গাঁওবাসীক বৰ্হিবিশ্বৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ প্ৰচণ্ড শীত আৰু বৰফৰ বাধা অতিক্ৰম কৰা এগৰাকী মহিলা ডাকোৱাল

Story by  atv | Posted by  [email protected] • 3 d ago
মহিলা ডাকোৱাল উলফাতা বানো
মহিলা ডাকোৱাল উলফাতা বানো
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত অৱস্থিত হিৰপোৰা নামৰ গাওঁখনক প্ৰতি বছৰে প্ৰচণ্ড শীতে কোবাই যায়। শ্ৰীনগৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওখনত নৱেম্বৰৰ পৰা মাৰ্চলৈকে মাইনাছ ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত শীতৰ প্ৰবাহ দেখা যায়। প্ৰায়ে পাঁচৰ পৰা ছয় ফুট পৰ্যন্ত বৰফৰ দলিচাই ইয়াৰ ৰাস্তা-ঘাট আগুৰি ধৰে। ফলত অঞ্চলটোৰ যাতায়ত আৰু জনজীৱন স্তবিৰ হৈ পৰে।

গাঁওৱাসীৰ জীৱিকাৰ মূল উৎস হৈছে খেতি আৰু দৈনিক মজুৰি। কিন্তু শীতকালত সকলো স্তব্ধ হৈ পৰাৰ ফলত ইয়াৰ বাসিন্দাসকলে মজুত কৰি ৰখা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। পানীৰ অভাৱে তেওঁলোকৰ জীৱন সংগ্ৰাম আৰু অধিক কষ্টকৰ কৰি তোলে। কিয়নো প্ৰচণ্ড ঠাণ্ডাই পানীৰ পাইপ বন্ধ কৰি পেলায়, আৰু মানুহে দৈনন্দিন ব্যৱহাৰৰ বাবে নদীৰ পৰা পানী আনিবলৈ বা বৰফ গলিবলৈ অপেক্ষা কৰিবলৈ বাধ্য হয়।

এই বহু প্ৰত্যাহ্বানৰ মাজতে ৫৫ বছৰীয়া উলফাতা বানো (Ulfata Bano)ৱে প্ৰতিদিনে চিঠি আৰু পাৰ্চেল ডেলিভাৰী কৰিবলৈ ওলাই আহে, যাতে হিৰপোৰা গাঁওখন বৰ্হিবিশ্বৰ সৈতে সংযুক্ত হৈ থাকে। কাশ্মীৰীৰ পৰম্পৰাগত উলৰ পোছাক ফেৰান, উলৰ টুপী আৰু স্কাৰ্ফ পৰিধান কৰি তেওঁ বৰফেৰে আবৃত পথবোৰত সাহস আৰু দৃঢ়তাৰে খোজ কাঢ়ি কৰ্তব্য পালন কৰে।

‘মই ৩০ বছৰতকৈও অধিক সময় ধৰি ডাকোৱাল (postwoman) হিচাপে কাম কৰি আহিছো। প্ৰচণ্ড শীতকালত যেতিয়া বৰফ তিনিৰ পৰা চাৰি ফুট গভীৰ হয় আৰু তাপমাত্ৰা যথেষ্ট কমি যায়, তেতিয়াও মই চিঠি-পত্ৰসমূহ বিতৰণ কৰিবলগীয়া হয়। কিছুমান ঘৰ বৰফ জমা হোৱাৰ বাবে বিচ্ছিন্ন হৈ থাকে, আৰু এনে ক্ষেত্ৰত মই কেইবা কিলোমিটাৰ খোজ কাঢ়ি যাওঁ।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় উলফাতাই।
 

বৰফৰ বাধা নেওচি খোৱা পানী কঢ়িয়াইছে দক্ষিণ কাশ্মীৰৰ হিৰপোৰা গাঁওৰ মহিলাই
 
উল্লেখ্য যে, প্ৰতিমাহে ২২ হাজাৰ টকা উপাৰ্জন কৰা উলফাতাই এগৰাকী পুৰুষ সহকৰ্মীৰ সৈতে হিৰপোৰা ডাকঘৰত কাম কৰে। জিলা ডাকঘৰৰ পৰা চিঠি-পত্ৰ সংগ্ৰহ কৰি উলফাতাই সেইবোৰ বাসিন্দাসকলৰ ওচৰলৈ সঠিকৰূপত লৈ যোৱাৰ দায়িত্ব পালন কৰে। “মই গধুৰ পাৰ্চেলকে ধৰি দৈনিক ২০ৰ পৰা ২৫টা পোষ্ট ডেলিভাৰী কৰো, যিটো মোৰ বয়সত কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। কেতিয়াবা মোৰ ল’ৰাটোৱে মোক গাড়ীৰে বিভিন্ন স্থানলৈ লৈ গৈ সহায় কৰে।’- মহিলাগৰাকীয়ে কয়।

দূৰ্গম অঞ্চলটো যাতে বাহিৰৰ জগতৰ পৰা বিচ্ছিন্ন নহয়, সেয়া নিশ্চিত কৰিবলৈ তেওঁ বতাহ, বৰষুণ আৰু প্ৰতিকূল পৰিস্থিতি নেওচি নিজৰ কৰ্তব্য পালনত অটল হৈ আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা উলফাতাই কেতিয়াও গাড়ী চলাবলৈ শিকিব পৰা নাছিল। সেয়ে, তেওঁ বেছিভাগেই খোজকাঢ়ি গন্তব্যস্থানলৈ যায়। অৱশ্যে, মাজে সময়ে তেওঁ যাতায়তৰ বাবে পৰিয়ালৰ সদস্যৰ ওপৰত নিৰ্ভৰ কৰে। 

ডাক বিভাগৰ মহিলা কৰ্মীগৰাকীয়ে কয়, ‘দৈনিক কেইবা কিলোমিটাৰ খোজ কঢ়াৰ অভ্যাসে মোক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিছে। পৰিশ্ৰম আছে যদিও কৰ্তব্য পালনৰ বাবে মই সেইবোৰ অতিক্ৰম কৰিব লাগিব।’

উলফাতাৰ স্বামী প্ৰাক্তন ডাকোৱাল মহম্মদ শ্বাফী শ্বাহে নিজৰ পত্নীৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে অপৰিসীম গৌৰৱ অনুভৱ কৰে। “তেওঁ কামটো যথেষ্ট কঠিন, বিশেষকৈ শীতকালত। যিসময়ত যুৱক-যুৱতীসকলেও তিনি-চাৰি ফুট গভীৰতাৰ বৰফত খোজ কাঢ়িবলৈ যথেষ্ট কষ্ট কৰে, সেই সময়তো কিন্তু তেওঁ দৃঢ়তাৰে পথ অতিক্ৰম কৰে। দীঘল বুট পিন্ধি কেতিয়াবা এহাতত ছাতি আৰু আনখন হাতত পাৰ্চেল লৈ তেওঁ বৰফেৰে ভৰি থকা পথসমূহ অতিক্ৰম কৰে। কেতিয়াবা প্ৰচণ্ড বৰফ আৰু বৰষুণৰ ফলত পৰিস্থিতি কঠিন হৈ পৰে, তথাপিও তেওঁ পাৰ্চেল ডেলিভাৰী কৰিবলৈ ঘৰৰ পৰা ওলাই যায়।’-স্বামী শ্বাহে গৌৰৱেৰে প্ৰকাশ কৰে।

উল্লেখ্য যে, হিৰপোৰা অঞ্চলটো বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত অৱস্থিত হোৱাৰ বাবে উলফাতাৰ যাত্ৰাপথ আৰু অধিক বিপদসংকুল হৈ পৰে। শীতকালত যেতিয়া পাহাৰত খাদ্যৰ অভাৱ হয়, তেতিয়া নাহৰফুটুকী আৰু ভালুকে গাঁওখনত প্ৰৱেশ কৰে। “বন্য জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত আমাৰ গাঁৱত প্ৰৱেশ কৰে। পাহাৰবোৰ গভীৰ বৰফৰ তলত থাকে, যাৰ ফলত জন্তুবোৰে মানুহৰ বসতিস্থলৰ ওচৰলৈ আহিবলৈ বাধ্য হয়।"-মহম্মদ শ্বাফী শ্বাহে লগতে কয়।
 

গাঁওবাসীক বৰ্হিবিশ্বৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ ৩০ বছৰ ধৰি এইদৰে চিঠি-পত্ৰ আৰু সামগ্ৰী কঢ়িয়াই আছে উলফাতা বানোৱে
 
মনকৰিবলগীয়া যে, হিৰপোৰাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উলফাতাৰ কাম অতি মূল্যবান। কিয়নো, অধিকাংশ শিক্ষাৰ্থীয়ে নিজৰ অধ্যয়নৰ সামগ্ৰী আৰু কিতাপ-পত্ৰ লাভৰ বাবে সম্পূৰ্ণৰূপে উলফাতাৰ ওপৰত নিৰ্ভৰ কৰে। “প্ৰচণ্ড ঠাণ্ডাক নেওচি উলফাতাই নিষ্ঠাৰে পাৰ্চেল ডেলিভাৰী কৰি আহিছে। তেওঁৰ এই কষ্টকৰ কামে মোৰ দৰে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ সৈতে সংযুক্ত হৈ থকাটো সম্ভৱ কৰি তোলে।"-কলেজীয়া ছাত্ৰ তথা প্ৰশাসনিক সেৱাৰ প্ৰত্যাশী শ্বাহিদ আহমেদে এইদৰে কয়।

৩০ বছৰ ডাক-কৰ্মী হিচাপে কাম কৰাৰ পিছতো উলফাতাক কিহে আগুৱাই যোৱাৰ শক্তি দিছে বুলি সোধাত তেওঁ কয়, “মোৰ সেৱাৰ ওপৰত নিৰ্ভৰশীলসকলৰ প্ৰতি মোৰ কৰ্তব্যবোধ আৰু তেওঁলোকৰ মুখৰ হাঁহিয়েই মোক আগুৱাই লৈ যায়। কষ্টৰ মাজতো মোৰ ডেলিভাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা কৰাত সহায় কৰে আৰু পৰিয়ালসমূহক সংযোগ স্থাপন কৰাত সহায় কৰে বুলি জানি মই মনত প্ৰেৰণা পাও। এইবোৰে মোৰ প্ৰতিটো খোজকে মূল্যৱান কৰি তোলে।”

৫৫ বছৰ বসয়তো উলফাটাৰ যাত্ৰা অব্যাহত আছে। বৰফ, প্ৰচণ্ড শীত আৰু দীঘলীয়া দূৰত্বই তেওঁৰ সংকল্পক বাধা দিব পৰা নাই। হিৰপোৰাৰ জনসাধাৰণৰ বাবে তেওঁ কেৱল এগৰাকী ডাক-কৰ্মীয়ে নহয়, তেওঁ এনে এখন সেতুঁ যিয়ে গাঁওবাসীক বাহিৰৰ জগতখনৰ সৈতে সংযুক্ত কৰি ৰাখে।