আতিৰ খান / হাইবাটপুৰ (উত্তৰ-প্ৰদেশ)
পবিত্ৰ গংগা নদীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত গড়মুখেশ্বৰৰ ওচৰত অৱস্থিত হাইবাটপুৰ হৈছে পাঠানসকলৰ আধিপত্য থকা এখন শান্তিপ্ৰিয় গাঁও। এই গাঁওখন উত্তৰ প্ৰদেশত যুগ যুগ ধৰি শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী জীৱন যাপনৰ নিদৰ্শন হৈ আহিছে।
২৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ কেইশ মিটাৰ দূৰত্বত অৱস্থিত গাঁওখনক সেউজ সুন্দৰ কৰি ৰাখিছে অঞ্চলটোৰ খেতি পথাৰবোৰে। বছৰৰ এই সময়ছোৱাত সাধাৰণতে গাঁওবাসী ব্যস্ত হৈ পৰে পথাৰৰ পৰা পকা ধান আৰু কুঁহিয়াৰ চপোৱা কামত।
গাঁওখনত প্ৰৱেশ কৰিলেই চৌপাশে মুক্ত আৰু নিৰ্ভয়ভাৱে চৰি থকা গৰু, কুকুৰা আৰু ছাগলীবোৰে এক নিভাজ গাঁৱলীয়া পৰিৱেশৰ অনুভূতি আনি দিয়ে। পিঠিত স্কুল বেগ লৈ ইউনিফৰ্ম পৰিহিত ছোৱালীসকলে চাইকেলৰ পেডেল মাৰি স্কুললৈ যোৱা দৃশ্যই শৈশৱলৈ মনত পেলাই দিয়ে।
হাইবাটপুৰ গাঁৱৰ বাসিন্দা ১০৬ বছৰীয়া আলাউদ্দিন খান(সোঁফালে) তেওঁৰ পৰিয়ালৰ সৈতে
বিগত বছৰসমূহত অঞ্চলটোৰ ৰাস্তা-ঘাটবোৰ পকী হৈ পৰিছে যদিও ইয়াৰ বতাহ এতিয়াও মুক্ত আৰু সতেজ হৈ আছে। এই মুক্ত বতাহে যেন ১০৬ বছৰীয়া আলাউদ্দিন খানক দীৰ্ঘজীৱি কৰি তুলিছে। “মই মোৰ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ খোজ কাঢ়ি গাঁৱৰ মছজিদলৈ গৈ দিনটোত পাঁচবাৰ নমাজ আগবঢ়াওঁ,” তেওঁ গৌৰৱেৰে কয়।
পাগুৰি পিন্ধা, দীঘল দাড়িৰ আলাউদ্দিনৰ মুখত স্পষ্ট হৈ পৰিছে বয়সৰ বলিৰেখা। তেওঁৰ মুখমণ্ডলত এক শিশুসুলভ সৰলতা দেখিবলৈ পোৱা গৈছিল।
“গাঁৱৰ মানুহবোৰ অত্যন্ত সুখী। কাষৰীয়া গাঁৱৰ হিন্দু জাটসকলৰ লগত আমাৰ যথেষ্ট ভাল মিলা-প্ৰীতি আছে। আমাৰ পৰম্পৰাক লৈ আমি গৌৰৱান্বিত যে তেওঁলোকে (হিন্দুসকলে) আমাৰ গাঁৱৰ সামাজিক সভাত অংশগ্ৰহণ কৰে, আৰু আমি জাটসকলে বসবাস কৰা ৫০খন গাঁৱত আয়োজিত বিভিন্ন ধৰ্মীয় সভা-সমিতিত অংশ লওঁ। সেইবাবেই দুয়োটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত কেতিয়াও সংঘাত হোৱা নাই। তেওঁলোকৰ সৈতে আমাৰ শক্তিশালী সম্পৰ্ক আছে।"-তেওঁ কয়।
হাইবাটপুৰত সৰিয়হৰ শস্যৰ খেতি
গাঁৱৰ ভিতৰত এটা সৰু ৰাস্তাৰ এটা চুকত পুৰণি হিন্দু আৰু মুছলমান লোকৰ এটা দল বৃত্তৰ দৰে গোট খাইছে। ভালদৰে চাই দেখিলো যে তেওঁলোকে হাতত শিলগুটি লৈ কিবা এটা খেল খেলি আছে। খেলখনৰ নাম হৈছে বাঘীবাগ।
লোককথা অনুযায়ী গাঁওখনত বহু দিনৰ আগতে ভাৰতলৈ অহা পাঁচজন পাঠান ভাতৃয়ে বসবাস কৰিছিল। সেই পাঁচজন ভাতৃয়ে তেতিয়া হিন্দু বন্ধু-বান্ধৱীক গাঁৱত বসতি স্থাপন কৰিবলৈ মাতিলে। সেয়ে, পাঠান গাঁওখন জাটৰ বাসস্থানেৰে আগুৰি থকাটো কোনো আচৰিত কথা নহয়।
৭৫ বছৰীয়া জাহিদ খানে চকী এখনত আৰামেৰে বহি লৈ কৈ যায়, "আমি কঠোৰ পৰিশ্ৰমী মানুহ, আৰু গাঁৱৰ জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰো। গাঁওখনৰ বেছিভাগ মানুহ ইজনে সিজনৰ লগত সম্পৰ্কীয়। গাঁওখনৰ প্ৰায় ১৫০০ ভোটাৰ পাঁচজন পাঠান পূৰ্বপুৰুষৰ বংশধৰ।"
জাহিদ খানৰ সৈতে কথা পাতি আমাৰ এনেকুৱা লাগিল যেন তেওঁ এজন প্ৰখ্যাত কৃষক আছিল আৰু এতিয়া পুত্ৰসকলে তেওঁৰ কামৰ দায়িত্ব লোৱাৰ পিছত অৱসৰপ্ৰাপ্ত জীৱনটো উপভোগ কৰি আছে।
হাইবাটপুৰৰ বাসিন্দা - অসীম খান, ইফ্ৰাহিম খান আৰু ফৌজী খান
গাঁৱৰ কৃষকসকল বিশাল পৰিমাণৰ মাটিৰ মালিক। আনহাতে, অঞ্চলটোৰ নৱপ্ৰজন্ম এতিয়া ব্যৱসায়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে। "জয়া নামৰ স্থানত মোৰ এটা বেনকুইট হল আছে আৰু তিনিটা ইটাৰ ভেটা চলাই আছো। আল্লাহে আমাৰ প্ৰতি দয়া কৰিছে; আমাৰ ব্যৱসায় সুন্দৰভাৱে আগবাঢ়িছে।" গাঁওখনৰ যুৱক অসীম খানে কয়। তেওঁৰ দুগৰাকী সৰু ছোৱালী আছে, যাক তেওঁ গুণগত শিক্ষা দিব বিচাৰে।
শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি ইয়াৰ মহিলাসকল যথেষ্ট সচেতন। ৯৬ বছৰীয়া বানো বেগম সকলো মহিলাৰ বাবে প্ৰেৰণা। তেওঁ হৈছে এগৰাকী প্ৰজ্ঞাৰ ভাণ্ডাৰ।
সৰুতে বানো বেগমে ছবছৰ ধৰি গাঁৱৰ প্ৰধান হিচাপে কাম কৰিছিল। অঞ্চলটোত আজিও তেওঁৰ কৰ্তৃত্ব অক্ষত আছে। ছোৱালীৰ শিক্ষাৰ প্ৰতি দৃঢ় বিশ্বাসী বানো বেগমে সকলোকে অনুপ্ৰাণিত কৰে আৰু মৰমলগা শিশুসকলে তেওঁক সদায় আগুৰি থাকে।
জাহিদ খান
বানো বেগমৰ আত্মীয় তথা গৃহিণী ছাজিয়াই কয়, "আমাৰ গাঁওখন বৰ সৌভাগ্যৱান হৈ আহিছে। বহু ছোৱালীয়ে পেছাদাৰী পাঠ্যক্ৰম কৰি আছে। কিছুমানে আনকি কাপোৰৰ ব্যৱসায়ো কৰি আছে।" তেওঁৰ কণমানি ভতিজী ৰুছদাই ওচৰৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা বি ফাৰ্মা ডিপ্লমা পাঠ্যক্ৰম কৰি আছে। “পঢ়া-শুনা শেষ কৰি কেমিষ্টৰ দোকান এখন আৰম্ভ কৰাৰ ইচ্ছা আছে"-তেওঁ হাঁহি হাঁহি কয়।
ৰুছদা হৈছে ফৌজী খানৰ কন্যা। তেওঁৰ পিতৃ ফৌজি খানে কেইবাবছৰ ধৰি ভাৰতীয় সেনাবাহিনীত কাম কৰি দেশক সেৱা আগবঢ়াইছিল। তেনেকৈয়ে তেওঁ ফৌজি খান নামেৰে পৰিচিত হৈ পৰে। এতিয়া তেওঁ খেতি আৰু অন্যান্য ব্যৱসায়ৰ সৈতে ব্যস্ত হৈ আছে। অঞ্চলটোত তেওঁ যথেষ্ট সন্মান লাভ কৰে।
তেওঁ কয়, “যোৱা সাত বছৰৰ ভিতৰত অঞ্চলটোত উল্লেখযোগ্য উন্নয়ন হৈছে। ভাল ৰাস্তা-ঘাট আৰু ঘাইপথসমূহে উন্নত সংযোগ সুনিশ্চিত কৰিছে। চৰকাৰী আঁচনিৰ সকলো সুবিধা গাঁৱৰ মানুহে লাভ কৰিছে।”
তেওঁ লগতে কয়, "গাঁওখন ইমানেই শান্তিপূৰ্ণ যে কোনো লোকে আৰক্ষীৰ ওচৰত আজিলৈকে কোনো এফআইআৰ দাখিল কৰাৰ প্ৰয়োজন হোৱা নাই। আমি আমাৰ বিবাদসমূহ স্থানীয়ভাৱে নিষ্পত্তি কৰোঁ।”
হাইবাটপুৰৰ প্ৰাক্তন প্ৰধান ৰুছদা আৰু বানো বেগম
গাঁৱৰ যুৱক-যুৱতী ক্ৰীড়াৰ প্ৰতি আগ্ৰহী। “মল্লযুঁজে মোৰ মনটো ভৰাই তুলে। ই মোৰ শৰীৰ আৰু মনক ফিট হৈ থকাত সহায় কৰে, আৰু ই মোক আত্মবিশ্বাস দিয়ে।"-অঞ্চলটোৰ উদীয়মান যুৱক ইফ্ৰাহিম খানে কয়। তেওঁ প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা গাঁৱৰ আন যুৱ মল্লযুঁজাৰুৰ সৈতে যুঁজ দিয়ে। নিজকে ফিট ৰাখিবলৈ গাঁওবাসীয়ে নিজৰ ঘৰতে খোৱাৰ অভ্যাস গঢ়ি তুলিছে। তেওঁলোকে কেতিয়াও বাহিৰত নাখায়। তেওঁলোকে ঘৰতে বনোৱা আম আৰু অন্যান্য আচাৰ খাই ভাল পায়।
হাইবাটপুৰ নিজেই এখন সমৃদ্ধিশালী গাঁৱ হোৱা স্বত্ত্বেও ইয়াৰ ডেকাসকলৰ মনত আছে দেশক সেৱা কৰাৰ দূৰ্বাৰ হেঁপাহ। ইয়াৰে বহুতে সশস্ত্ৰ বাহিনীত যোগদান কৰিছে। "মই মানৱীয় (humanities) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছো। এতিয়া মই সেনাবাহিনীত যোগদান কৰাৰ চেষ্টা কৰিছো। এয়া মোৰ আৱেগ আৰু আমাৰ বাবে প্ৰতিপত্তিৰ বিষয়।"-আবাদ খানে কয়।
এনে এখন মনোমোহা গাঁও ভ্ৰমণ কৰি সঁচাকৈয়ে সতেজ অনুভৱ কৰিছো। দেখা গৈছে যে হাইবাটপুৰ গাঁৱে বিশ্বত প্ৰচলিত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে। যি ৰাজনৈতিক দলেই শাসন নকৰক কিয়, ইয়াৰ জনসাধাৰণ নিজৰ সহজ, সৰল, সুস্থ আৰু শান্তিপূৰ্ণ জীৱন-যাপনক লৈ অত্যন্ত সুখী।