। নিজে শিল্পকলাৰ গুণসমূহ আয়ত্ব কৰা প্ৰতিভাৱান শিল্পী শালিনীয়ে ভাৰতৰ পৰম্পৰাগত শিল্পৰূপত বিশেষজ্ঞ হৈ উঠিছে। 
 
তেওঁৰ সৃষ্টিসমূহে ভাৰতৰ পিচৱাই, ফাড, পটচিত্ৰ, আৰু অনুৰূপ শিল্পকৰ্মৰ সংমিশ্ৰণ প্ৰতিফলিত কৰে। শালিনীয়ে নিজৰ কলাত্মক ক্ষমতা বৃদ্ধিৰ বাবে আধ্যাত্মিক সাধনা অনাত পৰম্পৰাগত শিল্পৰ গুৰুত্ব স্বীকাৰ কৰে। শালিনীক পাহাৰী স্কুল অৱ মিনিয়েচাৰ পেইণ্টিঙৰ প্ৰবীণ শিল্পী পদ্মশ্ৰী বিজয় শৰ্মাই প্ৰশিক্ষণ দিছিল। 
 
শালিনী যাদৱৰ ভক্তিমূলক চিত্ৰশিল্প
 
মেনেজমেণ্টত ডক্টৰেট ডিগ্ৰী লাভ কৰা শিল্পীগৰাকীয়ে ইন্দিৰা গান্ধী কাৰিকৰী বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কাম কৰে। কিন্তু তেওঁৰ চাকৰিটোৱে শালিনীক বিভিন্ন শিল্পৰ সূক্ষ্মতা অন্বেষণ কৰিবলৈ বাধা দিয়া নাই।