ফাৰহান ইজৰাইলী/ ভিলৱাৰা
আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ ছালৰামলা গাঁৱৰ দুৰ্গা কনৱাৰে মুছলমান যুৱক জাকিৰ হুছেইন ৰংৰেজক ভাতৃ হিচাপে গ্ৰহণ কৰি হাতত ৰাখী বান্ধিছিল। সময়ৰ লগে লগে তেওঁলোকৰ এই বন্ধন আৰু অধিক শক্তিশালী হৈ আহিল। শেহতীয়াকৈ দুগৰাকী কন্যাৰ বিয়া উপলক্ষে দুৰ্গাই নিজৰ মৃত পিতৃ-মাতৃৰ অভাৱ অনুভৱ হ'বলৈ নিদি তেওঁৰ মুছলমান ‘ভাতৃ’ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালটোক সকলো সামাজিক দায়িত্ব আৰু ৰীতি-নীতি পালন কৰিবলৈ দিয়ে।
কইনাৰ সম্বন্ধীয় মোমায়েক জাকিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালে বিয়াত অংশ লোৱাৰ লগতে দুৰ্গা কনৱাৰ আৰু শংকৰ সিং ৰাওৰ কন্যাৰ 'ভাট' শীৰ্ষক প্ৰাক-বিবাহ অনুষ্ঠানতো নিজৰ পৰিয়ালৰ লোকৰ দৰে উপস্থিত থাকে আৰু সামাজিক দায়িত্ব আৰু ৰীতি-নীতি পালন কৰে। ভাট বা মায়ৰা অনুষ্ঠান ৰাজস্থানী হিন্দু বিবাহৰ এক পুৰণি প্ৰথা, য'ত কইনাৰ মাতৃৰ ফালৰ ককাক-আইতাকে দৰাৰ মাতৃ পৰিয়ালক আতিথ্য আৰু উপহাৰৰ টোপোলা আগবঢ়ায়।
দুৰ্গা কনৱাৰৰ কন্যাৰ প্ৰাক-বিবাহ অনুষ্ঠানত ভাটটো কঢ়িওৱা দ্বায়িত্ব পালন কৰিলে জাকিৰ হুছেইনে
ৰাজস্থানত ভাট অনুষ্ঠান বিবাহৰ পূৰ্বে অনুষ্ঠিত হয়। ইয়াত দৰা-কইনাৰ মাতৃৰ ফালৰ মামাক-মামীয়েকক জড়িত কৰা হয়। ই মাৰোৱাৰী বিবাহ পৰম্পৰাৰ এক উল্লেখযোগ্য অংশ। দৰা-কইনাৰ মাকে নিজৰ পৰিয়ালৰ সদস্যক বিয়ালৈ নিমন্ত্ৰণ কৰে। দৰা বা কইনাৰ মাতৃৰ ফালৰ ককায়েকে উপহাৰ, মিঠাই, কাপোৰ-কানি লৈ তেওঁলোকৰ ঘৰলৈ গৈ বিয়াৰ উৎসৱ আৰম্ভ কৰে।
জাকিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ গাঁৱতে ঢোল, পেপা বঁজাই আনন্দ উদযাপনত অংশ লয় আৰু এক বিৰল সামাজিক সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰে। দুৰ্গা কনৱাৰ আৰু শংকৰ সিং ৰাওৰ পৰিয়ালে জাকিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালক পুষ্পবৃষ্টিৰে আদৰণি জনাই আৰু মালা পিন্ধাই তেওঁলোকক ভিৰতলৈ লৈ যায়।
দুৰ্গা কনৱাৰৰ কন্যাৰ বিবাহ অনুষ্ঠানত জাকিৰ হুছেইন আৰু তেওঁৰ পৰিয়াল
জাকিৰ হুছেইনৰ পৰিয়ালৰ সদস্য হাজী হানিফ মহম্মদ, গুলাম নবী, শ্বেৰু মহম্মদ, পিৰু মহম্মদ, আছিক হুছেইন, বিছমিল খান, ফাৰুক ডায়েৰ আদিয়েও হিন্দু পৰিয়ালটোৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে অতি আনন্দৰে বিবাহৰ ৰীতি-নীতি পালন কৰে। দৰ্শনাৰ্থীৰ আনন্দ আৰু হিন্দু ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ সন্মানে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অতুলনীয় বাৰ্তা প্ৰদান কৰে।
তেজৰ সম্পৰ্ক থকা কোনো ভাতৃ নথকা দূৰ্গা কানৱাৰৰ পিতৃ-মাতৃৰ মৃত্যুৰ পিছত জাকিৰ হুছেইন দূৰ্গাৰ সহযোগী হৈ পৰিছিল আৰু পৰিয়ালত তেওঁ বিশেষ স্থান লাভ কৰিছিল। সেয়ে, দূৰ্গাৰ ছোৱালীকেইজনীৰ বিয়াৰ সময়ত জাকিৰ হুছেইনে মামাকৰ ভূমিকা পালন কৰে আৰু সকলো সামাজিক ৰীতি-নীতি পালন কৰি কইনা বিদায় দিয়ে। বিয়াৰ নিমন্ত্ৰণী পত্ৰত স্পষ্টকৈ লিখা আছিল যে জাকিৰ হুছেইন কইনাৰ মামাক আৰু মামাকৰ পৰিয়ালে প্ৰাক-বিবাহ অনুষ্ঠানত ভাটটো কঢ়িয়াব।