ৰহমান খানৰ কমেডীত সমাজৰ সত্যতাৰ প্ৰতিফলন

Story by  atv | Posted by  [email protected] • 1 Months ago
জনপ্ৰিয় ষ্টেণ্ড আপ কমেডিয়ান ৰেহমান খান
জনপ্ৰিয় ষ্টেণ্ড আপ কমেডিয়ান ৰেহমান খান
 
ৰীতা ফাৰহাট মুকান্দ

মুম্বাইত জন্মগ্ৰহণ কৰা ৰেহমান খান বহুমুখী প্ৰতিভা, ব্যংগ, পাঞ্চলাইন নিক্ষেপৰ অনন্য কৌশলৰ বাবে বিশেষভাৱে পৰিচিত। এজন অভিনেতা, লেখক, থিয়েটাৰ অনুৰাগী আৰু ষ্টেণ্ড আপ কমেডিয়ান ৰেহমান খানৰ শেহতীয়া অৱতাৰ হৈছে তেওঁৰ বিখ্যাত সৃষ্টি ‘হুমৰবাজ’।
 
তেওঁ ষ্টাৰ প্লাছ, কালাৰ্ছ, জি টিভি, ছ’নী এণ্টাৰটেইনমেণ্ট, ছাব টিভি আৰু লাইফ অ’কে আদি বিভিন্ন টিভি চেনেলত ২০টাতকৈও অধিক নন-ফিকচন আৰু ফিকচন কমেডী শ্ব’ হ'ষ্ট কৰিছে। ইয়াৰ উপৰিও তেওঁ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২০০০ৰো অধিক লাইভ শ্ব’ত অভিনয় কৰিছে।
 
ৰেহমানে ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’, ‘কমেডী চাৰ্কাছ’, ‘কমেডী কা মহা মুকাবলা’, ‘ছোটে মিঞা বড়ে মিঞা’, ‘মেড ইন ইণ্ডিয়া’, ‘কমেডী ডাংগল’ আদি বহু টেলিভিছন শ্ব’ত কাম কৰি আহিছে। সমগ্ৰ বিশ্বতে ২০০০ৰো অধিক লাইভ প্ৰদৰ্শন কৰা সুদক্ষ অভিনেতাজনৰ ইউটিউবত এক মিলিয়নৰো অধিক অনুৰাগী আছে।
 
 
মানৱতাবাদী হিচাপে তেওঁ ‘ছালাম বম্বে’ নামৰ এন জি অ’টোলৈ বৰঙণি আগবঢ়াইছে, য’ত তেওঁ নাট্য অভিনয়ৰ জৰিয়তে ধঁপাতৰ বিপদৰ ওপৰত আলোকপাত কৰিছিল। গুটখাৰ প্ৰতি আসক্ত লোকক শিক্ষিত কৰি সহায় কৰিছিল, আৰু অগণন লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে।
 
৪৫ বছৰীয়া অভিনেতাগৰাকীৰ বাবে এই সকলোবোৰ আৰম্ভ হৈছিল স্কুল আৰু কলেজৰ দিনত, যেতিয়া যুৱক ৰেহমানে নিজৰ স্কুলৰ শিক্ষকসকলক অনুকৰণ কৰাৰ কলা শিকিছিল। বিশেষকৈ তেওঁৰ ইতিহাস, হিন্দী আৰু দক্ষিণ ভাৰতীয় শিক্ষকসকল তেওঁৰ অনুকৰণৰ কেন্দ্ৰবিন্দু আছিল, যিয়ে শ্ৰেণীত হাঁহিৰ খোৰাক কঢ়িয়াই আনিছিল।
 
এটা ঘটনা স্মৰণ কৰি ৰেহমানে কয়, “এদিন এজন অস্থায়ী শিক্ষকে আমাক সুধিছিল, ‘বিশেষণ কিমান প্ৰকাৰৰ আছে?’। তেতিয়া মই ধেমালিতে কৈছিলো, 'ছাৰ, কথাবোৰ পকাব নালাগে, কাৰণ এয়া আপোনাৰ ক্লাছ নহয়'। মোৰ কথা শুনি গোটেই ক্লাছটোৱে হাঁহিবলৈ ধৰিলে।" এনে ঘটনাই তেওঁক কমেডীৰ প্ৰতি এক নতুন দৃষ্টিভংগী দিছিল।
 
 
উল্লেখ্য যে, ২০০৭ চনত ৰেহমান খানে ষ্টেণ্ড আপ কমেডী আৰম্ভ কৰিছিল আৰু ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। লণ্ডন কমেডী ষ্ট’ৰৰ সৈতে জড়িত এজন ব্ৰিটিছ লোকে তেওঁৰ শ্ব’ৰ পিছত তেওঁৰ অভিনয় উন্নত কৰাৰ বাবে টিপছ দিছিল।
 
এই সাক্ষাৎকাৰে ৰহমানক তেওঁৰ দূৰ্বলতাসমূহ চিনি পোৱাত আৰু তেওঁৰ শ্ব’টো উন্নত কৰাত সহায় কৰিছিল। নতুন লেখাত তেওঁ ভাৰত-পাকিস্তান ক্ৰিকেট খেলৰ সময়ত ভাৰতীয় মুছলমানসকলৰ অভিজ্ঞতা সন্নিবিষ্ট কৰিছে। ইয়ে সমাজৰ ভিতৰত মুছলমানসকলৰ সৈতে জড়িত কু-সংস্কাৰসমূহ উদঙাই দিছে।
 
ৰেহমান খানে কয় যে তেওঁৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে তেওঁৰ প্ৰয়াত পিতৃ। তেওঁৰ পিতৃ আছিল এজন শিক্ষক। তেওঁ ৰহমানক নীতি-নিয়ম পালন কৰিবলৈ শিকাইছিল। পিতৃৰ ভাষা দক্ষতা আৰু প্ৰকাশভংগীৰ পৰা অনুপ্ৰাণিত হৈ ৰহমানে নিজৰ ভাষাৰ উন্নতি সাধন কৰিলে।
 
কবিতা, ভ্ৰাম্যমাণ, গল্প কোৱা আৰু কমেডীৰ মিশ্ৰণেৰে ৰেহমান খানে ‘হুমৰবাজ’ নামৰ এটা শ্ব’ লৈ আহিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ যছন-ই-ৰেখতাত তেওঁ এই অনুষ্ঠানটো প্ৰদৰ্শন কৰিছিল।
 
 
ৰহমানে আমেৰিকা, ব্ৰিটেইন আৰু সমগ্ৰ বিশ্বতে এনে অনুষ্ঠান আয়োজন কৰাৰ লক্ষ্য লৈছে, য'ত মিৰ্জা গালিব, ডাগ দেহলৱী, মুনছি প্ৰেম চান্দ, মন্তো, কুঁৱৰ বেদী চাহাৰ, ফিৰাক গোৰখপুৰীৰ দৰে মহান কবি-সাহিত্যিকৰ জীৱনৰ কাহিনী উপস্থাপন কৰা হ'ব।
 
ৰেহমান খানৰ মতে যেতিয়াই কোনো কাম সম্পূৰ্ণ হৃদয়েৰে কৰা হয় তেতিয়াই সেই কাম কেতিয়াও অথলে নাযায়। সহজ-সৰল স্বভাৱশৈলীৰে তেওঁ শেষত কয়, "সৰ্বশক্তিমানৰ কৃপাত মই মাত্ৰ মোৰ কাম কৰি আছো, ঈশ্বৰ দয়ালু আৰু মানুহে মোৰ কামৰ প্ৰতি কেনেবাকৈ ভাল সঁহাৰি দিছে আৰু তেওঁলোকে মোক ভাল পাইছে।"